শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন
৷৷ ছয় ৷৷
দিন যায়, কথা থাকে৷ অনেক বিষয়ে অৱগত হ’লোঁ, অনেক বিষয় ৰৈ গ’ল৷ আশা থাকিল, আকৌ যাম মিডফিল্ডাৰ,
স্কিলফুলহঁতৰ মৰমৰ খাচী গাঁওখনলৈ, নিৰ্জনতাৰ বুকুলৈ, দুদিন থকাকৈ৷ হ’ম ষ্টে’ কৰিম খাচীয়াৰ ঘৰত, সিবাৰ যেনেকৈ
ম্যানমাৰত সোমাবলৈ সীমান্তৱৰ্তী অৰুণাচলৰ নংকি তাংচা বস্তিত জাংখং মংৰেৰ চাঙত থাকি
লৈছিলোঁ৷ মুঠতে সীমান্ত বুলিলেই মনত যেন গভীৰ উৎসুকতা, অনন্ত কৌতূহল!
সঁচা-মিছা নাজানো, প্ৰথম বিশ্বযুদ্ধৰ সময়ত বোলে
মাউলিননঙৰ গঞাই ব্ৰিটিছ আৰ্মীৰ হৈ ইউৰোপত যুঁজ কৰিছিলগৈ৷ ইফালে, বাংলাদেশৰ অভ্যন্তৰত
শিৱিৰ স্থাপন কৰা খাচী বিদ্ৰোহী সংগঠন HNLCৰ কেডাৰৰো বোলে মাউলিননং সৌ-সিদিনালৈকে আহ-যাহৰ
কৰিড’ৰৰ ৰূপত সক্রিয় আছিল৷ যোদ্ধাৰ
বংশধৰ এই স্থানীয় বাসিন্দাসকল পিছলৈ খ্ৰীষ্টধৰ্মত দীক্ষিত হয় আৰু দুটা গীৰ্জাৰ অধীনস্থ
হৈ পৰে৷ তামোল-পাণৰ উপৰি আনাৰস, কঁঠাল, কল আদি ফলমূল আৰু জংঘলৰ তেজপাত, ঝাড়ুৰ উপৰি
মৌ পালন আদিৰ জৰিয়তে এওঁলোকে এতিয়া জীৱিকা নিৰ্বাহ কৰি গৈছে৷ সমূহীয়া ভাবনাৰে গাওঁখনৰ
কাম-কাজ আগুৱাই নিয়াৰ বৈশিষ্ট্য অন্য জনজাতিৰ দৰেই তেওঁলোকৰ ক্ষেত্ৰতো সহজেই পৰিলক্ষিত
হয়৷ মাছ ধৰাটো এই মানুহখিনিৰ প্ৰিয়তম কৰ্ম৷ সেই তাড়নাৰ বশৱৰ্তী হৈ তেওঁলোক বোলে বাংলাদেশ
পৰ্যন্তও পাইগৈ৷
মাউলিননঙৰ পৰা সৰু ৰাস্তাটোৰে ওলায়ে খৰস্ৰোতা পাহাৰীয়া
নৈ আৰু লোৰ দলং এখন৷ দৃষ্টিনন্দন ঠাইখিনিৰ শোভা উপভোগ কৰি এটা সময়ত Pongtung পালোঁগৈ
আৰু ৰাইট টাৰ্ণ লৈ সীমান্তমুখী নেছনেল হাইৱেত উঠিলোঁ৷ তিনিআলিটোৰ পৰা ইণ্টাৰনেশ্যনেল
ব’ৰ্ডাৰলৈ দূৰত্ব ১৯কিল’মিটাৰ মাত্ৰ৷ মসৃণ পথেৰে আমাৰ
মাৰুতিখন আকৌ দৌৰি থাকিল৷ আগলৈ অৱশ্যে ৰাস্তাৰ অৱস্থাটো বৰ ভাল নহয়, মানে, ছাল-বাকলি
উঠা৷ তামোল গছৰ সংখ্যা এই অঞ্চলটোত সৰহ যেন লাগিল৷ পথৰ দাঁতিত তামোল দ’ম কৰি খাচীয়ানীয়ে সেইবোৰ গত লগাই
আছে৷ বোধ হয় শ্বিলং পোৱাবগৈ৷ খাচী ভাষাৰ ‘কুৱা’ শব্দৰ পৰাই অসমীয়া ‘গুৱা’ শব্দটোৰ উৎপত্তি বুলি পঢ়িবলৈ পাইছোঁ৷ তামোল মুহুদি হিচাপে
ব্যৱহাৰ কৰা, থুতকুৰিয়াই পেলোৱা কামফেৰিও অষ্ট্ৰিক গোষ্ঠীৰ পৰাই আমদানি হোৱা হেনো৷
মেঘালয়ত সোমোৱাৰ পিছত আমিও কুৱাইৰ পিছত কুৱাই চোবাইছোঁ, খাচী কঙৰ অনুৰূপ সেলেঙি বোৱাইছোঁ৷
তাকে লৈ অনেক ৰগৰ-ৰসালাপো কৰিছোঁ৷ তেনেকৈয়ে এই প্ৰমোদ-ভ্ৰমণে আমাক কৰি তুলিছে প্ৰাণশক্তিৰে
উজ্জীৱিত৷
গৰাটোৰ পৰা ক্রমাৎ তললৈ নামি যোৱাত বালিচৰৰ সৈতে
বৃহৎ নৈ এখন সন্মুখলৈ আহিল৷ সুন্দৰ এক লেণ্ডস্কেপ৷ নৈখনৰ নামটো Umngot৷ ১৯৩১চনত ব্ৰিটিছৰ
পৃষ্ঠপোষকতাত নিৰ্মিত দীঘল চাচপেনচন ব্ৰীজখনেৰে লাহে লাহে পাৰ হ’লোঁ৷ তাৰ লগে লগে সোমাই পৰিলোঁ
