Wednesday, 15 October 2014

ভবা ধৰণে খেলখন চোৱা নহ’ল
(গল্প নহয়, সত্য)


যি হয় দেখা যাব ধৰণৰ ভাবনা এটাৰেই পুৱাৰ নামনিমুৱা মৰিয়নি-গুৱাহাটী ইণ্টাৰচিটি ৰে’লখনত উঠি দিলোঁ৷ না ট্ৰেইনৰ ৰিজাৰ্ভেচন আছে, না আই.এছ.এল.ৰ টিকট! আগতীয়াকৈ একোৱেই নাই হাতত৷ কেতিয়াবা এনেকুৱা ব্লাইণ্ড শ্বট একোটা মাৰি দিয়া যায়৷ গল হ’লে হ’ল, নহ’লে নাই৷ জীৱনটোৱেইটো এটা খেল৷ মাজে মাজে খেলি থাকোঁ, এনেদৰে৷ মজা লওঁ জীৱনৰ৷ হৰা-জিকা পিছ কথা৷

ট্ৰেইনৰ জেনেৰেল টিকটটো বাৰু ডিফু ষ্টেচনৰ কাউণ্টাৰত দীঘলীয়া শাৰীত থিয় হৈ গোটাই ল’লোঁ৷ পিছে সৰুসজাইত সোমোৱাটো কি হ’ব? হাজাৰটকীয়া প্ৰৱেশ-পত্ৰ আগতেই সংগ্ৰহ কৰি, যোৱা-অহা উভয় দিশৰে ৰিজাৰ্ভেচন কৰি ৰাজু-বিছু, পুতুলদা-সুধাংশুদাহঁত শৃংখলাবদ্ধভাৱে তপতিয়াৰ৷ পুৱাহে কথাটো ফাদিল হ’ল৷ আনহাতে মোৰতো একোৱেই নাই৷ কাম-কাম কৰি থাকোঁতেই গ’ল৷ গতিকে স্কুল ডিউটিটো কৰিহে যাব পাৰিম বুলি বুদ্ধি এটা পাঙি সিহঁতৰ লগ এৰিলোঁ আৰু পিছৰ ট্ৰেইনত অকলে উঠি দিলোঁ৷ ফুটবল বুলিলে সৰুৰে পৰাই উত্ৰাৱল মনটোক দমাব নোৱাৰিয়ে এই অৱস্থা আৰু ব্যৱস্থা৷

আগৰাতি মাৰাথন গতিৰে লেখিকা সমাৰোহৰ স্বৰ্ণালী-ননীমা বাইদেউহঁতৰ এশ পৃষ্ঠাৰ ‘জোনাক’ৰ প্ৰুফটো কোনোৰকম যেনিবা ৰেডী কৰিলোঁ৷ ক’ভাৰ ডিজাইন বাকী থাকিলেই৷ তথাপি ৰিস্ক এটা লওঁ বুলিয়ে নখ কাটিছোঁ, দাড়ি খুৰাইছোঁ নিশা চাৰে বাৰত! কাম আৰু জীৱনৰ চিৰাচৰিত দ্বন্দ্বত জীয়াই থকাৰ মাদকতাক গুৰুত্বহীন কৰি পেলোৱা মানুহ মই নহওঁ৷ বৰং জয়যুক্ত কৰাৰ মতলবেৰেই সদায় জীৱনৰ পক্ষত হাত দাঙি আহিছোঁ৷ কোনো কামে, কোনো হকাবধাই জীৱনৰ নিৰ্ভেজাল আনন্দকণ গ্ৰহণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ আনহাতে ফুটবলটো হৈছে আমাৰ দৰে মানুহক পগলা কৰাৰ অব্যৰ্থ পাশুপত৷ গতিকে সৰুসজাই ষ্টেডিয়ামৰ চুক এটাত হ’লেও সময়ত উপস্থিত থাকিবই লাগে৷ মনটোৱে ভিতৰি ভিতৰি কুটকুটাই আছে, কামৰ মাজতো উৰি উৰি গৈছে বাৰে বাৰে৷ থাকিব পৰা নাই৷

