Sunday, 19 October 2014

অৱশেষত মই এজন স্পনছৰ পালোঁ আৰু খেল এখন চালোঁ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থাকিও যোৱা ১৩অক্টোবৰৰ হিৰ আই.এছ.এল.ৰ এশটকীয়া টিকট এটা যোগাৰ কৰিব নোৱাৰাৰ গ্লানি মূৰ পাতি লৈ নিজকে নিজে খলনায়কৰ আখ্যা দিয়া বন্ধু প্ৰশান্ত কুমাৰ বৰাই এইবাৰ কিন্তু নায়কোচিত কাম কৰি দেখুৱালে দেই৷ কথাটো এতিয়াই কৈ নিদিলে মোক পাপে চুব৷

নৰ্থ ইষ্ট ইউনাইটেড এফ.চি. বনাম এথলেটিকো ডে কলকাতা৷ ১৬ তাৰিখৰ গৰম খেলখনৰ টিকটটো এইবাৰ তেওঁ আগতীয়াকৈ যোগাৰ কৰিতো থলেই, আবেলি গণেশগুৰিৰ চাৰি নম্বৰ বাইলেনৰ ভাৰাঘৰলৈও নিমন্ত্ৰণ জনালে৷ ঘৰ বিচাৰি উলিওৱাৰ পিছত প্ৰথমে পালোঁ গৃহস্থৰ সহৃদয় আতিথেয়তা, তাৰ পিছত আগতেই বন্দবস্ত কৰি ৰখা অটৰিক্সাত সময় বুজি তুলি একেবাৰে সৰুসজাই, গাইডৰ ভূমিকাৰে পিছফালৰ প্ৰৱেশ পথেৰে নি টিকট দেখুৱাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম চৌহদত পদাৰ্পণ, আহুকালহীন স্থানত গেলেৰীত বহুওৱাৰ লগতে খেলাখন চাই থকা অৱস্থাতো আহাৰ যোগানেৰে ক্ষুধা নিবাৰণ... সৰ্বদিশতে প্ৰদৰ্শন কৰা আন্তৰিকতা, সহায়-সমৰ্থনলৈ চাই, নায়ক নহয়, তেওঁক অধিনায়ক বোলাটোহে যুগুত হব৷ কবলৈ ভাল নালাগে, তথাপি কওঁ, হিচাপটো মিলাই থওঁ বুলিলতো মানুহটোৱে উদাসীনতাহে দেখুৱালে৷ পিছত বিচাৰ কৰি দেখোঁ যে সমস্ত ব্যৱস্থাপনাৰ একছত্ৰী স্পনছৰশ্বিপো তেৱেঁই বুদ্ধি কৰি কাঢ়ি ললে সিদিনা! এনেকুৱা প্ৰাণস্পৰ্শী কথাকাণ্ডবোৰ আচলতে ধন্যবাদ, কৃতজ্ঞতাই চুবলৈ তেনেই অপাৰগ৷ আনহাতে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ পৰিপ্ৰেক্ষিতত, খেল চাবলৈ যোৱা মানুহে লগত টোপোলা নিনিয়াই ভাল বুলি অভিজ্ঞজনৰ মুখে আগধৰি শুনি ঘৰৰ পৰাই শুদা মানুহটোহে গৈছিলোঁ৷ গতিকে নিশাটোৰ বাবে আলহী হোৱাৰ প্ৰস্তাৱটো সসন্মানে প্ৰত্যাখ্যান কৰিব লগা হল৷ সেই আতিথ্য ৰক্ষা কৰিব নোৱাৰাৰ বাবে প্ৰশান্ত-ৰীতাৰ ওচৰত মোৰ নিজকেহে কিবা অকৃতজ্ঞ অকৃতজ্ঞ যেন এতিয়াও লাগি আছে৷

