শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ দুই ৷৷
পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাই
জীৱ-জগতৰ লগতে সকলোৰে মংগল সাধে আৰু দেখুৱাই দিয়ে শান্তিৰ বাট৷ ভাৰতীয় দৰ্শনৰ অন্যতম
মহামূল্যৱান কথা এইষাৰ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিয়াল্লিশৰ আন্দোলনৰ সময়ত উপলব্ধি
কৰিছিল যে পৰিষ্কাৰ-পৰিচ্ছন্নতা-অনাময় ব্যৱস্থা স্বাধীনতাতকৈ কম গুৰুত্বপূৰ্ণ নহয়৷
গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীত যাতে দেশক পৰিষ্কাৰ কৰি বিশ্বৰ আগত এক আদৰ্শ দাঙি
ধৰিব পাৰি এতিয়া তাৰে আন্তৰিকতাপূৰ্ণ প্ৰয়াস আৰম্ভ কৰিছে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী
নৰেন্দ্ৰ মোদীয়ে৷ আগন্তুক পাঁচ বছৰত, অৰ্থাৎ, ২০১৯চনৰ অক্টোবৰ মাহৰ ভিতৰত ভাৰতক পৰিষ্কাৰ
কৰাৰ লক্ষ্য আৰু আশাৰে দেশজুৰি হাতত লোৱা হৈছে ‘পৰিষ্কাৰ ভাৰত অভিযান’৷ গান্ধীজীৰ জন্মদিন ২অক্টোবৰৰ
দিনাই শুভাৰম্ভ ২লাখ কোটি টকা ব্যয়সাপেক্ষ দেশৰ সৰ্ববৃহৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু
অনাময় অভিযানৰ৷ এনেহেন অভিলাষী, বিশাল আৰু নিতান্তই প্ৰয়োজনীয় কৰ্মযজ্ঞত হাত উজান দিয়াটো
আমাৰো কৰ্তব্য৷
আজি ২অক্টোবৰ ২০১৪৷ ‘স্বচ্ছ ভাৰত অভিযান’ৰ সেই বিশেষ দিনটো আজিয়েই৷ আৰু
এই বিশেষ দিনটোতে আমি ওলাইছোঁ এচিয়াৰ ভিতৰতে পৰিষ্কাৰ বুলি স্বীকৃতিপ্ৰাপ্ত এখন সৰু
অথচ আকৰ্ষণীয় খাচী গাঁৱলৈ, শ্বিলঙৰ পৰা ৯০কিল’মিটাৰ যাৰ দূৰত্ব৷ সঁচাই, কি আচৰিত এক সংযোগ! ভাবিয়ে মনটো
উৎফুল্লিত হৈ পৰিল৷ এই সংযোগ পিছে সম্পূৰ্ণ কাকতালীয়৷ পূৰ্ব-পৰিকল্পিত মুঠেই নহয়৷
আগসন্ধ্যা কথা পাতি থোৱা মতে ড্ৰাইভাৰ ৰবীন্দ্ৰ
সিং সময়মতে হাজিৰ হ’লহি জি.এছ. ৰ’ডত অৱস্থিত হোটেল ল’টাচৰ সন্মুখত৷ তেওঁৰ গাড়ীখনৰ
কণ্ডিছন ভাল নহয় বুলি আন এখন গাড়ী ড্ৰাইভাৰসহ আনিছে৷ ভ্ৰাতৃসম চালকজনলৈ আমাক হস্তান্তৰ
কৰাৰ লগতে আশ্বাস বাক্য দুআষাৰ শুনাই তেওঁ গ’লগৈ৷ সময় নষ্ট নকৰি আমিও যাত্ৰাৰম্ভ কৰি দিলোঁ৷ মন কৰিলোঁ,
সদাশব্দময় চহৰখন আজি কিন্তু তেনেই নিস্তব্ধ৷ ২৪ঘণ্টীয়া বন্ধৰ প্ৰভাৱত গাড়ী-মটৰ ওলোৱা নাই, দোকান-পোহাৰৰ জাপ