মূৰামূৰি সময়ত ওলাইছোঁ যদিও এইটো সঁচা যে গুৱাহাটীত থকা পুৰণি বন্ধু অখিল নাৰায়ণ বৰুৱাৰ সৈতে কেতিয়াবাতে টিকট সম্পৰ্কে কথা পতা হৈছিল৷ তেতিয়া টিকট দিয়াৰ প্ৰক্রিয়া আৰম্ভই হোৱা নাই৷ মহানাগৰিক বন্ধুৱে পিছে তাৰটোও আকৌ মোকহে অনলাইনত গোটাবলৈ নিৰ্দেশ দিলে৷ কথাষাৰ শুনিয়ে, ‘গুৱাহাটীত তহঁতি এনেয়ে আছ অ’ বুলি ময়ো চিকুট এটা মাৰি দিলোঁ৷ ‘মহানগৰীত থাকি যদি এই কথা, টিকট এটা যদি যোগাৰ কৰি দিয়াৰ শক্তি নাই, তেন্তে গাঁৱলৈ ঘূৰি যা ভাই’ বুলিও মোলায়েমকৈ শুনাই দিলোঁ এষাৰ৷ পিছত এদিন টিকটৰ দাম, টিকট কিনাৰ বাবে দহটা আউটলেট দিয়াৰ খবৰটো সিয়ে পে’পাৰ পঢ়ি ফোনেৰে জনাইছিল, আমাৰ দৰে পিছ পৰা ঠাইৰ মানুহে গম নৌপাওঁতেই৷ ‘মোৰ বাবেও এটা কাটি থবিচোন দেই’ বুলি ক’লোঁহে মাত্ৰ, ‘তইতো ইণ্টাৰনেটত হাজাৰটকীয়া কাটিয়ে থৈছ’ বুলি কৈ নাছোৰবান্দা হৈ থাকিল৷ ‘নাই কৰা, তোৰ লগতহে চাম’ বুলিলেও নামানে৷ ককায়েক আৰ্চাৰী এছ’চিয়েচনৰ বিষয়ববীয়া হোৱাৰ সুযোগত তেওঁৰ পৰা ভি.আই.পি. পাছ এখন সি পোৱাৰ সম্ভাৱনা থকা বুলিও কথাৰ পাকত গোন্ধ এটা পাই গ’লোঁ৷ টিকট টিকট বুলি যিমানে হামৰাও কাঢ়িলোঁ সকলো মিছা হ’ল৷ সময়ত টিকট নাপালে গুৱাহাটীত তাৰ ঘৰতে টিভিত দুইটাই খেলখন চোৱাৰ প্ৰস্তাৱহে আগ বঢ়ালে সি! 

একেটা প্ৰসংগই মহানগৰত বাস কৰা নতুন বন্ধু প্ৰশান্ত কুমাৰ বৰাৰ লগতো কেইদিনমানৰ ব্যৱধানত ঠাই পালে৷ তেৱোঁ ‘ষ্টেডিয়ামতে খেলৰ আগতে টিকট আৰামচে পাই যাম দিয়ক’জাতীয় ধাৰণা কৰি ‘আপুনি আহি যাব দাদা’ বুলি ক’লে যদিও আগতীয়াকৈ টিকট সংগ্ৰহত হ’লে পিছ হুহকি থাকিল৷ বৰদলৈ ট্ৰফী, জি.এছ.এ.ৰ লীগ, অন্যান্য ফুটবল টুৰ্ণামেণ্টত নেহৰু ষ্টেডিয়ামৰ উকা গেলাৰীৰ ছবিখনে চাগৈ তেওঁক সেইদৰে ভাবিবলৈ বাধ্য কৰিলে৷ ‘টিকট শেষ বুলি শুনিছোঁ, হয়নে? কি হ’ব এতিয়া?’ কথাষাৰ ফোনযোগে আগ সন্ধিয়া তেওঁৰ কাণত পেলালত গা মূৰ জোকাৰিলে যদিও তেতিয়ালৈ অনেক সময় অতীত হৈ গৈছিল৷ ‘কাইলৈ কি হয় চাওঁ ৰ’ব’ বুলি আশ্বাস এটা পালোঁ৷ তাকে সাৰোগত কৰি মেগাজিনখনৰ কামটো খৰখেদাকৈ কৰাত লাগি ধৰিলোঁ৷

