Thursday, 11 December 2014

আচল খেল আৰম্ভ হবহে এতিয়া
(গল্প নহয়, সত্য)

অৱশেষত সৰ্বশেষত বুলিলেও শেষ হোৱা নাই৷ আচল খেল আৰম্ভ হবহে এতিয়া৷ ১৪খন খেলত সৰ্বনিম্ন ১৫ পইণ্টেৰে কাৰ্যতঃ নৰ্থ ইষ্ট ইউনাইটেড এফ.চি.য়ে চলিত চিজনৰ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগৰ অভিযান সামৰিলে ঠিকেই৷ পিছে আই.এছ.এল.এ আমদানি কৰা উন্মাদনাই ফুটবলকযে জগাই তুলিছে তাৰ উদাহৰণ জলজল-পটপট৷

কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত আদিশহঁতৰ আজি পৰীক্ষা শেষ হ’ব৷ কাইলৈ সিহঁতৰ চেকচন এইট বি আৰু এইট এ’ৰ মাজত ফুটবল মেচ৷ পৰীক্ষাটো শেষ হোৱালৈহে যেন বাট চাই আছিল গোটেইকেইটাই! এইট বিৰ ইয়েই বোলে কেপ্টেইন৷ প্লে’য়াৰ লিষ্ট লিখা বহীখনৰ পাতটো এদিন চকুত পৰিল৷ পঢ়ি চালোঁ৷ আদিশ, অনুৰাগ, সন্দীপন, লংকিৰি, হাৰাতা, আশুতোষ, ৰাহুল, ধনঞ্জয়, থেমান, বিমল, সাগৰ, লংমিজি, ব্ৰজেশৰ নাম৷ জাৰ্চি নাম্বাৰ, প্লে’য়িং পজিচনো ঠিক হৈ আছে৷ আদিশ ষ্ট্ৰাইকাৰ৷ জাৰ্চি নাম্বাৰ টেন৷ বহীখনৰ আন এটা পাতত ফৰ্মেচন মেপ৷ প্ৰথমে ঠিক কৰিলে চাৰি-দুই-চাৰি৷ পিছত সলনি হ’ল৷ অ’ফেনচিভ ফৰ্মেচন৷ টীমৰ নাম এটাও দিছে৷ ব্লু ৰিৱেলিয়ন৷ থিম হৈছে ‘অ’ফেন্স ইজ দ্যা বে’ষ্ট ডিফেন্স’৷ এমব্লেম এটাৰো জুমুঠি প্ৰস্তত কৰি উলিয়াইছে, লংকিৰিয়ে৷ জাৰ্চিৰ ৰং হ’ব নীলা৷ মুঠতে নীলা ৰঙৰ যিকোনো সাজ হ’লেই হ’ল৷ টেগ’ৰ হাউচৰ নীলা স্পৰ্টিংটোৰেও কাম চলি যাব৷ খেলৰ স্থান ষ্টেডিয়াম ফিল্ড৷ স্কুলৰ সমীপৱৰ্তী কলেজ ফিল্ড আৰু দূৰৈৰ কাছা ষ্টেডিয়ামক লৈ সিদ্ধান্তৰ খেলিমেলি এটা চলি আছিল৷ পিছত ফাইনেল হ’ল৷ ষ্টেডিয়ামতহে খেলিব৷ প্ৰফেচনেল ফুটবল ক্লাব গঠনৰ বাবে নিজা খেলপথাৰ, ফুটবল একাডেমী একোখনৰ পৰা আৰম্ভ কৰি কি কি দৰকাৰ, সেয়া এতিয়া ইহঁতে ক’ব পৰা হৈছে৷ হওক-নহওক, চিন্তাক ফুটবলমুখী কৰি এইবোৰ লিখি উলিয়াব পৰা হৈছে৷ ইণ্টাৰনেশ্যনেল গে’মৰ সময়সূচী অনুসৰণ কৰি খেলখন নব্বৈ মিনিটীয়াই হ’ব৷ পঞ্চলিশ-হাফ টাইম-পঞ্চলিশ৷ স্কুল ছুটীৰ পিছত আজি আবেলি ফাইনেল প্ৰেকটিছ চলিব ব্লু ৰিৱেলিয়নৰ, কাইলৈৰ বাবে৷ আনহাতে এই খেলখনক লৈ একে ক্লাছৰ আস্থা, পেংছ’মিৰ, জিৰবনহঁতৰ মাজতো বিপুল উৎসাহ৷ সিহঁতে হেনো চিয়েৰ গাৰ্লছ হিচাপে উপস্থিত থাকিব৷ ৰেফাৰিঙৰ ভাৰ মোৰ ওপৰত দি থৈছে! ক্লাছ ফাইভৰ ছাত্ৰী আনিছাৰ আইডিয়ামতে ৰে’ড কাৰ্ড-য়েল্ল’ কাৰ্ডো ইতিমধ্যে তৈয়াৰ কৰি পেলাইছে ড’হাৰ পৰা ডাক্তৰ ভূপেন শইকীয়া দাদাই এদিন উপহাৰ স্বৰূপে দিয়া স্ক্ৰেপ ব’ৰ্ড জোখত কাটি৷ ফুটবল, বুট আদি আছেই৷ বুট নাথাকিলে বেলেগ সুবিধাজনক স্পৰ্টচ শ্বুৰেও খেলিব পাৰিব৷ 

