শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪)
আমি যাবলগীয়া দিশে কেইখোজমান আগুৱাই অপেক্ষাৰত অৱস্থাত আছোঁ, দলংমুখী বাহন এখনৰ বাবে৷ কথা নাই, যিকোনো গাড়ী হ’লেই হ’ল৷ মুঠতে সোনকালে জিৰ’ পইণ্ট পাবগৈ লাগে৷ টেলিভিচনৰ পৰ্দাত দেখিছিলোঁ, কালি এই অঞ্চলত বিৰাট ভিৰ লাগিছিল৷ আজি পিছে মানুহ আৰু যান-বাহনৰ আহ-যাহ সেৰেঙা৷ সোনকাল হৈ থকাৰ বাবেই চাগৈ৷ সমাগম কম হোৱাত পেটে পেটে অৱশ্যে ভালেই পাইছোঁ৷ আনহাতে মাজে-মধ্যে দুই-এখন গাড়ী নহা নহয়৷ দয়া কৰি উঠাই নিয়েইবা আমাক! তেনে চাৱনিৰে আটায়ে চালকৰ চকুলৈ চাইছোঁ৷ পিছে সঁহাৰিহে কাৰো পৰা পোৱা নাই৷
বহুপ্ৰত্যাশিত ধলা-শদিয়া সংযোগী এই দলংখন প্ৰথমতে আনুষ্ঠানিকভাৱে মে’ মাহৰ ২৪ তাৰিখে উদ্বোধন কৰিব বুলি শুনা গৈছিল৷ তেতিয়াই বিভিন্নজনক প্ৰস্তাৱ দিছিলোঁ, যাম ওলাব বুলি৷ পিছত অৱশ্যে দিন নিৰ্ধাৰণ কৰা হয় ২৫ মে’৷ পৰৱৰ্তী সময়ত চলা নিৰীক্ষণ আৰু পৰ্যালোচনাক্রমে সেই তাৰিখটোও বাতিল হয়৷ অৱশেষত ২৬ মে’ত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে দলংখন উদ্বোধন কৰি ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব বুলি প্ৰকাশ হ’ল৷ উক্ত বিশেষ দিনটোৰ কাৰ্যসূচী সফল কৰাৰ হকে ২২ মে’ৰ আগতেই প্ৰস্তুতিৰ সকলো কাম-কাজ শেষ কৰিবলৈ জোৰদাৰ পদক্ষেপ লোৱা হৈছিল চৰকাৰ, জিলা প্ৰশাসন, আৰক্ষী, নিৰ্মাণকাৰী সংস্থা আদি সংশ্লিষ্ট সকলো পক্ষৰ পৰা৷
মহেন্দ্ৰ বলেৰ’ পিক্-আপ্ এখন ওচৰতে ৰ’লহি৷ আগফালে চিট্ খালী নাই৷ পিছফালে গছপুলি এসোপামান৷ তাৰ মাজতে থিয় দঙা দি দলঙৰ মূৰলৈকে যাব পাৰিম নেকি সুধিলোঁ৷ ঠাই নহ’ব বুলি জনালে৷ কাৰণ সেইখিনিতে ৰাস্তাৰ দাঁতিত নামনিলৈ আমি দেখা পাই থকা বাঁহৰ ঘৰাবোৰ ল’ড কৰিবলৈহে তেওঁলোক ৰৈছে৷ যাব নোৱাৰিম বুলি জানি মনটো বেয়া লাগিল যদিও এইটো গম পাই ভাল লাগিল যে গাড়ীখনে কঢ়িয়াই অনা সেই পুলিবোৰ দলং সংযোগী পথটোৰ দুয়োপাৰে ৰোপণ কৰা হ’ব, ঘূৰণীয়া ঘৰাৰে প্ৰতিটোকে ঘেৰি ৰখা হ’ব৷ দিন যোৱাৰ লগে লগে পুলিবোৰ লহ্পহকৈ বাঢ়ি আহিব৷ এসময়ত পথটো ধুনীয়া লগা হ’ব৷ ইষ্ট-ক’ষ্ট ৰ’ডেৰে তামিলনাডুৰ কাৰাইকালৰ পৰা পণ্ডিচেৰী হৈ চেন্নাইলৈ আহোঁতে আমি দেখা তেজৰঙা কৃষ্ণচূড়াবোৰৰ দৰে ইয়াতো কৃষ্ণচূড়া, সোণাৰু, আজাৰৰ সৰা ফুলবোৰে গাড়ী-মটৰক বতাহতে পিছফালৰ পৰা খেদি খেদি যাব এদিন৷ আকৰ্ষণীয় ৰূপটো এবাৰ কল্পনা কৰি চালোঁ৷
১০ মিনিটমান ধৈৰ্য ধৰাৰ পাছতে ধলাৰ ফালৰ পৰা মাৰ্ক’ পল’ আল্ট্ৰা বাছ এখন অহা দেখা গ’ল৷ গহীন ভাবত টাৰ্নিংটো ঘূৰি এইফাললৈকে আহিব ধৰিলে বগা গাড়ীখন৷ স্বাভাৱিকতেই উৰুলীকৃত হৈ উঠিলোঁ আমি তিনিও৷ ছিগনেল দিয়াত ৰৈ গ’ল৷ সুধিলে, ‘ক’লৈ যাব আপোনালোক?’ ‘পুলিচ ডিউটি’ৰ জাননী লগোৱা বাছখন দলঙৰ গুৰিয়েদি তললৈ নামি যাব৷ গতিকে সেইখিনিৰ পৰা আগলৈ আমাক নিব নোৱাৰিব বুলি চকা নৌঘূৰোঁতেই ড্ৰাইভাৰজনে চাফাই দি দিলে৷
‘আৰে! আমিওতো সেইখিনিলৈকেহে যাম৷ তাৰ আগলৈ আনকি ফ্ৰীতে নিম বুলিলেও যোৱাত নাই৷’ এইবুলি প্ৰবল হৰ্ষোল্লাসেৰে উঠি দিলোঁ গাড়ীখনত৷ যাত্ৰী বুলিবলৈ নাই৷ কেৱল বাছৰ মানুহ তিনিজনহে৷ ইয়াতকৈ সৌভাগ্যৰ কথা আমাৰ বাবে আৰু কি হ’ব পাৰে আজিৰ তাৰিখত? ভাবিলোঁ, ঈশ্বৰেওযে মিলাই আৰু দেই! তাকে চাই আগমনৰ উদ্দেশ্যটো কিবা মহান-মহৎ যেনেই লাগি গ’ল নিজৰে!
No comments:
Post a Comment