গাড়ীত উঠাৰ পিছৰে পৰাই এই দুই ন-পুৰণি বন্ধুৰে সৈতে ফোনত যোগাযোগ ৰক্ষা কৰি গৈ থাকিলোঁ৷ অখিলৰ ভাবটো হ’ল, ইণ্টাৰনেটৰ যোগেদি মই মোৰ বাবে হাজাৰটকীয়া টিকট আগতেই কাটি পেলাইছোঁ আৰু দলে-বলে খেল চামগৈ৷ পিছে সেয়া নকৰি, দল ত্যাগ কৰি, বন্ধুক ভৰসা কৰি, এতিয়া ট্ৰেইনত ঘেটেং-মেটেংকৈ অকলেইযে সৰুসজাইলৈ আহি আছোঁ তাকে কোৱাত সি বিশ্বাসেই নকৰিলে৷ ‘মোৰ টিকট নাই’ বুলি উপৰ্যুপৰি জোৰকৈয়ে ক’ব লগা হ’ল৷ হ’লেও নামানিলে৷ ‘এতিয়া কি কৰোঁ’ বুলি সোধাত প্ৰথমে ‘এইখন নাচাওঁ দে, পিছৰখন চাম’ বুলিও শুনাই দিলে৷ মনটো সেমেকিল যদিও ৰে’লখনৰ লগে লগে দেহাটোৱে হ'লে গতি কৰি থাকিল৷ সমান্তৰালভাৱে, প্ৰশান্তৰ সৈতেও যোগাযোগৰ ফ্ৰিকুৱেন্সি বাঢ়িল, সম্ভাৱনাৰ আশা, যোগাত্মক বাৰ্তা বিচাৰি৷ অফিচত সোমাই চহীটো কৰিয়ে বেচেৰা সৰুসজাই পালেগৈ৷ গৈ দেখে, অল চ’ল্ড আউট৷ ১৩ তাৰিখৰ টিকট শেষ৷ কাউণ্টাৰ বন্ধ৷ খবৰ দিলে, ‘নাই নহ’ব দাদা৷ হ’লেও আপুনি আহিলে যেতিয়া, আহকচোন বাৰু’৷

