শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৮)
১৫ মিনিটো নালাগিল৷ মিহি, নতুন ২ লেন ৰাজমাৰ্গেৰে সাউতকৈ জিৰ’ পইণ্ট পালোঁগৈ৷ আমাক নমাই গাড়ীখন
প্ৰধান মন্ত্ৰী মহোদয় কালি মণ্ডপলৈ নামি যোৱা ঠেক বাটটোৰে গ’লগৈ৷ সভাস্থলীলৈ যাব পৰা চাৰিটা
পথৰ এটা তেখেতৰ বাবে আছুতীয়াকৈ সজা হৈছিল৷ আন দুটা পথ ক্রমে ভি.ভি.আই.পি. আৰু ভি.আই.পি.ৰ
বাবে ৰখা হৈছিল৷ বাকী থকাটো পাব্লিক ৰ’ড৷ এই জনতা পথটোৰ আগেৰেই আমি মূল ৰাস্তালৈ উঠি আহিলোঁ৷ পুলিচ-চুলিচ
কেনিও দেখা নাই যেনিবা৷ পৰিৱেশটো ঠিক যেন ভগা সবাহৰ পাছৰ সময়খিনিৰ দৰে৷ ৰাস্তাৰ দাঁতিত অ’ত-ত’ত পোনপ্ৰথমেই দৃষ্টিগোচৰ হ’ল খাই দলিয়াই দিয়া পানীৰ খালী
বটল আৰু চিপ্চ-ভুজিয়াৰ পেকেট৷ পৰিষ্কাৰ ভাৰত অভিযানে স্বভাৱ সলাব নোৱাৰা আমাৰ পৰিচিত ছবি এখন৷
ভাবিলোঁ, দলঙৰ গুৰি পোৱাৰ আগতেই সুবিধাজনক ঠাই চাই সৰুপানী চুই লোৱা উচিত৷ নহ’লে ওপৰত স্বাভাৱিকতে সুবিধাকণ নোলাব৷
ভাৰতবৰ্ষই স্বাধীনতা লভাৰ সুদীৰ্ঘ ৭০টা বৰ্ষ হওঁ হওঁ হওঁতে পোৱা, অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ অতি আকাংক্ষিত, দেশৰ ভিতৰতে প্ৰথম তথা এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম হিচাপে স্বীকৃতিপ্ৰাপ্ত দলংখন এতিয়া আমাৰ হস্তস্পৰ্শৰ পৰা মাথো মিটাৰচেৰেক নিলগত৷ কাজেই সকলো প্ৰকাৰে প্ৰস্তুত আৰু সষ্টম হৈ লোৱাটোৱেই হ’ব বুদ্ধিমানৰ কাম৷ সোঁফালে দেখা গাঁওখনৰ ফালে দপ্দপাই নামি গ’লোঁ বৰগোহাঁই আৰু মই৷ মহাসেতুৱে কাষৰ-পাজৰৰ মানুহবোৰৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব৷ দলংখনক আকৰ্ষণীয় পৰ্যটন স্থল হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি অঞ্চলটোৰ জনসাধাৰণে ইমান দিনে নিশ্চয় চিন্তা নকৰাকৈ থকা নাই৷ আগুৱাই গৈ থাকোঁতেই ঘপহকৈ প্ৰশ্ন এটা মনলৈ আহিল৷ মোৰ ঘৰ ইয়াত হোৱা হ’লে কি কৰিলোঁহেঁতেন? চাইকেল কেইখনমান যোগাৰ কৰি থ’লোঁহেঁতেন৷ দলং চাবলৈ অহা মানুহৰ বাবে নিৰ্দিষ্ট ভাড়াৰ বিনিময়ত চাইকেল মাৰি ইপাৰ-সিপাৰ ফুৰি অহাৰ সুবিধা ৰাখিলোঁহেঁতেন, আজিৰ তাৰিখৰ পৰাই৷ ঘূৰি আহি পোৱাৰ লগে লগে খাদ্যৰো সুব্যৱস্থা কৰিলোঁহেঁতেন৷ এনেকুৱা অনেক ন-ন সুযোগ আৰু সৃষ্টিশীল বৃত্তি ইয়াৰ মানুহে দলংখনক ভৰসা কৰি উদ্ভাৱন কৰি ল'ব পাৰে, যিহেতু স্বপ্নৰ দলং এতিয়া হৈ গ'ল৷

No comments:
Post a Comment