শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ সাহিত্য অকাডেমীৰ ভাষাসন্মান প্ৰাপক (২০০৫চন) শ্ৰী বিদৰ ছিং ক্র’ ডাঙৰীয়াৰ এটা লেখা৷ ‘সাহিত্য’ৰ 'ক্রীড়া বিশেষ সংখ্যা'টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰবি জনজীৱনত আজিও প্ৰচলিত ‘হাম্বি কাপাথু’ নামৰ পৰম্পৰাগত খেলবিধৰ বিষয়ে ২০০৯চনতে যুগুতোৱা তেখেতৰ এই লেখাটি ‘অকব’ত উদ্ধৃত কৰিলোঁ৷
কাৰবি জনজীৱনত খেল-ধেমালি :
হাম্বি কাপাথু
পৃথিৱীৰ যিকোনো জাতি বা জনগোষ্ঠীৰেই তেওঁলোকৰ নিজস্ব
জাতীয় খেল-ধেমালি আছে৷ সেই জাতীয় খেলবোৰৰ ভিতৰৰ পৰা কিছুমানক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ স্বীকৃতি প্ৰদান কৰিছে৷ আমাৰ ভাৰতীয় খেলৰ ভিতৰৰ পৰা হকী, ডবা,
কাবাডি, খোখো আদি খেলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে৷ গতিকে এতিয়া সেইবোৰ অকল ভাৰতীয়ৰ
খেল হৈ থকা নাই৷ভাৰতীয়সকলৰ জাতীয় খেলৰ দৰে কাৰবিসকলৰ জনজীৱনতো কিছুমান খেল-ধেমালি দেখিবলৈ
পাওঁ৷ যেনে... হাম্বি কাপাথু, কেংদংদাং কেদাম, চিন কাপাথু, ছেক্ছেৰেক কাপাথু, লং কেচন,
হান্মু কেবাক, কংতেলং কাপাথু ইত্যাদি৷ এইবোৰ খেলৰ ভিতৰত হাম্বি কাপাথুৰ বিষয়ে এই নিবন্ধত
যৎসামান্য আভাস দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে৷
হাম্বিৰ অৰ্থ হৈছে ঘিলা৷ ঘিলাগুটিৰেই এই খেলা৷
তাহানি কালত আজিৰ দৰে খেলিবলৈ নানা ধৰণৰ খেল নাছিল৷ তেতিয়াৰ লোকসকলে আজৰি সময়ত খেল-ধেমালি
কৰিবলৈ ঘিলাগুটিৰ খেলৰ ওপৰতেই নিৰ্ভৰশীল আছিল৷ ঘিলা এবিধ ডাঙৰ লতাজাতীয় গছ৷ ইয়াৰ গুটি
কেৰমৰ ষ্ট্ৰাইকাৰৰ সমান আকৃতিৰ, ঘূৰণীয়া, টান আৰু নিমজ৷ গতিকে খেলিবলৈ যথেষ্ট সুবিধাজনক৷
গুটিবোৰ হাবিৰ পৰাই সংগ্ৰহ কৰি আনিব লাগে৷ আজিকালি অৱশ্যে পাবলৈ টান হ’ল৷ আধুনিক যুগৰ নানা ধৰণৰ খেল-ধেমালি
প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে এই পুৰণিকলীয়া খেলবিধ পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে৷
হাম্বি কাপাথু খেলটো ৬-৭বছৰ বয়সৰ পৰা আৰম্ভ কৰি
