শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ চাৰি ৷৷
সঁচাই ‘ঈশ্বৰৰ আপোন বাগিচা’ এইখন৷ ‘পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা’ কথাষাৰৰ যথাৰ্থতা ইয়াত উপলব্ধি
কৰিব পাৰি৷ খালী চকুৰে যিমান দূৰলৈ দেখা পাইছোঁ ক’তো অপৰিষ্কাৰ, অলাগতিয়াল বুলিবলৈ কুটা এগছ পৰি
থকা নাই৷ গাঁওবাসী পৰম্পৰাগতভাৱেই নিকা আৰু চিজিল৷ তাকেই মূলমন্ত্ৰ হিচাপে লৈ ৯৫ঘৰ
সহজ-সৰল খাচী জনজাতীয় মানুহে এটা শান্ত-সমাহিত আৰু সুশৃংখল পৰিৱেশত নিজৰ গাঁওখনক অনন্য
ৰূপত গঢ়ি তুলিছে৷ লগতে ইক’-টুৰিজমৰ বাবে লায়ক আৰু সুবিখ্যাত
কৰি পেলাইছে প্ৰকৃতিৰ আপডাল কৰি৷ দূৰৰ পৰাই মনটো কিবা সতেজ লাগি গ’ল৷
২০০৩চনত ডিচক’ভাৰ ইণ্ডিয়া মেগাজিনৰ দ্বাৰা ‘Cleanest Village in Asia’ হিচাপে স্বীকৃতি লভাৰ পিছত ২০০৫চনত ‘Cleanest Village in India’ বুলিও পৰিগণিত হৈছিল মাউলিননং৷
বিবিচিৰ জৰিয়তে বহল প্ৰচাৰ লাভ কৰাৰ ফলত গাঁওখন বিশ্ববাসীৰ কাৰণে উৎসুকতাৰ থলী হৈ পৰিল৷
আৰু তেনেই চুবুৰীয়া হৈও ইয়াত পদাৰ্পণ কৰাৰ মাহেন্দ্ৰ-ক্ষণটি আমাৰ ভাগ্যত উপস্থিত হ’লহি মাত্ৰ সৌ-সিদিনাহে, গান্ধী
জয়ন্তীৰ দিনা৷ তৎসত্ত্বেও নিজকে নিজে এইবুলি প্ৰবোধ দিব পাৰিলোঁ যে মোদীজীৰ ‘পৰিষ্কাৰ ভাৰত অভিযান’ৰ শুভাৰম্ভ ঘটিবৰ দিনাই এই পৰিষ্কাৰ
ভূভাগৰ দৰ্শন তথা স্পৰ্শ আমি লভিছোঁ৷ সেউজীয়া গছ-গছনি, ফুলি থকা ফুল, অৰ্কিড, বোৱঁতী
পানীৰ ধাৰ, পৰিষ্কাৰ অনাময়, সৰু-বৰ নৈ-নিজৰা, জলপ্ৰপাতে পাহাৰীয়া গাঁওখনক পৰিণত কৰিছে
এক ‘যাদুকৰী সৰগ’ত৷
পাৰ্কিং এৰিয়াৰ দিশে গাড়ীখন আগুৱাই যোৱাৰ বহু আগতেই
চকুৰ সন্মুখলৈ অহা দৃশ্যসমূহে বাকৰুদ্ধ কৰি পেলালে৷ ইমান চাফা! কেনিও ক’তো আৱৰ্জনা অকণমান নাই৷ আমাৰ
হ’লে চিপচৰ পেকেটেই চাবানে শিখৰ-ৰজনীগন্ধাৰ
পেকেটেই নাচাবা! গাঁওখনত সোমাই গৈ থাকোঁতে এনে লাগিল, আমি যাম বুলি খবৰ পাই কোনোবাই
যেন ৰাস্তা, পদপথ, ফুলনি, চোতাল, গীৰ্জা, আবাস আদি চিকুণ কৰি থৈছে নেকি! আকৌ ভাবিলোঁ,
আজি ‘স্বচ্ছ ভাৰত অভিযান’ৰ আৰম্ভণি, সেই গতিকে ৰাতিপুৱাই পৰিষ্কাৰ
কৰা হ’ল চাগৈ! পিছে নহয়, মাউলিননংবাসীৰ
এই প্ৰক্ৰিয়া আজি নহয়, কোন কাহানিবাতে সূচনা হোৱা৷ পৰিষ্কৰণৰ অভ্যাস তেওঁলোকৰ সিৰা-উপসিৰাত
প্ৰৱাহিত৷ কোনোবাই ইয়াক ধেমালিতে ‘মাউলিননং বেমাৰ’ (!) বুলিবও পাৰে৷ গতিকে গাঁওখনৰ এনে ৰূপ-মাধুৰী এদিনীয়া
বা মুহূৰ্তৰ কথা নহয়৷ বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে তেওঁলোকে চাফ-চিকুণতা বৰ্তাই আহিছে
আৰু ভাৰতবাসীলৈ, বিশ্ববাসীলৈ এই বাৰ্তাকে বিলাই আহিছে যে Cleanliness is Godliness৷
‘ভাৰত লেতেৰা’ বুলি বিশ্বসভাত থকা আমাৰ দেশখনৰ
বদনামটো আঁতৰ কৰিবলৈ এই গাঁওখনৰ পৰা শিক্ষা ল’লেই যথেষ্ট হ’ব৷ আন কথাত ক’বলৈ হ’লে… সময়ৰ পাকচক্রত সমগ্ৰ ভাৰতবৰ্ষই আজি ‘Mawlynnong disease’টোকে স্বেচ্ছাই আদৰণি জনোৱা নাই
জানো?
