Thursday, 23 October 2014

মাৰ্বল খেলৰ কথা, মাৰ্বল খেলৰ ভাষা...
(গল্প নহয়, সত্য)

: ঘৰ খেলিবিনে বাকচ?
: সঁচাসচি খেলিবিনে মিছামিছি?
: দুই দুই খেলিম, খেলিবি?
: গুৰগুৰা মাৰিবিনে তক্কচ?
: মাইকী পাইছ নেকি? তক্কচ মাৰিম৷
: দে, ভালকৈ উৰ্দু পাত৷
: তোৰ ডাগিলটো চাওঁ?
: কি ভমপ্লাক অ!
: কালি দুদুলৰ পৰা লৈছোঁ, পাঁচটা গুটি দি৷
: গাত নহয়, টিকনিত মাৰনা৷
: ষ্ট্ৰেইট দে৷
: ন ষ্ট্ৰেইট, ন চাফচুফ৷ আগতেই ক'লোঁ৷
: থাপিবি নেকি?
: উৰাই দিলোঁ৷
: এইটো নচলে দেই, বেলেগ গুটি দে৷

মাৰ্বল খেলৰ ভাষা!

চাৰিআলিত হৰেনদাৰ দোকানৰ আগৰ জৰীজোপাৰ তলত, ৰাস্তাৰ দাঁতিৰ সুচল ঠাইত, ৰবিহঁতৰ ঘৰৰ পানী-পতাত, ঠাকুৰনাথহঁতৰ চোতালত, সকলোতে জুম পাতি কেৱল মাৰ্বল৷ আমি মাৰ্বল কওঁ৷ বহুতে বিৰিং গুটি বোলে৷ তক্কচটো বহুতে টোপা নে টোপ্পা বুলিও কয়৷ গুৰগুৰাটোক চোঁচৰাই মৰা বুলিছিল চাগৈ৷

জিকি অনা মাৰ্বলবোৰ গোটাওঁ৷ বিছনাৰ ওপৰত দুই ভায়ে দুমূৰে বহি মাজত গুটি এটা থৈ এইম প্ৰেকটিছ কৰোঁ৷ মাৰ্বলৰ ভৰত পেণ্টৰ পকেট তললৈ ওলমি পৰে৷ খোজ কাঢ়িলে চনক চনক বাজে৷ দৌৰ মাৰিবলৈ হ’লে হাতেৰে ধৰি ল’ব লগা হয়৷ মাৰ্বল খেলি খেলি ধূলি-বালিৰে পোত খাই পৰি হাত-ভৰিকেইটাৰ অৱস্থা নাইকিয়া হয়৷ লেতেৰা হাত বাৰেপতি সুমুৱাওঁতে-উলিয়াওঁতে পকেটৰ মুখখনো চাব নোৱাৰা হয়গৈ৷ ভাত-পানী পাহৰি যাওঁ৷ পকেটৰ মাৰ্বলৰ বেচা-কিনাও চলে৷ দহ পইচাত দহটা৷ বেছিকৈ জিকিলে বাৰটাও দি দিয়া হয়৷ আকৌ খেলোঁতে সেইকেইটাও নিজৰেই হৈ যায়৷

এই মাৰ্বল খেলৰ বাবেই ঘৰত কতনা গালি! আনকি চৰ-কিল-ভুকুও খোৱা হয়৷ তথাপিও জানো মাৰ্বলক বিসৰ্জন দিব পাৰি? মাকে পুতেকৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ মাৰ্বলকেইটা কৰবাত লুকুৱায়৷ বাপেকে নিৰ্দয়ভাৱে যেনি-তেনি দলিয়ায়৷ হেডছাৰক লগাই দিয়ে৷ পুতেকৰ চকুপানী নিগৰে৷ হলেও আকৌ মাৰ্বল খেল৷ মাৰ্বলৰ অভাৱত কৰবী গুটিৰেও খেলা হয়৷