সি যি কি নহওক, সৰুসজাইত নমাৰ পিছত অগণিত ফুটবলপ্ৰেমীৰ অকল্পনীয় ভিৰ আৰু উচ্ছ্বাস-আনন্দৰ মাজেৰেই আমিও ষ্টেডিয়াম অভিমুখে শাৰী পাতি খোজ আগুৱালোঁ৷ ফুটবলৰ প্ৰতি হঠাতে মানুহৰ ইমান অনুৰাগ বৃদ্ধি! ফুটবলে মানুহৰ মনত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে দেখোন! কি কাৰণ? কোটিৰ হিচাপত ধনৰ বিনিয়োগ, চেলিব্ৰিটীৰে ৰঙীন পৰিৱেশ, বলিউড আৰু তাৰকা ক্ৰিকেটাৰৰ গ্লেমাৰ, চকু চাঁত মৰা সৌন্দৰ্যৰ পোহাৰ, ক্রীড়ানৈপুণ্যৰ সমাহাৰ আৰু অনেক ৰকমৰ কাৰুকাৰ্যৰে জীপাল মেগা প্ৰতিযোগিতাখনে ফুটবল চাবলৈ অনীহা উপজা মানুহকো ফিল্ডলৈ টানিব পাৰিছে বুলি শুনিছিলোঁ৷ এতিয়া স্বচক্ষে দেখিলোঁ৷ ভাৰতীয় ফুটবল ক্ষেত্ৰৰ নৱতম সংযোজন এই আই.পি.এল.এ ভৱিষ্যতলৈ কি ৰূপ লয় নাজানো, সাম্প্ৰতিক পৰিৱেশটোকযে এক নতুন মাত্ৰা প্ৰদান কৰিছে, উত্তেজনা আনি দিছে, সেইটো কিন্তু ক’ব লাগিব৷

এঠাইত চিকিউৰিটিৰ নিৰ্দেশ মানি পানীৰ বটলটো আধা খাই পেলাই দিবলগীয়া হল৷ ভিতৰত পানীৰ বটলৰ প্ৰৱেশ নিষেধ৷ কিয় নাজানো৷ বটলৰ পানীতো আল কায়দাৰ কিবা মেজিক-তেজিক থাকিব পাৰে নেকি আকৌ! নুবুজিলোঁ৷ ইফালে প্ৰশান্তই কোৱামতে, ষ্টেডিয়ামৰ ষ্টলত হেনো এবটলৰ দাম পঞ্চাশ টকা, এগিলাচত পাঁচ টকা৷ ঘৰৰ পৰা আথেবেথে অনা ফিল্টাৰৰ পানীকণ কেতিয়াবা ইমান মূল্যহীন হৈ পৰে! ভাবি পাৰ নাপালোঁ, পানীৰ বটলযে নিব নোৱাৰি, তাৰ কাৰণ কি হব পাৰে? আচল পানীৰ ঠাইত চোৰাংভাৱে কেনেবাকৈ সিবিধৰ, মানে ৰংচঙীয়া স্ফূৰ্তিপানীৰ অনুপ্ৰৱেশ ঘটি যাব পাৰে চাগৈ! তাৰ ক্রিয়া-প্ৰতিক্রিয়াত সমৰ্থকৰ মাজত দুৰ্বাদল কুৰুক্ষেত্ৰ চলি যাব পাৰে চাগৈ৷ সেয়ে আগতীয়া বিশেষ সতৰ্কতা বোধ হয়৷ নহলেনো কি সমস্যাটো আছে? বুজিলোঁ, কথাটো হল, পানীয়েই প্ৰাণী, পানীয়েই হানি৷

দূৰৰ পৰাই পোহৰত উজলি থকা ষ্টেডিয়াম চৌহদত এসময়ত আমি সদম্ভে ভৰি দিলোঁ৷ সুৰক্ষা অনুসন্ধানৰ স্তৰটো সুকলমে পাৰ হ’লোঁ৷ মূল ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ পূৰ্বেই, ফিল্ডখন নৌদেখোঁতেই, কাণত ভাহিছিল উচ্চ প্ৰাবল্যৰ কণ্ঠ আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ৷ মাজে-মধ্যে বিৰাট বিৰাট একোটা হৰ্ষোল্লাস৷ এনে লাগিছিল যেন খেল নহয়, সংগীতানুষ্ঠানলৈ আহিছোঁ৷ ফুটবল নহয়, নাচ-বাগ হ’বলৈ গৈ আছে ঘূৰণীয়া এই প্ৰকাণ্ড বেৰখনৰ সিপাৰে৷ গেট ১০ৰ তলৰ পৰা ওপৰৰ মহলাৰ প্ৰৱেশ পথটোৰে দেখা পাইছিলোঁ নীলা আকাশ আৰু বগা পোহৰ৷ স্বাভাৱিকতে কৌতূহলৰ মাত্ৰা বাঢ়ি আছিল৷ তাৰ পিছতে ষ্টেপকেইটা বগাই দুৱাৰমুখ পাওঁতেই যিটো দৃশ্য সন্মুখত ওলাল, তাৰ বাবেইতো পঁয়ত্ৰিশ হাজাৰ মানুহৰ ইমান উৎকণ্ঠা, কঢ়া-আঁজোৰা! ভাবিলোঁ, কিমানেযে টিকট নাপালে, কিমানযে আজি বিফল মনোৰথেৰে ঘৰলৈ উভতি যাব লগা হ’ল, যিদৰে প্ৰথমখনত মই! প্ৰশান্তৰ আন্তৰিক আগ্ৰহ আৰু চেষ্টাত আজি সোমাবলৈ পালোঁ যেনিবা৷

