সাত শিলগুটিৰ 'লালে-লাল' খেল...
(গল্প নহয়, সত্য)
খেলবিধৰ কেইবাটাও নাম শুনিছিলোঁ৷ ‘চেভেন ষ্ট’নচ’, ‘চেভেন স্তপ’, ‘স্তপ খেল’৷ সাতটা শিলগুটি হেতুকে চেভেন৷
সেইটো তেতিয়াই নুবুজাকৈ নাছিলোঁ নিশ্চয়৷ বাকী ষ্ট’নচ, স্তপ... মুখত যি আহে তাৰেই চলি গৈছিল৷ কোনো
কথা নাই৷ খেলিব পৰাটোহে আচল৷ বিশ্লেষণ কৰি চোৱাৰ বয়স তেতিয়া অৱশ্যে হোৱাই নাছিল৷
আনহাতে, নিচান কিন্তু ঠিক লাগে দেই ইয়াত৷ হাত পোন খেলোৱাৰৰ কদৰেই বেলেগ৷
খেলটো খেলিবলৈ সৰু জোখৰ ৰবৰৰ বল এটা যোগাৰ কৰিব
পাৰিলেই হ’ল৷ বাকী শিলগুটি সাতোটা য’তে-ত’তে এভেইলেবল৷ দুটা দলৰ মাজত সমান
সমান হিচাপত পাৰ্টি ভগাই লোৱা হয়৷ খেলুৱৈৰ সংখ্যাটিৰো কোনো নিৰ্ধাৰিত বা ধৰাবন্ধা কথা
নাছিল আমাৰ৷ আহি থাকে, সোমাই থাকে, তেনেকুৱা৷
সাতোটা শিলগুটি ইটোৰ ওপৰত সিটো পাতি থিয়কৈ সজোৱা
হয়, স্তম্ভৰ দৰে৷ সেইকেইটা এনেকুৱা হ’ব লাগে যাতে একদম সমান বা চেপেটা নহয়৷ একেবাৰে সহজ নহৈ
সেইকেইটা পাতিবলৈ যাতে কিছু সময় লাগে, কিছু ধৈৰ্য লাগে, বেলেন্স মিচ হ’লেই যাতে আকৌ খহি পৰে... তেনেকুৱাকৈ
বিচাৰি উলিওৱা হয়৷ তেতিয়া খেলটো জমে৷ মুকলি ঠাই হ’লে খেলিবলৈ ভাল৷ নহ’লে বল হেৰোৱাৰ আশংকা থাকে৷ পছন্দৰ
শিলগুটিকেইটা বিচাৰি ৰাস্তা নিৰ্মাণ কৰিবলৈ কাষত পেলাই থোৱা ষ্টেক বিলাক তেতিয়া আমি
মহতিয়াই ফুৰাৰ চিত্ৰ মানস-পটত আজিও ভাহে৷
পাৰ্টি ভগাই লোৱাৰ পিছত প্ৰথমে টচ কৰা হয়৷ টচত
জিকা পক্ষৰ এজন এজনকৈ আহি বলটো আগতীয়াকৈ সজাই ৰখা শিলগুটিৰ দ’মটোলৈ এইম কৰি ভাঙিবৰ উদ্দেশ্যে
মাৰে৷ সহজে ভাঙিব নোৱাৰা দূৰত্বত মাটিত আঁচ এডাল টানি বা চেণ্ডেলবোৰকে লাইন পাতি থৈ
তাৰ পৰাই বলটো দলিওৱা হয়৷ বিপৰীত পক্ষৰ এজনে দ’মটোৰ পিছফালে থিয় হৈ উইকেট কীপাৰৰ দৰে বল ধৰা কাম কৰে৷
প্ৰতিপক্ষৰ এজনে মাৰোঁতে স্তম্ভটো যদিহে নাভাগিল আৰু উইকেট কীপাৰজনে যদিহে
একেটা ড্ৰপতে বলটো ধৰি পেলালে, তেনেহ’লে তেওঁ আৰু মৰাৰ সুযোগ নাপায়৷ ধৰিব নোৱাৰিলে কিন্তু আকৌ
পায়৷ মুঠতে তিনিবাৰলৈকে সুযোগ পায়৷ সেইদৰে, এজনৰ মাৰত চেভেন ষ্ট’নচ ভাগি গৈও যদি বলটো মাটিত পৰাৰ
আগতে বিপক্ষৰ কোনোবা খেলুৱৈয়ে কেচ ধৰাদি ধৰি লয়, তেন্তে মৰাজন বাহিৰ৷ ‘তই মৰিলি’ বুলি কোৱাৰ পিছত কৰিবলৈ একো
নাই হৈ সিও এফালে চুপচাপ বহি থাকেগৈ৷ সেইবাৰ আৰু খেলিবলৈ নাপায়৷
এটা পক্ষৰ এজনেও ভাঙিব নোৱাৰিলে প্ৰতিপক্ষৰ মৰাৰ
পাল পৰে৷ বল মাৰিবলৈ লোৱা দলৰ এজনে শিলগুটিৰ দ’মটোক এইম কৰি দলিয়াবলৈ উদ্যত হয়৷ দলৰ বাকীসকলে ইফালে-সিফালে
