প্ৰিয় তাৰকা...
ৰ’নাল্ড’-মেছি-নেইমাৰ
সঁচা-মিছা নাজানো, পঢ়িবলৈ পোৱা মতে ফুটবল-বিশ্বত
প্ৰচলিত এটা উক্তি হেনো এই ধৰণৰ… ‘এনেকুৱা তিনিজন খেলুৱৈ আছে যিকেইজনে
যিকোনো ‘বেয়া বল’কো ‘ভাল বল’লৈ ৰূপান্তৰিত কৰি পেলাব পাৰে৷
তেওঁলোকৰ বাবে বেয়া বল বুলি কোনো কথাই নাই৷ বিপক্ষৰ গ’লকীপাৰে গ’ল নহ’ব বুলি অনুমান কৰা বলটোৱেও মুহূৰ্ততে
নিজৰ নেটত আশ্ৰয় ল’বগৈ পাৰে৷ ইমানেই প্ৰতিভাশালী,
ইমানেই পাৰ্গত তেওঁলোক৷’
‘আধুনিক ফুটবলৰ সম্ৰাট’ বুলি অভিহিত হোৱা এই ত্ৰায়’ হ’ল ক্রিষ্টিয়ান’ ৰ’নাল্ড', লায়'নেল মেছি আৰু নেইমাৰ জুনিয়’ৰ৷ এইটো ঠিক যে যাদুকৰী দুভৰিৰ
চাতুৰীৰে এই তিনি ফুটবলাৰে ইতিমধ্যেই বিশ্ব-ফুটবলক অভিনৱত্বখচিত কৰি পেলাইছে৷ আশ্চৰ্যকৰ
কাৰুকাৰ্যৰে ফুটবলক অহৰহ দান কৰি গৈছে দৃষ্টিনন্দন ৰূপ৷ ফুটবলৰসিক, ফুটবলপ্ৰেমীক মুহূৰ্তে
মুহূৰ্তে কৰি তুলিছে উত্ৰাৱল, উত্তেজিত৷ এই তিনিওৰে একক বৈশিষ্ট্য এয়ে যে চাপ যিমানেই
নহওক, স্বাভাৱিক ক্রীড়াশৈলী প্ৰদৰ্শনেৰে কষ্ট কৰি খেলি যোৱাৰ মানসিকতা আৰু ক্ষমতা এওঁলোক
প্ৰত্যেকজনৰে আছে৷ সেয়া লাগিলে পৰ্তুগাল হওক, আৰ্জেণ্টিনা হওক, ব্ৰাজিলৰ জাতীয় দলৰ
হৈয়ে হওক কিম্বা নিজৰ ৰিয়েল মাদ্ৰিদ ক্লাব বা এফ.চি. বাৰ্চিলোনাক প্ৰতিনিধিত্ব কৰিয়ে
হওক৷ ফুটবল বিশ্লেষকসকলৰ কলমত এই কথা প্ৰকাশ৷ সেয়েহে য’তে যেনেকৈ নহওক, তেওঁলোকৰ খেলা
চাবলৈ বিশ্বৰ ফুটবলপ্ৰেমী উন্মুখ হৈ থাকে৷ তেওঁলোকৰ প্ৰতি আজি বিশ্ববাসীয়ে হাতচাপৰি
বজায়৷
ক্রিষ্টিয়ান’ ৰ’নাল্ড’ :
বিশ্ব-ফুটবলৰ অন্যতম সুদৰ্শন তাৰকা ক্রিষ্টিয়ান’ ৰ’নাল্ড’ দস চান্তোচ এভিইৰ’৷ জন্ম পৰ্তুগালৰ পশ্চিম উপকূলৰ
সৰু দ্বীপ মাদেইৰাৰ ফানচ্ছালত, ১৯৮৫চনৰ ৫ফেব্ৰুৱাৰীত৷ ৰ’নাল্ড’ৰ দেউতাক মালী আছিল৷ অত্যধিক
মদ্যপানৰ কবলত পৰি দেউতাকৰ মৃত্যু ঘটাত মাকে ৰান্ধনী আৰু চাফাই কাম কৰি পৰিয়াল চম্ভালিব
লগা হৈছিল৷ গতিকে আৰ্থিক নাটনিৰ মাজেদিয়ে ৰ’নাল্ড’ৰ সৰু কালটো পাৰ হৈছিল৷ দেউতাকে কাম কৰা ক্লাব এটাতে ৰ’নাল্ড’ৰ ফুটবলৰ সৈতে প্ৰথম পৰিচয় ঘটে,
১০বছৰ বয়সত৷ তেতিয়াই তেওঁ ফুটবলৰ প্ৰেমত এনেকৈ জাহ গ’ল যে স্কুলৰ হোমৱৰ্কতো বাদেই,