চকুৰ আগত এখন সেউজ দলিচা৷ বগা ৰঙৰ ৰেখা অঁকা৷ ডিজিটেল এডভাৰ্টাইজিং বৰ্ডেৰে তিনিফাল ঘেৰা৷ নেটসহ দুফালে দুটা গলপষ্ট৷ ঘাঁহনিত পৰি ৰৈছে ভালেকেইটা ফুটবল৷ চৌদিশে দৰ্শকৰ আসন, গেলেৰী৷ সিপাৰে খেলুৱৈৰ বহা ঠাই৷ ডিজিটেল ডিচপ্লে, টেলিভিচনৰ পোনপটীয়া সম্প্ৰচাৰৰ কেমেৰা, মঞ্চ, ঘোষক-পৰিচালক, কলা গাড়ী, ৰঙা বাইক, আতচবাজীৰ ব্যৱস্থা, বল-বয়, নিৰাপত্তাৰক্ষী আৰু কত কি! চাৰিদিশৰ পৰা শক্তিশালী ফ্লাড লাইটে ছটিওৱা পোহৰে দিন যেন কৰি ৰাখিছে এই মিউজিকেল ফুটবল এৰেনা, যাৰ নাম ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, সৰুসজাই৷

কৰ্ণাৰ স্পটৰ পোনে পোনে ওপৰলৈ আমাৰ অৱস্থান চূড়ান্ত কৰা হল৷ কাৰণ তাৰ পৰা সন্মুখৰ দৃশ্যৰাজি বাধাহীনভাৱে দেখা পোৱা যায়৷ ঠিক চেণ্টাৰ স্পটতে ৰৈ সেই মুহূৰ্তত দুজন কৰ্মকৰ্তাই কিবা আলাপ কৰি আছিল৷ তাৰে এজন বাইচুং ভুটীয়া বুলি দূৰৰ পৰাই ধৰিব পাৰিলোঁ৷ অলপ পিছত প্ৰশিক্ষকৰ তত্ত্বাৱধানত দুয়ো দলৰ খেলুৱৈসকলৰ উপৰি ৰেফাৰী, লাইনচমেন ফিল্ডলৈ ওলাই আহিল আৰু ৱাৰ্ম আপ কৰিলেহি৷ দৰ্শকৰ মাজতো উৎসাহ-উল্লাসৰ মাত্ৰা আৰু এখোপ চৰিল৷খেল চাবলৈ অহা ৰং-বিৰঙী দৰ্শকেৰে ষ্টেডিয়ামৰ ভিতৰভাগ পূৰ্ণ হব ধৰিলে৷ প্ৰিয় দলৰ জাৰ্চি পৰিহিত সমৰ্থক; ঢোল-তাল, পেঁপা, হুইচেল বজোৱা দৰ্শক; গামোচা, ফ্লেগ, বেনাৰ, ডিচপ্লে কাৰ্ড লৈ অহা ফুটবলপ্ৰেমী৷ যুৱক-যুৱতীৰ সংখ্যাটোলৈ বিশেষভাৱে মন কৰিলোঁ আৰু খুব সুখী হলোঁ৷