প্ৰৱেশ পথত খাচী যুৱক দুজন ৰৈ আছিল৷ গাড়ীৰ বাবদ
প্ৰৱেশ মাচুল হিচাপে টকা পঞ্চাশটা ল’লে৷ পাৰ্কিং এৰিয়াত গাড়ীখন ৰখোৱা হ’ল৷ নামিয়ে পোনতে চাইনব’ৰ্ড পঢ়াত ধৰিলোঁ৷ অচিনাকি ঠাইত
পৰ্যটকৰ বাবে এইটো এটা প্ৰধান কৰ্তব্য৷ মন কৰিবলগীয়া কথাবিলাকৰ বিষয়ে আগধৰি অৱগত হৈ
লোৱাটো ভাল৷ তেতিয়া বিপদৰ অকণো ভয় নাথাকে৷ সেইকণ সতৰ্কতা অৱলম্বন নকৰা হেতুকে বহুতৰে বহু সময়ত লটিঘটি হয়৷ ল’কেচন মেপ দেখিলে তাকো অধ্যয়ন কৰি কোনফালে কি আছে নিজেই
সহজে বুজি ল’ব পাৰি৷
ফলক পঢ়ি গম পালোঁ যে পাৰ্কিং এলেকাকে ধৰি ক’তো কেনিও লেতেৰা বস্তু পেলোৱা
নিষেধ৷ ভ্ৰমণকাৰী দৰ্শনাৰ্থীয়ে নিজৰ লগত অনা প্লাষ্টিকৰ বটল, চিপচৰ পেকেট, পে’পাৰ প্লেট-কাপ ইত্যাদি বহা ঠাইত
এৰি নথৈ বা ডাষ্টবিনলৈ নিক্ষেপ নকৰি সেইবোৰ নিজৰ লগতে ৰাখি নিজৰ ঠাইলৈ ওভোতাই নিব আৰু
পথৰ দাঁতিতো য’তে-ত’তে দলিয়াই নেপেলাব৷ ফলৰ বাকলি,
বিস্কুতৰ পেকেট বা চকলেট-মৰ্টনৰ সৰু বাকলি, চিউৱিং গাম আদিসমূহ পেলনীয়া থ'বৰ বাবে দিয়া বাস্কেটত
পেলাব পাৰিব৷ মদ্যপান কৰা বা অন্য ধৰণে নিচাসক্ত লোকক অঞ্চলটোত ভ্ৰমিবলৈ দিয়া নহ’ব৷ অবাইচ শব্দ আৰু ৰুক্ষ ব্যৱহাৰো
সহ্য কৰা নহ’ব৷ ফুল ছিঙা আৰু গছ-গছনি ধ্বংস
কৰাটো নিষেধ৷ বিচাৰত দোষী ব্যক্তিক গাঁও কৰ্তৃপক্ষই উচিত শাস্তি বা জৰিমনা বিহিব আৰু
প্ৰয়োজন হ’লে পুলিচলৈ হস্তান্তৰিত কৰিব৷
দল বান্ধি অহা একোটা দলৰ সদস্যসকলৰ চাল-চলনৰ ক্ষেত্ৰত দলনেতাজন দায়বদ্ধ থাকিব৷ ফলকখনে
যেন মাউলিননংবাসীৰ স্বাভিমানৰ কথাকে উজলাই তুলিছে৷ ভাল লাগিল শৃংখলাবদ্ধতাৰ এই দৰকাৰী কথাখিনি৷
ওলাই আহি এজন ডেকাৰ লগত কথা পাতিলোঁ৷ সম্ভাষণ জনাই সুধিলোঁ,
‘আপোনালোকৰ গাঁওখন চোৱা কামটো
এতিয়া কোনফালেৰে আৰম্ভ কৰিম, ক’ত শেষ কৰিম?’ হাঁহি মাৰি আঙুলি টোঁৱাই তেওঁ বতাই দিলে৷ আৰু সেইমতেই অগ্ৰসৰ হ’লোঁ৷
No comments:
Post a Comment