অলপ পৰ চিন্তা-ভাবনা কৰি চালোঁ৷ তাৰ পিছত ‘গৈ থাকি লাভ নাই’ বুলি চাপৰমুখত ট্ৰেইনৰ পৰা নামি দিলোঁ৷ উজনিমুৱা গাড়ী কি আছে সোধ-পোছ কৰিলোঁগৈ৷ দুয়ো বন্ধুকে কথাটো কওঁ বুলি একোবাৰকৈ ফোন লগালোঁ... ‘চাপৰমুখ পাইছোঁহি৷ টিকট নহ’ব যেতিয়া মই ইয়াৰ পৰাই ফিৰি যোৱাটোকে ঠিক কৰিলোঁ৷’ প্ৰশান্তৰ পৰা জোৰদাৰ আশ্বাস আহিল, ‘চাওঁচোন ৰ'ব দাদা, আন কোনো চ’ৰ্চত কিবা পাওঁনেকি, আহি থাককচোন বাৰু আপুনি’ বুলি৷ অখিলৰ পৰা গালি খালোঁ, ‘কি ফাল্টু কথা কৱ তই, আহি থাক’ বুলি৷ অন্ধ-আশাৰে পুনৰ ৰে’লখনত উঠি আহি আগৰ ছিট পালোঁহি৷ যাত্ৰী কম আছিল৷ দীঘল ছিটটোত বাগৰ দি ল’লোঁ৷ অহৰহ ভাবিবলৈ ধৰিলোঁ, কি কৰা যায়, কি কৰা যায়? এতিয়ালৈকে একো এটা ভাল খবৰ নাহিলেই৷ ইমিডিয়েট মই কি কৰা উচিত? মনৰ সকলো সংকোচ বাদ দি নিজাববীয়া কেইটামান শক্তিশালী উৎসত লাষ্ট ট্ৰাই বুলি টুকুৰিয়াই চালোঁ... ‘খেল চাবলৈ আহিছিলোঁ, টিকট নাপালোঁ, কিবা উপায়?’ স্পৰ্টছ এছ'চিয়েচনৰ মানুহ, চিনিয়ৰ জাৰ্নেলিষ্ট, কোম্পানীৰ ডাইৰেক্টৰ... নাই, লাভ নহ’ল৷ আগতীয়াকৈ নোকোৱাৰ বাবে ওলোটাই কথাহে শুনিলোঁ৷ ঠিকেইটো, মৰিবৰ সময়ৰ মকৰধ্বজ বিচৰা বুলি ইয়াকেই নকয় জানো? এজনে জনালে, ‘টিকট বহুত আছিল৷ পিছে টেণ্ডুলকাৰ আহিব বুলি গম পাই লগালগ খতম হৈ থাকিল৷’ তেওঁৰ নিজা বিশ্লেষণমতে মানুহবোৰৰ ইণ্টাৰেষ্টৰ ক্রমটো বোলে এনেকুৱা... এক. শচীন টেণ্ডুলকাৰ, দুই. জন আব্ৰাহাম, তিনি. নীতা আম্বানি, চাৰি. জুবিন-পাপন, পাঁচহে ফুটবল৷ তেতিক্ষণতে ময়ো সিদ্ধান্তটো কঠোৰ কৰি পেলালোঁ যে জাগীৰোড পোৱালৈকে যদি কিবা ভাল খবৰ আহে আহিল, নহ’লে নামি যাম৷ ফুটবল মেচ চাবলৈহে গৈ আছোঁ মই৷

আশাব্যঞ্জক খবৰ মূৰকতো নহাত স্বাভাৱিকতে উপনীত হ’লোঁগৈ ধৈৰ্যৰ শেষ সীমাত৷ ৱাক-অভাৰ দি দিয়াটোকে চূড়ান্ত কৰি নামি দিলোঁ জাগীৰোডত৷ ৰে’ল গুচি গ’ল গন্তব্যস্থানলৈ৷ 

চিধাই ষ্টেচন মাষ্টৰৰ গুৰিলৈ গৈ উজনিলৈ আহিবলগীয়া গাড়ীৰ খবৰটো ল’লোঁ৷ হাতত সময় তাকৰ৷ লাইন পাতি প্ৰথমে টিকটটো কৰি ল’লোঁ৷ তাৰ পিছত ষ্টেচনতে ক্রীমবন দুটাৰে সৈতে চাহ একাপ তুৰন্তে খাই ভোকটো নমাই ল’লোঁ৷ তৎমুহূৰ্ততে গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি ৰে'লখন প্লেটফৰ্ম সোমালহি৷ উঠি দিলোঁ, ডিফু অভিমুখে৷ ধৰি ল’লোঁ, ব্লাইণ্ড শ্বট এটা মাৰিছিলোঁ, নিস্ফল প্ৰয়াস পেনাল্টি বক্সৰ বাহিৰৰ পৰা৷ বল নেটৰ পিনে নগ’লেই৷ বিপৰীতে, নিজেহে খালোঁ গল৷

টিকটৰ সমস্যাৰ কথা লৈ পুতুলদাৰ সৈতেও যোগাযোগ চলিছিল৷ যথাস্থানত উপস্থিত হোৱাৰ পিছত ‘ধাণ্ডা এটা কৰিম’ বুলি কৈছিল পুতুলদাই৷ উভতনি যাত্ৰাত হোজাই পাওঁতে প্ৰথমে তেওঁৰ ফোন আহিল৷ ‘ক’ত আছা?’ মই বোলোঁ, ‘এতিয়া ঘূৰি আহি হোজাই পাইছোঁ দাদা৷’ ‘হেঃ আহি যাব লাগিছিল৷ টিকট এটাৰ বন্দবস্ত মই কৰিছিলোঁতো৷ ধেইত...’

