শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ পাঁচ ৷৷
মাউলননঙৰ পকী ফুটপাথেৰে ধীৰ খোজেৰে ইফালে-সিফালে
চাই চাই আগুৱাইছোঁ আমি তিনিও৷ তিনিও অৰ্থাৎ পত্নী, দৈমাৰী আৰু মই৷ ঘৰ দেখিছোঁ, ফুলনি
দেখিছোঁ, কাম কৰি থকা গঞা দেখিছোঁ৷ গেলা-পঁচা জাবৰ-জোঁথৰৰ দ’ম হ’লে সমূলি দেখা নাই৷ দুৰ্গন্ধও
নাই৷ ফু মাৰি ভাত খাব পৰা এলেকা বুলি যাক ক’ব পাৰি৷ ক’তো কোনো হাই-উৰুমিও শুনা নাই৷ শৃংখলাবদ্ধতা মন কৰিলোঁ৷
যি বস্তু য’ত থাকিব লাগে ত’ত আছে৷ খেলিমেলি, সিঁচৰতি নাই৷
একাংশ লোকৰ এনে অভ্যাস বা স্বভাৱ আনৰ বাবেও নিশ্চয়কৈ অনুকৰণীয়৷ মানুহ সৰুৰে পৰাই পৰিপাটি
বা চিজিল হোৱা কথাটো ময়ো পচন্দ কৰোঁ৷ গতিকে খুব একাত্মতা অনুভৱ কৰিলোঁ৷
পথৰ দাঁতিত ঠায়ে ঠায়ে বহাৰ সুব্যৱস্থা আছে৷ গছৰ
ফেৰেঙনি বা পুতি থোৱা তিনিটা খুঁটিৰ ওপৰত একোটা থলুৱা বাস্কেট ডাষ্টবিন৷ চাহ-ভাতৰ হোটেল,
হ’ম ষ্টে’ৰ লগতে তামোল আৰু ফল-মূলৰ গছ
কিছুমান চকুত পৰিল৷ তামোল আৰু ঝাড়ু এই অঞ্চলৰ প্ৰধান কৃষিজাত উৎপাদন বুলি ইতিমধ্যে
পঢ়িবলৈ পাইছিলোঁ৷ আনহাতে শিক্ষাৰ ফালৰ পৰা মানুহবোৰ এশ শতাংশই সাক্ষৰ বুলিও শুনিছিলোঁ৷
পুৰুষ-মহিলা, ল’ৰা-ছোৱালী সকলোৱে কম-বেছি পৰিমাণে
ইংৰাজী ভাষা ক’ব পাৰে৷ কথা পাতি সত্যতাৰ উমান
পালোঁ৷ এঠাইত দেখা জল-বিতৰণৰ স্থানীয় টেকনিকটোৱেও মনোযোগ আকৰ্ষণ কৰিলে৷ ভিতৰুৱা ঠাই,
বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চললৈ গ’লে এনেকুৱা কিছুমান বিশেষত্বপূৰ্ণ কথা-কাণ্ড মই সদায় লক্ষ্য
কৰোঁ৷ তেওঁলোকৰ সৃষ্টিশীলতা, উদ্ভাৱন কাৰ্য লুটিয়াই-বগৰাই চাওঁ৷ তেওঁলোকৰ সৈতে তেওঁলোকৰ শব্দ যি জানো দুই-এটা প্ৰয়োগ কৰি বাক্য-বিনিময়ৰ চেষ্টা কৰোঁ৷ দিয়া-লোৱাৰ উদাৰ-নৈতিক মানসিকতাই পৰস্পৰক ওচৰ চপাই নিয়ে৷
