শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটি চুটি লেখা৷ ডিফুৰ ক্লিৰদাপ শংকৰদেৱ
শিশু বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা মোৰ ভাগিন ছাহিলে (আচল নাম তনবীৰ
জে. আহমেদ) কথাখিনি লিখি দিছে৷ ‘অকব’ৰ পাঠকৰ বাবে এই লেখা আগ বঢ়ালোঁ৷
‘মোৰ জীৱনৰ এটি মধুৰ দিন’
সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে এদিন আমি ডিমাপুৰলৈ
গৈছিলোঁ৷ ডিফুৰ পৰা দিনৰ বাৰবজাত সৰুমামাৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ সেই যাত্ৰাৰ
যাত্ৰী আছিল মোৰ সৰু মামা, সৰু মামী, তেওঁলোকৰ সৰু ছোৱালী আবিৰ, মোৰ মা আৰু মোৰ ডাঙৰ
মামাৰ ল’ৰা আদিশ৷ গাড়ীৰ পিছৰ ছিটত বহি
আদিশ আৰু মই এই যাত্ৰাটো অধিক মধুৰ কৰি তুলিছিলোঁ৷ ভাই-ককাইৰ সম্পৰ্ক বাদ দি দুয়োটাই
দুয়োটাৰ প্ৰকৃত বন্ধু হিচাপে দিনটো কটাই অধিক আনন্দ লাভ কৰিলোঁ৷ লগতে আমি দুয়োটাই এনে
কিছুমান দুষ্টামি কৰিছিলোঁ যে তেনে দুষ্টামি কৰিবলৈ আন কাৰো সাহস হয়তো নহ’ব৷ এতিয়া সেই মধুৰ ক্ষণৰ বৰ্ণনালৈ
আহোঁ৷
দুঘণ্টা বেয়া ৰাস্তা অতিক্রম কৰি আমি নাগালেণ্ডৰ
ব্যৱসায়িক চহৰ ডিমাপুৰত উপস্থিত হওঁ৷ প্ৰথমে আমি ফলমূলৰ দোকানত সোমাই কিছুমান ফলমূল
কিনিলোঁ৷ তাৰ ভিতৰত আছিল ডাঙৰ ডাঙৰ একাষি কেঁচা কল আৰু টেঙা টেঙা কমলা৷ সেইদিনাখন ডিমাপুৰত
ভৰি দিয়েই ফলমূলৰ দোকানখনত ঠগন এটা খালোঁ৷ মনলৈ ভাব আহিল যে আগত গৈ আৰু ঠগনযে নাখাম
তাৰ কোনো মানে নাই৷
তাৰ পিছত আমি উপস্থিত হওঁ ডিমাপুৰত অৱস্থিত ‘কিং স্পৰ্টছ’ নামৰ এখন দোকানত৷ আদিশৰ বাবে
বেডমিণ্টন ৰেকেট কিনিবলৈ তাত সোমালোঁ৷ ৰেকেট, শ্বাটল, ৰিষ্ট বেণ্ড ক্রয় কৰি তাৰ বিপৰীত
ৰাস্তাত অৱস্থিত ‘জেক এণ্ড জিল’লৈ যাওঁ৷ ‘জেক এণ্ড জিল’ হ’ল নাগালেণ্ডৰ ভিতৰতে আটাইতকৈ
ডাঙৰ শ্বপিং মল৷ ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়৷ যেনে সৰু ল’ৰা-ছোৱালীয়ে খেলিব পৰা সামগ্ৰী,
ডাঙৰ মানুহৰ প্ৰয়োজনীয় কাপোৰ ইত্যাদি৷ সেই বিখ্যাত শ্বপিং মলৰ ভিতৰত আদিশ আৰু মই দুষ্টামি
আৰম্ভ কৰোঁ৷ সেই দুষ্টামিৰ সূত্ৰপাত ঘটিছিল এখন মটৰ বাইকক লৈ৷ বাইকখন বিদ্যুতচালিত