৪০বছৰৰ ডেকালৈকে খেলিব পাৰে৷ অৱশ্যে ছোৱালী বা যুৱতীসকলে এই খেল খেলাৰ নজিৰ নাই৷ খেলটো
ফুটবল বা ক্রিকেট খেলৰ দৰেই দুটা দলৰ মাজত খেলে যদিও প্ৰতিটো দলত কিমান খেলুৱৈ থাকিব
লাগে তাৰ নিৰ্দিষ্ট সংখ্যা নাথাকে৷ কিন্তু প্ৰতি দলত অতি কমেও দুজনকৈ খেলুৱৈ থকাটো
বাঞ্ছনীয়৷ খেলপথাৰৰ দুটা নাম ৰখা থাকে৷ এফালে ‘ৰংফু’ আৰু আনফালে ‘ৰংলিং’৷ ৰংফু আৰু ৰংলিঙৰ মাজতে খেলখন খেলিব লাগে৷খেলখনৰ আৰম্ভণি
কৰাৰ আগতে কোনটো দলে প্ৰথমে আৰম্ভ কৰিব তাক
নিৰ্ণয় কৰা হয়৷ ক্রিকেট খেলত ব্যৱহৃত মুদ্ৰাৰ হেড এণ্ড টেইলৰ লেখীয়াকৈ ঘিলাগুটিক
ওপৰলৈ দলিওৱা হয়৷ ঘিলাটোৰ কোনটো পিঠি ওপৰমুৱা হ’ব শুদ্ধকৈ যি দলে ক’ব পাৰিব তেওঁলোকেই আৰম্ভ কৰিব
পাৰিব৷ ঘিলাগুটিৰ এফালে আগ আৰু আনটো ফালে পিঠি থাকে৷ গতিকে কোনটো দলে কোনটো পিঠি গ্ৰহণ
কৰিব ধৰিবলৈ সহজ৷
টছত পৰাজয় বৰণ কৰাসকলে নিজৰ দিশত অৰ্থাৎ ৰংফু বা
ৰংলিং যিফালেই নহওক শাৰীকৈ ঘিলাগুটি স্থাপন কৰি দিব লাগিব৷ টছত বিজয়ীসকলে নিজ দিশৰ
পৰা এজন এজনকৈ নিজৰ নিজৰ ঘিলাৰে স্থাপন কৰি থোৱা ঘিলাক মাৰি ওফৰাব লাগে৷ যিজনে বিপৰীত
পক্ষৰ ঘিলা ওফৰাব পাৰিব সি খেলিবলৈ আগ বাঢ়িব পাৰিব৷ ইয়াক সাধাৰণতে ‘ৰং কেফ্লক’ বা ঘিলা মুকলি হোৱা বুলি কোৱা
হয়৷ তেনেকৈ প্ৰত্যেকে নিজৰ ঘিলা মুকলি কৰিব পাৰিব লাগিব৷ অৱশ্যে কোনোবা এজনৰ ঘিলা মুকলি
হলে সেইজনে নিজৰ দলৰ আনজনৰ ঘিলা মুকলি কৰি দিব পাৰে যদিহে সেইজন অসমৰ্থ হয়৷ ঘিলা মুকলি
হোৱাৰ পিছতহে মূল খেললৈ আগ বাঢ়িব পাৰে৷
খেলৰ মূল স্তৰ ২৬টা থাকে৷ সেইবোৰ হ’ল... ১. ৰংআপ, ২. জিৰ্কামিৰ,
৩. বাচ’লাক, ৪. হাৰ্চন, ৫. হান্থু,
৬. হাৰ্অ’, ৭. হাৰ্ৱি, ৮. বংকেজই, ৯. ফেক্পি,
১০. চুৰি, ১১. লাংখালত, ১২. কাৰ্চাক, ১৩. কাৰ্হেক, ১৪. কান্চং, ১৫. টিংছ’, ১৬. মেক্দাং, ১৭. হাংক্লিৰ,
১৮. ফেৰ্ক্লুং, ১৯. ৱ’উম, ২০. ৱ’হি, ২১. নুং, ২২. ছুইএ’, ২৩. হাচন, ২৪. বাহেপ, ২৫. মাছুৰ
আৰু ২৬. কিটি৷
ঘিলাগুটি মাৰোঁতে দুই হাতৰ তৰ্জনী আঙুলিৰে চেপি
আনটো দলৰ ঘিলাগুটি ওফৰাই মাৰিব লাগে৷ জিৰ্কামিৰ, হাৰ্ৱি, বংকেজই, ফেক্পি, চুৰি, কাৰ্চাক,
কানচং, টিংছ’, ফেৰ্ক্লুং, ৱ’উম, ৱ’হি, ছুইএ’ স্তৰৰ খেলটোত প্ৰথমে এহাতেৰে
