খ্ৰীষ্টমাছ ইভৰ বিক্ষিপ্ত চিন্তাবোৰ…
কম্পিউটাৰটো বন্ধ কৰি খৰধৰকৈ ৰাস্তালৈ ওলাই গ’লোঁ৷ প্ৰচেচন এটা আহিছে৷ প্ৰচেচন
আহিলে তেনেকৈ দৌৰ মৰা স্বভাৱটো এতিয়াৰ নহয়, সৰু কালৰে৷ একেদৰে, আকাশেৰে হেলিকপ্টাৰ,
এৰোপ্লেন, জেট বিমান উৰি অহাৰ শব্দ দূৰতে শুনিলেই হ’ল, মুকলিলৈ দৌৰ মাৰোঁ৷ বেলিটো হাতেৰে ঢাকি জুপি
জুপি ওপৰলৈ চাওঁ৷ তেতিয়াও, আজিও৷ স্বভাৱ সলনি নহ’ল৷ সেয়ে এতিয়াও…
খ্ৰীষ্টমাছ ইভ আজি৷ ভালেকেইখন গাড়ী, বাইক, স্কুটী
শাৰী পাতি ধীৰ গতিৰে গৈ আছে৷ বেলুন, ফুল, ধুনীয়া সাজত মানুহবোৰ৷ একেবাৰে আগত সজাই নিয়া
ট্ৰাকখনত ড্ৰামছ, গীটাৰ, কী-ব’ৰ্ড বজাই কেইজনমান যুৱক-যুৱতী, ল’ৰা-ছোৱালী৷ মেৰী খ্ৰীষ্টমাছ, প্ৰেইজ দা লৰ্ড …চিঞৰি গৈছে৷ গাই গৈছে... হাৰ্ক
দা হেৰাল্ড এনজেলছ চিং, অ’হ কাম অল য়ি, ৱানচ ইন ৰয়েল ডেভিদচ,
চাইলেণ্ট নাইট হ’লী নাইট, ৰুম ফৰ দিই...৷ ডনবস্ক’ চাৰ্চৰ এইসকল কেথলিক লোক৷
অলপ পিছত আৰু এটা প্ৰচেচন আহিল৷ একেই আনন্দ-উল্লাস
বৰদিনৰ৷ সিহঁতেও চিঞৰি গৈছে… মেৰী খ্ৰীষ্টমাছ, গড ব্লেছ৷ বৃন্দগান গাইছে... অল হেইল দা
পাৱাৰ অব জিজাজ নে’ম, জয় টু দা ৱৰ্ল্ড, ৰিজইচ এণ্ড
বি গ্লেড, টু আছ এ চাইল্ড, হোৱাইল চেফাৰ্ডছ ৱাশ্ব৷ এইটো সমদল বেপ্তিষ্ট চাৰ্চৰ৷
চাণ্টাক্লজে হাত জোকাৰি অভিবাদন জনাইছে, আশীৰ্বাদ
দি গৈছে৷ যীশুৰ আগমনৰ বাৰ্তাই, খ্ৰীষ্টমাছ অহাৰ বাতৰিয়ে সন্ধিয়াৰ সময়খিনি উষ্ণ আৰু মধুময় কৰি
তুলিলে৷
একেই খ্ৰীষ্টান, একেখনেই বাইবেল, যীশু একেজনেই৷
দৰাচলতে কথাবোৰ একে ভাবনাৰে৷ গুৰি কথাও একেটাই৷ হ’লেও...
অলপ পিছত ঘৰ সোমাওঁতে অন্য এটা কথা মনত পৰিল৷
শংকৰ জন্মোৎসৱ উদ্যাপনৰ সময়৷ এটা প্ৰচেচন আহিছিল৷
বৰনামঘৰৰ তত্ত্বাৱধানত স্থানীয় নামঘৰকেইটাৰ ভক্তপ্ৰাণ ৰাইজে মিলি খোল-তাল-বৰকাঁহ বজাই
নাম-প্ৰসংগ কৰি ৰাস্তাৰে গৈ আছিল৷ আই-মাতৃসকলে হাত-চাপৰি বজাই গাইছিল... শংকৰ গুৰু
আমাৰে মাধৱ গুৰু আমাৰে…
ঘণ্টাদিয়েক পিছত আকৌ এটা প্ৰচেচন৷ সেয়া শংকৰদেৱ
সংঘৰ৷ একেই ধুতী-পাঞ্জাৱী-গামোচা, খোল-তাল-বৰকাঁহ৷ ভক্তসকলে উলাহেৰে গাইছিল... লুকাই
আছা দেখা নেদা মণিকূটৰ সিপাৰে...
