Tuesday, 28 October 2014

ভদ্ৰলোকৰ খেল ক্রিকেট...
(গল্প নহয়, সত্য)


স্প’ৰ্টচ ৱৰ্ল্ড, স্প’ৰ্টচ ষ্টাৰ, স্প’ৰ্টচ ৱিক৷ অভিৰুচি, ষ্টেডিয়াম, ক্রীড়াংগন, খেলা, খেলার আসর... আৰু কি কি আলোচনী আছিল মনত পেলাইছোঁ৷ সেইবোৰ নিয়মীয়াভাৱে পঢ়া আৰু ছবি চোৱাৰ উপৰি দৈনিক বাতৰি কাকত, বিস্ময়, ত্ৰিশূল ইত্যাদিৰ খেলৰ পৃষ্ঠাবোৰ খুব আকৰ্ষণৰ থলী আছিল৷ একেদৰে ৰেডিঅ’ৰ খেল সমাচাৰ, স্প’ৰ্টচ ৰাউণ্ড আপ৷ কেৱল মোৰেই নহয়, খেল ভাল পোৱা সকলোৰে৷ এটা বয়সত সেইবোৰেই আমাক মানসিক খাদ্য যোগাইছিল৷ টেলিভিচন তেতিয়া নাছিল৷

খেল বুলিলে বুলিবৰ নাই৷ স্বভাৱটো এতিয়াও পিছে নগ’ল৷ তেনেকুৱা দিনতে কোনোবা এখন আলোচনীৰ পৃষ্ঠাত এবাৰ পঢ়িবলৈ পাইছিলোঁ ‘মহান খেলুৱৈৰ মজাৰ কাহিনী’৷ তাৰে এটা সত্য কাহিনীত উল্লেখ থকা প্ৰতিদ্বন্দ্বী দেশ দুখনৰ নাম, খেলখনৰ স্থান, সময়, প্ৰতিযোগিতাখন, আনকি ক্রিকেটাৰজনৰ নাম পৰ্যন্ত মোৰ এই মুহূৰ্তত অকণোৱেই মনত নাই যদিও কাহিনীটোৰ কিছু কথা আজিও হ’লে ভালকৈ মনত আছে৷ কিয়নো তাৰ পৰাই পিছলৈ ময়ো কিবা অকণমান বিচাৰি পাইছিলোঁ৷ এই লেখাটি আচল দিশত আগ বঢ়াৰ আগতে সেইখণ্ড কৈ ল’ব লাগিব৷

দুখন দেশৰ মাজত ক্রিকেট মেচ এখন চলিছে৷ এটা পক্ষই বেটিং কৰি আছে৷ আনটোৱে ফিল্ডিং৷ ষ্ট্ৰাইকিং এ’ণ্ড লৈ থকা প্লেয়াৰজনে ভাল খেলি আছে৷ আগৰ বলটোত চাৰি এটা মাৰিলে৷ তাৰ পিছৰ বলটো হঠাৎ অফ ষ্টাম্পলৈ উঠি আহিল৷ বলটোৱে বেটচমেনৰ গ্লোভচত কোমলকৈ চুমা এটা খাই বিপক্ষৰ উইকেট ৰক্ষকৰ দুহাতৰ চেপত সোমালগৈ৷ উইকেট কীপাৰজনে আপীল এটা কৰিলে... হাউজ ডেট৷ পিছে আম্পায়াৰ নিৰ্বিকাৰ৷ আচলতে শব্দটো ইমানেই অনুচ্চ আছিল যে বেটচমেনজনৰ বাহিৰে উইকেট কীপাৰেও ভালকৈ শুনা পালে কি নাপালে৷ বাকীসকলেতো ধৰিবই নোৱাৰিলে, কি ঘটি গ’ল৷ ইফালে তেতিয়াৰ দিনত আজিৰ দৰে লগে লগে ৰিপ্লে’ চাব পৰাকৈ টেকন’ল’জী ডেভেলপ হোৱাই নাই৷ গতিকে বেটচমেন নট আউট৷

