Saturday, 20 December 2014

বিষয়ৰ অভাৱ নাই, কিন্তু...
(প্ৰতিম প্ৰতাপ বৰুৱা ডাঙৰীয়াৰ অকবত লিখিবলৈ সংকোচবোধ হয়নেকি? শীৰ্ষক ১৮ডিচেম্বৰৰ পষ্টটো পঢ়ি উঠি)

লিখিবলৈ অনেক বিষয় আছে নহয়৷ কিবা এটা বাছি ললেই হল৷ ...কথাষাৰ কৈছিল ডক্টৰ নগেন শইকীয়া ছাৰে৷

২০০৩চনৰ কথা সেয়া৷ শইকীয়া ছাৰ তেতিয়া নতুন দৈনিক কাকতৰ সম্পাদক৷ লেখা এটা হাতে হাতে দিমগৈ বুলি টাইপ কৰি এনভেলপ এটাতে প্ৰিণ্ট আউটটো সযতনে ভৰাই নিছোঁ, নিজৰ কামত গুৱাহাটীলৈ বুলি যাওঁতে৷ চন্দ্ৰকান্ত প্ৰেছ বিল্ডিঙত সোমাই দ্বিতীয় মহলালৈ উঠিলোঁ৷ অফিচ ৰুমৰ ভিতৰত ছাৰ বহি আছে৷ প্ৰায় দহ কি এঘাৰ বছৰৰ পিছত সোঁশৰীৰে, মুখৰ আগত পাইছোঁ৷ মুধা ফুটা ব্যক্তিবিশেষৰ পৰা ইচ্ছাকৃতভাৱে নিজকে আঁতৰাই ৰখাটো মোৰ এটা স্বভাৱ৷ তাতে আকৌ বিৰাজমান চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ! সাহিত্য আৰু সংবাদ জগতৰ অন্য এক দীগগজ৷ দুয়োগৰাকী নমস্য ব্যক্তিয়ে কিবা কথা পাতি আছে৷ অলপ পৰ তভক মাৰি ৰলোঁ৷ একোবত দৰজাখন ঠেলি দিলোঁ৷ তাৰ পিছত অনুমতি ভিক্ষা৷ ছাৰে ভিতৰলৈ মাতিলে, বহুৱালে, কথা পাতিলে, লেখাটো হেঁপাহেৰে হাত পাতি ললে আৰু লগে লগে সাংবাদিক অসীম বৰাক মাতিলে৷ মন কৰিলোঁ, ওপৰত চহী কৰি লিখি দিছে... ২৩জুন তাৰিখৰ সম্পাদকীয় পৃষ্ঠাত বুলি৷ প্ৰাসংগিকতাৰ বিচাৰটো বাৰু বুজি পালোঁ৷ কিন্তু পঢ়ি চালে কি নাচালে, ধৰিবই নোৱাৰিলোঁ৷ লেখাবিলাক কম্পিউটাৰত টাইপ কৰি দিয়াৰ বাবে আমাৰ ডিটিপি অপাৰেটৰৰ সুবিধা হয়, তেওঁলোকে ভাল পায় বুলিও ছাৰে খোলা মনেৰে ব্যক্ত কৰিলে৷ আগৰে পৰাই তেনেকৈয়ে কিবাকিবি লেখা ডাকযোগে পঠাই আহিছোঁ৷ চাৰিদিনৰ পিছত সেইটো ওলাল৷ সেয়া বেলেগ কথা বাৰু৷ আচল বিষয়লৈ আহোঁ এতিয়া৷

শইকীয়া ছাৰেই তেতিয়া কৈছিল ওপৰৰ বাক্য দুটা৷ তেতিয়া সেইটো ইমান গভীৰভাৱে বিচাৰ কৰি চোৱা নাছিলোঁ৷ লাহে লাহেহে উপলব্ধি হল৷ হয়, লিখিবৰ বাবে কিমানযে বিষয় আছে চকুৰ সন্মুখতে, নিজৰ দৈনন্দিনতে! যিকোনো এটা বাছি ললেই হল৷ কথাটোচোন একেবাৰে সত্য৷