বেটেৰীৰ দ্বাৰা চলে৷ দাম আছিল চৌত্ৰিশ হাজাৰ টকা৷ আমি দুয়োটাই সেই বাইকখন কেনেদৰেনো
চলে তাক জানিবলৈ নিজে কিছুমান পদক্ষেপ হাতত লওঁ৷ কিন্তু আমি জনা নাছিলোঁ যে বাইকখন
চলাই কেনেকৈ? আমি দুয়োটাই একো চিন্তা-চৰ্চা নকৰি এটা চুইচ টিপি দিলোঁ৷ ফলত বাইকখন নিজে
নিজে চালি গ’ল আৰু এঠাইত খুন্দা মাৰিলে৷ এই
ঘটনা ঘটাৰ লগে লগে তাত থকা কৰ্মচাৰীসকল ওচৰত আহি উপস্থিত হ’ল৷ আমি দুয়োটাই ঘটনাটোৰ বিষয়ে
একো নজনাৰ ভাও জুৰি তৎক্ষণাৎ তাৰ পৰা ফালৰি কাটিলোঁ৷
তাৰ পিছত আমি উপস্থিত হওঁ ‘বিশাল মেগা মাৰ্ট’ত৷ ‘বিশাল’ হৈছে সকলোৰে পৰিচিত এটা নাম৷
ইয়ো এটা শ্বপিং মল৷ ‘বিশাল’ত সোমাই আমি চিধাই তাত ওলোমাই
থোৱা কোটবিলাকৰ ওচৰলৈ গ’লোঁ৷ তাৰ পিছত দুয়োটাই কোনো কৰ্মচাৰীৰ
অনুমতি নোলোৱাকৈ যিটো কোটকে মন যায় সেইটোকে পিন্ধি চালোঁ৷ এটা পিন্ধো, আকৌ খোলোঁ, বেলেগ
এটা পিন্ধো৷ ইটোৰ পিছত সিটোকৈ কোটবিলাক পিন্ধি পিন্ধি আমনি লগাত চশমাৰ ওচৰলৈ গ’লোঁ৷ বেলেগ বেলেগ ধৰণৰ চশমাবিলাক
চকুৰ আগত দেখিবলৈ পালোঁ, হাতেৰে ঢুকি পোৱা অৱস্থাতে৷ তাৰে এযোৰ চশমাৰ দাম আছিল পাঁচ
হাজাৰ টকা৷ আমি দুয়োটাই প্ৰথমে সেইযোৰকে পিন্ধিলোঁ৷ কাৰণ পাঁচ হাজাৰ টকাৰ চশমা, ধেমালি
নেকি? এযোৰৰ পিছত আন এযোৰ চশমা পিন্ধি চালোঁ৷ তাৰ পিছত আমি ডিঅ’ ষ্প্ৰে’বিলাকৰ ওচৰলৈ গ’লোঁ৷ বিভিন্ন ধৰণৰ পাৰফিউম তাত
আছিল৷ কিন্তু কোনো মানুহ দেখা নাছিলোঁ৷ আমি সেই সকলোবিলাক এটা এটাকৈ লৈ গাত মাৰি চালোঁ৷
পেণ্টতো মাৰি চাইছিলোঁ৷ চান্স পাই লেডিজ পাৰফিউমকো নেৰিলোঁ৷ কাৰণ এনেকুৱা সুবিধা আৰু
কেতিয়াও নাহে৷ শ্বপিং মলৰ ভিতৰত এইবোৰ কাম কৰি আমি দুয়োটাই খুব মজা পাইছিলোঁ৷ তাৰ পিছত
খেলা সামগ্ৰী থোৱা ঠাইৰ ফালে ‘বিশাল’ৰে কেইজনমান কৰ্মচাৰীয়ে ফুটবল
এটা খেলি থকা দেখিলোঁ৷ আমিও ওচৰ চাপি গ’লোঁ আৰু অনুমতি লৈ শ্বপিং মলৰ ভিতৰতে তেওঁলোকৰ সৈতে ফুটবল
খেলাত লাগি গ’লোঁ৷
নানা দুষ্টামি কৰি এসময়ত ভাগৰি পৰিলোঁ৷ ঘূৰি আহি
গধূলি সাত বজাত আমি ঘৰ পালোঁ৷ এনেদৰে এটা মধুময় দিনৰ সমাপ্তি ঘটিল৷
No comments:
Post a Comment