তাৰ পিছৰ কথাখিনি মন কৰিবলগীয়া৷

সেইটো অভাৰতে ষ্টাম্পলৈ অহা পোন চাই বল এটা বেটচমেনজনে নেখেলি ষ্টাম্পত লাগিবলৈ স্বেচ্ছাই এৰি দিলে৷ স্বাভাৱিকতে বলটোৱে খুঁটি ওফৰাই লৈ গ’ল৷ ক্লিন ব’ল্ড! এইবাৰ আম্পায়াৰৰ তৰ্জনী লগে লগে আকাশৰ দিশে উঠিল৷ চকুৰ সন্মুখত ঘটি যোৱা কাণ্ডটোত আচৰিত হ’ল খেল চাই থকা সতীৰ্থসকল৷ পিছত পেভেলিয়নত খেলুৱৈজনক সুধিলে... ইমান সহজ আৰু পোন বল এটাত তেওঁ কেনেকৈ আউট হ’বলৈ পালে? তেওঁ কিয় কোনো ষ্ট্ৰ’ক আগ নবঢ়ালে? তেতিয়া বেটচমেনজনে ক’লে... আচলতে আগৰ বলটোতে মই আউট আছিলোঁ৷ বলটোৱে মোৰ গ্লোভচ স্পৰ্শ কৰিছিল৷ উইকেট কীপাৰে কেচো ধৰিছিল, আপীলো কৰিছিল৷ কিন্তু আউট নিদিলে৷

আনৰ কথা নাজানো, এই সত্য কাহিনীটোৱে কিন্তু মোক এসময়ত গভীৰভাৱেই প্ৰভাৱিত কৰিছিল৷ কেনেকৈ প্ৰভাৱিত কৰিছিল, তাকে ক’বলৈকে ইমানখিনি পাতনি পঢ়ুৱাবলগীয়া হ’ল৷ আমাৰ জকাইচুকীয়া ক্ৰিকেট ৱৰ্ল্ডৰ ঘটনাটো এনেকুৱা...

জয়ছিং দলৈ সোঁৱৰণী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম বছৰ৷ ডিফু ষ্টেডিয়াম খেলপথাৰ৷ অসমী ক্লাব আৰু জৈন ক্লাবৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল খেল চলিছে৷ আমাৰ অসমী ক্লাবৰ মই অ’পেনাৰ৷ ইতিমধ্যে আমাৰ দুটা উইকেট পৰিছে৷ আগৰ বলটোত মিড উইকেটত বাউণ্ডেৰী কোবালোঁ৷ পঁচিশ ৰাণ কৰি খেলি আছোঁ৷ অধিকসংখ্যক পঞ্জাৱী ডেকাৰে গঠিত প্ৰতিদ্বন্দ্বী দলটোৰ ব’লাৰ বুলুৱে ইনড’ৰ ষ্টেডিয়াম এ’ণ্ডৰ পৰা মোলৈ বলিং কৰি আছে৷ মিডিয়াম পে’চাৰ বুলুৰ হাতৰ মুঠিৰ পৰা ওলাই অহা পিছৰ বলটো ক্রীজত পৰিয়ে চিধাই উঠি আহিল৷ ডিফেন্সিভ কৌশলেৰে প্ৰতিহত কৰিবলৈ চালোঁ৷ চিৰিককৈ এটা তেনেই সৰু শব্দ হ’ল৷ বাওঁহাতৰ গ্লোভচত সামান্য চুই সিহঁতৰ উইকেট কীপাৰৰ হাত পালেগৈ বল৷ সিও নিয়মমাফিক চিঞৰি উঠিল... হাউজ ডেট৷ কিন্তু আম্পায়াৰৰ কোনো ক্রিয়া-প্ৰতিক্রিয়া দেখা পোৱা নগ’ল৷ সোঁ-বাওঁ, বাওঁ-সোঁ কৰি মূৰহে জোকাৰিলে৷ লে’গ আম্পায়াৰো নীৰৱ৷ মই নট আউট৷ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ কাহিনীটো মোৰ তেতিয়াই আকৌ মনলৈ আহিল৷ ষ্টাম্প উদ্দেশ্যি অহা বল এটালৈ বাট চাই থাকিলোঁ৷ তেনেকুৱা সুবিধাজনক বল এটা অহাত ষ্টেনচৰ পৰা আস্তেকৈ আঁতৰি দিলোঁ৷ বলটোৱে মোৰ মিডল ষ্টাম্প পেলাই দিলে৷ সতীৰ্থৰ লগতে উইকেটৰ পিছৰ পৰা আনন্দত চিঞৰি দৌৰি আহি উইকেট কীপাৰে বেইল দুডাল বুটলাত লাগিল৷ পঁচিশ ৰাণত মই ক্লিন ব’ল্ড৷ এছ.এছ. বেটখন কাষলতিৰ তলত সুমুৱাই গ্লোভচযোৰ খুলি খুলি আমাৰ টীমৰ প্লে’য়াৰবোৰ বহি থকাৰ পিনে ধীৰে ধীৰে খোজ ল’লোঁ৷ কোনোবাই পিছত সুধিলে... ‘ঐ, ইমান চিধা বলটোত তই আউট হ’লিযে! সেইটোতো আউট হ’বলগীয়া বল নাছিল৷ খেলিব লাগিছিল৷ ৰৈ দিলি কিয়?’ লাহেকৈ উত্তৰ দিলোঁ... ‘আচলতে আগৰ বলটোতে মই আউট আছিলোঁ৷ আম্পায়াৰেহে দিয়া নাছিল৷’