ঘিলা ঘূৰাই মাৰিব লাগে৷ ঘিলাটো যিমান দূৰলৈ যাব তাৰ পৰাহে আঙুলিৰে চেপি মৰা নিয়ম৷ বাচ’লাক স্তৰত কিন্তু ভৰিৰ ওপৰত ঘিলাটো
ৰাখি দলিয়াব লাগে৷ তেনেকৈ হাৰচন স্তৰত ঘিলাটোক দুই ভৰিৰ সৰুগাঁঠিত চেপি ধৰি জাঁপ মাৰি
পেলাব লাগে৷ হান্থু স্তৰত দুই ভৰিৰ আঁঠুত চেপি জাঁপ মাৰি পঠিয়াব লাগে৷ হাৰঅ’ স্তৰত পেট আৰু পেটৰ মাজত চেপি
ধৰি (লক্ষ্য ৰাখিব লাগিব জাঁপ মাৰোঁতে যাতে ঘিলাটো ওলাই যাব পাৰে) জাঁপ মাৰি পঠিয়াব
লাগে৷ বাচ’লাক, হাৰ্চন, হান্থু, হাৰ্অ’ আদি স্তৰত ঘিলাটোক যেনেকৈয়ে নদলিয়াওক যাতে বিপৰীত পক্ষই পাতি
থোৱা ঘিলাটোক যাতে আঘাত নকৰে সেইটো লক্ষ্য কৰিব লাগিব৷ তেনেকৈ দলিয়াই ঘিলাটো য’ত ৰ’ব তাৰ পৰাহে দুই তৰ্জনী আঙুলিৰে
চেপি মাৰিব পাৰিব৷ লাংখালত স্তৰত কিন্তু বিপক্ষ খেলুৱৈক সুধিব লাগিব, কি ধৰণে ঘিলাটো
মাৰিব লাগিব৷ অৱশ্যে বিপক্ষই জিৰ্কামিৰ, ৰংকেজই, ফেক্পি, কাৰ্চাক, চুৰি আদি যিকোনো
এটা নিয়মত খেলিবলৈ প্ৰস্তাৱ দিব পাৰে৷
কান্চং স্তৰত ঘিলাটোক এনেকৈ দলিয়াব লাগে যাতে
ই ঘূৰি গৈ গৈ বিপক্ষ দলৰ ঘিলাক আঘাত কৰে৷ হাংক্লিৰ স্তৰত ঘিলাটোক কপালত ৰাখি মূৰেৰে
দলিয়াব লাগে৷ তেনেকৈ মেকদাং স্তৰত ঘিলাটো চকুত ৰাখি দলিয়াব লাগে৷ নুং স্তৰত কিন্তু
বিপক্ষ দলৰ ফালে পিঠি কৰি ঘিলাটোক পিঠিয়েদি এৰি দিব লাগে৷ ঘিলাটো ৰৈ যোৱা ঠাইৰ পৰা
বাচ’লাকৰ দৰে হাংক্লিৰ আৰু নুং স্তৰতো
ঘিলা মাৰি বিপক্ষ খেলুৱৈৰ ঘিলাক ওফৰাব লাগে৷ ছুইএ’ স্তৰত কিন্তু কিছু বেলেগ৷ বিপক্ষ দলে পাতি যোৱা
ঘিলাটোৰ পৰা পাঁচ পদ (বা ৪.৬ফুট) দূৰত্বত এডাল আঁচ আঁকি থ’ব লাগে৷ তাৰ পিছত সপক্ষ দলৰ খেলুৱৈয়ে
নিজৰ সীমাৰ পৰা ঘিলা ঘূৰাই দলিয়াব লাগে৷ কিন্তু সাৱধান হ’ব লাগিব যাতে আঁকি থোৱা আঁচ পাৰ
নহয়৷ ৰৈ যোৱা ঠাইৰ পৰা পুনৰ দুই হাতৰ তৰ্জনী আঙুলিৰে চেপি ঘিলাটোক মাৰি পাতি থোৱা ঘিলাক
ওফৰাব পাৰিব লাগিব৷ বাহেপ স্তৰত ভৰিৰ বুঢ়া আঙুলিৰ ফাকত ঘিলা লগাই দলিয়াব লাগে৷ তাৰ
পিছতহে আঙুলিৰে মাৰিব পাৰিব৷ মাছুৰ স্তৰত বিপক্ষ খেলুৱৈৰ ঘিলাটো মাটিত পেলাই থ’ব লাগে আৰু সপক্ষ খেলুৱৈয়েও নিজৰ