চাউণ্ডবক্সত বাজি থকা গীতত ৰব নোৱাৰি দেহ সঞ্চালন কৰা অনেককেই দেখিছিলোঁ আমাৰ কাষৰে-পাজৰে৷ তেতিয়াই চিন্তা কৰি পালোঁ, উপস্থিতসকলৰ মাজত নৱ-প্ৰজন্মৰ তৰুণ-তৰুণীৰ সংখ্যা যিমানেই বাঢ়ে সিমানেই ভৱিষ্যতৰ বাবে শুভদিনৰ পৰিচায়ক৷ এইটো ঠিক যে টিভিত আগতে চাইছে যদিও তেওঁলোকৰ বহুতেই ফিল্ডত উপস্থিত থাকি লাইভ ফুটবল মেচ আজিয়ে কিজানি প্ৰথম চাব৷ বহুতৰে বাবে এয়াই হব জীৱনৰ প্ৰথম অভিজ্ঞতা৷ আই.এছ.এল.ৰ জহতে তেওঁলোকে ফুটবলক দেখাৰ, জনাৰ, ওচৰ চপাৰ বিৰল সুযোগ এটা পাইছে৷ ইয়ে তেওঁলোকক নিশ্চয়কৈ খেলবিধৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে, আকৰ্ষণ বৃদ্ধি কৰিছে৷ নিজে ফুটবল খেলিব নজনা বা নোৱাৰাৰ কাৰণে কাৰোবাৰ মনত হয়তো অকণমান বেয়াও লাগিছে৷ তথাপিও কব লাগিব, আজিৰ এই যুৱচাম বৰ ভাগ্যৱান৷ কাৰণ ইহঁতে আজি দেশী-বিদেশী ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ প্ৰদৰ্শন স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছে৷ এই যুৱক-যুৱতীসকল এদিন পিতৃ-মাতৃ, অভিভাৱক হব৷ সন্তান জন্ম দিব৷ সেই সন্তানক পেছাদাৰী ফুটবলৰ দিশত আগুৱাই নিবৰ বাবে তেওঁলোকে আজি নব্বৈ মিনিটীয়া খেলখনৰ যি দৃশ্যপট চকুৰ সন্মুখত দেখা পাইছে বা পাব সিয়েই অনৰ্গল তাড়না যোগাই থাকিব অনাগত দিনবোৰত৷ আমাৰ পুৰণি, পিছ পৰা মাক-দেউতাকবোৰে সন্তানে বল খেলিলে বাধা দিছিল, কথা নুশুনিলে গালি, আনকি পিটনো দিছিল৷ হয়নে নহয় বাৰু? নিজৰ নিজৰ অতীত খুঁচৰি চালেই এই কথাৰ সঁচা-মিছা ওলাই পৰিব৷ নতুন প্ৰজন্মৰ নতুন মাক-দেউতাকবোৰে পিছে এই ক্ষেত্ৰত সমূলি বাধা আৰোপ নকৰিব৷ জন্মদিনত সন্তানক আনন্দৰে তেওঁলোকে ফুটবল একোটা উপহাৰ দিব, লগতে খেলৰ সা-সৰঞ্জাম৷ পঢ়া-শুনাৰ সমানেই গুৰুত্ব প্ৰদান কৰি সন্তানক লৈ যাব ফিল্ডলৈ, ফুটবল একাডেমীলৈ৷ কাৰণ এই নতুন মাক-দেউতাকবোৰে ফুটবলে কি কৰিব পাৰে নিজ চকুৰে দেখিছে, জানিছে, ফুটবলৰ গূঢ়াৰ্থ বুজি উঠিছে৷ গতিকে তেওঁলোকৰ সন্তানবোৰে শিশু অৱস্থাৰ পৰাই ফুটবল-সাধনাত বিজ্ঞানসন্মতভাৱে, একাণপতীয়াভাৱে ব্ৰতী হব৷ তেনেদৰেই সময়ত সিহঁতবোৰ একো একোজন ৰনাল্ড, মেছি, নেইমাৰ হবগৈ৷ সিহঁতে নিজৰ বিদ্যালয়ৰ হৈ খেলিব, ক্লাবৰ হৈ খেলিব, জিলাৰ হৈ খেলিব, ৰাজ্যৰ হৈ খেলিব, দেশৰ হৈ খেলিব, বিদেশতো খেলিবগৈ ফুটবল... বাজেগি চিটী, উড়েগা বল, কাম অন ইণ্ডিয়া, লেটচ ফুটবল শ্লোগান, থিম ছং আৰু অন্যান্য গীতবোৰৰ তালে তালে হালি-জালি ৰব নোৱাৰা হৈ থকা আই.এছ.এল. ভাইৰাছ আক্রান্ত তৰুণ-তৰুণীহঁতলৈ চাই চাই ভৱিষ্যতৰ এনেকুৱা ৰূপৰেখা এটাকে কল্পনা কৰি পেলালোঁ৷ ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ... এই পৰিৱেশটোৱে ইহঁতৰ অন্তৰত সঁচা ফুটবলপ্ৰেম জগাই তোলক৷ ইহঁতে ফুটবলক অনুভৱ কৰক, জীৱনৰ বাবে আঁকোৱালি লওক৷ ৰাষ্ট্ৰীয় সংগীত গাই, জন আব্ৰাহামক চাই তেওঁলোকে উপৰুৱাভাৱে, ক্ষন্তেকীয়াভাৱে নহয়, ভিতৰি একো একোজন নৰ্থ ইষ্ট ইউনাইটেড এফ.চি.ৰ প্ৰকৃত সমৰ্থক হৈ পৰাৰ লগতে ডাই হাৰ্ট ইণ্ডিয়ান ফুটবল ফেন হৈ পৰক৷ ফুটবলৰ এই আৱেগ চিৰস্থায়ী হওক৷

