Tuesday, 27 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৩)

১০ বাজি পাৰ হল৷ ৰদ নাই যেনিবা৷ নৈখনৰ বুকুত যেনি-তেনি বালিচৰ কিছুমানে স্বকীয় অস্তিত্ব ঘোষণাৰে মূৰ উলিয়াই আছে৷ পিছে এইটো ধৰাবন্ধা যে অৰুণাচলত দুদিন বৰষুণ দিলেই আটাইবোৰ সমুলঞ্চে পোত যাব৷ ধীৰে-সুস্থিৰে আগ বাঢ়ি আছোঁ আমি৷ গাড়ী-মটৰৰ সংখ্যা সীমিত৷ কিছু সময় ধৰি কোনো ফালৰ পৰাই একো নাই অহা৷ চকুৰে মণিব পৰালৈকে মুকলি দেখা গৈছে দলংখন৷ কিমানযে প্ৰশস্ত এই ভূপেন হাজৰিকা মহাসেতু! ভাবনাটো মনলৈ আহোঁতেই কেমেৰাটো ৰাস্তাৰ উপৰিভাগ চুওঁ-নুচুওঁকৈ ধৰিলোঁ৷ স্নেপ এটা লৈ থলোঁ৷ ছবিয়ে মিছা নকয়৷ পদযাত্ৰাৰ সময়ছোৱাত সংগ্ৰহ কৰা দৃশ্যবিলাক মৌখিক বৰ্ণনা শুনিবলৈ উন্মুখ হৈ থকা বন্ধুকেইজনক যথাসময়ত দেখুৱামগৈ, যিসকলে আজি সময় দিব নোৱাৰিলে৷ ইচ্ছামতে ফটো তুলি ল'বলৈ ফোনত অথনিয়ে সকীয়াই দিছে অৰূপদাই৷ তেওঁৰ মতে এনে সুযোগ সদায় নাহে৷ গতিকে ময়ো এইটো সংক্ৰান্তত মুহূৰ্তে মুহূৰ্তে সচেতন আৰু কাৰ্যক্ষম হৈ আছোঁ, যাতে উভতি গৈ তেওঁলোকক সন্তুষ্ট কৰিব পাৰোঁ৷ স্থিৰ চিত্ৰ আৰু ধাৰা বিৱৰণীৰ মাধ্যমেৰেই আটাইকে পদযাত্ৰাটোৰ সোৱাদ অকণমান দিবগৈ লাগিব, যাতে সময়-সুবিধা চাই ইয়ালৈ অহাৰ বাবে প্ৰত্যেকেই আকৰ্ষিত আৰু আগ্ৰহান্বিত হয়৷ এই দলং আমাৰ গৌৰৱ৷ অন্ততঃ আগন্তুক ৫টা বছৰৰ বাবে৷

দলঙৰ ওপৰেদি পানী অতিক্রমিলোঁ৷ তাৰ মানে লোহিতৰ সিপাৰ পালোঁহি৷ মাটি দেখা পোৱাৰ সমানে সমানেই সন্মুখলৈ আহিল ঝাউবন আৰু ঘাঁহনিৰে পৰিপূৰ্ণ নৈপৰীয়া বিস্তীৰ্ণ এলেকা এটা৷ চৌপাশে অপূৰ্ব সেউজীয়া! সেউজৰ পয়োভৰ ইমানেই বেছি যে দেখি আচৰিতেই লাগিল৷ এওঁৰ ওঁঠে লৰচৰ কৰিলেই, 'সেউজী সেউজী সেউজী অ', সেউজী ধৰণী ধুনীয়া'৷ পেড্ৰো কল্ডেৰনৰ উক্তি এটা তৎমুহূৰ্ততে মোৰ চেতনাত জলমলাই উঠিল৷ পৃথিৱীৰ মহত্ত্বপূৰ্ণ ৰং হল সেউজীয়া৷ আৰু ইয়াৰ পৰাই পৃথিৱীৰ মধুৰতা সকলোৰে সন্মুখলৈ আহে৷ লোহিতৰ উত্তৰ পাৰৰ শদিয়াৰ ফালৰ এই বিশাল সেউজীয়াক যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখিব লাগিব, চিৰসেউজীয়া কৰি ৰাখিব লাগিব আমি৷ কাৰো ক্ষয়ংকৰী হাতোৰাৰ অনাকাংক্ষিত পৰশ যাতে ইয়াত কোনো কাৰণতে নপৰে তাৰ বাবে সকলোৱে অনাগত দিনত সচেতন হোৱা আৰু তৎপৰতা অৱলম্বন কৰা উচিত হব৷ ধৰিত্ৰীৰ এই অংশটোৰ মহত্ত্বপূৰ্ণ বৰণ আৰু বিমল ৰূপ বৈভৱে এই স্থানলৈ অহা প্ৰতিজন অভ্যাগতকে প্ৰথম দৰ্শনতে মোহিত কৰিব বুলি বিশ্বাস মোৰ অতিকৈ ঘনীভূত হল৷

