শীতৰ সেই মুহূৰ্ত দুটাৰ কথাৰে…
(গল্প নহয়, সত্য)
পুহত জন্ম মোৰ৷ ঠাণ্ডাক নকৰোঁ কেৰেপ৷ সেইবাৰ কিন্তু
সেকা পাই গ’লোঁ৷ তাকে কওঁ বুলি ভাবিছোঁ৷
সেইবাৰ ‘ৰেকাফ’, মানে ৰিক্রিয়েশ্বনেল এণ্ড ক্রিয়েটিভ এক্টিভিটিজ ফ’ৰাম চলাৰ আগে আগে সিদ্ধান্ত ল’লোঁ, এইবাৰ আমি একো এটাতে ভাগ
নলওঁ৷ ভ্ৰমণ কৰিম৷ ছাত্ৰাৱস্থাৰ এই সুযোগটোতে যদি অৰুণাচলৰ ভিতৰুৱা অঞ্চলবোৰ ঘূৰি-পকি
নলওঁ, ল’ম কেতিয়ানো? স্থান ঠিক কৰি পেলালোঁ...
ব’মডিলা, টাৱাং৷ দিন-বাৰ খাটাং
হৈ আছিলেই, নবেম্বৰ মাহৰ অন্তিম সপ্তাহ, চন ১৯৯১৷
সমুদ্ৰগুপ্ত ডেকা, মানস চক্রৱৰ্তী, উৎপল মজুমদাৰ,
অপূৰ্ব বিকাশ মিলি আৰু মই, পঞ্চপাণ্ডৱ তৈয়াৰ হ’ব ধৰিলোঁ, পৰ্বতীয়া যাত্ৰাটোলৈ৷ থকা-মেলাৰ বন্দোবস্তৰ
বাবে ডেপুটি কমিছনাৰ চাহাবলৈ আগতীয়াকৈ পত্ৰ লিখা ইতিমধ্যে হৈ গৈছে৷ প্ৰত্যুত্তৰো হাতত
পৰিছে৷ ব’মডিলাত টুৰিষ্ট লজ, টাৱাঙত চাৰ্কুইট
হাউচ৷ গতিকে চিন্তা নাই৷ টিকট কটাহে কথা৷
ইটানগৰ-ব’মডিলা, অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপ’ৰ্টৰ নীলা বাছ৷ নিৰ্দিষ্ট দিনত পুৱা ৬.০০বজাত নিৰজুলিৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ৷ বান্দৰদেৱাৰে ওলাই ভালুকপুঙেৰে সোমাই নিশা পালোঁগৈ ব’মডিলা৷ অচিন ঠাই৷ পলম হোৱাত আক-তাক সুধি সহজেই পোৱা হোটেল এখনত আশ্ৰয় ল’বলগীয়া হ’ল৷ পিছদিনাহে টুৰিষ্ট লজলৈ গ’লোঁ৷ নিশাটো যিখন হোটেলত থাকিলোঁ, কোঠাবোৰ আছিল তেনেই সৰু সৰু৷ ভাত খাই উঠাৰ পিছতে আহক হঠাতে প্ৰকৃতিৰ আহ্বান৷ ইফালে হাড় কঁপোৱা শীত৷ কাপোৰ খোলাই টান৷ হ’লেও উপায় নাই৷ সেই আহ্বানক নেওচিব পাৰিজানো? পানীখিনি চুওঁতে জীৱ উৰি যোৱাযেন লাগিল৷ এনেহে লাগিল, যেন হাতখন এই কাটি গ’ল, এই ফাটি গ’ল! ইমানেই ঠাণ্ডা! ফলস্বৰূপে শীত বুলিলে জীৱনলৈ মনত থাকি গ’ল সেই স্পৰ্শটো৷
ব’মডিলাত কেইদিনমান ভালমতে ফুৰিলোঁ৷ ৱে’ষ্ট কামেং জিলাৰ ই সদৰ ঠাই৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৭,৩০০ফুট৷ তাৰ পৰা আমি যাম প্ৰায় ১০,০০০ফুটত অৱস্থিত টাৱাঙলৈ৷ অঁকাই-পকাই, উঠি-নামি যাওঁতে দূৰত্ব ২০০কিল’মিটাৰমানেই হ’বগৈ বোলে৷ বাটত পাৰ হ’ম ছেলা টপ৷ ছেলাৰ উচ্চতা প্ৰায় ১৩,৭০০ফুট৷ অৰুণাচলৰ ভিতৰতেই ওখ৷ তাতে আছে ছেলা লে'ক৷ বেলেগ ধৰণৰ উত্তেজনা এটা শৰীৰৰ ভিতৰত ইতিমধ্যেই বিৰাজমান হৈছে৷ কিন্তু তেনে উত্তেজনায়ো দেখোন শীতক পৰাস্ত কৰিব নোৱাৰিলে!
