Saturday, 11 October 2014

শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন

৷৷ সাত ৷৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতি দুৰ্বলতা এটা আগৰে পৰাই আছে৷ ভাৰত-ম্যানমাৰ সীমান্তৰ দৰেই এইখণ্ডও নিৰ্বিঘ্নে পাৰ হৈ কিছু আগুৱাব পাৰিম বুলি ভাবি আছিলোঁ৷ কিন্তু নহব দেখিছোঁ৷ জিৰ পইণ্টলৈকেহে অনুমতি পালোঁ৷ আনহাতে, বাংলাদেশৰ উত্তৰ-পূবৰ চিলেট ডিভিজনৰ Jafflong, Nohksiar, Nerilapara, Notun Songram Pungi, Wansalam Ryngksae ইত্যাদি শতিকাপ্ৰাচীন প্ৰায় শতাধিক গাঁৱত চল্লিশ হাজাৰমান খাচী লোকৰ বসতি আছে বুলি শুনিছোঁ৷ প্ৰমাণ লগে লগে পালোঁ৷ ইণ্ডিয়ান পাছপৰ্ট দেখুৱাই খাচী পুৰুষ-মহিলা চাৰিজন চকুৰ সন্মুখতে সিপাৰৰ কুটুমৰ ঘৰলৈ যাবলৈ উদ্যত হল৷ তাকে দেখি নিজৰ ওপৰতে খংটো উঠিল৷ পাছপৰ্টখন পাহৰণিত ঘৰত এৰি আহিলোঁ৷ নহলে...

যি কি নহওক, জিৰ পইণ্টক লক্ষ্য কৰি খোজ আগ বঢ়ালোঁ৷ সেইখিনিত উপস্থিত হৈছোঁ কি নাই, সিপাৰৰ পৰা ডেকা এজন আগুৱাই আহিল৷ চিধাই কৰমৰ্দন কৰিলোঁ আৰু নিজৰ চিনাকি দিলোঁ : আব্দুছ ছাজিদ, ইণ্ডিয়ান৷ একে সুৰতেই তেৱোঁ পৰিচয় দাঙি ধৰিলে : মোহাম্মদ শাহিন, বাংলাদেশী৷ চিলেটি? ...মই সুধিলোঁ৷ তেওঁ হাঁ বুলিলে৷ এইবাৰ মই হকে-বিহকে, ভুলে-ভালে চিলেটি আৰম্ভ কৰি দিলোঁ৷ বিশুদ্ধ চিলেটি অৱশ্যে তেওঁৰো নাই৷ চিলেটি আৰু হিন্দীৰ খিচিৰি এটা চলাই গল৷ কথা-বতৰাৰ পৰা গম পালোঁ, শাহিন আলম চৌধুৰী সেই অঞ্চলটোৰ পাথৰ-কয়লা ব্যৱসায় মালিক সমিতিৰ মেনেজাৰ৷ ব্যৱসায় সূত্ৰে ভাৰতলৈ আগতে গৈছে৷ সেয়ে হিন্দী কিছু কিছু বুজি পায়, ভগা-ভগাকৈ কবও পাৰে৷ ঘৰৰ বিষয়ে সোধাত সেই স্থানৰ পৰা দুই কিলমিটাৰ দক্ষিণলৈ ৰিণিকি ৰিণিকি চকুত পৰাৰ দিশে আঙুলিয়ালে৷ বি.এছ.এফ. আৰু বি.ডি.আৰ. নথকা হলে ভাত খাই আহিলোঁগৈহেঁতেন বোলাত খুব হাঁহিলে লৰাটোৱে৷ ইফালে-সিফালে চাই নানা প্ৰশ্ন-উত্তৰেৰে ভালেপৰ পৰস্পৰৰ মাজত গল্প চলি আছিল৷ তাকে দেখি বাংলাদেশ ৰাইফলচৰ জোৱান এজন আমাৰ ফালে আগ বাঢ়ি আহিল৷ ভাবিলে চাগৈ, এই দুটা বিদেশীৰ কিনো ইমান আলাপ বুলি৷ আচ্ছালামু আলাইকুম বুলি কৈ হেণ্ডচেক এটাও মাৰি দিলোঁ তেওঁক৷ তেৱোঁ যথাযথ প্ৰত্যুত্তৰ দিলে আৰু মিচিকিয়ালে৷ দাঁতি-কাষৰীয়া মছজিদৰ পৰা ভাহি অহা আজানৰ শব্দ কাণত পৰাত অলপ পাছতে তেওঁ কেম্পলৈ উভতিল৷ তাত উপস্থিত জোৱানকেইজনে তালাচী চকীৰ ভিতৰতে নামাজ পঢ়া দেখা পালোঁ৷ চৌধুৰী চাহেবৰ পৰা বিদায় মাগি বি.এছ.এফ.ৰ কেম্পত উপস্থিত হলোঁহি৷

