শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ শ্ৰীমতী
মঞ্জু টেৰণপীৰ এটি কবিতা৷ সাহিত্য আৰু সাংবাদিকতাৰ সৈতে সুদীৰ্ঘ কালৰে পৰা জড়িত, ডিফু
নিবাসী শ্ৰীমতী টেৰণপীৰ একে নামৰ প্ৰস্তাৱিত কবিতা পুথিখনৰ পাণ্ডুলিপিৰ পৰা এই কবিতাটো
‘অকব’ৰ পাঠকৰ বাবে উদ্ধৃত কৰিলোঁ৷
এচোতাল শেৱালি
তোমাৰ বাবে
তোমাৰ বাবে থৈছিলোঁ এচোতাল শেৱালি
তুমি আহিবা
শীতল এছাটি মলয়া বতাহ হৈ,
মোৰ পদূলিৰ জপনাখন খুলি আহি আলফুলে
শৰীৰ স্পৰ্শ কৰিবা,
হৃদয়ৰ দুৱাৰ খুলি সোমাই আহিবা৷
কথাবোৰ ভাবি ভাবি
অধীৰ অপেক্ষাত ৰৈছিলোঁ, গোটেই নিশা;
এই ৰাতি পুৱায়
এই ৰাতি পুৱায়৷
ৰাতি পুৱাল৷
সকলো আশা আৰু অপেক্ষাক নস্যাৎ কৰি
তুমি ওলালাহি তেজেৰে লুতুৰি-পুতুৰি
বিভৎস চেহেৰা এটি লৈ৷
জিৰিকেন্দেঙৰ চাৰচিম, প্ৰিচেকত
এখন নহয়, দুখন নহয়
তিনিখন বাছৰ নিৰীহৰ তেজেৰে
ফাকু খেলি আহিছা!
জপনা আৰু নুখুলিবা,
বাহিৰতে থাকা৷
তোমাক দেখি মোৰ চোতালৰ বগা শেৱালিবোৰ!
ৰঙা পৰি গ’ল অপাৰ বিস্ময়ত৷
এটা প্ৰশ্ন কৰোঁ,
বাহিৰৰ পৰাই তুমি উত্তৰটো দিবা--
আদিম নৃশংসতাৰ সীমা চেৰাই
লভা তোমাৰ পৈশাচিক আনন্দত
তুমি পৰিতৃপ্তনে?
বুকুত হাত থৈয়ে কিন্তু উত্তৰটো দিবা৷
যদি কোৱা, তুমি পৰিতৃপ্ত
তেন্তে,
মই ক’ব লাগিব--
তুমি তোমাৰ বিবেকক হেৰুৱাই পেলালা৷
No comments:
Post a Comment