শনিবৰীয়া ‘মোৰ আলহী’ত আগ বঢ়াবলৈ লৈছোঁ এটা ধাৰাবাহিক ভ্ৰমণ কাহিনী৷ শিৰোনাম...
‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা’৷ কাহিনীভাগৰ বৰ্ণনা মোৰ এজন
অগ্ৰজ ভ্ৰাতৃপ্ৰতিম বন্ধু শ্ৰী সুপ্ৰিয় ৰয়ৰ৷ সুপ্ৰিয়দা আমাৰ বাল্যকালৰ চিনাকি৷ তেওঁৰ
সৈতে অন্তৰংগতাও সেই তেতিয়াৰে৷ ডিফু বজাৰৰ মাজ-মজিয়াত থকা, এসময়ত দেউতাকে চলোৱা দোকানখনেই
আছিল ল’ৰালিত আমি খেলৰ সামগ্ৰী বিচাৰি
যোৱা ঠাই৷ সুপ্ৰিয়দাও তেতিয়াৰে পৰাই ‘খেল-পাগল’৷ তাৰ পিছত এদিন হৈ পৰিল ‘আমেৰিকা-পাগল’৷ প্ৰথমবাৰত যাব নোৱাৰাৰ দুখ৷
তাৰ পিছত দুবাৰকৈ আমেৰিকা ভ্ৰমণ, কানাডা ভ্ৰমণ; জাৰ্মানী, ইংলেণ্ড আৰু কিবাকিবি৷ তেওঁৰ
মুখত শুনো লচ এঞ্জেলচ, ইণ্ডিয়ানাপলিচ, কেলিফৰ্ণিয়া, ষ্টেনটন, ইৰভিন, এনাহেইম চিটি,
লণ্ডন, ফ্ৰেংকফুৰ্টৰ নানানটা কথা; হ’লীউড, ডিজনীলেণ্ড, লচ ভেগাচ, ভেনিচ, হাণ্টিংটনৰ জীৱন্ত
বৰ্ণনা৷ সেই কথাবোৰেই অৱশেষত এজাপ কাগজত তেওঁ লিখি আনি দিছে৷ অৱশ্যে সেইখিনি পাবৰ বাবে
মানুহটোক অনেক ৰেপিব লগা হ’ল! সুপ্ৰিয়দা সহজ-সৰল, পৰোপকাৰী আৰু উৎসাহী মানুহ৷ কুইজ মাষ্টাৰ৷
এজন সুবক্তাও৷ তেওঁক মই ‘ভদ্ৰলোক মানুহ’ আখ্যা দিওঁ৷ তেওঁৰ কথাৰেই এই
ভ্ৰমণ কাহিনী ‘অকব’ৰ পাঠকসকললৈ সাদৰেৰে আগ বঢ়ালোঁ৷
ইয়াত ৰৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে আগতীয়াকৈ ক্ষমা বিচৰাৰ লগতে উনুকিয়াই দিবৰ
বাবে সুপ্ৰিয়দাৰ হৈ অনুৰোধ জনাই থ’লোঁ৷ মোৰ কথা ইমানেই৷ এতিয়া সুপ্ৰিয়দাৰ কথা...
মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা
(এক)
মই জীৱন বীমা নিগমৰ এজন এজেণ্ট, ডিফু শাখাৰ৷ মোৰ
দেউতা স্বৰ্গীয় সুবোধ কুমাৰ ৰয় ব্যৱসায় সংক্রান্তত আনুমানিক ১৯৪৯-৫০চনমানত ডিফুলৈ আহিছিল৷
বৰ্তমান ডিফু বজাৰৰ ‘ৰয় বেকাৰী’ থকা ঠাইখিনিতে আমাৰ এখন দোকান
আছিল৷ নাম আছিল ‘তনুজা ষ্ট’ৰছ’৷ সকলো প্ৰকাৰৰ ষ্টেচনাৰী, অফিচ
ষ্টেচনাৰী, খেলা-ধূলাৰ সামগ্ৰী ইত্যাদি পোৱা তেতিয়াৰ ডিফু চহৰৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান৷
২৫বছৰ ব্যৱসায় চলোৱাৰ পিছত কিছুমান এৰাব নোৱাৰা কাৰণত উক্ত স্থান ত্যাগ কৰিবলগীয়া হৈছিল৷
ব্যৱসায় পৰিচালনাৰ লগতে আমাৰ দেউতা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত
আছিল৷ ফলস্বৰূপে মোৰ ওপৰত সৰুৰে পৰাই ব্যৱসায় চোৱা-চিতাৰ দায়িত্ব ভাৰ পৰিছিল৷ তেতিয়াৰে
পৰাই যিমানখিনি পাৰোঁ দৃঢ়তাৰে এতিয়ালৈকে সেই দায়িত্ব পালন কৰি আছোঁ৷ সামাজিক কৰ্মত
ব্ৰতী হোৱাৰ বাবে ২০০২চনত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা দেউতাক ৰাজহুৱাভাৱে
সম্বৰ্ধনা জনোৱাও হৈছিল৷ ১৯৭৯চনত হোজাইত অনুষ্ঠিত চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত কাৰবি
আংলং জিলাৰ টীম মেনেজাৰ হিচাপে দেউতাই কাৰবি আংলং ক্রীড়া সন্থাই দিয়া দায়িত্ব সুচাৰুৰূপে
পালন কৰিছিল আৰু সেইবাৰ দলটো চেম্পিয়ন হৈছিল৷ সামাজিক কৰ্মৰ জৰিয়তে দেউতাই অৰ্জন কৰা
সাফল্যই আমাক আজিও প্ৰভূত আনন্দ দিয়ে৷
জীৱন বীমা নিগমৰ ডিফু শাখাটোৰ জন্মলগ্নৰ আগৰে পৰাই
মই এজেন্সি চলাই আছিলোঁ৷ তেতিয়া আমাৰ শাখা আছিল হোজাই৷ ১৯৮৮চনৰ অক্টোবৰ মাহত ডিফু শাখাৰ
জন্ম হয়৷ বৃত্তি বিষয়ক মোৰ এই কথাখিনি এইবাবে ক’ব লগা হৈছে যে এই বৃত্তিটোৰ জৰিয়তেই মই দেশ-বিদেশৰ
বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰা আৰু চোৱাৰ সুযোগ পাইছোঁ৷ এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হৈছে,
এল.আই.চি.ৰ এজেণ্ট হ’লেই বিদেশ ভ্ৰমণলৈ যাব পাৰেনে?
ই আকৌ বেংকক, মালয়েছিয়া, ডুবাই, ৰাছিয়া বা বুলগেৰীয়া নহয়; সাক্ষাৎ আমেৰিকা, যাৰ ভিছা
বেলেগ দেশৰ নাগৰিকে সহজে নাপায়৷ বহুতো ভাৰতীয় নাগৰিকে আমেৰিকাৰ ভিছা পাবৰ বাবে আৱেদন
কৰি নিৰাশ হোৱাও দেখা যায়, বিশেষকৈ নাইন-ইলেভেনৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্রমণৰ পিছত৷
(পৰৱৰ্তী অংশ অহা শনিবাৰে)
No comments:
Post a Comment