শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল... মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
তিনিটা সুখময় দিন
৷৷ এক ৷৷
‘বিশ্ব পৰ্যটন দিৱস’টো আহিলেই মোৰো যেন কিবা পাখিহে
গজি উঠে! জীৱন-জীৱিকাৰ পিঞ্জৰাবদ্ধতাৰ পৰা মুক্তি বিচাৰি চঞ্চল হৈ পৰা মনটোৱে ক’লৈ যাওঁ কি চাওঁ কৰি থাকে৷ এইবাৰ
উক্ত দিনটোত সেয়ে ঠিক কৰিলোঁ মেঘৰ মাজলৈ যোৱা হওক বুলি৷ লক্ষ্য বান্ধি ল’লোঁ আমাৰ চুবুৰীয়া ‘মেঘৰ দেশ’ মেঘালয়৷ ৰাজধানী শ্বিলঙলৈ আগতে
বিভিন্ন সংক্রান্তত কেইবাবাৰো যোৱা হৈছে, ফুৰা হৈছে৷ কিন্তু তাৰ পৰা কিয় নাজানো, আৰু
আগ বাঢ়িব পৰা নাই৷ গতিকে এইবাৰ দৰ্শনস্থলী হিচাপে নিৰ্দিষ্ট কৰি ল’লোঁ মাউলিননং, ডাউকি, তামাবিল
ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত৷ তাৰোপৰি চহৰা৷
সেই উদ্দেশ্য আগত ৰাখি ১অক্টোবৰ ২০১৪, বুধবাৰৰ পুৱাই ঘৰ এৰিলোঁ৷ লগত পত্নী আৰু আমাৰ ওচৰৰে দৈমাৰী৷ ভ্ৰমণ-সংগী বিচাৰি উত্ৰাৱল হৈ থকা দহেশ্বৰ দৈমাৰী আৰু সেই ইচ্ছাত সাৰ-পানী যোগোৱা মই, দৰাচলতে আমি দুজনেহে পৰিকল্পনাটো এদিন গোপনে যুগুতাইছিলোঁ৷ শেষ মুহূৰ্তত আমাৰ এওঁ গম পাই গ’ল আৰু ‘বমি নকৰোঁ’ বুলি তিনি সইত খালত দলত স্থান দিলোঁ৷ ইয়াৰোপৰি উল্লেখ কৰিলে বোলে সৰু থাকোঁতে তেওঁ হেনো শ্বিলঙতেই খোজ কাঢ়িবলৈ শিকিছিল!
প্ৰথমে নাগালেণ্ড এক্সপ্ৰেছ ৰে’লেৰে জাগীৰোডলৈ৷ তাৰ পৰা বাছেৰে
যোৰাবাট৷ যোৰাবাটত দুপৰীয়াৰ সাজ খাই টাটা চুম’ৰে অৱশিষ্ট ৮০কিল’মিটাৰ৷ নংপোত অলপ সময় জিৰাই ইষ্ট খাচী হিলচৰ বক্ষত অৱস্থিত
শৈল চহৰ শ্বিলং সোমালোঁ৷ পুলিচ বজাৰ এলেকাৰ জি.এছ. ৰ’ডত থকা হোটেল ল’টাচত উঠাৰ আগতেই, টেক্সিৰে গৈ
থকা অৱস্থাতে এজাক দবা-পিটা বৰষুণে স্বাগতম জনালে ‘প্ৰাচ্যৰ স্কটলেণ্ড’লৈ৷ প্ৰচণ্ড ট্ৰেফিক জামে জগোৱা
বিড়ম্বনা আৰু বৰষুণজাকে হঠাতে নমাই অনা ঠাণ্ডা৷ হ’লেও তেনে এক অভাবনীয় আদৰণিত আৰম্ভণিতেই মনটো ভৰি
পৰিল৷ যাত্ৰা সফল হোৱাৰ ইংগিত পাই গ’লোঁ৷
মেঘালয়ত চলি থকা কয়লাখনিসমূহ বন্ধ কৰিবলৈ অলপতে
NGT (National Green Tribunal)এ জাৰি কৰা জাননী প্ৰত্যাহাৰৰ দাবীত MIPRL
(Meghalaya Indigenous People's Rights and Livelihood)এ চলাই থকা অৰ্থনৈতিক অৱৰোধ
হিংসাত্মক হৈ উঠাৰ ফলত ২৪ছেম্বেৰত পূব জয়ন্তীয়া পাহাৰ জিলাৰ মুখহেপ গাঁৱত পুলিচৰ গুলীত
দুজন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ তাৰ লগতে জোৱাইৰ শিল্লিয়াংৰাজিৰ বেংকাৰ পাছা নামৰ
ছাত্ৰ এজনক অচিনাক্ত দুৰ্বৃত্তই কৰ্ণাটকৰ ধাৰৱুডত নৃশংসভাৱে কৰা হত্যাৰ প্ৰতিবাদত
HNLC (Hynniewtrep National Liberation Council) নামৰ উগ্ৰপন্থী সংগঠন এটাই ১অক্টোবৰৰ
সন্ধিয়া ৬বজাৰ পৰা ২অক্টোবৰৰ সন্ধিয়া ৬বজালৈ ২৪ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে৷ খবৰটো
হঠাতে শুনিবলৈ পোৱাত মনটো সেমেকি উঠিল৷ পিছে ‘বন্ধ প্ৰদেশ’ৰ স্থায়ী বাসিন্দা হোৱাৰ সুবাদত(!) পুঞ্জীভূত দীৰ্ঘদিনীয়া