আই.এছ.এল., ই.পি.এল.ৰ প্ৰভাৱত ল’ৰাহঁতৰ মন ফুটবলমুখী হৈ উঠিছে৷ গতিকে খেল আৰম্ভ হ’বহে এতিয়া৷ ইফালে ফুটবল নে পিকনিক? দ্বন্দ্ব এটা চলিব লাগিছে ৰেফাৰীৰ মনোজগতত!

আই.এছ.এল.ৰ জৰিয়তে অহা ফুটবল উন্মাদনাই পুনৰুজ্জীৱিত কৰিছে স্থানীয় ইলেভেন ষ্টাৰ এফ.চি.কো৷ ‘জাৰ্মানী পাগল’ পুতুলদাৰ চোতালত আকৌ উখল-মাখল পৰিৱেশ৷ সকলোকে লাগে ফুটবল, কেৱল ফুটবল, ঘৰুৱা ফুটবল৷ ১৯৭৯ৰ ক্লাবটোৱে নকৈ প্ৰাণ পাই উঠিছে৷ আমাৰ দেশখনে ফুটবলত উন্নতি সাধিবলৈ হ’লে শিশুসকলে ফুটবল খেলিবই লাগিব৷ জন্মদিনত সিহঁতক কিছুমান অদৰকাৰী উপহাৰ দিয়াৰ পৰিৱৰ্তে হাতত তুলি দিব লাগিব ফুটবল, বুট আৰু অন্যান্য সামগ্ৰী৷ শিশুসকলক ফুটবলমুখী কৰি তোলাৰ প্ৰক্রিয়াকে মূল লক্ষ্য হিচাপে লৈ ইলেভেন ষ্টাৰৰ সাংগঠনিক দিশৰ কাম-কাজ আগুৱাই থকা হৈছে৷

কেইবাগৰাকীও ব্যৱসায়ী আৰু জুবিন গাৰ্গৰ অংশীদাৰিত্বত সিদিনা গুৱাহাটী এফ.চি.য়েও জন্ম লভিলে৷ দেশৰ অন্যান্য প্ৰান্তত পেছাদাৰী ফুটবলক আগুৱাবলৈ আৰু কিমান কি প্ৰস্তুতি চলিব ধৰিছে সকলো তথ্য স্বাভাৱিকতে হাতত নাই৷ কিন্তু এই ধৰণৰ সকলোবিলাক উত্তৰণকে শুভ লক্ষণ বুলি একে আষাৰে ক’ব পাৰি৷ উত্তৰ-পূবত ফুটবলক সাৰ পোৱাবলৈ শ্বিলং লাজং এফ.চি.য়ে দেখুওৱা পদাংক অনুসৰণ কৰি সকলোৱেই নিষ্ঠাৰে হাতে-কামে লাগি যাব লাগে৷ ফুটবলক লৈ যাব লাগে বিশ্ব পৰ্যায়লৈ৷

আশা কৰোঁ, আমাৰ ফুটবলৰ স্বাস্থ্য ভাল হ’ব, যিহেতু আচল খেল আৰম্ভ এতিয়াহে হ’ব৷






No comments:

Post a Comment