ঘিলাটোক মাটিত পেলাইহে গোৰ মাৰি পঠিয়াব লাগে আৰু আঘাত কৰিব লাগে৷ শেষত কিতি অৰ্থাৎ
বিসৰ্জন৷ এই স্তৰত খেলটোত একো কৰিবলগীয়া নাথাকে৷ যদিও বিজয়ী খেলুৱৈয়ে নিজৰ ঘিলাক হাতত
লৈ পৰাজয় হোৱা খেলুৱৈৰ ঘিলাক আঘাত কৰি আহিব লাগে৷ তেনেকৈ গোটেইকেইজন বিপক্ষ খেলুৱৈ
মৰাৰ পিছত পুনৰ বিপক্ষ দলেও সপক্ষ হৈ খেলা আৰম্ভ কৰিব লাগিব৷
পৃথিৱীৰ যিকোনো খেলতে ফাউল বা ভুল থাকে৷ তেনেকৈ
কাৰবি জনজীৱনৰ খেল হাম্বি কাপাথু খেলতো ভুল থাকে৷ এই খেলাৰ অনিয়ম বা কেতবোৰ ভুল তলত
উল্লেখ কৰা হ’ল…
১. ঘিলাগুটি ঘূৰি গৈ থকা অৱস্থাত নিৰ্দিষ্ট সীমা
অতিক্রম কৰাৰ ভয়ত যদি ধৰি পেলায় বা মাটিত বগৰাই থয়, তেতিয়া হ’লে জীয়া ঘিলা ধৰা অপৰাধ বুলি
গণ্য কৰা হয়৷
২. শাৰী পাতি থিয় হৈ নিজৰ নিজৰ শাৰীৰ মাজেদিয়ে
ঘিলা দলিয়াব লাগে৷ যদিহে কাৰোবাৰ ঘিলা সোঁ বা বাঁওফালৰ শাৰীলৈ গুচি যায় তেতিয়া হ’লে তাক ‘কাপৰাত’ বুলি অপৰাধ হিচাপে ধৰা হয়৷
৩. এজনৰ ঘিলা জোৰত গৈ পাতি থোৱা ঘিলাক জাঁপ মাৰি
পাৰ হ’লে তাক ‘কাৰ্দং’ অপৰাধ হিচাপে ধৰা হয়৷
৪. যদি ঘিলাটো ঘূৰি ঘূৰি গৈ নপৰাকৈ এঠাইত ৰৈ যায়
আৰু তৎক্ষণাৎ ধৰি বগৰাই দিয়ে তেতিয়া হ’লে তাক ‘কিক্লিক্লে কাচংৰং’ বুলি অপৰাধ ধৰা হয়৷
৫. যদি ঘিলাটো ঘূৰি গৈ গৈ নিজৰ দলৰ কাৰোবাৰ ঘিলাক
আঘাত কৰেগৈ তেতিয়া ‘হাম্বি চেদাই’ অপৰাধ বুলি ধৰা হয়৷
৬. হাৰ্অ’ স্তৰত পেটৰ পৰা ঘিলা বাহিৰ কৰিব নোৱাৰিলে তেতিয়াও অপৰাধ
বুলি গণ্য কৰা হয়৷
৭. ছুইএ’ স্তৰত বিপক্ষ দলৰ ঘিলাৰ পৰা পাঁচ পদ দূৰত্বত এডাল আঁচ
আঁকি দিয়া থাকে৷ যদিহে সপক্ষ দলৰ ঘিলা ঘূৰি গৈ গৈ সেই চিহ্ন বা আঁচ পাৰ হয় তেতিয়া হ’লে ‘আংআং কাৰ্দং’ অপৰাধ বুলি গণ্য কৰা হয়৷
৮. যদি কোনো খেলুৱৈয়ে জাঁপ মাৰোঁতে বাগৰি গৈ কাৰোবাৰ
ঘিলাত লাগি যায় তেতিয়া হ’লে ‘হাম্বি চ’বেৰ’ অপৰাধ বুলি ধৰা হয়৷
অপৰাধ ধৰাৰ পিছত অপৰাধ কৰাজনে দ্বিতীয়বাৰ আক্রমণ
কৰিবলৈ আগ বাঢ়ি আহিব নোৱাৰিব৷ তেওঁ নিজৰ দলৰ সীমাতে ৰৈ থাকিব লাগিব৷ সীমাৰ পৰাহে তেওঁ
ঘিলা মাৰিব লাগিব৷ ঘিলা গৈ পাওক বা নাপাওক ঘিলাৰ পিছে পিছে যাব লাগিব৷ অপৰাধ কৰাজনৰ