প্ৰৱেশ পথত গীৰ্জাৰ কাষত গছ এজোপাৰ ওপৰত বাঁহ-বেতেৰে
সজা এটা ভৱন৷ নাম দিয়া হৈছে ‘ট্ৰি হাউচ’৷ উচ্চতা ৫৭ফুট৷ তলৰ পৰা ক্রমান্বয়ে
উঠি গৈ থাকিলোঁ ওপৰলৈ৷ আগে আগে যোৱা ডেকা কেইজনমান অলপমান বগায়ে ঈশ্বৰৰ নাম উচ্চাৰণ
কৰি কৰি ফিৰি আহিল৷ তেওঁলোকৰ অহেতুক ভয়টো দেখি মনে মনে হাঁহি উঠি গ’ল৷ জানিব বিচাৰিলোঁ, ক’ৰ পৰানো আহিছে? প্ৰাণৰ মমতাত
মুখৰ পৰা কথাই নোলাল৷ ‘আমি কিচ্ছু বলতে পাৰচ্ছিনা’হে বুলিলে৷ বেচেৰাহঁতৰ অৱস্থা
দেখি ততালিকে চাইড দি দিলোঁ৷ নিজে কিন্তু বগাবলৈ নেৰিলোঁ৷ বৃক্ষ ভৱনটো তলা মৰা অৱস্থাত
পালোঁগৈ৷ ভিতৰত চাং আছে, পোহৰৰ ব্যৱস্থাও আছে৷ ফৰিংফুটা জোনাকী নিশা ইয়াত কটাবলৈ কিযে
ভাল লাগিব চাগৈ! তাৰো ওপৰলৈ উঠি দূৰৈত বাংলাদেশৰ চিলেট অঞ্চলৰ সমতলভূমি খালী চকুৱে
মণিব পৰালৈকে পৰ্যবেক্ষণ কৰিলোঁ৷ নামি আহোঁতে কাষৰ ঘৰৰ পৰা অকণমানি এটা লৱৰি আগুৱাই
আহিল৷ ক’লে, ‘ছাৰ, টুৱেণ্টি ৰুপীজ প্লিজ...’ তাৰ লগত সমনীয়াৰ দৰেই অলপপৰ
লেকচাৰ মাৰিলোঁ৷ ওচৰৰে স্কুলখনত ক্লাছ টুত পঢ়ে সি৷ ট্ৰি হাউচত উঠাৰ মূল্য বিচাৰিছে৷
দেউতাকে ওচৰতে কাম কৰি আছিল৷ আমাৰ ধেমালি দেখি তেৱোঁ হাঁহিলে৷ সময়কণ মজা লাগিল৷ নামটো
সি কৈছিল যদিও মোৰহে ভালকৈ মনত নৰ’ল৷ প্ৰিন্সষ্ট’ন আছিল চাগৈ৷ নামটো শুনি প্ৰায় দুই দশকৰ আগৰ আমাৰ লগৰ
ৱাইজলি, হিষ্টাৰবেল, গেব্ৰিয়েলহঁতলৈ মনত পৰি গ’ল৷ জীৱনৰ স্বপ্ন খেদি এতিয়াবা ক’ত আছেগৈ নেৰিষ্টত একেখন হোষ্টেলতে
থাকি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ৰস লোৱা মেঘালয়ৰ এই খাচীয়া-জয়ন্তীয়া-গাৰো ডেকাকেইটা!
