শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ তিনি ৷৷
Khasis are traditionally clean. পৰম্পৰাগতভাৱেই চাফা তেওঁলোক৷ লক্ষ্য কৰিছোঁ, ধকধকীয়াকৈ কাপোৰ ধোৱা আৰু চিকচিকীয়াকৈ বাচন-বৰ্তন ধোৱা... অন্ততঃ এই দুটা বিষয়ত খাচীয়াক চেৰ পেলোৱাটো নিঃসন্দেহে সহজসাধ্য নহ’ব৷ ঘৰ চাফা কৰাতো তেওঁলোক ওস্তাদ৷ গৈ থকা অৱস্থাত গাড়ীৰ পৰাই নিজ চকুৰে সেয়া কতবাৰ দেখি আছোঁ৷ পানীৰ অভাৱ নোহোৱাটোকেই ইয়াৰ কাৰণ বুলি মনে মনে ভাবিছোঁ৷
তেনে চাফ-চিকুণতাৰে অন্য নাম মাউলিননং৷ মেঘালয়ৰ পূব খাচী পাৰ্বত্য জিলাৰ Pynursla ব্লকৰ অন্তৰ্গত এখন সৰু গাঁও৷ ৰাজধানী চহৰ শ্বিলঙৰ পৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কিল’মিটাৰ হিচাপত দূৰত্ব প্ৰায় ৯০৷ Pongtungত ডাউকিলৈ যোৱা মূল পথটো এৰি সোঁহাতে সোমাই আহিলেই এই বিতোপন ঠাই, স্থানীয় অধিবাসীসকলে যাৰ নাম দিছে ‘God's own garden’৷
মাউলিননঙত পদাৰ্পণ কৰাৰ আগতে আমি পোনে পোনে ইয়াৰ পৰা ২কিল’মিটাৰ সিফালৰ ৰিৱাই গাঁওখনত সোমাই গ’লোঁ৷ উদ্দেশ্য… বহুতৰে মুখত শুনা, বহুতৰে লেখাত পঢ়া আৰু আলোক-চিত্ৰই মনত অপাৰ কৌতূহল জন্মোৱা প্ৰায় ৩০০বছৰৰো অধিক পুৰণি জীৱন্ত শিপাৰ সেতুখন নিজ চকুৰে চোৱাৰ উপৰি নিজ হাতেৰে চুই তাৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱাৰ অভিজ্ঞতা আহৰণ কৰা৷ তাকে সাৰোগত কৰি চালক অজয় কুমাৰে মাৰুতিখন যথাস্থানত ৰখাই দিলে৷
কাঁড় চিন অনুসৰণ কৰি পকী পদপথেৰে আমি আগ বাঢ়িলোঁ৷ পৰিষ্কাৰ-পৰিচ্ছন্ন, নিৰিবিলি এক পৰিৱেশ৷ মনটো ভাল লাগি গ’ল৷ যাওঁতেই দেখা পালোঁ, পেলনীয়া বস্তু থ’বলৈ ডাষ্টবিন হিচাপে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে স্থাপন কৰা হৈছে বাঁহ-বেতেৰে হস্তনিৰ্মিত একোটাহঁত খাং৷ শিল পাৰি তৈয়াৰ কৰা খটখটিৰে ক্রমান্বয়ে তললৈ নামিবলৈ ধৰিলোঁ৷ মুঠতে প্ৰায় ১০ কি ১২মিনিট৷ তেনেকুৱাতে বাঁওদিশে ঝৰ্ণাৰ ওপৰত দৃশ্যমান হ’ল প্ৰখ্যাত ৰুট ব্ৰীজখন৷ দুপাৰৰ দুজোপা ওখ-ডাঙৰ ৰবৰ গছৰ প্ৰাকৃতিক অস্থানিক মূলেৰেই সৃষ্টি হৈছে ওলোমা দলংখন৷ তলেৰে কলকলাই বৈ আছে ৰিৱাই৷ মেঘালয়ৰ পাহাৰীয়া জান-জুৰিবিলাকৰ ওপৰত অঞ্চলবিশেষে এনেকুৱা সেতু আৰু নথকা নহয়৷ দুখলপীয়াও আনকি আছে৷ তৎসত্ত্বেও এইখনে ভ্ৰমণকাৰীৰ দীৰ্ঘদিনীয়া ইচ্ছা-আকাংক্ষা নিৰসন কৰি আহিছে৷
Dorbar Shnong Nohwetৰ ফলকখন পঢ়ি অঁতাই সেতুৰ ওপৰেৰে ধীৰে ধীৰে খোজ বঢ়ালোঁ৷ খৰস্ৰোতা নৈত নামি বেছ কিছুপৰ পানী খেলিলোঁ৷ ডাউন ষ্ট্ৰিমত স্থানীয় ল’ৰা-ছোৱালী কেইটামানে মাছ ধৰি আছিল৷ দৰবাৰৰ নিয়ম অনুসৰি গছৰ শিপা বা গা-গছৰ ক্ষতিসাধন, জুই ধৰা, মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু যি কোনো লাভজনক কাৰবাৰ ইয়াত কৰাটো অন্যায়৷ গাঁৱৰ আইনমতে তেনে কাৰ্য দণ্ডযোগ্য৷
ফুটপাথৰ দাঁতিত কিছু দূৰে দূৰে মিনাৰেল ৱাটাৰ, ক’ল্ড ড্ৰিংকচ, চিপচ, আনাৰস, কলকে ধৰি আন আন সামগ্ৰীৰ দোকান কিছুমান৷ চাহ-ভাতৰ হোটেলো আছে৷ দৰ্শনকাৰীৰ সুবিধাৰ্থে যথেষ্টসংখ্যক প্ৰস্ৰাৱগাৰ, শৌচাগাৰ স্থাপন কৰা হৈছে৷ সেইসমূহ অতি চাফা৷ পানীৰ ব্যৱস্থাও সুন্দৰ৷ ন্যূনতম মূল্য পাঁচ টকাৰ বিনিময়ত যিকোনো মানুহেই প্ৰয়োজনত সেইবোৰ ব্যৱহাৰ কৰাত কোনো বাধা নাই৷ খাচী যুৱতী ফিচ্ছিৰ লগত কথা পাতি গম পালোঁ যে তেওঁলোকেই সেইবোৰ চোৱা-চিতা কৰে, নিতৌ পৰিষ্কাৰ কৰি ৰাখে৷
গছ-গছনিৰে পৰিৱেষ্টিত ঠাইখিনিয়ে স্বাভাৱিকতে মন মুহিলে৷ ১৯৬৪চনতে প্ৰতিষ্ঠা লভা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ো চকুত পৰিল৷ এঘৰত এজন ডেকাই খাচী গান বজাই আছিল৷ সেয়াও অলপপৰ শুনি হৃদয় ফুলাই ল’লোঁ৷ ৰুট ব্ৰীজে বিখ্যাত কৰা ৰিৱাই ভিলেজত ভালেমান সময় কটাই আমি নাতিদূৰৰ মাউলিননঙলৈ পোনালোঁ৷
No comments:
Post a Comment