ভুৱা ফুটবলপ্ৰীতি
হেঃ! ফুটবলপ্ৰীতিও আকৌ ভুৱা ওলালনি? ...আপোনাৰ
মনত প্ৰশ্ন হ’ব পাৰে৷ সেয়া তেনেই স্বাভাৱিক৷
কিন্তু যদি মই আপোনাক সোধোঁ... কিয়, ভুৱা দেশপ্ৰেমিকৰ পৰা ভুৱা বিপ্লৱীলৈকে আমি এইটো
জনমতে এইখন অসমতে দেখা নাই জানো? তেনেহ’লে ভুৱা ফুটবলপ্ৰেমী, ভুৱা ফুটবলপ্ৰীতি কিনো বৰ ডাঙৰ কথাটো?
ইয়াততো সকলোফালে ভুৱাৰেই ৰাজত্ব!
চাব খুজিছে? নিশ্চয়কৈ আজি সন্ধিয়াই আপুনি দেখা পাব এই নতুন
প্ৰজাতিটো৷ আচল কথা কি জানে? এচামে এতিয়া শয়নে-সপোনে প্ৰতি মুহূৰ্ততে দেখিবলৈ লৈছে
গোলাকাৰ বস্তু৷ ফুটবলৰ বাহিৰে যেন আন খেল নায়েই পৃথিৱীত! ফুটবল বুলিলে যেন আহাৰ-নিদ্ৰা-মৈথুন
বিসৰ্জন দিয়াটো মামূলি কথা, প্ৰাণো দি দিব পাৰে আনকি! তেনেকুৱা ‘হঠাৎ পেট্ৰিয়ট’ এশ্ৰেণী মানুহৰ ইতিমধ্যে আবিৰ্ভাৱ
ঘটিছেই৷ আজি বহিঃপ্ৰকাশ ঘটিব ফুটবল উৎসৱত৷ সৰুসজাই ষ্টেডিয়াম, খেল-পথাৰৰ আশে-পাশে,
বাছ-ৰে’ল, মটৰ-অট’ৰিক্সা সকলোতে৷ চাব আপুনি, হয়
নে নহয়৷
নেহৰু ষ্টেডিয়ামত বৰদলৈ ট্ৰফী চলাৰ সময়ত নিদ্ৰালু চকুৰ জাপেই খোল নোখোৱা, জি.এছ.এ.ৰ লীগ বুলিলে ছাঁটোকে দেখিবলৈ নোহোৱা, ফুটবলৰ নামত এনেয়ে হ'লে মাত এষাৰ নোলোৱা অনেক তথাকথিত ফুটবলপ্ৰেমীক বিচিত্ৰ বেশ-ভূষাত সক্ৰিয় অৱস্থাত দেখা পাব আপুনি৷ তেওঁলোকে চাব হিৰ' ইণ্ডিয়ান চুপাৰ লীগ, ইংলিচ প্ৰিমিয়াৰ লীগৰ অনুকৰণত৷ কথা-বতৰা, বডী লেংগুৱেজতো দেখিব, ফুটবল হিৰ’ যেনেই ভাব৷
নৰ্থ ইষ্ট ইউনাইটেড এফ.চি.ৰ নেগুৰত গুৱাহাটী শব্দটো বিচাৰি চিৎকাৰ কৰা, নিজৰ মহানগৰখনতে বছৰৰ পিছত বছৰ ধৰি ফুটবলৰ শ্ৰাদ্ধ পাতি অহা চেঙেলীয়াৰ পৰা বুঢ়ালৈ, মতাৰ পৰা মাইকীলৈ, ৰিক্সাৱালাৰ পৰা মিনিষ্টাৰলৈ কিমান ৰকমৰযে থলুৱা ভুৱা উৰুলিপুঙা মহানাগৰিক নোলাব আজি, মনে মনে চাই থাকিবচোন৷
এনেয়ে বাৰ মাহত তেৰটা মহোৎসৱ৷ তাতে আগতে নোহোৱা-নোপজা, গ্লেমাৰপূৰ্ণ এই ফুটবল ফেষ্টিভেল, সিও আকৌ এডিচনেল হিচাপে আহি গৈছে! গতিকে…
খেল চাবলৈ হয়তো যাম, ফুটবলৰ প্ৰতি সঁচা আন্তৰিকতা কাৰ কিমান তাৰ উমান ল’বলৈকে৷ পিছে ভুৱা ফুটবলপ্ৰীতিৰ ছবিখনৰ কথা ভাবিহে সদ্যহতে মনটো সংকুচিত হৈছে৷ তাতে প্ৰৱেশ-পত্ৰও নাই৷ ক’ব নোৱাৰিছোঁ, হয়তোবা প্ৰথম খেলত ৱাক-অভাৰেই দি দিম সেই সকলক৷
আপুনি কি ভাবি আছেবা? উৎসৱথলীলৈ যাবনে?
খেল চাবলৈ হয়তো যাম, ফুটবলৰ প্ৰতি সঁচা আন্তৰিকতা কাৰ কিমান তাৰ উমান ল’বলৈকে৷ পিছে ভুৱা ফুটবলপ্ৰীতিৰ ছবিখনৰ কথা ভাবিহে সদ্যহতে মনটো সংকুচিত হৈছে৷ তাতে প্ৰৱেশ-পত্ৰও নাই৷ ক’ব নোৱাৰিছোঁ, হয়তোবা প্ৰথম খেলত ৱাক-অভাৰেই দি দিম সেই সকলক৷
আপুনি কি ভাবি আছেবা? উৎসৱথলীলৈ যাবনে?
No comments:
Post a Comment