শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটা সত্য কাহিনী৷ নিজৰ জীৱনৰ এই কাহিনীটো যিয়ে মোক লিখি দি থৈ গ’ল, সেই ব্যতিক্রমী মানুহজন ‘অকব’ৰ পঢ়ুৱৈৰ বাবে পৰিচিত৷ 'জীৱন উদ্যাপন' শীৰ্ষক তেখেতৰ কাহিনীটো শুনকচোন...
২৫বছৰীয়া হওঁতেই ভাবিছিলোঁ, ঈশ্বৰৰ আশীৰ্বাদত যদি কেনেবাকৈ ৫০বছৰত ভৰি দিব পাৰোঁ, তেনেহ’লে ৫০বছৰীয়া জন্মদিনটো হাইস্কুলত একেলগে মেট্ৰিক পৰীক্ষা দিয়া শৈশৱৰ বন্ধুবিলাকক নিমন্ত্ৰণ কৰি সিহঁতৰ লগত মোৰ ঘৰত একেলগে এসাজ খাই অলপ বেলেগ ধৰণে উপভোগ কৰিম৷
সেই তেতিয়াই যেনেকৈ ভাবি থৈছিলোঁ, ঈশ্বৰৰ কৃপাত তেনে ধৰণেই ৫০বছৰীয়া হ’লোঁহি ২০১১চনৰ ২৮নভেম্বৰত৷ আমাৰ বেটচটোৱে ১৯৭৮চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল৷ গতিকে সুদীৰ্ঘ ৩৩বছৰ ইতিমধ্যে পাৰ হৈ গৈছে৷ ইমান দীঘলীয়া সময় এছোৱাত কোন ক’ত আছে সেয়া জ্ঞাত নোহোৱাটোৱেই স্বাভাৱিক৷ গতিকে নিৰ্দিষ্ট দিনটো অহাৰ এবছৰৰ আগৰে পৰাই স্কুলীয়া সহপাঠীবিলাকক বিচৰা কাম এটা আৰম্ভ কৰি দিলোঁ৷
তাকে কৰিবলৈ প্ৰথমে এখন লিষ্ট বনালোঁ৷ মুঠতে ৬৬জন হ’ল৷ তাৰ ভিতৰত ৬জনৰ পৰলোক গমন হৈছে বুলি জানিলোঁ৷ গতিকে ৬০জন জীৱিত আছে৷ তাৰ ভিতৰত আকৌ ৯জনৰ কোনো শুং-সূত্ৰই উলিয়াবলৈ সক্ষম নহ’লোঁ৷ কৰ্মসূত্ৰে অ’ত-ত’ত সিঁচৰতি হৈ থকা বাকী ৫১জনৰ সন্ধান পালোঁ যথেষ্ট কষ্ট কৰি৷
জন্ম দিনটো অহাৰ চাৰিমাহমানৰ আগৰে পৰাই কথাটো মনত পেলাই দিবৰ বাবে প্ৰত্যেককে ফোনযোগে দুই-তিনিবাৰকৈ নিমন্ত্ৰণ আগ বঢ়ালোঁ যাতে নিৰ্দিষ্ট দিনটোত সকলোটি মই ভবাৰ দৰে মোৰ ডিফুস্থিত বাসগৃহত সোঁশৰীৰে উপস্থিত হ’বহি পাৰে৷ যিসকল দূৰণিবতীয়া বন্ধু আহিব, সেইসকলৰ থকাৰ বাবে হোটেলৰ ব্যৱস্থাও কৰি ৰাখিলোঁ৷
অৱশেষত বিশেষ দিনটো আহিল৷ সেইদিনা যথাসময়ত মোৰ বাসগৃহত ২৬জন সহপাঠী গোট খালেহি৷ ২৫জনে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ বাবে ইচ্ছা থাকিও যোগদান কৰাত অপাৰগ হ’ল৷ সম্পূৰ্ণ বেলেগ আৰু চিনিব নোৱাৰা চেহেৰাত সুদীৰ্ঘ ৩৩বছৰৰ পিছত বন্ধুসকলে ইজনে সিজনক প্ৰত্যক্ষ কৰিবলৈ পাই আচৰিত, আৱেগিক আৰু আনন্দিত হোৱাৰ এক বিৰল অভিজ্ঞতা লভিবলৈ সুযোগ পালে৷
