সাত নম্বৰ জাৰ্চিটো...
ডিফু বজাৰ চলাথ কৰিব লগা হ’ল, আবেলি ফিল্ডত ফুটবল খেলিবৰ কাৰণে পচন্দৰ স্প’ৰ্টিং গেঞ্জী এটা বিচাৰি৷ খেলোঁতে পিন্ধা চোলাটোক সেই সময়ত ‘স্প’ৰ্টিং’ বুলিয়ে কৈছিলোঁ আমি৷ আনহাতে, আজিকালিৰ দৰে তেতিয়া য’তে-ত’তে ওলোমাই ৰখা ‘জাৰ্চি’ বস্তুটো মুঠেই সুলভ নাছিল৷ বিচাৰি বিচাৰি অৱশেষত এখন দোকানত নিজৰ জোখমতে এটা পালোঁগৈ যেনিবা৷ টিকটিকিয়া ৰঙা ৰং, ভি নে’ক৷ দোকানীয়ে প্লাষ্টিকৰ ঠোঙাৰ পৰা উলিয়াই দিলত জুখি চালোঁ৷ ঠিকেই আছে৷ কিনি পেলালোঁ৷ ঘৰ আহি পায়ে স্কেল, পেন্সিল, ৰং আৰু ব্ৰাছ লৈ বহি গ’লোঁ৷ স্প’ৰ্টিঙৰ পিঠিত নিজৰ হিচাপত নম্বৰ এটা লিখিম... 7, সাত নম্বৰ৷ মিডফিল্ডত অৱস্থান যেতিয়া সাতটোৱেই খাপ খাব৷ গেঞ্জীটোৰ ভিতৰত ডাঠ বাকলা এখন সুমুৱাই লৈ নম্বৰটো নিজেই লিখি উলিয়ালোঁ৷ তাৰ পিছত শুকাবৰ বাবে পিছফালৰ কাপোৰ মেলা তাঁৰডালত মেলি দিলোঁগৈ৷
সেইকালত ফুটবল খেলা হাফপেণ্টবোৰ আজিকালিৰ দৰে সোলোক-ঢোলোক
আৰু আঁঠুৰ ওচৰলৈকে পৰা নাছিল৷ টান আৰু চুটি আছিল৷ চেঁপা মৰা বুলিও ক’ব পাৰি৷ মাজে মাজে টিভিত দিয়া
আগৰ খেলবোৰলৈ মন কৰিবচোন৷ প্লেয়াৰবিলাকক তেনেকুৱা সাজতে দেখা পাব৷ গতিকে ফুটবল খেলা
পেণ্ট হিচাপতকৈ দীঘল হ’লে তাক নিজেই কাটি-কুটি বা মোটোকাই
চুটি কৰি চিলাই লৈছিলোঁ৷ লংপেণ্টকো নিজহাতেই বল খেলা পেণ্টলৈ অলটাৰ কৰা হৈছিল৷ স্প’ৰ্টচ পেণ্টত থকাৰ দৰে দুয়োফালে
তিনিডালকৈ ষ্ট্ৰাইপ দিবৰ বাবে দীঘলকৈ কাপোৰ কাটি ঘৰতে মেচিনত চিলাই লৈছিলোঁ৷ চিলাই
মেচিন, কেঁচী, সূতা, ববিন, স্কেল, পেন্সিল, ইস্ত্ৰি আদিৰে পটু দৰ্জীৰ সমানেই বৰ মনোযোগেৰে
সেইখিনি সমাধা কৰিবলৈ চেষ্টা চলোৱা হৈছিল৷ পিঠিৰ সৈতে মিলাই সাত নম্বৰটো পেণ্টতো
আঁকি লোৱা হৈছিল৷
আমি শুদা ভৰিৰেহে বল খেলিছিলোঁ৷ ৰ’দ-বতাহ-বৰষুণ নেওচি আবেলি বলৰ পিছত নদৌৰিলে নহৈছিলেই৷ প্ৰথমে এল.পি. স্কুল ফিল্ড আৰু ডাঙৰত পুলিচ ৰিজাৰ্ভ ফিল্ড আছিল আমাৰ নিয়মীয়া খেলপথাৰ, দৈনিক অনুশীলনৰ থলী৷ খোজ কাঢ়ি সদলবলে সময়মতে অহা-যোৱা৷
আমি লেচিং বল খেলিছিলোঁ৷ লেচিং বলটো বৰ আহুকলীয়া৷ চামৰাৰ ভিতৰত ব্লাডাৰটো প্ৰথমে সঠিকভাৱে পজিচন কৰি ল’ব লাগে৷ তাৰ পিছত পাম্প মাৰি ফুলাই ব্লাডাৰৰ মুখৰ নলীডাল ভাঁজ দি ভালকৈ বান্ধিব লাগে৷ সেইডাল চামৰাৰ ভিতৰত সুমুৱাই চামৰাৰ অংশটো জোতাৰ ফিটাৰ দৰে টানি টানি মিলাই বান্ধিব লাগে৷ লেচিং বন্ধাৰ এই আৰ্ট নাজানিলে বলটো টেমুনা টাইপৰ হৈ থাকে আৰু হে’ড কৰোঁতে মজা ওলাই যায়৷গুৰিয়াওঁতেও ভৰি বিষায়৷ খেলি খেলি বলৰ চিলাই এৰ খালে বেজী-সূতা লৈ নিজেই চিলাই মাৰোঁ৷ কমপ্লিকেটেড কেছত মুচীৰ শৰণাপন্ন হওঁ৷ ব্লাডাৰ ফুটিলে চলিওচন লগোৱা হয়৷ নিজে নোৱাৰিলে চাইকেলৰ দোকানলৈ দৌৰোঁ৷ তেনেকৈয়ে বছৰদিয়েক পাৰ হ’ল৷ তাৰ পিছতহে ভৰিয়ে চুবলৈ পালে ৰাছিয়ান বল৷
সুবিধা কি পাইছোঁ-নাপাইছোঁ চাবলৈ নাই৷ মুঠতে খেল
আৰু খেল৷ আমাৰ শৈশৱ-কৈশোৰত ডাঙৰ কথা এইটোৱেই আছিল৷ আবেলি হ'লে খেলিব লাগে বুলিয়েই আমি জানিছিলোঁ৷ বেলেগ একো কথা নাছিল৷
সেই সাত নম্বৰ জাৰ্চিটো, তিনিডাল ষ্ট্ৰাইপ দিয়া পেণ্টটো, টেমুনা ওলাই থকা বলটোলৈ আজিও
বৰকৈ মনত পৰে৷
No comments:
Post a Comment