দুপৰ নিশা ৰাস্তাত বাছৰ বাবে খপিছোঁ৷ উৎসাহৰ নাই অন্ত৷ গাড়ী কিন্তু এখনেই৷ আহিব আকৌ সৌ তেজপুৰৰ পৰা! নাইট ছুপাৰ বোলে৷ পাবহি মধ্যৰাতিৰ পিছতহে! ব’মডিলাৰ ৰাস্তাত সেই একমাত্ৰ পৰিবহণলৈ অপেক্ষাৰত পাঁচোটা প্ৰাণী৷ আন নৰ-মনিচ দেখিবলৈ নাই৷ ইফালে ঠাণ্ডাৰ প্ৰকোপ ইমানেই চৰি আহিছে যে একে ঠাইতে একেথিৰে মুহূৰ্তৰ বাবেও ৰৈ থাকিব নোৱাৰি৷ ছেলাত বৰফ পৰিলে নামনিৰ এই অঞ্চলসমূহত কঁপনিটো বাঢ়ে৷ এতিয়াই এই অৱস্থা, ডিচেম্বৰ-জানুৱাৰীত কি হ'বগৈ কল্পনা কৰিয়ে পাৰ পোৱা নাই৷ ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি গা গৰম নাৰাখিলে মুকলিত থিয় হৈ থকাই মস্কিল৷ জোতা-মোজাৰ ভিতৰত হাত-ভৰিৰ আঙুলি জঠৰ৷ ভ্ৰমণলৈ বুলি ডিফুৰ পৰাই কিনি নিয়া দীঘল জেকেটটোৱেও শৰীৰটো উমাল কৰি ৰখাত ব্যৰ্থ হৈছে৷ ৰাস্তাৰ ওপৰতে জগিং কৰি থাকি কোনোৰকম জীৱটো বচাই ৰাখিলোঁ৷ এটা সময়ত কেঁকুৰিত বাছখনৰ হে’ডলাইটৰ চমকনি দৃশ্যমান হ’ল৷ তেতিয়াহে জীৱটো ঘূৰি আহিল৷ মৰি যাম যেন লগা ঠাণ্ডাৰ পৰা ঈশ্বৰৰ কৃপাত সেইবাৰলৈ বাচিলোঁ যেনিবা!
শীতে কোঙা কৰি পেলোৱা সেই মুহূৰ্ত দুটাৰ কথা আজিও কোনোমতেই পাহৰিব পৰা নাই৷ ঠাণ্ডা দিন আহিলেই স্মৃতিত খুন্দিয়াইহি৷ সেই ঠাণ্ডাৰ সৈতে তুলনা কৰিয়ে এতিয়া সন্মুখীন হোৱা পুহমহীয়া ঠাণ্ডাকো কেৰেপ নকৰাকৈ সাহসেৰে থাকোঁ, পুহত মোৰ জন্ম বুলিয়েই৷
No comments:
Post a Comment