তাহানিতে পঢ়িবলৈ পোৱা, লেখাটোৰ আৰম্ভণিতেই কৈ লোৱা সত্য কাহিনীটো আন কোনোবাই জানিছিলনে নাই নাজানো৷ মই কিন্তু পঢ়িছিলোঁ আৰু জানিছিলোঁ৷ সেয়ে প্ৰভাৱিত হৈছিলোঁ৷ শুনাত আচৰিত যেন লাগিলেও, কাকতালীয়ভাৱে, একে ঘটনাই ঘটি গৈছিল মোৰ ক্ষেত্ৰতো৷ আম্পায়াৰৰ কৃপাত লাইফ পাই সিদিনা উধাই-মুধাই পিটি খেলি যাব পাৰিলোঁহেঁতেন যদিও নিজকে ফাকি দিব নোৱাৰিলোঁ৷ ভদ্ৰলোকৰ খেল ভদ্ৰলোকৰ দৰেই খেলিব লাগে বুলি কথা এষাৰযে আছে৷

নিজৰ পৰিণতি যিয়েই নহওক, সেই কোৱাৰ্টাৰ ফাইনেল খেলখনত অৱশ্যে আমিয়েই জিকিছিলোঁ৷ ফিল্ডিঙৰ সময়ত দুটা কেচো ধৰিলোঁ৷ তাৰো আগ বাঢ়ি প্ৰতিযোগিতাখনত আমি সেইবাৰ চেম্পিয়ন হৈছিলোঁ৷ ডিষ্ট্ৰিক্ট খেলা চিনিয়’ৰ প্লে’য়াৰেৰে গঠিত শক্তিশালী ৱ’জাৰু ক্লাৱক আমি ফাইনেলত হৰুৱাইছিলোঁ৷ দুৰ্দান্ত প্ৰদৰ্শনেৰে লাভ কৰা বিজয়ত অসমী ক্লাবৰ সমৰ্থকসকলে প্ৰচুৰ আনন্দ কৰিছিল৷ খেল জিকাৰ উলাহত প্লে’য়াৰবিলাকক ফিল্ডৰ পৰা দাঙি দাঙি বাহিৰলৈ লৈ যোৱা, গোটেই পালকে নি হিমালয় হোটেলত যাৰ যি মন যায় ইচ্ছামতে খুওৱা, আমি সদায় খেলা এল.পি. স্কুলৰ ফিল্ডখন ট্ৰফীসহ সমদল কৰি গৈ পাওঁতে প্ৰায় আন্ধাৰ হ’ব ধৰা সত্ত্বেও বজাৰৰ ফটো ষ্টুডিঅ’ৰ পৰা ফটোগ্ৰাফাৰ লৈ গৈ স্কুলঘৰটোৰ সন্মুখত ট্ৰফীটোৰে সৈতে ফটো তোলা (সেই ফটো আজিও আছে)... ক্রিকেট বুলিলে কাহানিও পাহৰিব নোৱাৰা মিঠা অভিজ্ঞতা আৰু মধুৰ স্মৃতি হৈ তেনেকুৱা মুহূৰ্তবোৰ আমাৰ জীৱনলৈ ৰৈ গ’ল৷

No comments:

Post a Comment