দেৱালী আহিলেই মনত পৰে...
(গল্প নহয়, সত্য)
আমি হাইস্কুলত পঢ়ি থকাৰ সময়ত ৰাজ্যিক ভিত্তিত কিছুমান লটাৰী খেলৰ প্ৰচলন আছিল৷ অসম ৰাজ্যিক লটাৰী, নাগালেণ্ড ষ্টেট লটাৰী ইত্যাদি ইত্যাদি৷ চৰকাৰী পৃষ্ঠপোষকতাত সেইবোৰ অনুষ্ঠিত হৈছিল বুলি ডাঙৰবিলাকৰ মুখত শুনিবলৈ পাইছিলোঁ৷ দেৱালীত হ’ব লগা খেলখনৰ পুৰস্কাৰৰ ধনৰাশি আছিল বেছি৷ সেয়ে ইয়াক ‘দেৱালী বাম্পাৰ’ বোলা হৈছিল৷ ভাগ্যৰবি উদয় হয় নেকি চাওঁচোন বুলি বজাৰলৈ গ'লে কেতিয়াবা ৰাস্তাৰ দাঁতিত বহা বিক্ৰেতাৰ কাষলৈ গৈ আগতীয়াকৈ টিকট এটা কাটিছিলোঁ সেই লটাৰীবোৰৰ৷ মনতে কিমানযে আশা, কল্পনা! লাগি গ'লে কিযে কৰিম-নকৰিম! টিকটটো খুব সযতনে ৰাখিছিলোঁ৷ বাতৰি কাকতত ৰিজাল্ট ওলাইছিল৷ হেঁপাহেৰে নম্বৰ মিলাইছিলোঁ৷ নাই, নালাগিল বুলি পিছত ফালি পেলাইছিলোঁ৷ আকৌ কিনিছিলোঁ কেতিয়াবা৷
দেৱালী, কালী পূজাক কেন্দ্ৰ কৰি স্থানীয়ভাৱেও কিছুমান লটাৰী খেলৰ আয়োজন কৰা হৈছিল তেতিয়া৷ সেইবোৰক ভাগ্য পৰীক্ষা, চিঠি খেল, উপহাৰ কুপন আদি বিভিন্ন নামেৰে জনা গৈছিল৷ আমাৰ দেউতাহঁতেও তেনে আয়োজনত হাত উজান দিছিল৷ সমানকৈ কাটি লোৱা বগা কাগজ কিছুমানত টিকটৰ নম্বৰটোহঁত লিখি, একে ধৰণে ভাঁজ কৰি কৰি এটা পাত্ৰত থোৱা হৈছিল৷ ৰঙা চিয়াঁহীত জুবুৰিওৱা কাগজৰ টুকুৰাত পুৰস্কাৰৰ নম্বৰটোহঁত লিখাৰ লগতে একে জোখৰ আন কিছুমান একো নিলিখা বগা কাগজ মেৰিয়াই মেৰিয়াই আন এটা পাত্ৰত ৰখা হৈছিল৷ দুফালে দুটা সৰু ল’ৰা বা ছোৱালীক পাত্ৰটোলৈ নোচোৱাকৈ এটা এটাকৈ সেইবোৰ টানিবলৈ লগোৱা হৈছিল৷ সিহঁতক টেবুলৰ ওপৰত বহুৱাই দিয়া হৈছিল যাতে সকলোৱে স্পষ্টকৈ দেখি থাকে৷ এটা প্ৰাইজ ওলোৱাৰ পিছত অান কোনোবা দুটাক অনা হয়৷ ৰঙাৰ বিপৰীতে ওলোৱা বগা কাগজত লিখিত নম্বৰটোৱেই ভাগ্যৱানজনৰ নম্বৰ বুলি ধৰা হয়৷ ৰঙাত লিখা নম্বৰটো পুৰস্কাৰৰ নম্বৰ৷ এনেদৰে নিজে সৃষ্টি কৰা লোৱা কিছুমান নীতি-নিয়মৰ মাজেদিয়ে খেলখন পৰিচালনা হয়৷ কমিটিৰ সিদ্ধান্তই চূড়ান্ত বুলিও আৰম্ভণিতেই কৈ লোৱা হয় আৰু কথাষাৰ সকলোৱে গ্ৰহণো কৰে৷
ডাঙৰক দেখি দেখি আমিও লটাৰী খেল পতা হ’লোঁ৷ বিশেষকৈ দেৱালীত৷ চাইকেল, দেৱাল ঘড়ী, পানীৰ ফিল্টাৰ, কম্বল, হ’ল্ড-অল, প্ৰেছাৰ কুকাৰ, ডিনাৰ ছেট... আদিবোৰেই পুৰস্কাৰ৷ তাৰ লগতে দহটা সান্ত্বনা পুৰস্কাৰ৷ যিকেইজনে মিলি লটাৰীখন পাতে, সেইকেইদিন সেইকেইজনৰ কাৰণে খুব ব্যস্ততাৰ সময়৷ খাৱন-শোৱন নাই৷ টিকট বিক্রীৰ বাবে ইফালে-সিফালে ঘূৰিব লাগে৷ মানুহৰ ওচৰলৈ যাব লাগে৷ এনেয়ে হ’লে কথা নপতা বা নমতাজনকো দেৱালীত লটাৰী পতাৰ কথাটো উপযাচি ক’বলগীয়া হয় খেলখনৰ স্বাৰ্থত৷ উপহাৰবিলাকৰ সম্বন্ধে বৰ্ণনা কৰিব লগা হয়৷ টিকট বিক্রী কৰিব পৰা-নোৱাৰাৰো কথা থাকে৷ কাৰোবাৰ সৈতে যুক্তি-তৰ্কৰো অৱতাৰণা হয়৷ আনহাতে, টিকট কিনি পইচাটো তেতিয়াই