জয়ন্তীয়া হিলচ্ ডিষ্ট্ৰিক্টত৷ দলঙৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোৰ চকুৱে দেখালৈকে জলৰাশিৰ
বৰণ সেউজীয়া আৰু সুগভীৰ৷ শিলাময় পৰ্বতৰ মাজত প্ৰকৃতিৰ এক ব্যতিক্রমী ৰূপসজ্জা৷ গন্তি
কৰি পালোঁ, চল্লিশখনৰো ওপৰ মাছমৰীয়া নাও এজন-দুজন মাছুৱৈৰে অ’ত-ত’ত সিঁচৰতি অৱস্থাত আছে৷ পাৰতো
বৰশী টুপাই অনেকজন পুৰুষ-মহিলা৷ ৰাস্তাৰ দাঁতিত গাড়ীৰ লানি৷ সেইবোৰ নিশ্চয়কৈ মাছ ধৰিবলৈ
অহাসকলৰে৷ শুনিবলৈ পাইছিলোঁ, মাৰ্চ-এপ্ৰিলত ইয়াত বাৰ্ষিক নৌকাচালনা প্ৰতিযোগিতা এখনো
অনুষ্ঠিত হয় বুলি৷
সিপাৰ হৈ অকাই-পকাই আগুৱালত ডাউকি নামৰ ঠাইখিনি
পালোঁগৈ৷ অলপমান আগলৈ কাষ্টমচ অফিচ৷ তাৰো আগলৈ বৰ্ডাৰ চিকিউৰিটি ফ’ৰ্চৰ চে’ক প’ষ্ট৷ ডাউকিৰ পৰা সীমান্তৰ তামাবিললৈ
মাত্ৰ ২কিল’মিটাৰ৷ এই ডাউকি-তামাবিলেদিয়েই
বাংলাদেশলৈ ভাৰতৰ পৰা ট্ৰাকযোগে কয়লা আৰু চূণশিল সৰবৰাহ হয়৷ শুনামতে দিনৌ ডেৰশমান গাড়ী
চলে৷ ইয়াৰ পৰা শ্বিলঙলৈ দূৰত্ব ৯৫কিল’মিটাৰ৷ আনহাতে চিলেটলৈ ৫৪, ৰাজধানী ঢাকালৈ ৩০০৷ অসমৰ ইতিহাসৰ
সৈতে সম্পৰ্ক থকা ডাউকি সীমান্ত এয়া৷ এই বাটেৰেই গোপনে অহা-যোৱা কতজনৰ৷ কতজন ধৰা পৰে,
কতজন পাৰ হৈ যায় কোনেও নজনাকৈ! সেয়ে চাবলৈ মন গৈ আছিল কি নো আছে ইয়াত৷ সেই আশাটোৱে এতিয়া পূৰ্ণ হ’বলৈ আগ বাঢ়িছে৷ গছৰ ছাঁ পৰা ঠাই
চাই অজয়ে গাড়ীখন পাৰ্ক কৰিলত কালবিলম্ব নকৰি খপজপাই নামি গ’লোঁ৷ উত্তেজনা এটা ভিতৰি ভিতৰি
আগৰে পৰাই আছিলেই৷
বাৰাণ্ডাত টেবুল-চকী লৈ কৰ্তব্যৰত সীমান্তৰক্ষী
দুজন বহি আছিল৷ সামৰিক কায়দাত ‘জয়হিন্দ চাহাব’ বুলি চেলুটৰ ভংগীত সোঁহাতখনেৰে কপাল স্পৰ্শ কৰি অভিবাদন জনালোঁ৷ জনাই
দিলোঁ যে মই ভাৰতীয়৷ ক’লোঁ যে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয়
সীমান্ত চাবলৈ আহিছোঁ৷ প্ৰথম প্ৰশ্ন ‘কাহাঁচে আয়া’ৰ উত্তৰ ‘আছামচে’ বুলি দিয়াৰ লগে লগে উপৰ্যুপৰি আকৌ প্ৰশ্ন৷ ‘ডিফু, কাৰবি আংলং ডিষ্ট্ৰিক্ট,
আছাম’ বুলি দ্বিতীয়বাৰ কোৱাৰ সময়তে
সিফালে ইউনিফৰ্মৰ বুকুত জিলিকি থকা এল. চি. নাথ নামটোত চকু পৰিল৷ তাৰ পিছত আৰু জেৰা
ক’ত, ঘৰুৱা কথাহে চৰিল! হৈ পৰিল
সম্পূৰ্ণ বিপৰীত ধৰণৰ এক পৰিৱেশ৷ সহকৰ্মী অনা-অসমীয়াজনৰ চাগৈ হিংসাই লাগিল আমাৰ অসমীয়াত কথা-বতৰাৰ কোব দেখি৷ সীমান্তৰ প্ৰহৰী হিচাপে দায়িত্ব পালনত ব্ৰতী হৈ থকা নগাঁৱৰ পানীগাঁও
চাৰিআলি নিবাসী শ্ৰী নাথে বুজাই দিলে... ‘সৌযে দেখিছে তামাবিল ০কিল’মিটাৰ আৰু India লিখা বগা পিলাৰটো,
সেই পৰ্যন্ত যাব পাৰিব৷ তাৰ পৰা সিফালে নাযাব৷ ফটো তুলিব পাৰিব৷ কোনো বাধা নাই৷ যাওক,
চাই আহকগৈ৷
No comments:
Post a Comment