অভিজ্ঞতাৰে নিজকে নিজে প্ৰবোধ দিলোঁ... যি হয় দেখা যাব বুলি৷ তাকে লৈ অযথা কালক্ষয়
কৰাৰ বিপৰীতে টেক্সিচালক বীৰেন্দ্ৰ সিঙৰ লগত কথা খাটাং কৰিলোঁ যে কাইলৈ আমি ৰাওনা হ’ম পোনতে মাউলিননঙলৈ, আৰু তাৰ পৰা
ওলাই ডাউকি হৈ তামাবিল ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত চাম৷
বন্ধৰ প্ৰসংগটো আৰু এখোপ পিছলৈ দলিয়াই সপোন-চহৰ
শ্বিলঙৰ গধূলিবেলাটোৰ মজা লওঁ বুলি ওলালোঁ৷ ইফালে-সিফালে তহল দিয়াৰ উপৰি ‘এৱেৰনেছ কনচাৰ্ট’ উপভোগ কৰিবলৈ পালোঁ৷ সদাব্যস্ত
পুলিচ বজাৰৰ চ’ক তেতিয়া লোকে-লোকাৰণ্য৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিজীৰ
‘স্বচ্ছ ভাৰত অভিযান’ৰ সৈতে সংগতি ৰাখি ষ্টেজত চলি
আছে সংগীতৰ এক সুদীৰ্ঘ অনুষ্ঠান৷ সমৱেত শ্ৰোতাক গীত-বাদ্যৰে মন্ত্ৰমুগ্ধ
কৰি ৰাখিছে অপৰিচিত অনেকজন শিল্পীয়ে৷ বহু সময় ধৰি আমি তাৰ সোৱাদ ল’লোঁ৷ তল-ওপৰকৈ ঘূৰি-ফুৰি মানুহৰ
মাজত কটালোঁ৷ ১০টা বছৰৰ বিৰতিত চকুৰ আগলৈ অহা পাহাৰৰ ৰাণীৰ ৰেহ-ৰূপ চালোঁ৷ লগতে খাচী
কংহঁতক৷ অকল্পনীয় পৰিৱৰ্তন লক্ষ্য কৰিলোঁ৷
১৯৬৪চনৰ আগলৈ শ্বিলং এখন সৰু গাঁও আছিল৷ কিম্বদন্তিৰ
মতে বিচি এলেকাৰ গাওঁ এখনত কুমাৰী মাতৃৰ গৰ্ভত জন্মা চাইলং নামৰ সুদৰ্শন পুত্ৰ সন্তানটি,
যাক পিছলৈ স্থানীয় দেৱতা হিচাপে মানি অহা হৈছে, তেওঁৰ পৰাই শ্বিলং নামটোৰ উৎপত্তি৷
আমি এল.পি. স্কুলৰ প্ৰথম মানত থাকোঁতে ভূগোল-সাধাৰণজ্ঞান শ্ৰেণীত ভাৰতৰ ৰাজ্য আৰু ৰাজধানীৰ নাম মুখস্থ কৰোঁতে অসম-শ্বিলং বুলি মৰা চিঞৰ আজিও কাণত বাজে৷ সেই সময়তে ই ইষ্ট খাচী
হিলচৰ জিলা সদৰ আৰু মেঘালয়ৰ ৰাজধানী হৈ পৰে৷ ব্ৰিটিছৰ অধীনৰ পৰা দেশে স্বাধীনতা লাভ
কৰাৰ সময়ত খাচী-জয়ন্তীয়া পাহাৰ জিলা আৰু গাৰো পাহাৰ জিলা হিচাপে অসম প্ৰদেশৰ অন্তৰ্ভুক্ত
আছিল মেঘালয় অঞ্চলটো৷ ১৯৭০চনত এই দুই অঞ্চল একত্ৰিত হৈ কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা
লাভ কৰে৷ ১৯৭২চনৰ ২১জানুৱাৰীত মেঘালয়ক পূৰ্ণাংগ ৰাজ্য ঘোষণা কৰা হয়৷ মাতৃতান্ত্ৰিক
ব্যৱস্থা প্ৰচলনৰ হেতু ইয়াৰ অধিবাসীসকলে মাতৃ পৰিচয় সূত্ৰে সামাজিক, পাৰিবাৰিক স্বীকৃতি
অৰ্জন কৰি আহিছে৷ মাকৰ মৃত্যুৰ পিছত সম্পত্তিৰ গৰাকী হয় কনিষ্ঠা কন্যা৷ এয়া মেঘালয়ৰ
পৰম্পৰা, মেঘালয়ৰ বিশেষত্ব৷
খুব কম ভূমিহে কৃষিৰ উপযোগী যদিও ৰাজ্যখনৰ অৰ্থনীতি
মূলতঃ কৃষি নিৰ্ভৰশীল৷ লগতে পৰ্যটন৷ পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনে চকুত লগাকৈ বিকাশ সাধিছে৷
সময়ৰ লগে লগে গঢ়ি উঠিছে অনেক পৰ্যটক আকৰ্ষক কেন্দ্ৰ৷ খৰস্ৰোতা নদী, জলপ্ৰপাত আৰু পৰ্বতময়
ৰাজ্যখনৰ দক্ষিণ আৰু পশ্চিম দিশত আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ৷ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথে
দেশখনৰ ভূখণ্ডৰ সৈতে সংযোগ ঘটাইছে৷ ঘৰত গুগুল আৰ্থৰ চেটেলাইট ভিউত আগতীয়াকৈ সেয়া চাই
নিজকে প্ৰস্তুত কৰি লৈছোঁ৷ সেই পথেৰেই আমি ধাৱমান হ’ম কাইলৈ পুৱাতে৷
No comments:
Post a Comment