মানুহ মাত্ৰৰে চিন্তা কৰিব পৰা শক্তি আছে, দৃষ্টিভংগী আছে৷ তাকে লৈ অদৃশ্য কলমেৰে অদৃশ্য কাগজত আমি কিবাকিবি অনৰ্গল লিখিয়েই নাথাকোঁজানো? হয়নে নহয় গমি চাওকচোন, এইখিনিতে অলপপৰ ৰৈ৷ পুৱা শুই উঠাৰে পৰা নিশা শোৱা পৰ্যন্ত এই কাৰবাৰটো অহৰহ চলিয়েই থাকে৷ কিমানবোৰ বিষয়যে দিনটোত আমি ভাবোঁ, চিন্তা কৰোঁ! তাৰে কোনোবাটো কোনোবা সময়ত ধৰি ৰাখিব পাৰিলে, লিখি উলিয়াব পাৰিলেই হৈ যায় কিবা এটাৰ জুমুঠি৷ কিন্তু, ভাবনাৰ পৰা কাগজলৈ বা আজিকালি কম্পিউটাৰৰ স্ক্ৰীণলৈ সেইখিনি ওলাই আহিবৰ বাবে মনটোক শক্তিশালী কৰি ৰখাটো প্ৰথম চৰ্ত, যাতে সেই ভাব ধৰি ৰখাত কোনো ধৰণৰ বাধাই কাবু কৰিব নোৱাৰে৷ অনাকাংক্ষিত তেনে বাধা-বিঘিনিৰ সৈতে চলা দুৰ্জেয় যুঁজখনত জয়ী হব পাৰিলেই কিবা এটা সৃষ্টি হৈ যায়৷ আপুনি বিজয়ী হৈ যায়৷ সংযোগ-বিয়োগ ইত্যাদি পিছৰ আনুষংগিক কাম৷

সম্পূৰ্ণ ব্যক্তিগত ভাবনাৰ পৰা এইখিনি উল্লেখ কৰিছোঁ৷ লেখাৰ প্ৰকাৰ লৈ কথাবোৰ বেলেগ ধৰণৰ হবও পাৰে৷ আনহাতে, এইটো নকলেও হয় যে অনুভৱ, উপলব্ধি, অভিজ্ঞতা, তাড়না, বাহানা আদি একান্তই নিজস্ব বস্তু৷ তাৰ লগে লগে শব্দ, বাক্য, বানানৰ শুদ্ধতাৰ উপৰি অধ্যয়নৰ গভীৰতা আদিও নিশ্চয়কৈ প্ৰয়োজনীয় কথা৷ প্ৰসংগক্রমে, কিবা এটা লেখাৰ কথা লৈ প্ৰয়াত শিক্ষাগুৰু এগৰাকীয়ে বহু বছৰৰ আগতে এদিন কোৱা বাক্য এষাৰি মনলৈ আহিছে৷ ছাৰে কৈছিল... তিনি-চাৰিখন কিতাপ পঢ়িলেই ৰচনা এখন লিখিব পাৰি দেখোন৷ তেখেতে নিশ্চয় অধ্যয়ন ব্যাপ্তিৰ কথাকেই কৈছিল, যি অধ্যয়নে চিন্তাক প্ৰসাৰিত কৰে৷ আৰু, সঁচা কথা যে লিখিবৰ হলে পঢ়িবও লাগিবই৷ চকু-কাণ-মন-মগজু খোলা ৰাখিব লাগিব৷

