এভাৰেষ্ট
(গল্প নহয়, সত্য)
‘প্ৰান্তিক’খন ঘৰ আহি পালেই হেঁপাহেৰে পাত লুটিয়াওঁ৷ শ্ৰী মনীষ কুমাৰ
ডেকা ডাঙৰীয়াৰ ‘এভাৰেষ্ট শৃংগত বিশ মিনিট’ শীৰ্ষক লেখাটো সৰ্বপ্ৰথমে পঢ়ো৷
এডভেন্সাৰাচ মনটোৰ স্বনিৰ্বাচিত সেই ৰচনা পঢ়াৰ পিছতহে শান্তি৷ তাৰ পিছত লেখকলৈ এটা
এছ.এম.এছ. কৰাৰ কাম৷ সিফালৰ পৰা লেখকেও লগে লগে প্ৰত্যুত্তৰ দিয়ে৷ তেনেকৈয়ে এদিন তেখেতে
আগতীয়াকৈ জনালে, দীঘলীয়া লেখাটো কিতাপ আকাৰে চিত্ৰসহ ওলাব৷ সেই দিনটো আহি উপস্থিত৷
আজিয়েই সেই বিশেষ ২২ডিচেম্বৰ দিনটো৷ গুৱাহাটী প্ৰেছ ক্লাবত আজি দিনৰ ১০.৪৫বজাত হোমেন
বৰগোহাঞি ডাঙৰীয়াই শ্ৰী মনীষ কুমাৰ ডেকাৰ ‘এভাৰেষ্টত বিশ মিনিট’ গ্ৰন্থখন উন্মোচন কৰিব বুলি খবৰ পাইছোঁ৷
নেপাল হিমালয়ৰ অন্তৰ্গত ৮,৮,৪৮মিটাৰ উচ্চ, বিশ্বৰ
সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা শ্ৰী মনীষ কুমাৰ ডেকা অসমৰ দ্বিতীয়জন পৰ্বতাৰোহণকাৰী৷
২০১৩চনৰ ২৪মে’ তাৰিখে পুৱা ৫.৪৪বজাত তেখেতে ‘সাগৰ মাথা’ত নিজৰ ভৰি থ’বলৈ সমৰ্থ হৈছিল৷
নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৃষ্ঠপোষকতাত গঠিত ফাৰ্ষ্ট
নৰ্থ ইষ্ট ইণ্ডিয়ান এভাৰেষ্ট এক্সপিডিচনৰ সদস্য শ্ৰী ডেকাই মণিপুৰ চৰকাৰৰ সাহায্যপ্ৰাপ্ত,
ইম্ফলৰ মিনুথংগত অৱস্থিত মণিপুৰ মাউণ্টেনিয়াৰিং এণ্ড ট্ৰেকিং এছছিয়েশ্যনৰ তত্ত্বাৱধানত
সফলভাৱে অভিযান চলাই বাল্যকালৰ স্বপ্ন সাকাৰ কৰিবলৈ সক্ষম হয়৷
এভাৰেষ্ট অভিযানক লৈ ১৬-৩১অক্টোবৰ ২০১৪ সংখ্যাৰ
পৰাই ‘প্ৰান্তিক’ৰ পাতত প্ৰকাশ পাই আহিছে ‘এভাৰেষ্ট শৃংগত বিশ মিনিট’ শীৰ্ষক তেখেতৰ ধাৰাবাহিক লেখা,
যিটো মোৰ বাবেও বৰ প্ৰিয় হৈ উঠিছে৷ ইয়াৰ মাজেৰে পৰ্বতাৰোহণ সম্পৰ্কীয় বহুতো নজনা কথা
জানিব পাৰিছোঁ৷ তাকো এনে এজন ব্যক্তিৰ পৰা, যি নিজে এভাৰেষ্ট জয় কৰি আহিছে, যথেষ্ট
অভিজ্ঞতা সঞ্চয় কৰি আনিছে৷ এতিয়া কিতাপ আকাৰে ওলাবৰ পৰত পুৱাতেই লেখকলৈ আন্তৰিক অভিনন্দন যাচিলোঁ৷
লগতে দলপতি ডাক্তৰ এল. সুৰজিত প্ৰমুখ্যে মাউণ্টেনিয়াৰসকলৰো শলাগ ল’লোঁ৷
‘প্ৰান্তিক’ত এভাৰেষ্টৰ বিষয়ে পঢ়িবলৈ পোৱাৰ সমসাময়িকভাৱে টেলিভিচনৰ
পৰ্দাতো উপভোগ্য হৈ উঠিছে ‘এভাৰেষ্ট’৷ এনেয়ে টিভিৰ পৰা নিজকে নিলগত
ৰাখোঁ যদিও সময়-সুযোগ মিলিলে ষ্টাৰ প্লাচৰ জৰিয়তে নিশা দহবজাত সম্প্ৰচাৰিত সেই ধাৰাবাহিকখন
চাবলৈ বহা হৈছোঁ৷ ৰোমাঞ্চকৰ কাহিনীটোত অঞ্জলি নামৰ যুৱতীজনীয়ে দেউতাকৰ ইচ্ছাৰ বিপৰীতে,
বিনানুমতিত এভাৰেষ্ট আৰোহণৰ বাবে যাত্ৰা কৰিছে৷
মনে বিচৰা এই দুয়োটা কথাই মোক বৰকৈ
আনন্দ প্ৰদান কৰি আছে৷
No comments:
Post a Comment