গাভাস্কাৰৰ চেলফ টক আৰু মোৰ
এশ বিশ নট আউট...
(গল্প নহয়, সত্য)
সুনীল মনোহৰ গাভাস্কাৰ আছিল মোৰ প্ৰিয় ক্রিকেটাৰ৷ প্ৰিয় ক্ৰিকেটাৰেই নহয়, প্ৰিয় লোকো আছিল৷ তেওঁ লিখা আৰু ৰূপা এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা Sunny Days, Idols, One-Day Wonders এই কিতাপ তিনিখন ১৯৮৪-৮৬ৰ ভিতৰত কিনিছিলোঁ, পঢ়িছিলোঁ আৰু ব্যক্তিগত পুথিভঁৰালত আজিও অতি সযতনে ৰাখিছোঁ৷ গাভাস্কাৰক কেন্দ্ৰ কৰি আমাৰ মাজত সেই সময়ত এটা প্ৰবচনেই আছিল যে গাভাস্কাৰে দ্বিতীয় ইনিংছহে আচল খেলা দেখুৱায়৷ সঁচাকৈ, দ্বিতীয় ইনিংছত গাভাস্কাৰে চেন্সুৰী মাৰেই৷ আন ক্রিকেটাৰৰ সৈতে এইজন খেলুৱৈৰ আৰু এক ব্যতিক্রম এই আছিল যে গাভাস্কাৰে হেলমেট নিপিন্ধিছিল৷ ধুমুহা গতিৰ ব’লাৰবিলাকক তেনেকৈয়ে খেলি গৈছিল তেওঁ৷ সেই দুৰ্দান্ত মনঃসংযোগ, সেই ধৈৰ্য, সেই ঐকান্তিকতা আমাৰ বাবে আছিল কৌতূহলৰ বস্তু৷
এবাৰ এটা ইণ্টাৰভিউত এই মহান ক্রিকেটাৰগৰাকীক সোধা হৈছিল... ‘কেনেকৈ আপুনি ইমান দেৰিলৈকে আউট নোহোৱাকৈ ক্রীজত টিকি থাকে?’ গাভাস্কাৰে কৈছিল... ‘ব’লাৰজনে বলটো মোলৈ ঠিক থ্ৰ’ কৰাৰ আগ মুহূৰ্তত মই নিজকে নিজে এষাৰি বাক্য কওঁ৷ তাৰ পিছত বলটো ফে’চ কৰোঁ৷’ Self-talk বুলি ক’ব পৰা এই বাক্যশাৰী আছিল... This ball can not get me out. মানে, এই বলটোৱে মোক আউট কৰিব নোৱাৰে৷ সুনীল গাভাস্কাৰৰ এই টপ-চিক্রেট ক’ৰবাত পঢ়ি জনাৰ পিছত ময়ো নিজৰ জকাইচুকীয়া ক্রিকেটিং কেৰিয়াৰত ইয়াৰ প্ৰয়োগ তৎকালে কৰাত ধৰিলোঁ৷ ফলাফলো পালোঁ দেই৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি আউট নোহোৱাকৈ থকাত সতীৰ্থসকলে লেই-লেই ছেই-ছেইহে কৰিলেগৈ আৰু! উইকেট বিসৰ্জন দিয়াৰটো প্ৰশ্নই নাই৷ সম্পূৰ্ণ আবেলিটো নিজেইহে খেলি গ’লোঁ৷ ক্রীজত মৰ-কামোৰ নেৰা দেখি এটা সময়ত বাকীবোৰ অৱশ হৈ ফিল্ডৰ অ'ত-ত'ত বহি পৰিল৷ ব’লাৰ-ফিল্ডাৰৰ ইণ্টাৰেষ্ট নাইকিয়া হ’ল৷ সেইখন পুৰাণৰে এক অধ্যায় আজি মেলোঁ বুলি ভাবিছোঁ৷
ঠাণ্ডা দিনত ক্রিকেট, গৰম দিনত ফুটবল৷ আমাৰ খেল-সূচীখন দৰাচলতে তেনেকুৱাই আছিল৷ এই দুটা চিজনেল কাৰ্য আমাৰ৷ তাৰ ওপৰঞ্চি অন্যান্য খেলবোৰ যেনে ভলীবল, বেডমিণ্টন ইত্যাদিও চলে৷ আৰু আছে কতনা ইনড’ৰ-আউটড’ৰ৷ ইয়াত পিছে আমি খেলা চিংগল উইকেট ক্রিকেটৰ কথাহে ক’ম৷