কাৰ্যসূচীৰ আৰম্ভণিতে, একে লগৰ যি ৬জন বন্ধু আমাৰ মাজৰ পৰা চিৰদিনলৈ আঁতৰি গ’ল, তেওঁলোকৰ স্মৃতিত একোগছিকৈ মুঠতে ৬গছি বন্তি জ্বলাই আত্মাৰ চিৰশান্তিৰ অৰ্থে ১মিনিট সময় ঈশ্বৰৰ ওচৰত আমি সকলোটিয়ে মৌনভাৱে প্ৰাৰ্থনা জনালোঁ৷
বন্ধুসকলক নিমন্ত্ৰণ কৰাৰ সময়ত এইদৰে কৈছিলোঁ... ‘ডিফু চৰকাৰী বালক বিদ্যালয়ৰ পৰা এইচ.এছ.এল.চি. পৰীক্ষা দিয়া আমাৰ ১৯৭৮ বেটচৰ বন্ধুসকলক লৈ অহা ২৮.১১.২০১১ তাৰিখে মোৰ ঘৰত এটা গেট টুগেদাৰ কৰিব বিচাৰিছোঁ, সম্পূৰ্ণ মোৰ খৰচত’ বুলি৷ এতিয়া বন্তি প্ৰজ্বলনৰ পিছতে আহ্বায়ক হিচাপে প্ৰথমে মই দুআষাৰ ক’বলৈ থিয় হ'লোঁ৷ আৰু তেতিয়াই ভাঙি দিলোঁ আচল ৰহস্যটো... ‘বন্ধুসকল, এদিন মই ভাবিছিলোঁ যে যিদিনাখন মই এই জীৱনৰ ৫০বছৰত ভৰি দিম, মোৰ ৫০বছৰীয়া জন্মদিনটো ১৯৭৮ বেটচৰ পুৰণি বন্ধু অৰ্থাৎ, তহঁতৰ লগতহে একেলগে উদযাপন কৰিম৷ মোৰ বিশাল বন্ধু-মহলৰ অইন কাৰো উপস্থিতি সেইদিনা নাথাকিব৷ আচলতে আজি মোৰ জন্মদিন৷’
বন্ধুবৰ্গলৈ চালোঁ৷ আকৌ ক’লোঁ... ‘আজি মোৰ জন্মদিন বুলি তহঁতে আগেয়ে জনা হ’লে নিশ্চয় মোৰ বাবে কিবা উপহাৰ এটা হ’লেও আনিলিহেঁতেন৷ কিন্তু আজি মোক আচলতে তহঁতৰ আশীৰ্বাদহে লাগে৷ অন্য একো নালাগে৷’
বন্ধুসকল আৱেগিক হৈ পৰিছিল৷ সন্ধিয়া ৬বজাৰ পৰা নিশা ১২বজালৈকে ৬ঘণ্টাজুৰি অতীতৰ পলবোৰ সকলোৱে মিলি ৰোমন্থন কৰিছিলোঁ৷ স্কুলত কোনে কেতিয়া কি কথাৰ বাবে কোন ছাৰৰ পৰা মাৰ খাইছিল, কোনে কেইবাৰ কাণত ধৰি উঠা-বহা কৰাৰ লগতে দীঘলীয়া সময়ৰ বাবে বাৰাণ্ডাত কাণত ধৰি থাকিবলগীয়া হৈছিল, কোনে কেনেকৈ স্কুলৰ পৰা পলাই লতিকা চিনেমা হলত মেটিনী শ্ব’ চাইছিলগৈ, পৰীক্ষাত কোনে কেনেকৈ নকল মাৰিছিল ইত্যাদি ইত্যাদি বিভিন্ন কথা৷ আমাক বিদ্যালয়ত হিন্দী পঢ়ুৱা বে’ ছাৰ, যাৰ মাৰ নোখোৱাকৈ কোনো ছাত্ৰ বাছি যোৱা নাছিল, সেই ছাৰে প্ৰায়ে হিন্দীলৈ অনুবাদ কৰিবলৈ দিয়া ‘কেঁচুৱাই গাখীৰ খাই হ’বলা৷’ বাক্যটো, কোনেও যাৰ শুদ্ধ উত্তৰ দিব পৰা নাছিল৷ এনেকুৱা বহুত কথাই সিদিনা আমি অতীত খুঁচৰি খুঁচৰি উলিয়ালোঁ৷ প্ৰাণ খুলি হাঁহি-ধেমালি কৰিলোঁ, গান গালোঁ৷