লংকাত অখিলৰ ফোন৷ ‘তই আহি পালিনে গুৱাহাটী?’ মই বোলোঁ, ‘মই ঘূৰি আহি এতিয়া লংকা পাইছোঁ৷’ ‘কি? কি ফাল্টু কথা কৱ?’ মই বোলোঁ, ‘ফাল্টু কথা নহয়, স্পষ্ট কথা কৈছোঁ৷ মোৰ টিকট নাই বুলি কোৱাত বিশ্বাস নকৰিছিলি নহয়৷ তাকে প্ৰমাণ কৰিবলৈকে মই ঘূৰি দিলোঁ৷ এতিয়া…৷’ সি খুব গালি পাৰিলে মোক৷

লামডিঙত ৩নং প্লেটফৰ্মত গাড়ী ৰওঁতে নামি গ’লোঁ, খাবলৈ কি পাওঁ চাওঁ বুলি৷ তেতিয়াই প্ৰশান্তৰ পৰা ফোন আহিল৷ ‘দাদা, আহি পালেনেকি?’ মই বোলোঁ, ‘মই এতিয়া লামডিং পাইছোঁহি৷’ ‘ইস, এশটকীয়া টিকট এটা যোগাৰ হৈ গৈছিল নহয়, শেষ মুহূৰ্তত৷ আপুনি আৰু অলপমান ধৈৰ্য ধৰা হ’লেই হৈ যায়! কথাটো বেয়া লাগিল৷’

টিকটটো মই পাইছিলোঁ৷ আগে আগে গৈ থকা পুতুলদাইযে ষ্টেডিয়াম পায়েই তেওঁৰ বন্ধু মহলৰ পৰা মোৰ বাবে কিবাকৈ এটা যোগাৰ কৰিব তাত বিন্দুমাত্ৰ সন্দেহ নাছিল৷ কৰিছিলেও৷ কিন্তু অকলে চোৱাৰ ইচ্ছা নাছিল৷ মই চাম, প্ৰশান্ত আৰু অখিলে নাচাব, সেইটো হ’বলৈ দিব নোৱাৰি৷ লাগিলে নিজেই নাচাওঁ ভাই৷ খেল চোৱা আৰু বন্ধুত্ব ৰখা ...বিবেকৰ এই যুদ্ধখনত বন্ধুত্বৰ পক্ষই লৈ ল’লোঁ৷ পিছত গম পালোঁ, মই উভতি আহিলত প্ৰশান্তই এশটকীয়া গেলেৰীত আৰু অখিলে পাছ দেখুৱাই ভি.আই.পি. ষ্টেণ্ডত খেলখন চালে৷ খেল চাই ওলায়েই প্ৰশান্তই মোলৈ ফোন কৰিছিল৷ অখিলেও ক’লে, ‘তই জাগীৰোডৰ পৰা ঘূৰি যোৱাটোৱেই ভুল হ’ল৷’ দুইটাই মোৰ বাবে দুখ প্ৰকাশ কৰিছিল৷ 

নোচোৱা নহয়, খেলখন ময়ো চালোঁগৈ৷ অন্তিম বিকল্প এটা মোৰ হাতত নিশ্চিত ৰূপত আছিলেই৷ সেয়া হ’ল ঘৰৰ টিভিত৷ কিন্তু উক্ত সময়তে জাগীৰোডত ননমা হ’লে, সেই ট্ৰেইনখন কিবা কাৰণত মিছ কৰা হ’লে সেইটো হৈ নুঠিলহেঁতেন৷ গতিকে নিজৰ সিদ্ধান্তত বাৰুকৈয়ে অটল থাকিলোঁ৷ পিছত সিহঁতক টেলিভিছনৰ স্ক্ৰীণত দেখোঁ নেকি খুব চাইছিলোঁ, নেদেখিলোঁ৷ মোকতো বাৰু সিহঁতে নেদেখিবৰে কথা৷