খেলুৱৈ সোমাল, পজিছন ল’লে৷ নিৰ্দিষ্ট সময়ত কিক অফৰ সংকেত বাজিল৷ আৰম্ভ হৈ গ"ল আই.এছ.এল.ৰ মেচ নম্বৰ ৫৷ ১৫মিনিট যাওঁতে ইথিউপিয়ান ষ্ট্ৰাইকাৰ ফিকৰুৱে দিয়া এগল আৰু চেক মিডফিল্ডাৰ পডানীএ ষ্টপেজ টাইমত দিয়া এগল, মুঠ দুগলেৰে এথলেটিকো ডে কলকাতা জিকিল৷ আতচবাজীৰে আৰম্ভ কৰা হৈছিল, আতচবাজীৰেই সমাপ্তি৷ ফুটবলপ্ৰেমীৰ বাবে সেইদিনালৈ অন্ত পৰিল কেইবাঘণ্টাজোৰা ফুটবল উন্মাদনাৰ৷

ক্রিকেটৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সহযোগত আয়োজিত ইণ্ডিয়ান ছুপাৰ লীগ নামৰ এই নতুন আৰ্হিৰ ফুটবল বিপ্লৱৰ প্ৰতি ক্রীড়াপ্ৰেমীৰ ব্যাপক সঁহাৰি দেখি নথৈ অভিভূত হ’লোঁ৷ সলনি হোৱা সময়ৰ সৈতে সলনি হোৱা পৰিৱেশ, ফুটবলৰ নৱজাগৰণে দেশৰ ফিফা ৰেংকিং ১৫৭ৰ পৰা একে কোবতে বহু ওপৰলৈ উধাব বুলি আজিয়েই আশা কৰাটো নিশ্চয় উচিত কথা নহ’ব৷ তথাপি আশা আমি কৰিম৷ ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সম্পূৰ্ণ এক নতুন ধ্যান-ধাৰণাৰ সূচনাৰে আৰম্ভ হোৱা আই.পি.এল.ৰ সুসংগঠিত আয়োজন, বিশ্বমানৰ সা-সুবিধা, উন্নত খেলপথাৰ, নিয়মানুৱৰ্তী খেলুৱৈ, উৎকৃষ্ট ৰেফাৰিং, আন্তঃৰাষ্ট্ৰীয় মানৰ খেলে আমাৰো মনবোৰৰ উত্তৰণ ঘটাওক ফুটবলৰ দিশে৷ আন্তঃগাঁথনি সবলকৰণেৰে পুনৰুজ্জীৱিত হওক আমাৰ ফুটবল৷ ফুটবলৰ জয় হওক৷


নিশা এঘাৰ বজাত কামাখ্যা ষ্টেচনত গুৱাহাটী-ডিমাপুৰ উজনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ ছিট এটাত দীঘল দি পৰি লৈ অকলে অকলে এইবোৰকে মনতে পাগুলি থাকিলোঁ৷












No comments:

Post a Comment