ঘিলা মৰাৰ আগতে যদি আন দলৰ কোনোবা এজনে ঘিলা মাৰি নিজ দলৰ ঘিলাক আঘাত কৰে তেতিয়া হ’লে আগ বাঢ়ি যোৱাত বাধা দিয়া হয়৷
অৰ্থাৎ বিপক্ষহৈ খেলিবলৈ সুবিধা পাব৷ যদি সপক্ষহৈ খেলা বিপক্ষ দলে নিজৰ নিজৰ ঘিলা মুকলি
কৰিব নোৱাৰে, তেতিয়া হ’লে পুনৰ বিপক্ষতে থাকিব লাগিব৷
দুয়োটা দলে প্ৰথম অৱস্থাত পথালিকৈয়ে ঘিলা পাতি থোৱাটো নিয়ম৷
মনত ৰাখিবলগীয়া কথাটো হ’ল প্ৰতিটো দলৰ প্ৰত্যেকজন খেলুৱৈয়ে
প্ৰথমে নিজৰ নিজৰ ঘিলা মুকলি কৰিব জানিব লাগিব৷ যদি কোনো খেলুৱৈয়ে নোৱাৰে তেতিয়া হ’লে নিজৰ দলৰ মুকলি হৈ যোৱা কোনোবা
খেলুৱৈ এজনে তেওঁৰ ঘিলা মুকলি কৰি দিব পাৰে৷ তেনেকৈ শেষলৈকে লগৰ খেলুৱৈক সহায় কৰি যাব
পাৰে৷ এটা দলৰ ঘিলাৰে আন দলৰ ঘিলাক আঘাত কৰি কিছুদূৰত ছিটিকি পৰিলে তাক ‘কিমিত’ বুলি কোৱা হয়৷ গতিকে কিমিত হৈ
যোৱা ঘিলাটো দীঘলীয়াকৈ পাতিব পাৰিব৷ যদি এটা দলৰ ঘিলাৰে আনটো দলৰ ঘিলাক আঘাত কৰি ঘূৰণি
খাই ঠাইতে বাগৰি পৰে তেতিয়া তাক ‘কিমিত’ বুলি কোৱা নহয় যদিহে এক ইঞ্চিমানো
আঁতৰি নাযায়৷ গতিকে সেই সময়ত দ্বিতীয়বাৰ ঘিলা মাৰিব লাগিব৷
জিৰ্কামিৰৰ পৰা নুং স্তৰলৈকে দীঘলীয়াকৈহে ঘিলা
পাতিব লাগে৷ কিন্তু ছুইএ’ আৰু বাহেপ স্তৰত পথালিকৈয়ে ঘিলা
পতাটো নিয়ম৷ মাছুৰ স্তৰত দুয়োটা দলেই বগৰাইহে ঘিলা পাতিব লাগে৷
পৃথিৱীৰ অন্যান্য খেলবিলাকত ৰেফাৰী বা আম্পায়াৰ
ৰখাৰ দৰে হাম্বি কাপাথু খেলতো এজন ‘কাচাৱে আবাং’ ৰখা হয়৷ অৱশ্যে খেলৰ সকলো নিয়ম-কানুনৰ সম্পূৰ্ণ জ্ঞান
থকা এজনহে কাচাৱে আবাং হ’ব লাগিব৷
হাম্বি কাপাথু খেলত অতি কমেও প্ৰতিটো দলত দুজনকৈ
খেলুৱৈ থাকিব লাগিব৷ খেলপথাৰৰ আকাৰ চাই খেলুৱৈৰ সংখ্যা বঢ়াব পাৰে অৰ্থাৎ ইয়াৰ নিৰ্দিষ্ট
সংখ্যা সীমিত নাথাকে৷ অৱশ্যে আধুনিক যুগৰ লগত সামঞ্জস্য ৰাখি ইয়াৰ সংখ্যা এঘাৰজনকৈ
সীমিত কৰিব পাৰে আৰু ইয়াৰ সময়ো নিৰ্ধাৰণ কৰিব পাৰে৷
উৎস-পুথি :
‘কাৰবি সংস্কৃতিৰ এখিলা” (প্ৰবন্ধ সংকলন) : শ্ৰী বিদৰ
ছিং ক্র’, প্ৰথম প্ৰকাশ : ২০০৮, প্ৰকাশক
: কাৰবি লামমেত আমেই, ডিফু
No comments:
Post a Comment