শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১০)
ভ্ৰমণত লুকাই থাকে ‘অলপ প্ৰাপ্তি, বিস্তৰ সন্তুষ্টি’ ধৰণৰ কথা৷ ভ্ৰমণ মোৰ প্ৰিয় বিনোদন, অভিজ্ঞতা আৰু জ্ঞান আহৰণৰ পন্থা৷ সেয়ে বাৰে বাৰে ওলাওঁ ভ্ৰমণলৈ৷ এইবাৰ বাছি ল'লোঁ দীঘল দলংখন, লগতে শদিয়া আৰু ৰ'য়িং৷ ভূপেন হাজৰিকা সেতুত শদিয়া চপাখুৱামুখী মুক্ত বিচৰণ সম্ভৱ হৈ উঠাত আৰম্ভণিতেই এই ভ্ৰমণ আমাৰ বাবে হৈ পৰিল বিৰল প্ৰাপ্তি, বিস্তৰ প্ৰশান্তি৷ মুখেদি আপোনা-আপুনি ওলাই আহিল ‘মা আমি শদিয়ালৈ যামেই, মা আমি সট্ফুল খামেই...’৷ খ্যাতনামা গীতিকাৰ কেশৱ মহন্তই ৰচনা কৰা আৰু গণশিল্পী খগেন মহন্তই গাই যোৱা এই গীতটো কি শিশু, কি যুৱ, কি বৃদ্ধ আটায়ে বাৰে বাৰে ওঁঠলৈ আনিছে এইকেইদিন৷ আনহাতে ভূপেন হাজৰিকাই নহয়, খগেন মহন্তও হেনো পুৰণি শদিয়াত আছিল৷ একেই, দেউতাকৰ চাকৰিসূত্ৰে৷ নেফাৰ শিক্ষাৰ গুৰিয়াল ইন্দিৰা মিৰি সমন্বিতে তাহানি নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সীত কৰ্মৰত ছাত্ৰপ্ৰাণ অসমীয়া শিক্ষকসকলৰো বে’ছ কেম্প আছিল শদিয়া৷ আৰু আছে অনেক৷ মুঠতে শদিয়াৰ কাহিনী দীঘলীয়া৷ ডক্টৰ ভূপেন হাজৰিকা সেতু নামৰ ভাৰতৰ ভিতৰত দীঘল দলঙে কাহিনী আৰু দীঘলীয়া কৰিলে৷

পঢ়িবলৈ পোৱা মতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই
ধলা-শদিয়া দলংখন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতু ৰখাৰ বাবে আহ্বান জনাই সন্থাৰ
ফালৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল৷
ইয়াক কাৰ্যত পৰিণত কৰিবলৈ অৰুণাচল প্ৰদেশ চৰকাৰেও প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ
কৰিছিল৷ অৰুণাচলৰ বৰেণ্য লেখক য়েছে দৰজে ঠংচিয়েও প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈ ব্যক্তিগত পত্ৰ লেখিছিল৷ ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্ম গ্ৰহণ কৰা, অসমীয়াৰ বুকুৰ আপোন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে দলংখন নামকৰণ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে দাবী জনাই আহিছিল বুলিও বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ৷ আজীৱন মাটি, মানুহ আৰু সমন্বয়ৰ
গীত গাই যোৱা বিশ্ববিশ্ৰুত শিল্পীজনাৰ নামেৰে দেশৰ দীৰ্ঘতম সেতুখনৰ নামাংকন কৰাটো এক সময়োপযোগী
সিদ্ধান্ত বুলি দল-মত নিৰ্বিশেষে সকলোৱে ব্যক্ত কৰিছে৷ সুধাকণ্ঠ সমন্বয় সমাজকে ধৰি বিভিন্ন সংগঠন, অনুষ্ঠান,
ব্যক্তিবিশেষে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰধান মন্ত্ৰীয়ে কালি কৰা ঘোষণাটোক
একমুখে আদৰণি জনাইছে৷ ইয়াৰ মাধ্যমেৰে নৰেন্দ্ৰ মোদীয়ে নিৰপেক্ষ তথা বিশাল মনৰ পৰিচয়
দিছে, অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিছে বুলি মন্তব্য কৰা শুনা গৈছে৷ ধলা-শদিয়া সংযোগী দলংখন
অসমৰত্নৰ নামেৰে অলংকৃত কৰি প্ৰধান মন্ত্ৰীগৰাকীয়ে অসম-প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে
