Friday, 17 October 2014

ধৰ ঝাড়ু ধৰ ভাই...



আছে নেকি পুৰণা ভগা-টুটা লোহা, চিলভাৰ, প্লাষ্টিক, পেপাৰ...

পুৱাতেই ওলাইছে তিনিটাকৈ প্ৰাণী৷ পিঠিত প্ৰত্যেকৰে একোটাহঁত থৈলা৷ সিহঁতৰ কাম হৈছে মানুহে য’তে-ত’তে দলি মাৰি পেলোৱা খালী বটলৰ পৰা আৰম্ভ কৰি পেলনীয়া সামগ্ৰীসমূহ সংগ্ৰহ কৰি ফুৰা৷ ইহঁতক দেখি ভাবিছোঁ, মোদীজীৰ ‘পৰিষ্কাৰ ভাৰত অভিযান’ৰ আচল মানুহ এইকেইটাহে; এদিনৰ বাবে হাতত ঝাড়ু লোৱা মানুহবোৰ নহয়৷ ইহঁতৰহে দৰাচলতে সংখ্যা বৃদ্ধি হোৱা উচিত৷

আন নালাগে, খাই-বৈ যেনি-তেনি বেপৰোৱা ভাবত দলিওৱা, সততে চকুত পৰা মদৰ বটলবোৰৰ কথাকে ধৰকচোন বাৰু৷ ইহঁতে নিতৌ আহি দয়া কৰি উঠাই নিনিয়া হ’লে নগৰ-মহানগৰ একোখনে কিযে ৰূপ নল’লেহেঁতেন!

উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত সিদিনা৷ দুদিন আগেয়ে গান্ধী জয়ন্তীত দেশজুৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা-অনাময়ৰ কথা মানুহক বুজাই দিয়া হৈ গৈছে মাত্ৰ৷ ট্ৰেইনৰ ভিতৰত যেনিয়ে-তেনিয়ে দেখোঁ বাদামৰ বাকলিৰ পৰা আদি কৰি মিনাৰেল ৱাটাৰৰ খালী বটল, বিস্কুত-চিপছ-ৰজনীগন্ধা-তুলসীৰ ফলা পেকেট, কাগজৰ টুকুৰা ইত্যাদি ইত্যাদি৷ টয়লেটকেইটাত সোমাব নোৱাৰি৷ দূৰৰ পৰাই সেই চিনাকি দুৰ্গন্ধ৷ ৰে’লত উঠিলেই এই বিষয়টোৱে কষ্ট দিয়ে৷ সেইফালৰ ছিটকেইটাতো বহিবকে নোৱাৰি৷

আন দিনা দেখা পোৱা হাতত সৰু সৰু ঝাড়ু একোটা লৈ ইটোৱে-সিটোক খেদাখেদি কৰি থকা ল’ৰাকেইটা আজি নাই৷ থাকিলে নিশ্চয় এফালৰ পৰা গোটেই জাবৰসোপা সাৰি নিলেহেঁতেন৷ ঘূৰি আহি যাত্ৰীৰ সন্মুখত হাত পাতিলেহেঁতেন৷ ঠাই লেতেৰা কৰা কোনোবাই একো নিদিলেও একো নক’লেহেঁতেন৷ এতিয়া পিছে ঝাড়ু ধৰে কোনে? খাই উঠি খালী পেকেটটো ছিটৰ তললৈ দলিয়াই দিয়াৰ সময়ততো কথাটো ভবাই নহয়৷ তেনেকৈয়ে গাড়ী চলি আছে, যাত্ৰীও সলনি হৈ আছে৷

প্ৰধান মন্ত্ৰী মোদীজীয়ে নিঃসন্দেহে উচিত প্ৰচেষ্টা এটা হাতত লৈছে৷ কিন্তু কষ্ট কৰিব লাগিব৷ বহুত কষ্ট কৰিব লাগিব ভাৰতবৰ্ষক পৰিষ্কাৰ কৰিবলৈ৷ তাৰ আগতে ভাৰতীয়ক চাফা কৰিব লাগিব৷ মানুহৰ মগজু চাফা কৰাটো, স্বভাৱ সলনি কৰোৱাটো আটাইতকৈ টান কাম৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা কি আৰু কিয় লাগে সেইটোকে নজনা মানুহক এতিয়া একেবাৰে তলিৰ পৰাই শিকনি দিয়াটো কিমানযে কঠিনসাধ্য, ভাবি পাৰ নাপাওঁ৷ হ’লেও আমাৰ প্ৰত্যাশা, গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ আগতেই আমাৰ দেশখন পৰিষ্কাৰ হওক৷ বিশ্বৰ আগত এক আদৰ্শ হওক৷ পৰিষ্কাৰ ভাৰত অভিযান, নিৰ্মল অসম অভিযান আৰু এনেকুৱা কি কি অভিযান চলে সকলোবোৰ সফল হওক৷

আহক, ঝাড়ু লওঁ আৰু আমি প্ৰত্যেকেই আমাৰ ঘৰ, চৌহদ, সন্মুখৰ পথকে ধৰি তাৰ দাঁতিকাষ নিজেই পৰিষ্কাৰ কৰি ৰাখোঁ৷ তাৰ লগে লগে এই শপতো লওঁ যে ৰাজহুৱা স্থান অপৰিষ্কাৰ নকৰোঁ৷

No comments:

Post a Comment