খোৱা কামটোকো পিছলৈ পেলাই থৈ শোৱাকোঠাৰ খিৰিকীৰে বলটো লৈ ওলাই গৈছিল খেলিবলৈ৷ তেনেকৈয়ে
অতি কম বয়সতে ৰ’নাল্ড’ৰ প্ৰতিভা বিকশিত হৈ উঠে৷ নেছনেল
দ্যা লিহা দ্যা মেডেইৰাত অলপ দিন খেলি ২০০১চনত তেওঁ স্পৰ্টিং পৰ্তুগালৰ সৈতে চুক্তিবদ্ধ
হয়৷ মাত্ৰ ১৬বছৰ বয়সতে মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে তেওঁ নিজৰ পদযুগলৰ অবিশ্বাস্য
দক্ষতা দমনীয় ৰূপত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়৷ তেওঁৰ খেলে মানচেষ্টাৰ ইউনাইটেডক এনেভাৱে
প্ৰভাৱিত কৰে যে যুৱ খেলুৱৈজনক নিজৰ দলত পাবলৈ দলটোৰ অনেকজন খেলুৱৈ উত্ৰাৱল হৈ পৰে৷
ৰেকৰ্ড পৰিমাণৰ ধন বিনিয়োগ কৰি সেই বয়সতে ৰ’নাল্ড’ক ইউনাইটেডলৈ অনা হয়৷ অতুলনীয় শৈলীৰে ক্রিষ্টিয়ান’ ৰ’নাল্ড’ৱে ইংলিছ প্ৰিমিয়াৰ লীগত নিজৰ
ক্লাব আৰু সমৰ্থকক সন্তুষ্ট কৰাত সমৰ্থ হ’ল৷ ইফালে ২০০৭চনত মাক স্তন কেন্সাৰত আক্রান্ত হৈ পৰিল৷
ইংলেণ্ডত খেলি থকা সময়ছোৱা তেওঁ কঠিনতাৰ মাজেৰেই অতিবাহিত কৰিব লগা হৈছিল৷ মানচেষ্টাৰ
ইউনাইটেডত কেইবা বছৰো খেলাৰ পিছত ২০০৯চনত স্পেনিচ চকাৰ জায়েণ্ট ৰিয়েল মাদ্ৰিদে ৰ’নাল্ড’ক বৃহৎ অংকৰ লেনদেনৰ জৰিয়তে সলনি
কৰে৷ নিজৰ বৰ্ণময় ফুটবল কেৰিয়াৰত ক্রিষ্টিয়ান’ ৰ’নাল্ড’ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰ,
বেলন ডিঅ’ৰৰ গ’ল্ডেন বুট, উয়েফাৰ বছৰৰ শ্ৰেষ্ঠ
ফৰৱাৰ্ড আদি সন্মানেৰে বিভূষিত হৈছে৷
লায়’নেল মেছি :
আৰ্জেণ্টিনাৰ ৰ’জাৰিঅ’ত ১৯৮৭চনৰ ২৪জুনত জন্ম লুই লায়’নেল আন্দ্ৰিয়াচ মেছিৰ৷ ফুটবলৰৰ
প্ৰতি সৰুৰে পৰা ধাউতি আছিল যদিও বয়সত ডাঙৰ ককায়েকহঁতৰ খেলা চায়ে এসময়ত সন্তুষ্ট থাকিবলগীয়া
হৈছিল তেওঁ৷ ৮বছৰ হওঁতে ৰ’জাৰিঅ’ৰ নিউৱেলছ অ’ল্ড বয়জ ক্লাবত মেছিয়ে অন্তৰ্ভুক্তি
লাভ কৰে৷ সমবয়সীয়া ল’ৰাবিলাকৰ মাজত শাৰীৰিক গঠনত লক্ষ্যণীয়ভাৱে
সৰু আছিল তেওঁ৷ তেতিয়াই ডাক্তৰে কৈছিল যে ল’ৰাটো হৰমোনহীনতাত আক্রান্ত৷ দেউতাক জৰ্জ আৰু মাক কেকলিয়াই
সন্তানটিক হৰমোন ইনজেকচন দিয়াৰ সিদ্ধান্ত ল’লে যদিও প্ৰতি মাহে চিকিৎসাৰ নামত বৃহৎ ধনৰাশি ব্যয় কৰাটো
