শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৬)
নদীৰ ওপৰত সজা ভাৰতৰ আটাইতকৈ দীঘল ধলা-শদিয়া দলংখনক লৈ ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্ট, মেক্স চিমেণ্ট আদিয়ে বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাজোৰা বিজ্ঞাপন প্ৰকাশ কৰা দেখিছোঁ৷ তিনিচুকীয়াৰ পৰা আহি থাকোঁতে ৰাস্তাত হ’ৰ্ডিঙো দেখি আহিছোঁ৷ ‘আপোনালোকৰ সপোন দিঠকত পৰিণত কৰিলোঁ’, ‘উষ্ম আদৰণি’ আদি বাক্যৰে সদ্যহতে সন্মুখলৈ আহিছে নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এন.ই.চি.এল.)ৰ বৰ বৰ হ’ৰ্ডিং৷ সুদৃশ্য ব’ৰ্ডসমূহে নতুন দলং সংযোগী ওৰে বাটটোৱেই দোহাৰি থাকিল নৱনিৰ্মিত দলংখনৰে গৌৰৱ-গাথা৷ ৰাস্তা, উৰণীয়া সেতু, দলং, বন্দৰ, মেট্ৰ’ ৰে’ল, শক্তি আৰু জলসিঞ্চন প্ৰকল্প, কঠিন সামুদ্ৰিক আধাৰশিলা ইত্যাদি গঢ়াৰ সৈতে জড়িত সংস্থাটোৰ ধলা-শদিয়া সেতুবন্ধন প্ৰকল্পৰ চীফ প্ৰজেক্ট মেনেজাৰ ডি. সূৰ্য ৰাজু, চুপাৰভাইজাৰ কে. জগদীশ্বৰ ৰাও প্ৰমুখ্যে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত শ্ৰমিক, কৰ্মচাৰী, অভিযন্তা আদি কাৰিকৰী-অকাৰিকৰী সমূহ নিৰ্মাণ শিল্পীৰ প্ৰচেষ্টা আৰু কৰ্মকুশলতাক মনে মনে চেলুট দি গ’লোঁ৷ নৱযুগে ৰাষ্ট্ৰলৈ এক মহান সেৱা আগ বঢ়ালে বুলি কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও নিজৰ ভাষণত মুক্ত আৰু সপ্ৰশংস উল্লেখ কৰিছিল৷
ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বত ভাৰত চৰকাৰৰ পথ পৰিৱহণ আৰু ৰাজমাৰ্গ মন্ত্ৰণালয়ৰ অধীনত দলংখন সাজি উলিওৱা হৈছে৷ ৩০ নৱেম্বৰ ২০১০ত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত নিৰ্মাণকাৰী হায়দৰাবাদৰ প্ৰতিষ্ঠানটোৱে কাম আৰম্ভ কৰিছিল ২০১১ চনৰ ১৯ জানুৱাৰীৰ পৰা৷ সেই সময়ত প্ৰকল্প ব্যয় আছিল ৮৭৬ কোটি টকা৷ সংযোগী পথ বাদ দি কেৱল সেতু নিৰ্মাণৰ ব্যয় পৰৱৰ্তী সময়ত নিৰ্ধাৰিত হ’লগৈ ৯৫০ কোটি টকা৷ চুক্তি অনুসৰি ২০১৫ৰ ডিচেম্বৰতে কাম সমাপ্ত হোৱাৰ কথা আছিল যদিও সম্ভৱ হৈ নুঠিল৷ ২০১৭ পালেগৈ৷ ১০.৩.