অন্তত মই আত্মবিশ্লেষণ কৰি পোৱামতে মোৰ ভুল অখিলে কোৱাটো নহয়৷ প্ৰশান্তই কোৱাটোও নহয়৷ ব্লাইণ্ড শ্বট মাৰিবলৈ গৈ আনৰ ফুটবলপ্ৰীতিত হাৰমাল হোৱাটোহে মোৰ ভুল৷ এইবাৰৰ পৰা চিয়ৰ শ্বট মাৰিম বুলি শিক্ষা এটা ল’লোঁ৷

আচল কথাটো প্ৰথমতে নক’লোঁ, এতিয়া কওঁ৷ খুব চুপে-চাপে মনত ইচ্ছা আৰু প্ৰাৰ্থনা এটা আছিল যে নৰ্থ ইষ্ট ইউনাইটেড এফ.চি. আৰু কেৰালা ব্লাষ্টাৰ্চৰ মাজৰ ইণ্ডিয়ান ছুপাৰ লীগৰ প্ৰথম খেলখন মই একাষত নতুন বন্ধু এজনক লৈ আৰু আনকাষে পুৰণি বন্ধু এজনক লৈ সৰুসজাই ষ্টেডিয়ামৰ গেলেৰীত বহি ১৩অক্টোবৰ ২০১৪ তাৰিখে পূৰ্ণোদ্যমে উপভোগ কৰিম৷ সৰুৰে পৰাই ফুটবল ভাল পোৱা এই দুই বন্ধুৰে সৈতে ফুটবলক কেন্দ্ৰ কৰিয়ে জীৱনৰ কিছু মধুৰ সময় অতিবাহিত হৈছে৷ সেইবোৰে স্মৃতিক সদায়ে জোকাৰি থাকে৷ মই আৰু অখিলে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জনাকীৰ্ণ পৰিৱেশত লাজং আৰু ইষ্টবেংগলৰ মাজৰ ফেডাৰেচন কাপৰ ফাইনেল খেলখন চাইছিলোঁ৷ ডিফুৰ পৰা গৈ অখিলৰ ঘৰতে লাজঙৰ সমৰ্থনত বেনাৰ লিখি লৈছিলোঁ আমি৷ গেলেৰীত থিয় হৈ পাৰ্যমানে চিঞৰিছিলোঁ, উৎসাহিত কৰিছিলোঁ প্ৰিয় দলক৷ আনফালে, মোক আগতে কাহানিও নেদেখা, কেতিয়াও লগ নোপোৱা ‘অকব’ৰ সদস্য প্ৰশান্তই ফুটবলৰ টানতে গুৱাহাটীৰ পৰা ডিফুলৈ গৈ আমাৰ ঘৰত দুদিন থাকি পুতুলদাৰ চোতালত ব্ৰাজিল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ কেউখন খেলা চাইছিল৷ সেইবোৰ পাহৰিব নোৱাৰি৷ গতিকে ফুটবল প্ৰেমৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ মিল এটা পৰস্পৰৰ মাজত আমাৰ আছে৷ তাকে আকৌ এবাৰ কান্ধত ধৰাধৰিকৈ ৰিফ্ৰেচ কৰিম, অচিনাকি দুজনক চিনাকি কৰোৱাম, সৰুসজাইত নতুনকৈ আৰম্ভ হোৱা আই.এছ.এল.ত আমিও নতুন পণ ল'ম… একেবাৰে মনে মনে প্লেন এটা কৰিছিলোঁ৷ পিছে, ঈশ্বৰে সকলো প্ৰাৰ্থনা মঞ্জুৰ নকৰেযে! গল খাই গ’লোঁ৷

No comments:

Post a Comment