তেওঁলোকৰ পক্ষে কঠিনসাধ্য হৈ পৰিল৷ ১৩বছৰ বয়সত চ’কাৰ পাৱাৰ হাউচ, স্পেইনৰ এফ.চি. বাৰ্চিলোনা ক্লাবৰ
য়ুথ একাডেমীত তেওঁ সুযোগ লাভ কৰে৷ হৰমোন ডেফিচিয়েন্সিৰ চিকিৎসাৰ বাবে হোৱা সমুদায় খৰচ
ক্লাবটোৱে বহন কৰিবলৈ মান্তি হোৱাত তেওঁ স্পেইনলৈ যায়গৈ৷ আটলাণ্টিকৰ সিপাৰৰ নতুন দেশখনত
বিভিন্ন প্ৰতিযোগিতাত নিজ দলক সফলতাপূৰ্বক নেতৃত্ব দি মেছি তাৰকালৈ ৰূপান্তৰিত হৈ পৰে৷
প্ৰথমে জুনিয়ৰ দলত খেলাৰ অন্তত ১৬বছৰ বয়সত তেওঁ বাৰ্চিলোনাৰ হৈ খেলিবলৈ পায়৷ তুলনাবিহীন
খেল প্ৰদৰ্শনেৰে ২০০৫চনত তেওঁ যুৱ খেলুৱৈ হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেই বৰ্ষতে
২০ অনুৰ্ধ বিশ্বকাপত তেওঁ আৰ্জেণ্টিনাক নেতৃত্ব দিয়ে৷ নিশকতীয়া অৱস্থাৰ পৰা গৈ ৫ফুট
৭ইঞ্চি জোখৰ হোৱা লায়’নেল মেছিক তেওঁৰ উচ্চতা, গতি
আৰু উপৰ্যুপৰি চলোৱা আক্রমণাত্মক ক্রীড়াশৈলীৰ বাবে আজেণ্টিনাৰ ফুটবলপ্ৰেমীসকলে বহু
সময়ত দেশৰ কিম্বদন্তি ফুটবলাৰ ডিয়াগ’ মাৰাডোনাৰ সৈতেও তুলনা কৰে৷ মাৰাডোনায়ো মেছিক নিজৰ অনুৰূপ
বুলি বি.বি.চি.ত মন্তব্য কৰিছিল৷ দৃষ্টিনন্দন ফুটবল উপহাৰ দিয়া মেছি বিশ্বৰ অইন যিকোনো
খেলুৱৈতকৈ কিবা অলপ বেলেগ বুলিও কৈছিল৷ ২০০৯ত ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ উপৰি
তেওঁ বেলন ডিঅ’ৰ সন্মান লাভ কৰে৷ আনহাতে নিজৰ
বাওঁভৰিৰ অদ্ভুত যাদুৰে বাৰ্চিলোনাক ২০১০, ২০১১ বৰ্ষত জয়যুক্ত কৰোৱা স্পেনিচ লীগ, লা
লীগ, স্পেনিচ চুপাৰ কাপ, চেম্পিয়নচ লীগ আদি খিতাপবোৰৰ সিংহভাগ কৃতিত্বৰ অংশীদাৰো আছিল
মেছিয়েই৷ ২০১২বৰ্ষটোত সৰ্বোচ্চ গ’লদাতাও তেৱেঁই আছিল৷ মেছিয়ে ৰেকৰ্ডসংখ্যক চাৰিবাৰকৈ ফিফাৰ দ্বাৰা বৰ্ষশ্ৰেষ্ঠ
খেলুৱৈৰ সন্মান লাভ কৰিছে৷ ২০১৪ৰ ব্ৰাজিল বিশ্বকাপৰ তেওঁৰ নেতৃত্বতে জাতীয় দলটোৱে ফাইনেলত
উপনীত হৈছিলগৈ আৰু তেওঁ লাভ কৰিছিল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান৷ বিশ্বৰ ফুটবলপ্ৰেমীক
সদায়ে চমৎকাৰ ফুটবল উপহাৰ দিয়া লায়’নেল মেছি আৰু তেওঁৰ পত্নী এণ্টনেলাৰ থিয়াগ’ নামৰ এটা পুত্ৰ সন্তানো আছে৷
নেইমাৰ জুনিয়’ৰ :