অলপ আগলৈ পকা ৰাস্তাৰ দাঁতিতে বাঁহনিৰ মাজত প্ৰকাণ্ড
শিল এটা বেৰি থোৱা অৱস্থাত দেখিলোঁ৷ নাম দিয়া হৈছে ‘বেলেন্সিং ৰক’৷ চেপেটা ডাঙৰ শিল এটাই আকাৰত তুলনামূলকভাৱে বহুত
সৰু আন এটা শিলৰ ওপৰত সন্তুলন ৰক্ষা কৰি আছে৷ এয়া প্ৰাকৃতিকভাৱে সংঘটিত ভাৰসাম্যতা
বুলি জানিবলৈ পাইছিলোঁ যদিও এতিয়া নিজ চকুৰে দেখি আচৰিত যেনেই লাগিল৷
তাৰো অলপ আগলৈ বাংলাদেশ ভিউ পইণ্ট, ভ্ৰমণকাৰীক
যি স্কাই ৱাকৰ সোৱাদ দিয়ে৷ ৮৫ফুট উচ্চতাৰ এই দৰ্শনথলী দৰাচলতে ৰিৱাই গাঁৱৰ সীমাৰ ভিতৰত৷ ইয়াত উঠিও চুবুৰীয়া
ৰাষ্ট্ৰ বাংলাদেশৰ সমভূমি অঞ্চলৰ খেতিপথাৰ, নদী, গছ-গছনি আদি চাব পাৰি৷ বাংলাদেশ দৰ্শনৰ
বাবদ এইবাৰ বিশ টকা দিব লগা হ’ল খাচী ছোৱালী লাফিৰনাই মাইলিয়েংগাপক৷ তাইৰ লগতো কথা-বতৰা বেচ জমি
উঠিল৷ ক্লাছ নাইনত পঢ়ি থকা লাফিৰনাইক সুধিলোঁ… তই আজি স্কুললৈ নগ’লি কেলেই? চকুলৈ চাই তাই মিচিকিয়াই
উত্তৰ দিলে… মহাত্মা গান্ধী৷ লাফিৰনাই, ফিচ্ছিহঁতৰ
সৰল-নিৰ্মল মনবোৰে, সহজ কথা-বতৰাবোৰে আমাক দি গ’ল নিৰ্ভেজাল আনন্দ কিছুমান৷ সিহঁতৰে অঙহী-বঙহীবোৰে বাঁহ-বেতেৰে সজা এই ‘মাচান’ৰ লগতে ‘ট্ৰি হাউচ’ৰ পদ্ধতিগত নিৰ্মাণকুশলতা মন
কৰিবলগীয়া৷ বিশ টকাৰে কোনোপধ্যে তাক জোখা নাযায়৷
অলপ দূৰত এগৰাকী মহিলাক জাবৰ-জোঁথৰবোৰ জ্বলাই থকা
দেখা পালোঁ৷ আৱৰ্জনা নিষ্কাষণৰ অন্য পদ্ধতি নথকাত প্লাষ্টিকবোৰ পুৰি পেলোৱা হৈছে৷ বাকী
অংশ পচন সাৰ৷ মাউলিননং এৰি ওলাই আহোঁতে এজন যুৱকক দেখিলোঁ পিঠিত হোৰা লৈ পাহাৰৰ গাত
গজা অলাগতিয়াল উদ্ভিদবোৰ চিকুটি চিকুটি গুচাই আছে৷ ঠাইখণ্ড দেখাত অধিক পৰিষ্কাৰ, অধিক
মনোগ্ৰাহী হৈ উঠিছে৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত এই মানুহবোৰৰ যেন কেতিয়াও অকণোৱেই
হেমাহি নাই! সৌন্দৰ্যবোধো প্ৰশংসনীয়৷ বিপৰীতে, চিপচ-কুৰকুৰি বা গুটখাৰ পেকেটটো
ফেৰেককৈ ফালি, মৰক-মৰক খাই বেপৰোৱাভাৱে যেনি-তেনি দলিয়াই দিয়া আমাৰ ফুল-বাবুহঁতলৈহে
পুতৌ উপজিল৷
প্ৰকৃতিয়ে ঢালি-বাকি দিয়া সৌন্দৰ্যই যাৰ সম্পদ,
সেই সম্পদৰ সংৰক্ষণৰ জৰিয়তে পৰ্যটন উদ্যোগৰ বিকাশ আৰু তাৰ মাধ্যমেৰেই আহৰণ কৰা জীৱন-জীৱিকা,
ঈশ্বৰৰ ফুলনিৰ বাসিন্দাসকলৰ বাবে সেয়া ঈশ্বৰৰ দান বুলি ক’লে নিশ্চয় ভুল নহ’ব৷
প্ৰত্যাৱৰ্তনৰ বাটত এটা প্ৰশ্নই মগজুত তোলপাৰ লগালেহি৷
সেয়া হ’ল... বাংলাদেশ সীমান্তৰ ইমান
নিকটৱৰ্তী ঠাই হৈও মাউলিননঙত এজনো তথাকথিত ‘বাংলাদেশী’ নেদেখিলোঁ কিয়? কোনে দিব পাৰে ইয়াৰ সদুত্তৰ?
No comments:
Post a Comment