সুবিধা বুজি পজিচন লয় যাতে পলাই সাৰিব পাৰি৷ সেইদৰে বিপক্ষ দলৰ এজনে দ’মটোৰ পিছফালে উইকেট কীপিঙত অৱস্থান কৰাৰ সময়তে অন্যসকলে চেগ বুজি ইফালে-সিফালে অৱস্থান কৰে যাতে নিজৰ মাজত বল
পাছ কৰি সিহঁতক ফান্দত পেলাব পাৰি৷
শিলগুটিৰ দ’মটো ভাঙিব পাৰিলেই খেল চুৰু৷ দৌৰা-ঢপৰা আৰম্ভ হৈ
যায়৷ ভাঙি পেলোৱা দলটোৰ খেলুৱৈসকলৰ কোনোবাই পাতিবলৈ যত্ন কৰে৷ কোনোবাই গাৰ্ড
দিয়ে৷ তেওঁলোকে সাজি অন্ত কৰাৰ আগতেই সিটো দলে প্ৰতিজনকে মাৰিব লাগিব৷ সকলোকে মাৰি
শেষ কৰাৰ আগেয়ে শিলগুটি সাতোটা পাতিব পাৰিলে ভঙা দলৰ জয়৷ নৌপাতোঁতেই গোটোইকেইটাকে
মাৰিব পাৰিলে আনটো দলৰ জয়৷ ইয়াৰ বাবে তেওঁলোকে নিজৰ ভিতৰতে ইজনৰ পৰা সিজনলৈ বল দলিয়াই
পাছ দিয়ে৷ সুযোগ বুজি প্ৰতিপক্ষৰ খেলুৱৈৰ গালৈ মাৰে৷ ‘স্তপ’ বুলি ক’লে খেদি আহিব নোৱাৰিব৷ য’তে আছে ত’তে ৰৈ তাৰ পৰাই মাৰিব লাগিব৷
‘জেগা-স্তপ’ বুলিও কয় কোনোবাই৷ মানেটো হৈছে,
যি জেগাত যেনেকৈ আছ তাতে তেনেকৈ ৰ৷ তাৰ পৰাহে বলটো গালৈ মাৰিব লাগিব৷ দুয়োখন হাতৰ কিলাকুটি
পৰ্যন্ত বল লাগিলে একো নাই৷ বাকী অংশত লাগিলে কিন্তু মৰ অৰ্থাৎ আউট৷ আত্মৰক্ষাৰ বাবে
হাতেৰে ভুকুৱাই বলটো ওফৰাব পাৰি৷ কিন্তু খামোচ মাৰি ধৰিব নোৱাৰিব৷ গতিকে ধৰিলে দুয়োটা
মুঠিৰেহে ধৰিব লাগিব৷ তাৰ পিছত গাৰ জোৰত দূৰলৈ বা কোনো নথকা এফালে মাৰি পঠিয়াব পাৰে৷
কিন্তু কেনেবাকৈ মাটিত নপৰোঁতেই সিপক্ষৰ খেলুৱৈয়ে কেচ ধৰিলে হ'লে আউট৷
গাত বল মৰাক লৈ কিমানযে কি নঘটে! কোনোবাই কাৰোবাক
জোৰত মৰাৰ বাবে তাৰ বদলা ল’বলৈ তাকো পিছত নিজৰ পালত কচি
কচি মাৰে৷ আমাৰ সময়ত ইয়াক কোৱা হৈছিল টিকা লাল, পিঠি লাল, লালে লাল ইত্যাদি৷ মাৰৰ ভয়ত
পলাই নিৰ্দিষ্ট এলেকাৰ পৰা পত্ৰং দিয়াও হয়৷ তেনেকুৱা মাৰৰ চোটত আৰু ভুকুৰ কোবত বল
ফাটিও যায়গৈ৷ পাঁচ-দহ পইচাকৈ তুলি আকৌ এটা বল কিনিব লগা হয়গৈ৷ ডিফু বজাৰৰ মাজ-মজিয়াত
থকা সুপ্ৰিয়দাৰ দেউতাক সুবোধ ৰয়ৰ দোকানলৈ গৈ জোখে-মাখে মিলা, ভাল চাই ৰবৰৰ বল এটা কিনি
অনা হয়৷ বল কিনাৰ অচিলাৰে বজাৰতো তেতিয়াই এপাক ঘূৰা হৈ যায়৷
এই খেলৰ শুদ্ধ নামটো চেভেন ষ্ট’নচ৷ ইণ্ডিয়ান ট্ৰেডিচনেল গে’ম এইটো৷ কথাটো যোৱা পৰহিহে গম পালোঁ৷ সেইবোৰ একো নজনাকৈয়ে সৰু হৈ থকা অৱস্থাত আমি উধাই-মুধাই খেলিলোঁ কিন্তু৷ 'লাল' কৰিলোঁ, 'লাল' হ’লোঁ!
কওকচোন, খেলিছিলনে আপুনিও চেভেন ষ্ট’নচ?
No comments:
Post a Comment