লগৰীয়াৰ মাজত লটাৰী কৰি আমি ক্রিকেট খেলোঁ৷ পাৰ্টি ভগাই নহয়৷ দেওবাৰ হ’লে বা স্কুল বন্ধ থকাৰ দিনা ৰাতিপুৱাৰ পৰাই চুৰু হৈ যায়৷ পিটচৰ ওপৰতে এক, দুইকৈ কাঠী এডালেৰে বা আঙুলিৰ আগটোৰে লিখি সংখ্যাটোহঁতৰ মূৰত আঁচ একোডালকৈ বাহিৰলৈ টানি দি বেটখনেৰে সংখ্যাবোৰ ঢাকি ৰখা হয়৷ ‘হৈ গ’ল ঐ, আহি যা’ বুলি লটাৰী কৰাটোৱে মৰা চিঞৰটো শুনাৰ লগে লগে সংগীসকল যিয়ে য’ত নাথাকক, দৌৰি তাৰ ওচৰলৈ আহে৷ প্ৰত্যেকে একোডাল আঁচত নিজৰ আঙুলিটোহঁত দিয়ে৷ হেঁচা-ঠেলাৰ পৰা বাচিবলৈ কোনোবাই ষ্টাম্প এডালৰ আগটোৰেই নিজৰ পছন্দ অনুযায়ী দাগ এটা চুই থাকে৷ লটাৰী কৰাজনে লাহেকৈ বেটখন দাঙি তলেৰে চাই চাই এফালৰ পৰা ঘোষণা কৰি যায়, কোনে কি নম্বৰ পাইছে৷ সেয়াই বেটিং ক্ৰম৷ আনহাতে, কোনেও নধৰা, ৰৈ যোৱা সংখ্যাটো লটাৰী কৰোঁতাৰ নিজৰ৷ লটাৰী হৈ যোৱাৰ পিছত একৰ পৰা আৰম্ভ কৰি একাদিক্রমে বেটিং আৰম্ভ কৰা হয়৷ শেষৰ নম্বৰটোৰ ফালৰ পৰা এক অভাৰকৈ ব’লিং চলে৷ বাকীসকলৰ মাজত উইকেট কীপাৰ নিৰ্বাচন আৰু ফিল্ডিং সজাই লোৱা হয়৷ আউট হ’লে আউট৷ নতুনকৈ কোনোবা লগৰীয়া আহিলে চলি থকা শেষৰ নম্বৰটোৰ পিছত যোগ হ’ব৷ তেনেকৈয়ে এক ধৰণৰ ডিচিপ্লিনৰ মাজেৰে খেলটো চলে৷ খেলুৱৈৰ সংখ্যাৰ কথা নাই৷ ফিল্ডাৰেৰে ফিল্ডখন ভৰি পৰে৷ খেলত ভাগ নোলোৱা, বয়সত ডাঙৰ কোনোবা দুজন আম্পায়াৰিঙত থাকে৷ তেনেকুৱা চিংগল উইকেট খেলত নিজৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে৷ সকলোৰে সেই ভিন ভিন জাতৰ ব’লিং এফালৰ পৰা খেলা হোৱাৰ পিছত পিছৰ নম্বৰৰজনক সসন্মানে বেটিং এৰি দিব পাৰি অৰ্থাৎ ডিক্লে’য়াৰ কৰিবও পাৰে৷ নতুবা খেলি থাকিবও পাৰে৷ সেয়া নিজৰ মন-মৰ্জিৰ কথা৷ বাকী নিয়ম-কাৰণ ক্ৰিকেটত যেনে হয় তেনেই৷
গাভাস্কাৰৰ 'চেলফ টক ফৰ্মূলা' এপ্লাই কৰি এদিন মই ১২০ৰাণ কৰিবলৈ সক্ষম হৈছিলোঁ৷ এইখিনি কৰোঁতে কেইটা বাউণ্ডেৰী মাৰিলোঁ, কেইটা ছিক্সাৰ মাৰিলোঁ, দুই ৰাণ কিমান ল’লোঁ, চিংগল কিমান ল’লোঁ সকলোবোৰ পিছত লিখি থৈছিলোঁ৷ মনত পৰে, সিদিনা চেন্সুৰীটো হওঁতে সংগীসকলৰ মুখবোৰ চাবলগীয়া হৈছিল৷ কাৰণ সেইটোৱেই আছিল আমাৰ ফিল্ডত হায়েষ্ট! আউট নোহোৱাকৈয়ে গোটেই আবেলিটো পাৰ কৰি দিলোঁ৷ অকলেই খেলি থকাত স্বাভাৱিকতে বাকীসকলৰ মনোযোগ ক্রমাৎ হ্ৰাস পাব ধৰিলে৷ ই আউট নহয়হে নহয়! হয়োতো, কিমাননো বল কৰিব, দৌৰি দৌৰি বল আনিব? বেট ধৰাৰহে ধাণ্ডা বেছি থাকে, সেই বয়সত৷
এতিয়াও কেতিয়াবা ক’ৰবাত ক্রিকেট বেটখন হাতত তুলি ল’লেই সিমূৰে যিয়েই বল নকৰক, গাভাস্কাৰৰ মুখৰ এই বাক্যফাকি আপোনা-আপুনি মোৰ মনলৈ আহি যায়৷ This ball can not get me out. ক্রিকেট খেলি ভালপোৱাসকলে এই মহামন্ত্ৰ নিজৰ নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰি সত্যাসত্য চাব পাৰে৷ পিছে কেৱল উচ্চাৰণ কৰিলেই নহ'ব, বাকী অনেক কিছু লগতে লাগিব৷ এই প’ষ্টৰ উদ্দেশ্যও আচলতে চেলফ কনফিডেন্সৰ এই বুদ্ধিটো আনক জনোৱাহে যাতে আনেও টিকি থাকিব পাৰে, চেন্সুৰী মাৰিব পাৰে, ঠিক সুনীল মনোহৰ গাভাস্কাৰৰ দৰে৷
No comments:
Post a Comment