অকণমান পিছতে হঠাতে প্ৰশ্ন এটা মনলৈ আহিল... বাংলাদেশী জোৱানজনৰ নামটো সোধা নহল! সিপাৰলৈ চালোঁ, শাহিনে এইফালেই চাই আছে৷ তাৰ চাগৈ মোৰ দৰেই বেয়া লাগিছিল৷ আকৃতি একে, তেজ একে, ছালৰ বৰণো প্ৰায় একে৷ অথচ মিলা-মিছাত ইমান বাধা-নিষেধ! তাৰ ফালে চাই হাত বাউলি দিলোঁ৷ ইংগিত পায়ে সি খোজ আগ বঢ়ালেই৷ এইফালৰ পৰা ময়ো আগ বাঢ়িব লাগিলোঁ৷ বি.এছ.এফ.ৰ অনুমতিৰ কথা ভাবিবলৈকে নহল৷ জিৰ পইণ্টত ৰৈ তাক সুধিলোঁ,মোৰ সৈতে কৰমৰ্দন কৰা বি.ডি.আৰ.ৰ জোৱানজনৰ নামটো কি, জানে নেকি? সি বোধ হয় নাজানে৷ সেয়ে খৰখোজেৰে চকীৰ ফালে গল৷ সিজন আকৌ তেতিয়া তাত নাই৷ বোধ হয় নামাজ পঢ়া শেষ হোৱা নাই৷ আন এজন জোৱানে হাত বাউলি দি মোক ওচৰলৈ মাতিলে৷ ইফালে সন্মুখত লক্ষ্মণ-ৰেখা৷ কি কৰোঁ? যা যি হয় হব বুলি পাৰ হৈ আগলৈ গুচি গলোঁ৷ এতিয়া বাংলাদেশৰ মাটিত মই৷ জোৱানজনে চিনাকি-পৰ্বতে শাহিনৰ হাতত দিয়া মোৰ ভিজিটিং কাৰ্ডখন নিজে লৈ কি কৰে, ক’ৰ পৰা আহিছে আদি নানানটা প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ ধৰিলে৷ ময়ো নিৰ্ভয়ে শুদ্ধ উত্তৰ দি গলোঁ৷ তেনেকুৱাতে পকেটৰ ভিতৰত মবাইলটো বাজিব ধৰিলে৷ এবাৰ, দুবাৰ, তিনিবাৰ৷ বাজিয়ে আছে, বাজিয়ে আছে৷ স্ক্ৰীণলৈ চাই গম পালোঁ, শ্ৰীমতীৰ কল৷ সিপাৰৰ পৰা দূৰত মোক দেখি আছে৷ নিয়ম ভংগ কৰাৰ বাবে ধৰি নিব বুলি চিন্তা লাগিছে চাগৈ৷ মই এইফালে কথা এৰিবও পৰা নাই৷ অৱশেষত জোৱানজনে সহকৰ্মীৰ নামটো কলে : হাবিলদাৰ মবিৰুল৷ নামটো মনত লৈ লাহেকৈ ভাৰতভূমি অভিমুখে ঘূৰিলোঁ৷ পিছত গম পালোঁ, বি.এছ.এফ.ৰ সেই অনা-অসমীয়াজনে বোলে মই দ্বিতীয়বাৰ যোৱা দেখি খুব হাল্লা কৰি আছিল৷ হুইচেল বজাবলৈকো উদ্যত হৈছিল৷ তাকে দেখি পত্নীৰো লাগিছিল ভীষণ চিন্তা৷ পিছত কথাটো পাতলাবৰ নিমিত্তে তেওঁক কলোঁ... বি.ডি.আৰ.ৰ জোৱানে মোক ঢাকালৈ ফুৰাবলৈ নিয়াৰ কথা কৈছিল৷ তোমালোকৰ পৰাহে নহল... মই পিছে সুযোগ পালে যোৱাৰ ধাণ্ডাতে আছিলোঁ!

বেলিটোৱে ক্রমান্বয়ে পশ্চিমলৈ গতি কৰিছিল৷ ভোকটোৱেও আমনি কৰিব ধৰিছিল৷ সীমান্ত চকীত ডিউটি কৰি থকা বি.এছ.এফ.ৰ দুয়োজন ফৌজীকে কৰমৰ্দন কৰি এখোজ-দুখোজকৈ গাড়ীৰ ফালে আহিব ধৰিলোঁ৷ ছিটত বহিবলৈ লোৱাৰ সময়তে দেখিলোঁ, বগা বলেৰ এখন আহি ওচৰতে ৰৈছেহি৷ কোন আহিল? বোধ হয় সীমান্ত চাবলৈকে আমাৰ দৰেই কৌতূহলী কোনোবা আহিছে৷ নে আকৌ সিপাৰলৈ বুলি! সেইটোও ভাবিলোঁ৷ পৰিৱেশটো শেষবাৰলৈ অধ্যয়ন কৰি, মনৰ কেমেৰাত সমস্ত বন্দী কৰি তামাবিল-ডাউকি বাংলাদেশ-ভাৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত এৰিলোঁ৷ শিক্ষা এটা লৈ থলোঁ যে অহাবাৰ আহিলে পকেটত নিজৰ পাছপৰ্টখন নিশ্চয় থাকিব৷





No comments:

Post a Comment