বুলি কৈছে দেউৰী জনজাতি ষষ্ঠ অনুসূচী দাবী সমিতিয়ে৷ দেশৰ দীৰ্ঘতম দলংখন গীতিকাৰ, সুৰকাৰ, গায়ক, কবি, বোলছবি নিৰ্মাতা, সংগীত পৰিচালক ভূপেন
হাজৰিকাৰ নামেৰে হোৱা বাবে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰেও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ
মোদীক প্ৰশংসা কৰিছে৷ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এও এই ঘোষণাক সৰ্বান্তঃকৰণেৰে আদৰণি জনাইছে। এই সন্দৰ্ভত ছ'চিয়েল মেডিয়া ফে'চবুকতো আলোচনা-বিলোচনা নোহোৱাকৈ থকা নাই৷ একাংশই হোৱাটো বিচাৰে, একাংশই নোহোৱাটো৷
প্ৰসংগক্রমে, অপ্ৰিয় হ’লেও এইটোও সত্য যে ৰাজনীতিৰ ৰং সানি জীৱনৰ এক সন্ধিক্ষণত ভূপেন হাজৰিকা ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈছিল৷ ২০০৪ চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী সমষ্টিৰ পৰা লোকসভাৰ নিৰ্বাচনী যুঁজত থিয় দিছিল৷ কংগ্ৰেছৰ প্ৰাৰ্থী কিৰিপ চলিহাৰ বিৰুদ্ধে পৰাজিত হৈছিল৷ হ'লেও দলংখনৰ নাম ভূপেন হাজৰিকা সেতু দিয়া হেতুকে, ৰাজনৈতিক কথা-কাণ্ডবোৰ পাহৰি বিশেষভাৱে অসম তথা অৰুণাচল প্ৰদেশৰ ৰাইজ নথৈ আনন্দিত হৈছে৷ কোৱা হৈছে, অসমে দিব পৰা, অৰুণাচলে দিব পৰা, ভাৰতে দিব পৰা উৎকৃষ্ট সন্মান দিয়া হ’ল প্ৰয়াত শিল্পীজনাক৷ দুয়োখন লগা-লগি ৰাজ্যই সুন্দৰতম সুযোগ-সৌভাগ্য লাভ কৰিলে সেতুবন্ধনৰ সুবাদতে৷ নামকৰণৰ ঘোষণাটো কালি দুপৰীয়া মাত্ৰ হোৱা হেতুকে এতিয়া আমি সেই ধৰণৰ ফলক বা ক’তো, কেনিও লিখিত ৰূপত নামটো দেখা নাই পোৱা৷ তৎসত্ত্বেও ভাবি খুব ভাল লাগিল যে এতিয়াৰে পৰা ধলা-শদিয়া সংযোগী দলং সম্পৰ্কীয় প্ৰতিটো প্ৰসংগ, প্ৰতিটো ব্যাখ্যাতে উল্লেখ থাকিব, ভূপেন হাজৰিকাৰ নাম৷ ভূপেন হাজৰিকাৰ নামেৰে হোৱা এই সেতু এতিয়া Mother of all Bridges in India বুলি খ্যাত হ'ব৷ একে সময়তে এইটোও ভাবি অতি ভাল লাগিল যে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ ভূপেন হাজৰিকাৰ নামেৰে হোৱা ভাৰতবৰ্ষৰ দীৰ্ঘতম সেতুখনৰ ওপৰেৰে আমি সামান্য মানুহকেইটাই জীৱনৰ এটা বিশেষ ক্ষণত, এটা স্মৰণীয় পদযাত্ৰা, এই আৰম্ভ কৰিবলৈ গৈ আছোঁ৷

বৰগোহাঁই আৰু শ্ৰীমতীয়ে মোক ক’ৰবাতে এৰি খৰ খোজেৰে আগ বাঢ়িল৷
এওঁৰ মনত প্ৰৱল উৎসাহ৷ হাতত কেমেৰা সংলগ্ন ম'বাইল হেণ্ডছেটটো৷ ইয়ালৈ অহাৰ কথাটো ঠিক হোৱাৰ পাছৰকেইদিন ইউটিউবত ড্ৰ’ন ফুটেজবোৰ চাই চাই শৰীৰৰ ৰক্তপ্ৰৱাহ
এনেয়েও তেওঁৰ বৃদ্ধি হৈ আছিল৷ আনহাতে ‘নাগালেণ্ডৰ পাহাৰত ডাঙৰ হোৱা ছোৱালীহে ময়ো...’ বুলি ঘৰত বাহাদুৰি মৰাৰ পাছত
এতিয়া উদ্যম নেদেখুৱায়ো উপায় নাই৷ গতি বেছি হোৱা দেখি পিছফালৰ পৰা মইহে আটাহ পাৰি উঠিলোঁ,
‘লাহে লাহে যোৱা হে’ৰা৷ খৰখেদাৰ কোনো দৰকাৰ নাই৷
ক’তো ট্ৰেইন ধৰিবলগীয়া নাই নহয়৷ চাই চাই যোৱা৷ আৰামচে যোৱা৷ (নহ'লে ভৰি বিষাব)’
No comments:
Post a Comment