বুঢ়া আঙুলিত ভৰ দি মধ্যমাৰ আগত গুটিটো লগাই ইখন হাতৰ বুঢ়া আৰু তৰ্জনীৰে পিছলৈ টানি এৰি দিওঁ সন্মুখত থকা বিপক্ষৰ গুটিৰ ফালে৷ আচল নিচান লগোৱাৰ আগতে হাত উঠাবলৈ এনেয়ে দুবাৰমান ঘূৰাই লোৱা হয়৷ ট্ৰায়েল বুলিও এনেয়ে এবাৰ মৰা যায়৷ নীল বুলি কৈ বুঢ়া আঙুলিটোক আঁঠুৰ ওপৰত অৱস্থান কৰোৱাব পাৰি৷ বেঁকা মাৰোঁতে কেতিয়াবা ইমান জোৰত টিকোৱা হয় যে সিপক্ষৰ গুটিটো মাজতে দুফাল হৈ পৰে৷ ফলস্বৰূপে ক্ষতিপূৰণ ভৰিব লগা হয়৷ সামান্য টুকুৰা বা চকা এৰুৱা গুটিকেইটা পকাত ঘঁহি ঘঁহি মিহি কৰি চলোৱাৰ বুদ্ধি কৰোঁ৷

বহুত ডাঙৰলৈকে খেলিছোঁ যদিও মাৰ্বল এৰা ভালেমান বছৰেই হ’ল৷ পুৰণি ট্ৰাকটোৰ ভিতৰত জৰ্দাৰ টেমা এটাত সেই তেতিয়াই জমাই ৰখা মাৰ্বলকেইটামান কিজানি এতিয়াও বিচাৰিলে ওলাব৷ আজিও বাটে-ঘাটে পৰি থকা মাৰ্বল দেখিলে, ক’ৰবাত মাৰ্বল হেৰাই পালে চিধাই বুটলি পকেটত ভৰাওঁ৷ হৃদয়ৰ সংযোগ এটা আছেযে! গুলটি মাৰোঁতে চৰাইলৈ টোঁৱাই বাটলুগুটিৰ পৰিৱৰ্তে জিকি জিকি জমা কৰা মাৰ্বলো ব্যৱহাৰ কৰা হৈছিল৷ দুখৰ কথা, ল’ৰা-ছোৱালীহালে পিছে আজিও মাৰ্বল খেলি পোৱাই নাই৷ শিকোৱাৰ কথাটোও মনত খেলোৱাই নাছিল৷ আমাৰ খেলময় জীৱনৰ তুলনাত ইহঁতৰ সঁচাকৈ ক’বলৈ গ’লে আছেনো কিটো? স্কুল, টিউচন, টিভি, কম্পিউটাৰতে সীমাবদ্ধ! ঘৰ, বাকচ, দুই দুই, সঁচাসচি, মিছামিছি, গুৰগুৰা, তক্কচ, মাইকী, উৰ্দু, ডাগিল, ভ'মপ্লাক, টিকনি, ষ্ট্ৰেইট, চাফচুফ, থাপ, উৰা ...মাৰ্বল খেলৰ সৈতে জড়িত, অভিধানবৰ্জিত অজ্ঞাত কাৰোবাৰ দ্বাৰা সৃষ্ট, মুখ বাগৰি অহা এই মধুৰ শব্দবোৰ সিহঁতে আজিও শুনাই নাই৷ ময়ো এতিয়াহে ঘপকৈ চিন্তা এটা কৰিছোঁ, শিকাই দিব লাগিব ইহঁতক৷ নহ’লে পিছলৈ সিহঁতৰ ক’বলৈকে একো নাথাকিবগৈ৷ মাৰ্বল খেলি পাইছানে তুমি? বুলি কোনোবাই কেতিয়াবা ক’ৰবাত যদি কিবা প্ৰসংগত সোধে, তেন্তে সেমেনা-সেমেনিকৈ উত্তৰ দিব... ‘নাই পোৱা আংকল’ বুলি৷ মাৰ্বল খেলৰ কথা নথকাটো... ভাবিবকে নোৱাৰিছোঁ৷ উলিয়াই আনোগৈ ৰ'ব গুটিকেইটা৷ টিউচনৰ পৰা আহি পালেই শিকাই দিম, আৰু খেলিম উৰাই-ঘূৰাই৷






No comments:

Post a Comment