২০১৭ তাৰিখৰ কৰ্মসমাপ্তিত খৰচৰ অংকটো হ’লগৈ ২,০৫৬ কোটি৷ বাস্তৱিকতে এক বৃহৎ ধনৰাশি এয়া৷ আনহাতে অসমৰ ভূখণ্ড-জলখণ্ডত স্থাপন হৈছে যদিও অসমৰ বাবে নিৰ্ধাৰিত পুঁজিৰে এই মহাসেতু গঢ়ি উঠা নাই৷ পথ পৰিৱহণ আৰু ৰাজমাৰ্গ মন্ত্ৰণালয়ৰ উত্তৰ-পূব ত্বৰান্বিত পথ উন্নয়ন আঁচনিৰ অধীনত অৰুণাচল পেকেজৰ পৰাহে সম্পাদন হৈছে৷
চৰকাৰে নিৰ্মাণকাৰী সংস্থাক ভূমি হস্তান্তৰ কৰাত বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্বোধনীৰ পূৰ্বে দলঙৰ দুয়োপাৰ সংযোগী এই স্থলপথটিৰ নিৰ্মাণ কাৰ্য হৈ উঠাৰ আশা একেবাৰে খীণ আছিল হেনো৷ প্ৰচণ্ড বৰষুণেও কাম-কাজৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি নকৰাকৈ নাছিল৷ তত্ৰাচ পথছোৱা সম্ভৱ হৈ উঠিল যেনিবা৷ ইয়াৰ ওপৰেৰেই এতিয়া আমি ভৰপূৰ আনন্দ-উল্লাস আৰু কৌতূহল বুকুত সামৰি ভ্ৰমি আছোঁ৷ নতুন ৰাস্তা আৰু মুকলি পৰিৱেশ পাই গাড়ী চালক, বিশেষকৈ একাংশ চেঙেলীয়া বাইক ৰাইডাৰৰ কোব বেছি হোৱাটো মন কৰিলোঁ৷ তাকে লৈ আমাৰ ড্ৰাইভাৰে ‘মৰ মৰঐ, মৰচোন (অশ্লীল)’ বুলি শাওপাত কাঢ়ি যোৱাও শুনিলোঁ৷ গাড়ী-মটৰৰ গতিৰ তীব্ৰতা ৰোধৰ বাবে এতিয়াৰে পৰাই যান-বাহন নিয়ন্ত্ৰণৰ সৈতে জড়িত বিভাগটোৰ চোকা নিৰীক্ষণ আৰু সতৰ্কীকৰণৰ প্ৰয়োজন আছে৷ অন্যথা মানুহ, জন্তু কিমানৰ কি হ’ব ঠিকনা নাই৷ দুৰ্বিষহ, বিপদসংকুল জলপথৰ পৰা সুন্দৰ পকা ৰাস্তালৈ উঠি অহাৰ পাছত ইয়াত অনাকাংক্ষিত আৰু অসুন্দৰ কিবাকিবি সংঘটিত হোৱাটো কাৰো কাম্য নহয়৷
ধলা গাঁৱৰ পৰা দলঙলৈকে প্ৰায় ৮ কিল’মিটাৰ পথ৷ দলং পাবলৈ আৰু কিছুদূৰ বাকী৷ পথৰ সোঁমাজতে পৰি থকা দেখিলোঁ গৰুৰ ঠৰঙা লগা মৃতদেহ এটা৷ গাড়ীয়ে মাৰি থৈ গ’লেই! চিত্ ভোলোঙা খাই কেতিয়াৰে পৰানো তেনেকৈ পৰি আছে নাজানো৷ আঁতৰ কৰিবলৈ পিছে কাৰো আহৰি নাই৷ আজি অলপ দিন ধৰি সংবাদ মাধ্যমত গো-মাংস, গো-ব্যৱসায়ক লৈ বিভিন্ন মহলত সৰৱ হৈ পৰা হৈ-চৈবোৰ, খবৰ কাগজৰ শিৰোনামবোৰ মন-দাপোণত চাঁত চাঁত কৰে উজলি উঠিল৷ দেশৰ দীৰ্ঘতম দলং উন্মোচনৰ দ্বিতীয় দিনটোৰ পুৱাৰ এই ছবিখন অকণো ভাল নালাগিল৷
No comments:
Post a Comment