মেৰী খ্ৰীষ্টমাছ
(গল্প নহয়, সত্য)
চৰণহঁতৰ ঘৰতেই হ’ব৷ আমাৰ পিছফালৰ দৰজামুখত থিয় দিলেই নাতিদূৰত ট ট কৰে জিলিকি থকা ৰঙা তৰাটো দৃষ্টিগোচৰ হয়৷ বৰদিন সমাগত৷ আকাশত এতিয়া যেনিয়ে-তেনিয়ে এনেকুৱা খ্ৰীষ্টমাচ ষ্টাৰ৷
বৰদিনৰ আগৰ এনে এটা সময়তেই ইছেনথাঙে এবাৰ কাগজৰ মস্ত ষ্টাৰ এটা লৈ আহিছিল, ল'ৰা-ছোৱালীহাললৈ৷ ভিতৰত বাল্ব জ্বলাই ওপৰত ওলোমাই দিছিলোঁ৷ নতুন বছৰৰ আৰম্ভণিলৈকে নিতৌ গধূলি হ'লেই উৎসাহেৰে জ্বলোৱা আৰু পুৱা নুমুৱা কাম সিহঁত দুটাৰ৷
সমীপৱৰ্তী ৱে’ষ্ট ডিফু টাউন বেপটিষ্ট চাৰ্চটোৰ চেক্রেটেৰী ইছেনথাং জিছিং৷ পাস্তৰ ফিলিপ নন্দা৷ হাঁহিমুখীয়া আৰু মনে মিলা মানুহ৷ মানুহজনৰ কথা-বতৰা, উপদেশ আৰু বহল ভাবৰ বিশ্লেষণবিলাকৰ প্ৰতি আকৃষ্ট হৈছিলোঁ৷ বৰদিনৰ সমূহীয়া প্ৰাৰ্থনাত গীৰ্জালৈ যাওঁতে আগলৈ মাতি নি গলত পিন্ধাই দিলে ফুলাম গামোচা এখন৷ একদম নভবা-নিচিন্তা আৰু মনে কেতিয়াও নিবিচৰা কাৰবাৰ৷ তাতে মণ্ডলীৰ গোটেইখিনি মানুহেই চিনাকি৷ আকস্মিক সম্বৰ্ধনাৰ প্ৰতি সন্মান জনায়ো নিজকে ক'ত লুকুৱাওঁ, ক'ত লুকুৱাওঁ যেনেই লাগি থাকিল৷
তাৰ পিছত ভাগে ভাগে পুৰুষ, মহিলা আৰু শিশুদলৰ গচপেল৷ এন্দ্ৰিঅ’ৰ গীটাৰ, জেছিৰ পিয়ান’৷ ড্ৰামছত থিঅ’ফিলাচ৷ সমজুৱাই ঈশ্বৰৰ স্তুতিগান গাবৰ পৰত ৰেণু লথা বাইদেৱে ছং বুকখন মেলি পৃষ্ঠাটো মই দেখাকৈ আগুৱাই ধৰি থাকিল৷ প্ৰাৰ্থনাৰ অন্তত অবেত, এচৱেং, চেণ্ট’ দাদা, আকালে’ বাইদেউ, আকা, লবেনীহঁতৰ সমানে সমানে ভোজনৰ শাৰীত থিয় দিলোঁ৷ হাঁহি-আনন্দৰে সময়বোৰ পাৰ হ'ল৷
খ্ৰীষ্টান পৰম্পৰাত 'ষ্টাৰ অৱ বেথেলহেম'কে 'খ্ৰীষ্টমাচ ষ্টাৰ' বোলা হয়৷ খ্ৰীষ্ট জন্মৰ ইংগিতবাহক এই তৰা শুভ-পৰিচায়ক৷ এই সম্পৰ্কে অনেক বিশ্বাস আৰু বিৱৰণ পঢ়িবলৈ পোৱা যায়৷ খ্ৰীষ্টমাচ কেৰলত গায়...
'O star of wonder, star of night,
Star with royal beauty bright,
Westward leading, still proceeding,
Guide us to thy perfect light.'
বতৰেও এতিয়া জনাই দিছে, আকৌ বৰদিন আহিছে৷ শীতৰ সন্ধিয়াত তৰালি আকাশ মূৰত লৈ, মুকলি ৰাস্তাটোত এপাক মাৰি আহোঁ বুলি ওলাই গ’লোঁ৷ কেইখোজমান বঢ়াইছোঁহে৷ গাড়ী এখনৰ পৰা ছোৱালীকেইজনীমানে ৰিং মাৰিলে... 'মেৰী খ্ৰীষ্টমাচ'৷ অলপ সময়ৰ বাবে চিন্তা কৰিবলগীয়া হ’ল৷ কোন এইকেইজনী? চিনাকিয়ে হ’ব চাগৈ৷ থাড’ভেঙৰ নেমচি, পিংকু, লামি, ৰুথ, পূৰবী, ভাননেমহঁতেই হ’ব নেকি! নে ওচৰৰ গীৰ্জাটোৰ লনিচা, আংগালে’, আচলে’হঁত? সঠিককৈ ধৰিব নোৱাৰিলোঁ৷ বেলেগো হ’ব পাৰে৷ সি যি কি নহওক, খ্ৰীষ্টমাচৰ আনন্দ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আৰম্ভ হৈ গৈছে ইহঁতবোৰৰো দেহে-মনে৷ বৰদিন মানেইতো এটা বেলেগ ধৰণৰ উৎসাহ-উদ্দীপনা, বেলেগ ধৰণৰ হেঁপাহ৷
পিছ মুহূৰ্ততে হাত জোকাৰি ময়ো কৈ উঠিলোঁ... 'মেৰী খ্ৰীষ্টমাচ'৷ খ্ৰীষ্টমাচ ষ্টাৰৰ দৰেই তহঁতবোৰো উজলি থাক৷

No comments:
Post a Comment