আগতে আছিল কাগজ-কলম লৈ লেখা৷ আজিকালি বহুতে পোনে পোনে কী-বৰ্ডৰ সহায়তে লিখে৷ অকবত লিখিবৰ হলেতো অসমীয়া (ইউনিকড)ত টাইপিং জানিবই লাগিব৷ ভাবনাক দৃশ্যমান কৰিবলৈ তাৰ বাদে উপায় নাই৷ টাইপিং কৰিবৰ হলে কম্পিউটাৰ এটা লাগিবই৷ লিখন সঁজুলি লাগিবই৷ তাৰ পিছত আহিব টাইপিঙৰ সাধনা৷ সেই সাধনাত সিদ্ধি লাভ কৰিবৰ বাবে মিছাইলমেন এ. পি. জে. আব্দুল কালামৰ ভাষাৰেই কব পাৰি... ভিতৰৰ জুইকুৰা ডগমগকৈ জ্বলি উঠিব লাগিব৷ নিজৰ বেলিকা মই উপৰ্যুপৰি এইটো প্ৰশ্ন কৰিয়েই এসময়ত অকবত বিভিন্নজনক ব্যতিব্যস্ত কৰিছিলোঁ যে... অসমীয়াত কেনেকৈ লিখে? উপযুক্ত উত্তৰ পাই যোৱাৰ পিছত আকৌ সেই কথাটোৱে আহে... টাইপিঙৰ সাধনা৷ সমস্ত এলাহ কাটি কৰি এইটো কাম প্ৰত্যেকে শিকিব লাগিব৷ শিকিব লাগিব বুলি কোৱাটো ঠিক নহব, শিকিবই লাগিব বুলি কলেহে জোৰদাৰ হব৷ ভাবনা, টাইপিং আৰু সম্পাদনা.. এই তিনিটা প্ৰত্যেকেই নিজে নিজে কৰিবলগীয়া কাম৷ অন্ততঃ অকবৰ মজিয়াত বা ই-দুনীয়াত এই বিষয়ত সমবায় নচলে৷ ভাব আপোনাৰ নিজৰ, টাইপিং নিজৰ, সম্পাদনাও নিজৰ৷ কথাটো মন কৰিবলগীয়া৷ আৰু এটা মন কৰিবলগীয়া কথা, প্ৰতিজন মানুহেই এখন এখন কিতাপ বুলি আমি জানোৱেইচোন৷ পিছে নিজৰ কিতাপ লিখা হ’ব কেতিয়া? এজনৰ বিষয়ে আনজনে জানিব কেতিয়া, যদি টাইপিঙৰ পৰা আঁতৰত থাকে, যদি নিজে নিলিখে?

তামাম, মজ্জা, ধন্যবাদ, বঢ়িয়া... এনেবোৰ শব্দ প্ৰায়ে কমেণ্ট বক্সত দৃষ্টিগোচৰ হয়৷ এইবোৰ কোনো ধৰণৰ লেখাৰ শাৰীত নিশ্চয় নপৰে৷ তালৈ চাই এইটো ধাৰণাও কৰিব নোৱাৰি যে সদস্য বা সদস্যাগৰাকী টাইপিঙত কিমান অভ্যস্ত৷ ম’বাইলত খুঁটিয়াই খুঁটিয়াই বহুতেই আখৰকেইটামান যেনেতেনে সাজি কমেণ্ট এটা এৰি দিয়ে... ভাল লাগিল, ইত্যাদি ইত্যাদি৷ প্ৰসংগৰ খাতিৰত কথাটো উল্লেখ কৰিছোঁ দেই৷ কাৰো প্ৰতি সামান্যতমো অসন্মানসূচক ভাব নাই৷ সকলোৱে ধাৰাসাৰ টাইপিং কৰিব পৰাটো মনে-প্ৰাণে বিচাৰোঁ৷

‘বৰ্মনৰ বিষাদ’ শীৰ্ষক এটা প’ষ্ট লিখিছিলোঁ ১১নবেম্বৰ তাৰিখে৷ বৰ্মনৰ বিষাদৰ কাৰণটো আছিল, ইমানবোৰ সদস্য (তেতিয়া ঊনৈশ হাজাৰ) থাকোঁতেও কমসংখ্যককহে তেওঁ লিখি থকা দেখি আহিছে৷ সকলোকে সক্রিয় হোৱাটো তেওঁ বিচাৰে৷ বৰ্মনৰ প্ৰশ্নৰ উত্তৰত লিখিব নোৱাৰাৰ বিভিন্ন কাৰণ উনুকিওৱা হৈছিল৷ সেই বিষাদগ্ৰস্ততা কেৱল বৰ্মনৰে নহয়, আন বহুতৰেই হয়তো আছে, মোৰো আছে৷

