পাহৰিব নোৱাৰা সেই ভোগালী...
(গল্প নহয়, সত্য)
বিনাচৰীয়া জাতৰে আছিলোঁ আমিবোৰ৷ শব্দটো অভিধানত
নাই পোৱা৷ হ'লেও লিখিছোঁ৷ অৰ্থটো বহুতেই হয়তো জানিব৷ অন্য কোনো শব্দৰে বুজাব নোৱাৰি
ল'ৰালিৰ সেই দুৰ্দান্ত কৰ্ম-কাণ্ডবোৰ৷
ভোগালীৰ আগতেই এবাৰ ঠিক কৰিলোঁ, উৰুকাৰ ভোজ খাম৷
ভেলাঘৰ সাজিম৷ জুই পুৱাম৷
আবেলিটো আহিলেই কিবা নহয় কিবা খেল এটা চলা স্কুল
ফিল্ডখনেই আমাৰ সকলো আলোচনা-বিলোচনাৰ কেন্দ্ৰস্থল৷ ল'ৰাবোৰৰ মিটিং পইণ্ট৷ তাৰে ঘাঁহনিত
মুখামুখিকৈ বহি জল্পনা-কল্পনা চলিল, কেনেকৈ কি হ'ব৷ কাষৰ ৰাস্তাটো পাৰ হৈ সিপাৰৰ হাবিখনেই
মাঘবিহু পালনৰ থলী হিচাপে নিৰ্বাচনত উঠিল৷ প্ৰাকৃতিক পৰিৱেশ৷ অলপ আঁৰ-বেৰো হ’ব৷ ভাল হ'ব৷
দা-কোৰ লৈ হাবি কটা, মাটি সমান কৰাৰ কাম চলিব ধৰিলে,
ভালেকেইদিনৰ আগৰে পৰা৷ পুৱাতেই ১২কিলোলৈ খৰি আনিবলৈ যোৱা, বিয়লি পৰত উভতি অহা গৰুগাড়ীকেইখনক
জনোৱা হ'ল, এনেকুৱা-তেনেকুৱা কথা৷ গতিকে প্ৰত্যেক গাৰোৱানেই মিনিমাম দুডালকৈ শুকান
খৰি আনি দিব লাগিব৷ ৰাস্তাৰ কাষত পেলাই দিলেই হ'ল৷ বাকীখিনি কৰিবৰ বাবে ল'ৰাবোৰ আছে৷
মেজি বুলিলে জুইৰ খেল৷ গোটেই ৰাতি গা গৰম ৰখাৰ কথা৷ গতিকে খৰি লাগিবই৷ আনহাতে নিদিলে কি হ'ব, তাকো সিহঁতৰ চাগৈ ভালদৰে জনা আছে৷ গতিকে 'হাঁ ভাই, হ' যায়েগা' বুলি চব মান্তি হ'ল, কোনেও না নকৰিলে৷ আচল কামটোৱেই হৈ গ'ল যেতিয়া ল'ৰাহঁতৰো উৎসাহৰ মাত্ৰা এখোপ চৰিল৷
মাঘত ভেলাঘৰ সজাৰ কামটো অতি গুৰুত্বপূৰ্ণ৷ তাৰ
খুঁটা, মাৰলিৰ বাবে গছৰ ডাল, বাঁহ আৰু চাবৰ বাবে খেৰ আদি যোগাৰ কৰা হ'ল৷ গোটেইসোপা
ধৰাকৈ আহল-বহল জোখত হ'ব লাগিব৷ ৰাতি ভোজভাত খাই তাতে থকা হ'ব৷ পুৱা পোহৰ হোৱাৰ পৰা
নিশা ভালমতে আন্ধাৰ নোহোৱা পৰ্যন্ত পূৰাদমে কাম চলিব ধৰিলে৷ ইচকুল-চিচকুলটো নায়েই!