ইয়াত জলাশয় আছে৷ লুংলুঙীয়া ৰাস্তা কিছুমানো দেখিছোঁ, দলঙৰ তলেৰে ইফালৰ পৰা সিফাললৈ৷ কেনি গৈছে নাজানো৷ জীৱ-জন্তু, মানুহ-দুনুহ হলে এটাও দেখা নাই৷ চৌপাশৰ পৰিৱেশটো শান্ত-সমাহিত৷ দলঙৰ বুকুৰে গাড়ী-মটৰ কেতিয়াবা দুই-এখন৷ খোজ কঢ়া লোক বুলিবলৈও আন কোনো নাই, কেৱল আমিয়েই৷ চকুৱে আৰাম পোৱা সেউজীয়াত অৱগাহন কৰি চিন্তা কৰাত লাগিলোঁ যে প্ৰকৃতিৰ এনে নিগূঢ় সৌন্দৰ্যময়তাক কি কামতনো ব্যৱহাৰ কৰিব পৰা যায়? চলচ্চিত্ৰ, ভিডিঅ ছবি, অডিঅ-ভিডিঅ এলবাম নিৰ্মাতাসকলৰ দৃষ্টিত শ্বুটিঙৰ লকেচন হিচাপে এই সেউজ আৱেষ্টনী প্ৰথম দৰ্শনতে চাগৈ বাছনিত উঠিব৷ তাৎক্ষণিক প্ৰতিক্ৰিয়াস্বৰূপে এইটো কথাই চিধাই মোৰ মনলৈ আহিল৷ কম সময়তে ধলা-শদিয়া দলঙেযে এক বিশিষ্ট শ্বুটিং থলী হিচাপে স্থান অধিকাৰ কৰিব আৰু কেমেৰাত ভুমুকি মাৰিব, সেইটো খাটাং বুলি এতিয়াই ধৰি থৈছোঁ৷ হয়-নহয় সময়ত গম পাম৷ কিন্তু বাহিৰৰ ৰঘুমলা আহি বৰপীৰা পাৰি বহিলেই শেষ৷ তাৰ বাবে সচেষ্ট থকাটো জৰুৰী৷

তিনিচুকীয়া অভিমুখী নিৰজুলি বাছখন আহি আছে৷ খিৰিকীৰ কাষত বহা যাত্ৰীয়ে মবাইল হেণ্ডছেটত সংলগ্ন কেমেৰাৰে ফটো তুলিছে, ভিডিঅ ৰেকৰ্ডিং কৰি আহিছে৷ সেতুৰ ওপৰেৰে কৰা স্মৰণীয় যাত্ৰাটোৰ লগে লগে এই কামফেৰা এতিয়া অপৰিহাৰ্য যেনেই হৈ পৰিছে৷ আনহাতে সন্দেহ নাই যে এইটো প্ৰান্তৰ মনোৰম দৃশ্যৰাজি চাবৰ বাবে দাঁতিৰ চিটকেইটাক কেন্দ্ৰ কৰি লৰা-ছোৱালী, বন্ধু-বান্ধৱৰ মাজত আজিৰে পৰা হেতা-ওপৰা কিম্বা হতিয়া-হতিৰে খণ্ডযুদ্ধ এখন লাগিবই লাগিব৷ কথাটো ভবা মাত্ৰেই আমাৰ লৰালিৰ দিনবোৰলৈ তুৰন্তে মনটো উৰি গুচি গল৷ ৰেল-বাছ যিহতেই নহওক কিয় উঠাৰ পাছতে আমাৰো চলিছিল টনা-অাঁজোৰা, উখনা-উখনি৷ খিৰিকীৰ কাষৰ আসনখন সৰু-বৰ আটাইকে লাগে৷ নাপালে যেন যাত্ৰাটোৱেই বৃথা! পলকতে চকু চলচলীয়া৷ বুকুখন গধুৰ৷ এতিয়াও নিৰ্ঘাত তেনেকুৱাই হবগৈ বুলি ভাব হৈছে মোৰ৷ লোহিতে, ভূপেন হাজৰিকা সেতুৱে, দাঁতি-কাষৰৰ প্ৰকৃতিৰ সন্মোহনী সৌন্দৰ্যই বয়ষ্কসকলৰো বহুতকেই এই পুৰণি বেমাৰটোত নোভোগোৱাকৈ নেৰিব৷













No comments:

Post a Comment