বন্ধ৷ আনকি তেল ভৰাবলৈ ৰিফিলিং ষ্টেছন এটাও খোলা নাই৷ পুৱা আয়োজিত সমূহীয়া দৌৰত ভাগ
লোৱাসকলৰ বাদে মানুহ-দুনুহ আনদিনাৰ দৰে নাই৷ তেনে পৰিৱেশকে সন্মুখৰ আইনাৰে চাই চাই
আগুৱাই গৈ আছে অজয় কুমাৰৰ ক’লা-হালধীয়া মেঘালয় টেক্সি ML05H1331৷ চিন্তা-দুশ্চিন্তা নথকাকৈ নাছিল
যদিও ততোধিক আছিল সাহস৷ পৰ্যটক হ’বলৈ হ’লে সাহস যেনেকৈ অপৰিহাৰ্য ঠিক
তেনেকৈ পৰ্যটকক কঢ়িয়াবলৈ হ’লেও সাহসৰে দৰকাৰ৷ আমাৰ মাজত
তাল-মিল খাই পৰা তেনে সংমিশ্ৰিত সাহসক সাৰথি কৰিয়েই আমি আগ বাঢ়ি যাব ধৰিলোঁ, সন্মুখত
কি আছে সেই অনুসন্ধিৎসা লৈ৷
শ্বিলং পাৰ হৈ প্ৰায় ২০কিল’মিটাৰ যোৱাত হাইৱেৰ দাঁতিত এটা
তেল ডিপো আধা খোলাৰ দৰে দেখা গ’ল৷ গাড়ীৰ খাদ্য ফুল টেংকি পেট্ৰ’ল হৈ গ’ল যেনিবা৷ এইবাৰ যাত্ৰীৰ খাদ্যৰ সন্ধান৷ কাৰণ ৰাতিপুৱা
একো খাই অহা নাই আমি৷ খোলা হোটেললৈ দৃষ্টি ৰাখি অকাই-পকাই মাৰুতি ৮০০ দৌৰি থাকিল৷
Umtyngarত ৰাস্তাটো দুভাগ হ’ল৷ সোঁফালে চহৰা অৰ্থাৎ চেৰাপুঞ্জীলৈ৷
দলং পাৰ হৈ বাওঁহাতে উঠি কিছু বাট অতিক্রম কৰাৰ পিছত এঠাইত খাচীয়া হোটেল খোলা পোৱা
গ’ল৷ তেতিয়ালৈ ৩০কিল’মিটাৰ মানেই আহিলোঁ৷ তাতে ৰঙা
চাহ, ৰুটি, বিস্কুতেৰে পেট ভৰাই ল’লোঁ৷ 'কৱাই' চোবালোঁ৷ তাৰ পিছত আকৌ সোমাই পৰিলোঁ সেউজ পাহাৰ আৰু উপত্যকাই অকৃপণভাৱে বিলাই
থকা অবৰ্ণনীয় সৌন্দৰ্যৰ মাজত৷ ভিউ পইণ্ট একোটা৷ ৰৈ ৰৈ প্ৰাকৃতিক দৃশ্য চালোঁ৷ সমুদ্ৰপৃষ্ঠৰ
পৰা গড় হিচাপে উচ্চতা প্ৰায় ৫,০০০ফুট যদিও ৰাস্তা কিন্তু ভাল৷
Pongtungৰ পৰা এন.এইচ.৪০ৰ সোঁহাতে ঠেক, হাবিতলীয়া
পকা ৰাস্তা এটা সোমাই গৈছে৷ এই বাটেৰে প্ৰায় ১৮কিল’মিটাৰ নিলগত আছে আমাৰ গন্তব্যস্থল৷ দেশজুৰি আজি
পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় অভিযান চলাই থকাৰ সময়তে আমি উপস্থিত হ’ম ডিচক’ভাৰ ইণ্ডিয়া মেগাজিনে এতিয়াৰ
পৰা ১১বছৰ পূৰ্বেই ‘Cleanest Village in Asia’ বুলি ঘোষণা কৰা মাউলিননং নামৰ
গাঁওখনত, আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা অনাময়ৰ শিক্ষা ল’ম ইয়াত বসতি কৰি থকা সহজ-সৰল
খাচী মানুহখিনিৰ পৰা৷ তেওঁলোকে হাতে-কামে যি কৰি দেখুৱাইছে সহৃদয়ে তাকো চেলুট এটা দিম৷
No comments:
Post a Comment