শীত আৰু ভোগালী...
‘সাহিত্য ডট অৰ্গ’ৰ এইবাৰ অৰ্থাৎ জানুৱাৰী সংখ্যাৰ সম্পাদনাৰ দায়িত্ববাহী দেৱিকা ফুকন ডাঙৰীয়ানীয়ে নিৰ্বাচন কৰা মূল বিষয়টো… ‘শীত আৰু ভোগালী’... দেখিয়েই কিয় জানো মোৰ ঠাণ্ডা বেছিকৈহে লাগি গৈছে! লগতে ভোকো!
শীত বুলিলেই পুহ৷ একেদৰে, ভোগালী বুলিলেই মাঘ৷ সৰুতে পাঠ্যপুথিত পঢ়িছিলোঁ... ‘পুহমহীয়া জাৰত কঁপি নিহালিখন হওঁ, মাঘযে আমাৰ ভোগালী বিহুৰ পিঠা খাওঁ৷’
টুপী-মাফলাৰ লোৱা, জোতা-মোজা পিন্ধা, গৰম পানী খোৱা... সৰুকালৰ বৰ আমনিদায়ক কথা আছিল৷ একদম ভাল নালাগে সেইবোৰ৷ ‘গাত কিবা এটা পিন্ধ পিন্ধ’ বুলি অনৰ্গল চিঞৰি থকা মালৈ কিবা খংহে উঠে৷ 'নাই কাপোৰ নাই জাৰ' ফৰ্মূলা! ইফালে, নাকেৰে শেঙুন বৈ থাকে৷ ডিঙিয়ে ঘেকেৰ ঘেকেৰ মাৰি থাকে৷ হ’লেও কেৰেপ নাই৷ বগৰী খাই ৰাতি বিছনাতো কুহুৰ কুহুৰ কাহ৷ বমিও হৈ যায় বিজল বিজল৷ শুদ্ধ বগৰীকে ওলায় এগালমান৷ তাকে লৈ আকৌ কিমানযে গালি, ককৰ্থনা! হ’লেও ৰাতিপুৱাই পকা তলসৰা বগৰীকেইটাৰ সন্ধানত দৌৰ মাৰোঁ গছকেইজোপাৰ তললৈ৷ সেই বগৰীয়ে জীৱনলৈ ঘূণীয়া হোৱাকৈ অঘটনো ঘটাই থৈছে বাৰু৷ সেয়া অন্য কাহিনী৷
ইফালে, ভোগালী বুলিলে বুলিবৰ নাই৷ ভোকটো যেন অলপ বাঢ়িয়েই যায়! দৈ-চিৰা, পিঠা-লাড়ু, কাঠআলু-মিঠাআলু, জাত জাত বস্তু! সৰুতে দেখা সেই স্কুল ফিল্ডৰ বৃহৎ আয়োজনটোলৈ এতিয়াও মনত পৰে৷ ৰাজহুৱা বৰাখানা৷ মেজিৰ জুইকুৰাৰ উত্তাপ৷ ‘অমুক’ৰ চাঙৰ পৰা ছিঙি অনা লাউটো, 'তমুক'ৰ বাৰীৰ পৰা তুলি অনা কবিটো, এফালৰ পৰা ঘৰে ঘৰে গৈ বিহু খোৱা উৰুলিপুঙাবোৰ, ইত্যাদি ইত্যাদি৷ মাতক বা নামাতক, কথা নাই৷ মুঠতে ভোগৰ সময়, আনন্দৰ সময়৷
শীতৰ ঠেৰেঙা লগা দিনবোৰক ভোগালীৰ উত্তাপেৰে নিষ্ক্ৰিয় কৰাটো প্ৰকৃতিৰেই অঘোষিত নিয়ম নহয়জানো? আমিও সেই নিয়মেৰেই চলি আহিছোঁ, চলি থাকিব লাগিব৷
ডিচেম্বৰৰ শেষত বৰ্ধিত শীতৰ প্ৰকোপত এইকেইদিন পিছে হাত নচলা অৱস্থা৷ পিছফালৰ জুইকুৰাত হাত দুখন সেকি লৈ কোনোমতে এইখিনি লিখিলোঁ৷ আৰু নোৱাৰিছোঁ হ’লে দেই৷ কুঁচি-মুচি হৈ পৰিছোঁ৷ আকৌ জুইৰ গুৰিলৈ যাওঁ৷
উঃ ঠাণ্ডা আ আ আ …
No comments:
Post a Comment