নেইমাৰ দ্যা চিলভা চান্তোচ জুনিয়’ৰৰ জন্ম ১৯৯২চনৰ ৫ফেব্ৰুৱাৰীত,
ব্ৰাজিলৰ চাও পাওলোৰ মগি দস ত্ৰুজেচত৷ তেওঁৰ দেউতাকো এজন পেছাদাৰী ফুটবল খেলুৱৈ আছিল৷
পিতৃৰ পদাংক অনুসৰণ কৰি নাবালক অৱস্থাতে অনন্য ফুটবলশৈলী প্ৰদৰ্শন কৰিছিল এইজন বালকে৷
সকলোৱে জানে, ফুটবল বুলিলে পাগল দেশখনেই হৈছে ব্ৰাজিল৷ ইয়াত অলিয়ে-গলিয়ে, য’তে-ত’তে, ৰাস্তাৰ ওপৰতো আনকি কেৱল
ফুটবল আৰু ফুটবল৷ ব্ৰাজিল ফুটবলৰ ইনড’ৰ সংস্কৰণ এটিও আছে, যাক কোৱা হয় ফুটচাল৷ দৃষ্টি আকৰ্ষক
ফুটবল পাৰ্গতালিৰে এইবিলাকতো অতি কম বয়সতে স্বকীয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিলে নেইমাৰে৷
১৯৯৯চনত তেওঁ পৰ্তুগীজা চান্তিষ্টা য়ুথ ক্লাবত যোগদান কৰে৷ অতি কম সময়ৰ ভিতৰতে তেওঁ
দেশৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিভাধৰ আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ উদীয়মান যুৱ খেলুৱৈ হিচাপে
পৰিগণিত হয়৷ চান্তোচ এফ.চি.ৰ যুৱ দলত ১১বছৰ বয়সত অন্তৰ্ভুক্ত হোৱাৰ পিছত তেওঁৰ দক্ষতাৰ
জিলিঙনি ইউৰোপ মহাদেশতো বিয়পি পৰে৷ ব্ৰাজিলৰ আগশাৰীৰ দল চান্তোচ ফুটবল ক্লাব দলৰ হৈ
২০০৯চনৰ পৰা খেলিবলৈ লৈ সকলোৰে দৃষ্টি কাঢ়ি নিলে এই যুৱ খেলুৱৈজনে৷ আনহাতে মাত্ৰ ১৪বছৰ
বয়সতে নেইমাৰে স্পেইনৰ ৰিয়েল মাদ্ৰিদ এফ.চি.ত যোগদানৰ সুযোগ পাইছিল৷ কিন্তু চান্তোচে
তেওঁক এৰি নিদিয়াত সেই নিমন্ত্ৰণ ৰক্ষা নহ’ল৷ ইফালে, ‘দাৰুণ খেলা’ প্ৰদৰ্শনেৰে ২০১০ৰ লীগত তেওঁ শ্ৰেষ্ঠ যুৱ খেলুৱৈ নিৰ্বাচিত
হ’ল৷ একেৰাহে চাৰিবাৰকৈ তেওঁ বৰ্ষশ্ৰেষ্ঠ
ফুটবলাৰৰ সন্মান লাভ কৰাই নহয়, ব্ৰাজিলৰ সৰ্বাধিক জনপ্ৰিয় ব্যক্তি হিচাপেও মনোনীত হ’ল৷ ব্ৰাজিলৰ জাতীয় ফুটবল দলটোত
অভিষেক ঘটা প্ৰিয় তাৰকা ফ’ৰৱাৰ্ড হৈ পৰিল তেওঁ৷ আনহাতে
বিশেষত্বপূৰ্ণ ম’হাউক হেয়াৰ ষ্টাইলেৰেও নিজৰ অনুৰাগী
যুৱচামৰ মাজতো নেইমাৰ ভীষণভাৱে জনপ্ৰিয়৷ ২০১৩চনত তেওঁ স্পেনিচ ফুটবলৰ পাৱাৰহাউচ বুলি
পৰিচিত এফ.চি. বাৰ্চিলোনাত যোগদান কৰি স্বকীয় ক্রীড়াধাৰা প্ৰদৰ্শনেৰে ফুটবলপ্ৰেমীক
মুগ্ধ কৰি আহিছে৷
(কৃতজ্ঞতা : গুগল)
No comments:
Post a Comment