Sunday, 26 October 2014

পাইপৰ টুকুৰা আৰু চিগাৰেটৰ পেকেটৰ তাচ
(গল্প নহয়, সত্য)



কেপষ্টেন, চাৰমিনাৰ, উইলচ, নাম্বাৰ টেন, ৰিজেণ্ট কিং... পৰি থকা চিগাৰেটৰ পেকেট দেখিলেই দৌৰি যাওঁ, দেখা পালেই বুটলি লওঁ৷ আপুৰুগীয়া সম্পদ আমাৰ বাবে৷ কেনি কত পৰি আছে সজাগ দৃষ্টি নিক্ষেপ কৰোঁ সততে৷ থপিয়াথপিও লাগি যায় তাকে লৈ৷ ডাঠ কাগজৰ পেকেটটোহঁতৰ অদৰকাৰী অংশ কাটি বা সমানকৈ হাতেৰে ফালি পেলাওঁ৷ এটা পেকেটৰ পৰা সমান জোখৰ তিনিখনকৈ ওলায়৷ আমি তাক তাচ বোলোঁ৷ তেনেকুৱা এজাপ তাচ ৰবৰ বেণ্ড মাৰি জেপত সুমুৱাই লওঁ৷

পাব্লিক হেলথৰ পানীৰ পাইপ বহুওৱাৰ কাম চলি থাকে৷ কাম কৰি থকা মানুহকেইজনৰ কাষ চাপি যাওঁ৷ কাষ্ট আইৰণৰ পাইপৰ টুকুৰা খোজোঁ৷ ডাঙৰকৈ দিলে নিজেই হিচাপত পৰাকৈ হাতুৰী মাৰি, নহ’লে শিলেৰে মৰিয়াই ভাঙি লওঁ৷ তেনেকুৱা পাইপৰ টুকুৰা খেলিবলৈ ভাল৷ অন্যথা সুবিধাজনক জোখৰ চেপেটা শিল, টাইলচৰ টুকুৰাৰেও চলি যায়৷

তাৰ পিছত আঁচ এডাল মাৰি লৈ আৰম্ভ হয় খেলখন৷ খেলবিধকো ‘তাচ’ বুলিয়ে কৈছিলোঁ আমি৷ যিকোনো ঠাইতেই খেলিব পাৰি এই খেল৷ দুটা লগ হ’লেই হ’ল৷ এঠাইত ৰৈ এটাই টুকুৰাটো হাতেৰে অলপ দূৰলৈ দলিয়ায়৷ আনটোৱে টিকাব নোৱাৰিব বুলি ভবা দূৰত্বলৈ৷ আনটোৱে তাক সোধে... কেইখন? নিজৰ হাতত থকা তাচৰ ওপৰত নিৰ্ভৰ কৰি ই কয়, এক বা দুই বা পাঁচ বা অন্য যিকোনো সংখ্যা৷ ধৰাবন্ধা কথা নাই৷ তাৰ পিছতে সিটোৱে তাৰ হাতত থকা পাইপৰ টুকুৰাটো আগৰটোৰ টুকুৰাটোলৈ লক্ষ্য কৰি মাৰে৷ টিকাবলৈ যত্ন কৰে৷ টুকুৰাটো গৈ পৰা ঠাইখিনিলৈ দুইটাই লগে লগে দৌৰি আগ বাঢ়ি যায়৷ গৈ বুঢ়া আৰু মাজৰ আঙুলি মেলি ধৰি বেগেত হিচাপত জুখি চায়৷ টিকিল যদিটো টিকিলেই৷ নিটিকিলেও সেই এবেগেত ব্যাসাৰ্ধৰ ভিতৰত যদি কেনেবাকৈ ৰ"ল, তেনেহ’লে আগতে মৰাটোৱে ইতিমধ্যে অংগীকাৰ কৰা সংখ্যাৰ তাচ পিছত মৰাটোক দিব লাগিব৷ যদিহে ৰেঞ্জৰ ভিতৰত নপৰিল, তেনেহ’লে ওলোটা৷ পিছৰটোৱে সিমানসংখ্যক তাচ আগৰটোক দিব লাগিব৷

তাৰ পিছত দ্বিতীয়বাৰ খেল চলিব৷ জিকাটোৱে প্ৰথমে দলিয়াব৷ হৰাটোৱে সি দলিওৱা টুকুৰাটোক টিকাবলৈ চাব৷ এনেকৈয়ে চলি থাকে এই খেল৷ স্থানৰ কোনো বেমেজালি নাই৷ ওখ-চাপৰ, ঘাঁহনি-হাবিয়নি, পকী-কেঁচা মাটি য’তে-ত’তে, যেনি-তেনি চলিব পাৰে৷ প্ৰতিদ্বন্দ্বী আহি নোপোৱা পৰ্যন্ত নিজৰ সৈতে থকা টুকুৰাকেইটাকে এটুকুৰালৈ আনটুকুৰা দলিয়াই এইম প্ৰেকটিচ চলে৷ কাৰণ নিচান চিধা নহ'লে হাৰিব লাগিব৷

আজিকালি পিছে এনে খেল সমূলি নেদেখা হ’লোঁ৷ ‘অসভ্য মানুহৰ কাম’ বুলি আমাৰ ল’ৰা-ছোৱালীহঁত ‘ভদ্ৰলোকৰ খেল’বিধৰ গভীৰভাৱে ভক্ত হৈ মূৰ্খৰ বাকচটোৰ সন্মুখত বহি পৰিলত বহু খেলেই জীৱনৰ পৰা হেৰাই থাকিল৷ আমি পিছে খুব খেলিছিলোঁ দেই৷ কিমান জাতৰযে দলিওৱা পদাৰ্থ নাছিল, কিমান জাতৰযে তাচ নাছিল! বিছনা বা পঢ়া টেবুলৰ তলখনযে ক্রীড়া সামগ্ৰীৰ ভাণ্ডাৰেই আছিল ...কথাবোৰ পাহৰা নাযায় কোনোদিন৷

বাৰু, আপুনি খেলি পাইছেনে এইটো খেল?

No comments:

Post a Comment