লিখন সঁজুলি বিচৰা পষ্ট, মই অসমীয়াত লিখিব পাৰিলোঁ ধৰণৰ আনন্দদায়ী বাৰ্তা আজিকালি দেখিবলৈ নোপোৱা হৈছোঁ৷ কথাটো সঁচানে মিছা বাৰু? তাৰ মানে এইটো নিশ্চয় নহয় যে সকলোৱে টাইপ কৰিবলৈ শিকি পেলালে৷ নহলে শ্ৰী বৰুৱা ডাঙৰীয়াই নকলেহেঁতেন...  অকবত লিখিবলৈ সংকোচবোধ হয়নেকি? বুলি৷ লিখনৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে শিকনৰ ক্ষেত্ৰত মনৰ সংকোচবোধ আঁতৰিব লাগিব৷ টাইপিং শিকিব লাগিব৷ শিকাওঁতা আছেই৷ একমাত্ৰ দৰকাৰ শিকাৰ মনটোহে৷

নতুন বছৰ এটা আৰম্ভ হ’বলৈ গৈ আছে৷ অভ্যস্ত নোহোৱাসকলে ‘২০১৫ত মই অসমীয়াত টাইপ কৰিবলৈ শিকিমেই’ বুলি নতুন বছৰৰ সংকল্প এটা ল’ব পাৰে৷ পহিলা জানুৱাৰীৰ পৰাই সেই শুভ কামটো আৰম্ভ হওক৷ সেই সংকল্প সুদৃঢ় হওক৷ কোনো বাধাই যেন ভাষা-সাহিত্যক জীয়াই ৰখাৰ অভিপ্ৰায়েৰে আপুনি দিনটোত অন্ততঃ এবাৰ হ’লেও কৰিব খোজা সেই অভ্যসনক ডাইভাৰ্ট কৰিব  নোৱাৰে৷ সংকল্প মানে সংকল্প৷ লাগি থাকিলে, ৰিলিজিয়াচলি কৰি গ'লে আপুনি পাৰিবই৷ ২০১৬ৰ ১জানুৱাৰীত হিচাপ কৰি চাব, আপুনি আজি ক’ত আৰু তেতিয়ালৈ ক’ত!

অকবৰ কিমান সদস্য-সদস্যাই অসমীয়াত সঁচাকৈ টাইপ কৰিব পাৰে তাৰ পৰিসংখ্যা এটাও বছৰৰ শেষ দিনকেইটাত উলিয়াব পাৰিলে ভাল আছিল৷ মাজে মাজে মই এইটো গভীৰভাৱে ভাবোঁ৷ একেটা পৰিয়ালৰে মানুহখিনিৰ এই হিচাপটো জানিবলৈ মন যায়৷ কিমানে পাৰিছে, কিমানে পৰা নাই? মই এইটোও ভাবি পাওঁ যে ‘অকব’ এখন টাইপিং ইনষ্টিটিউটো হয়৷ প্ৰচেষ্টাটো পিছে প্ৰত্যেকৰে নিজা নিজা৷ টাইপ কৰিবলৈ শিকক, বিষয় বাছি লওক, কিমান লিখে লিখি থাকক৷ স্বাধীনতা আছে, বাধা দিওঁতা নাই, কাকত-আলোচনীৰ দৰে ডাষ্টবিনো নাই৷ জনাসকলে নজনাসকলক চাপ’ৰ্ট দিলে, সাহস দিলে, শিকিব নোৱাৰাৰ, লিখিব নোৱাৰাৰ কোনো কাৰণ নেদেখোঁ৷ শ্ৰী বৰুৱা ডাঙৰীয়াই নিজৰ প’ষ্টত তাৰেই প্ৰয়াসেৰে সকলোকে এটি আহ্বান জনাইছে৷ তেখেতক আন্তৰিক ধন্যবাদ জনালোঁ৷৷

No comments:

Post a Comment