একেই বৈষ্ণৱ, একেই ভাগৱত শোভাযাত্ৰা, শংকৰগুৰু
একেজনাই৷ দৰাচলতে কথাবোৰ একে ভাবনাৰে৷ গুৰিকথাও একেটাই৷ হ’লেও...
আমি ঘৰত ধূপ জ্বলাওঁ, ধুনা দিওঁ৷ দেৱালীৰ দিনা
স্ফূৰ্তিতে আমাৰ ল’ৰা-ছোৱালীয়েও ফটকাকেইটামান ফুটুৱায়,
ফুলজাৰীকেইডালমান জ্বলায়৷ তেনেকুৱা মুহূৰ্তত ইছেনথাং আহি ওলায়৷ ইহঁতকেইটাই ব’ম ফুটুৱা দেখি কিবাকিবি কয়৷ ধূপ
জ্বলোৱা কামটোও তেওঁ সমূলি ভাল নাপায়৷ পূজা কৰা বুলি ভাবে৷ গীৰ্জাৰ কামখিনি কৰোৱাই
তেওঁ গুচি যায়৷
খ্ৰীষ্টমাছ ইভ আজি৷ সন্ধিয়াৰ পৰাই ফটকাৰ শব্দত চৌপাশে তাল-ফাল৷ সৰুৰে পৰা আজি কেইবছৰমানৰ আগলৈকে এনেকুৱা দেখা মনত দেখোন নপৰে৷ এতিয়া মাজৰাতি বিছনাত লেপৰ তলত সোমাই থাকিও গম পাই গৈছোঁ ইছেনথাংহঁতৰ আতচবাজী৷ হাজাৰী, এট’ম ব’ম আৰু কিবাকিবি৷ এতিয়া খ্ৰীষ্টমাছ বুলি তেওঁলোকেও ফটকা ফুটায়৷
ফটকাত ধৰ্মৰ ষ্টিকাৰ মৰা নাথাকে৷ দৰাচলতে কথাবোৰ
একোৱেই নাই৷ গুৰি কথাও একেটাই৷ হ’লেও...
ৰাতিপুৱা উঠিয়ে নিশা জমা হৈ থকা জাবৰবোৰ পেলোৱা,
পিছফালে চোতালত সৰি পৰি থকা জলফাইকেইটা বুটলা, ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰা, পানী তপতাপৰ
বাবে চালিখনৰ তলত জ্বলোৱা জুইকুৰাত কিছু সময় হাত-ভৰি সেকা… নিত্যনৈমিত্তিক কাম৷ বাহিৰ ওলাওঁতেই
গোবিন্দ শৰ্মাই সিফালৰ পৰা সম্ভাষণ জনালে... মেৰী খ্ৰীষ্টমাছ৷ ময়ো ক’লোঁ... মেৰী খ্ৰীষ্টমাছ এণ্ড
হেপী নিউ ইয়েৰ৷ তেনেকুৱাতে পুত্ৰই মাত দিলে... আজি আবেলি বেনিংল’হঁতৰ ঘৰলৈ যাম দেই৷ মই সুধিলোঁ… মাতিছে জানো? সি ক’লে... খ্ৰীষ্টমাছত মাতিব লাগেনেকি?
ঈদত আমি মাতোঁ নেকি কিবা? আহিলেই হ’ল, গ’লেই হ’ল৷ যাম মুঠতে৷ ওলাবা৷
আচলতে কথাবোৰ একোৱেই নাই৷ হ’লেও...
No comments:
Post a Comment