শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটি কবিতা আৰু এটি গীত৷ কবি, গীতিকাৰ
দেবেন চন্দ্ৰ গগৈ৷ আজিৰ পৰা ঠিক এমাহৰ আগেয়ে অৰ্থাৎ ১৮ছেপ্টেম্বৰ, ২০১৪ তাৰিখে জীৱন
নাটৰ যৱনিকা পৰা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুগৰাকীৰ প্ৰতি সন্মান জনাই তেখেতে ১৯৮৯চনতে
ৰচনা কৰা, পাহাৰ-ভৈয়ামৰ মিলনৰ বাহক স্বৰূপে সম্প্ৰীতিৰ বাণী কঢ়িয়াই সংস্কৃতিৰ মধুৰ
সংবাদ বিলাই যোৱা ‘মান্দুলী’ শীৰ্ষক কবিতাটি আৰু ১৯৯১চনত ৰচনা কৰা, পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ ভাবেৰে সিক্ত গীতটি উদ্ধৃত কৰিলোঁ৷
মান্দুলী
মান্দুলীটো
মুকুতা আৰু পোৱালমণিৰ স’তে
মন-মহুৰাৰ সূতাৰে গাঁথি
পিন্ধি লওঁ
আৰু দিহিং-দিখৌ-ধনশ্ৰী
কলং-কপিলী
আৰু
লাংপি-ডিহাংগীৰ
পাৰে পাৰে
আনন্দতে নাচোঁ আৰু গাওঁ
জীৱনৰ গীত৷
আমাৰ এই
প্ৰাণোচ্ছল নাচ
সংহতিৰ
এই গীত
থই-ইংলঙৰ
সমন্বয়ৰ
যাৰ ছন্দ আৰু সুৰত
উদুলি-মুদুলি হয়
বৰাক আৰু লুইতৰ
বিস্তীৰ্ণ পাৰ৷
সত্য-শিৱ-সুন্দৰৰ ৰূপ সাধনাত
মান্দুলীৰ সোণোৱালী-ৰূপোৱালী ৰং
হিয়াৰ কোঁহে কোঁহে বিয়পি পৰক৷
মান্দুলী হওক থই-ইংলঙৰ সমন্বয়ৰ
চিৰ চেনেহৰ চিৰ সেউজীয়া ছেৰ্ হন্জেং৷
ডিফু লেখিকা সমাৰোহ
সমিতিৰ
উদ্বোধনী গীত
চিৰ সুন্দৰৰ চিৰ পূজাৰী
চিৰ জাগ্ৰত লেখিকা৷
থই-ইংলঙৰ কলা-সংস্কৃতি
চিৰ পূজাৰী শতৰূপা৷৷
আমাৰ আশা আমাৰ ভাষা
আমাৰ গীতৰ সুৰ৷
আমাৰ গীতত বাজিছে আজি
নতুন দিনৰ সুৰ৷৷
অন্তৰ পৰশা আমাৰ তুলিকা
জনতা জগাই যায়৷
হাতে হাতে আজি জাগৃত লেখনী
জগত জিলিকাই যায়৷৷
জুৰিটি জুৰিটি মিলি প্ৰৱাহিনী
নদী হৈ সাগৰ ধিয়ায়৷
আমাৰ লেখনী আন্ধাৰ ফালি
পোহৰ বিচাৰি যায়৷৷
উৎস : ‘মান্দুলী’, মুখপত্ৰ, ডিফু লেখিকা সমাৰোহ সমিতি, ডিফু, কাৰবি আংলং
No comments:
Post a Comment