ঠাণ্ডা আঁতৰাবৰ বাবে কেইবাখনো কেৰাহীত জুইৰ ব্যৱস্থা কৰা হৈছিল৷ জুইক আগুৰি গোলাকাৰভাৱে বন্ধুসকল জুম পাতি পাতি বহিছিল আৰু একেৰাহে আড্ডা চলিছিল৷ তাৰ মাজতে মমতাজ নামৰ বন্ধুজনে ক’লে যে আমাৰ দেৱান নামৰ বন্ধুজন টান নৰীয়াত পৰি আছে৷ আৰ্থিক দুৰৱস্থাৰ বাবে বেচেৰাই উপযুক্ত চিকিৎসাও কৰিব পৰা নাই৷ কথাষাৰ শুনা মাত্ৰকে যিয়ে যি পাৰে দিয়াত মুহূৰ্ততে কিছু টকা গোট খালে৷ তাৰেই ৫,০০০টকাৰ এটা অনুদান আমাৰ ফালৰ পৰা বন্ধুজনৰ ঘৰত দি অহা হ’ল৷ সেই অনুদানেৰে চিকিৎসা কৰোৱাই স্কুলীয়া দিনৰ বন্ধু দেৱান আজি চলিব-কৰিব পৰা হৈ এতিয়া সংসাৰ চলাই আছে৷ তাকে দেখি আমাৰো আনন্দ লাগিছে৷
স্কুলীয়া দিনতে খুহুতীয়া কথা আৰু অভিনয়েৰে আমাক হহুঁৱাই পেটৰ নাড়ী ডাল ডাল কৰা আমাৰ এজন বন্ধুৰ উপস্থিতিত গোটেই সময়খিনিয়ে যথেষ্ট আমোদজনকভাৱে পাৰ হ’ল৷ তেওঁ হ’ল ‘খিচিৰি’খ্যাত কমেডিয়ান কমল সিং৷ বছৰদিয়েক আগতে ভৰিত আঘাত পোৱাৰ সময়ত আমাৰ মৰমৰ বন্ধু কমললৈও আমি চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰে দুশ্চিন্তামুক্ত কৰি তেওঁৰ স্বভাৱজাত প্ৰতিভাক আগুৱাই নিয়াত যৎপৰোনাস্তি হাত ধৰিছিলোঁ৷
অৱশেষত ৰাতিৰ আহাৰৰ সময় আহিল৷ ৫০বছৰীয়া জন্মদিনটোত এই বন্ধুসকলক লগত লৈ নিজৰ ঘৰত একেলগে এসাজ খালোঁ৷ তাৰ পিছত পাহৰিব নোৱাৰা সময়খিনিৰ স্মৃতি বুকুত বান্ধি সকলোটি দিহাদিহি গ’লগৈ৷ মোৰো যেন জীৱনটো সাৰ্থক হ’ল, এনে লাগিল৷ সেইদিনাখন মই এই কথা ভাবিলোঁ আৰু বন্ধুবৰ্গকো ক’লোঁ... ঈশ্বৰে যদি ভালে ৰাখে তেনেহ’লে যিয়ে য’তে নাথাক, আহিবি, একেদৰে আমি আকৌ ৭৫বছৰত লগ হ’ম, জীৱন উদ্যাপন কৰিম৷
ধন্যবাদেৰে,
পুতুল বৰা, ডিফু
ফোন নং ৯৪৩৫০৬৬৩৯২
No comments:
Post a Comment