লগে লগে নগদ হিচাপত দিলেতো ভালেই, বাকী কৰিলে কিন্তু লিখি থ’ব লাগিব৷ পিছত আকৌ যাব লাগিব কালেকচনৰ বাবে৷ কিমানবাৰ যাব লগা হ’ব পাৰে তাৰো একো ঠিকনা নাই৷ গৈ পেলাই মানুহজনক লগ নাপাবও পাৰে৷ পালেও পকেটত ধন নাথাকিব পাৰে৷ থাকিলেও নাই বুলি ক’ব পাৰে৷ অনেক খোচামতি কৰি আদায় কৰিব লগা হয়গৈ৷ মুঠতে বাকীলৈ দিলে পইচা উলিওৱাটো সহজ নহয়৷ তাৰ বাবে এটা নহয়, কেইবাটাও দৌৰ মাৰিবলৈ মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব৷
টিকট বিক্রীৰ উদ্দেশ্য আগত ৰাখি এদিন লগৰ ল’ৰাৰ চাইকেলত ডবল কেৰী কৰি কেই কিল’মিটাৰমান আঁতৰৰ পি.ডব্লিউ.ডি. মেকানিকেল অফিচ অভিমুখে ওলালোঁ৷ আমাৰ ঘৰৰ কাষৰে নাথ খুৰাহঁতে সেইটো অফিচতে কাম কৰে৷ গতিকে বিক্রী-বাৰ্তা ভালেই হ’ব যেন ভাবিছোঁ৷ সেইটো অফিচৰ পৰা ওলাই গাতে গা লাগি থকা নেছনেল হাইৱে অফিচত সোমাম৷ তাৰ পিছত এছ.ই. অফিচলৈ যাম৷ এনেকুৱা এটা পৰিকল্পনাৰে অভিযান আৰম্ভ কৰি দিলোঁ৷ কান্ধত মোনা৷ মোনাত টিকট, কলম ইত্যাদি৷ থানা ৰ’ডৰ ডাউনটোত পেডেল নমৰাকৈয়ে আমাৰ চাইকেল আৰামচে আগুৱাই গৈ থাকিল৷
কৰ্মচাৰীসকলৰ টেবুলে টেবুলে গৈ খাতিৰ কৰিছোঁ৷ টিকট বিক্রীৰ প্ৰক্রিয়া চলি আছে৷ কোনোবাই লৈছে, কোনোবাই পিছত ল'ম বুলিছে৷ তেনেকুৱাতে খিৰিকীৰে চাই তললৈ দেখিলোঁ, চাইকেল ঠেলি ঠেলি দেউতা আহিব লাগিছে৷ কি হ’ল আকৌ? গাটো চেবাই গ’ল৷ বুকুখনেও ঢিপিং ঢিপিং মাৰিবলৈ আৰম্ভ কৰিলে৷ মৰিলোঁ৷ ক’লৈ যাবলৈ কৈছিল, ক’লৈ আহিলোঁ! মুখামুখি হওঁতেই আৰম্ভ হ’ল গালিবৰ্ষণ৷ টিকট, পইচা, মোনাৰে সৈতে লগৰীয়াক তৎমুহূৰ্ততে চব চমজাই সেই স্থান ত্যাগ কৰিলোঁ৷
অসম আন্দোলনৰ সময়ত এদিন সন্ধিয়া পৰত পুলিচে কৰায়ত্ত কৰিলে মোক৷ প্ৰথমে থানাৰ লক-আপ, তাৰ পিছত ডিষ্ট্ৰিক্ট জে’ল৷ তিৰাশীৰ অবৈধ নিৰ্বাচনৰ আগদিনা কাৰাগাৰৰ পৰা জামিনত ওলাই আহিছিলোঁ৷ ঘৰলৈ আহোঁতেও মূল পথ এৰি ভিতৰুৱা পথেৰে লুকাই লুকাই আহিব লগা হৈছিল৷ তাৰে লেঠা হিচাপে মাহে মাহে ক’ৰ্টত হাজিৰা দি থাকিব লগা হৈছিল৷ লটাৰী টিকট বিক্রী কৰিবলৈ যোৱাৰ দিনটো আচলতে হাজিৰাৰ বাবে ক’ৰ্টত উপস্থিত থকাৰ নিৰ্দিষ্ট তাৰিখ আছিল৷ পিছে সময় উকলি যোৱা মাত্ৰক 'পলাতক আচামী'ক বিচাৰি ৱাৰেণ্ট লৈ পুলিচৰ লোক ঘৰত হাজিৰ হ’লহি৷ চোতালত ইউনিফৰ্ম পিন্ধা কনিষ্টবল দেখি দেউতাৰো থৰ-কাছুটি হেৰাল৷ ল’ৰা ক’ত গ’ল, বিচাৰ-খোঁচাৰ চলিল৷ কাৰোবাৰ মুখে গম পাই বিচাৰি বিচাৰি গৈ আৱিষ্কাৰ কৰিলে ভালেমান দূৰৰ পি.ডব্লিউ.ডি. অফিচৰ ভিতৰত৷ ক'ৰ্টৰ হাজিৰালৈ পিঠি দি পুত্ৰই লটাৰী টিকট বিক্রীত মজি আছে!
বেধুম গালি খালোঁ সিদিনা৷ অফিচত নাথ খুৰাহঁতৰ আগতো খালোঁ, বাটে বাটেও অজস্ৰ খালোঁ৷ ঘৰলৈ আহিতো ক’বই নালাগে আৰু!
দেৱালী আহিলেই সেয়া আজিও মনত পৰে৷
দেৱালী আহিলেই সেয়া আজিও মনত পৰে৷
No comments:
Post a Comment