সময় চাপি আহিল৷ সময়ৰ সৈতে তাল মিলাই চৰু-কেৰাহী
গোটোৱা, বজাৰ-হাট কৰা আদি কামবোৰো আগ বাঢ়িল৷ চৌকাৰ কাম আৰম্ভ হ'ল৷ অলপমান আঁতৰত দপদপকৈ
একুৰা জুই৷ নিশা ঘন হৈ অহাৰ পিছত পৰম্পৰা ৰক্ষাৰ্থে পাল পাতি পাতি যেনিতেনি ওলাল ইমানপৰে
শৰীৰ তপতাই থকা ল'ৰাহঁত৷ যিয়ে যি পালে জমা দিলেহি৷ সংগৃহীত সম্পদ হস্তান্তৰ কৰাৰ লগতে
অভিযানকাৰীয়ে মনোৰম কাহিনীও শুনাই গ'ল৷
জুইকুৰাক কেন্দ্ৰ কৰি নাচ-গান, হাঁহি-স্ফূৰ্তি
চলি থাকিল৷ চাউণ্ড চিষ্টেম বুলিবলৈ নাই৷ গতিকে চব নিজে নিজেই৷ ঘৰৰ পৰা সাময়িকভাৱে মুক্তি
পাই কোনোবা কোনোবাই চুৰটত হোপাকেইটামান মাৰি চালে, যেন বহুদিনীয়া হেঁপাহ পূৰণ! স্বাধীনতাৰ
সোৱাদ কেনে মিঠা, তাৰেই যেন অনুভৱ! মদৰ প্ৰচলন পিছে সমূলি নাছিল৷ আজিকালি আকৌ এইফেৰি
লাগিবই, নহ'লে নজমে!
খাই-বৈ নিশাটো থলীতে কটোৱা হ'ল৷ পুৱতি নিশা চিধাই অগ্নিসংযোগ৷ শুকান ডাল-পাতে জুইকুৰা হঠাতে ডাঙৰ কৰি পেলালে৷ তাৰ লেলিহান শিখা কাষতে থকা ডিজুহঁতৰ খেৰীঘৰটোৰ ফালে খাওঁ-খাওঁকৈ অগ্ৰসৰ হ'ব ধৰিলে৷ গোটেইখন হৈ-চৈ লাগিল৷ কি হ'ব এতিয়া? কোনো ধৰণৰ আগতীয়া সতৰ্কতাৰ কথাযে ভবাই নহ’ল! সিহঁতৰ বাথৰুমত থকা ড্ৰাম আৰু চৌবাচ্ছাৰ পৰাই পানী কঢ়িয়াই কোনো ৰকম অগ্নি নিয়ন্ত্ৰণ কৰা হ'ল যেনিবা৷ নতুবা সেইদিনা ঘৰটো পুৰি ছাৰখাৰ হ'লহেঁতেন৷ লগতে আন চুবুৰীয়ালৈকো সংকট নামি আহিলহেঁতেন৷ ঈশ্বৰৰ কৃপাত কোনোৰকম বাচিলোঁ যেনিবা!
ঘটনাস্থলীত উপস্থিত হোৱা ডাঙৰ মানুহবোৰৰ প্ৰতিখন
মুখেই আমাৰ ওপৰত অবিৰাম গালিবৰ্ষণ আৰম্ভ কৰিলে৷ চিনিঅ’ৰ লোকৰ গুজৰণিৰ কোবত সেইফালেই
আমি তাপ মাৰিলোঁ৷ পৰিৱেশটো সেমেকা হৈ পৰিল৷ সুযোগ বুজি কোনোবাটো কেনিবাদি উধাও হ'ল৷
ভাগৰ মাৰি পিছদিনাখন আবেলি ভোজনস্থলীলৈ আহি দেখোঁ,
ইমানৰ পিছতো গাৰোৱানে দি যোৱা এগালমান খৰি ৰৈ গ'ল! ‘যাক যিমান লাগে ঘৰলৈ লৈ যা’ বুলি সেউজ সংকেত শুনাই সেইবাৰলৈ
থলী এৰিলোঁ৷
ভোগালী বুলিলে সেই নিশাটোলৈ, সেই জুইকুৰালৈ আজিও
মনত পৰে৷
No comments:
Post a Comment