বিয়ালৈ নমতাৰ দুখ আৰু আনন্দ
পুত্ৰ-বোৱাৰীসহিত বৰানী বাইদেউ৷ পদূলিমুখতে ৱাগন-আৰখন
ৰখাই দেউতাৰ নাম ধৰি আমাৰ এওঁকেই সুধিছিল হেনো... ‘অমুকৰ ঘৰ কোনটো’ বুলি৷ মই গমেই নাপাওঁ৷ এৱোঁ চিনি নাপায়৷
কাম সামৰি ড্ৰয়িং ৰুমৰ দৰজাখন ঠেলি সোমাই যাওঁতেহে
দেখিলোঁ, আৰে! বাইদেউ দেখোন! লগত পুত্ৰ৷ কাষত সেইগৰাকী নিশ্চয় বোৱাৰীয়েকেই হ’ব৷ দীঘলীয়া নমস্কাৰ এটাৰে আটাইকে
এফালৰ পৰা সাদৰ-সম্ভাষণ জনালোঁ৷ তাৰ লগে লগে মাহদিয়েক পুৰণি দৃশ্য এটা মনৰ পৰ্দাত ভাহি
উঠিল৷
এদিন পুৱা৷ অইন দিনাৰ দৰে মৰ্ণিং ৱাকত ওলাইছোঁ৷
কেঁকুৰীটোতে হওক বৰানী বাইদেউৰ সৈতে দেখাদেখি৷ দূৰৰ পৰাই তেওঁ দেখোন হাত দুখন যোৰ কৰি
মুখৰ আগলৈ আহিল! চকুত ইতস্ততঃ প্ৰকাশক চাৱনি৷ ‘বেয়া-চেয়া নাপাবা আৰু৷ ল’ৰাৰ বিয়ালৈ তোমালোকৰ ঘৰৰ কাকো
মতা নহ’ল৷ পুৰণি মানুহ৷ কেনেকৈযে থাকি
গ’ল! মনটো বৰ বেয়া লাগি আছে অ’৷ দায়-দোষ নধৰিবা দেই৷ মাৰা আৰু
দেউতাৰাকো কথাটো জনাবা আৰু বেয়া পাবলৈ মানা কৰিবা৷’
বাইদেউৰ মনত দোষী দোষী স্পষ্ট ভাব৷ ঘৰ সোমায়েই কথাটো জনাজনি কৰি দিলোঁ৷ মাকো, দেউতাকো৷ আমাৰ বাবে সেইটো অৱশ্যে একো ধৰ্তব্য বিষয় বা পইণ্ট নহয়৷ বিয়ালৈ নামাতিলেই যেনিবা, কিনো ধৰিবলগীয়া আছে তাত? অতীতত তেনেকুৱা আমাৰোতো ঘটি গৈছে! মোৰ বিয়াতেই ৰৈ গৈছিল দেখোন অৰ্চনাহঁতক মাতিবলৈ৷ পিছতহে খেয়াল হ’ল৷ অৰ্চনাৰ মাকে আমাৰ মাক দেখা পালেই আগুচি ধৰি কয়... 'এনেয়েতো বৰ আহিব পাৰ, ল'ৰাৰ বিয়ালৈ হ'লে নামাতিলি? ইমানযে ভাবি আছিলোঁ, বিয়াখন খামগৈ বুলি!' কথাটো এতিয়াও ঘৰত মাজে মাজে ওলায়৷ তেনে হোৱা অনুচিত যদিও পৰিয়ালৰ প্ৰথমখন বিয়াত আয়োজনৰ হেমগেমত অনেক কিছু ঘটে৷ নিজৰ ক্ষেত্ৰত হোৱা গতিকে বৰা পৰিয়ালৰ বৰপুত্ৰৰ বিয়াৰ নিমন্ত্ৰণ নোপোৱা কথাটোও ঘৰত সহজভাৱেই লোৱা হৈ গৈছিল৷ বৰানী বাইদেউৰহে চাগৈ নিজকে বুজাব নোৱাৰা ধৰণে অসন্তুষ্টি এটা থাকি গ’ল৷ ভাব প্ৰকাশত কিবা যেন দোষী দোষী সুৰ এটা লক্ষ্য কৰিলোঁ৷
সেইগৰাকী বাইদেৱেই পুত্ৰ জিতু আৰু বোৱাৰী মাতুসহ আজি বিয়লি আমাৰ ঘৰত পদাৰ্পণ কৰিলে, দায়-দোষ খণ্ডনৰ অভিপ্ৰায়েৰে৷ বিয়লি চাৰে চাৰি বজাৰ পৰা চাৰে সাত বজালৈ তিনি ঘণ্টা সময় আমিও তেওঁলোকক প্ৰতি মুহূৰ্ততে ঘেৰি থাকিলোঁ৷ কথা-বতৰা, আদৰ-আপ্যায়নত যাতে কোনো ত্ৰুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমিও অতিথি সৎকাৰত সময় আৰু হৃদয় দিলোঁ৷ বাইদেউক সহজ কৰিবলৈ মাজে মাজে বিয়াত আমাক নমতাৰ কথাটোও চল পালেই উনুকিয়াই থাকিলোঁ৷ হাঁহি-ধেমালিৰে সন্ধিয়াটো বেছ উপভোগ্য হৈ উঠিল৷ তিনিটা ঘণ্টা কেনেকৈনো পাৰ হ’ল কোনেও গমেই নাপালোঁ৷ বাইদেৱে ‘আজিহে মনটো পাতল লাগিছে’ বুলিবলৈ বাধ্য হ'ল৷ যাবৰ পৰত মান হিচাপে গামোচা এখন আগ কৰি ন-বোৱাৰীজনীয়ে দেউতাৰ আগত আঁঠু লোৱা দৃশ্যটো আছিল বৰ্ণনা কৰিব নোৱাৰা বিধৰ, অতি আৱেগিক৷
পাহৰণিতে হওক বাৰু, বিয়াখনলৈ আমাৰ পৰিয়ালক নিমন্ত্ৰণ
নকৰাৰ বাবে বোৱাৰীসহিত বৰানী বাইদেউক এতিয়া আমাৰ ঘৰত আমাৰ মাজত এনেকৈ অন্তৰংগভাৱে,
দীৰ্ঘ সময়ৰ বাবে পাই বেলেগ ধৰণৰ আনন্দ এটা লাগিল৷ বিয়াখনলৈ মতা হ’লে, গৈও কিজানি এইটো আনন্দ নাপালোঁহেঁতেন৷
গতিকে আটায়ে ঈশ্বৰক ধন্যবাদ দিলোঁ৷ তেৰাই যি কৰে ভালেই কৰে বুলি পতিয়ন গ’লোঁ, আকৌ এবাৰ৷
No comments:
Post a Comment