শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১১)
কম সময়ৰ ভিতৰতে আমি তিনিও দলঙৰ ধলাৰ পাৰে থকা গুৰিটোত উপস্থিত হ’লোঁ৷ ম’বাইল ফোনত সময়টো লক্ষ্য কৰিলোঁ৷ পুৱা ঠিক ৮.৩০ বাজিছে৷ আমাৰ বাঁওহাতে হাত মেলিলে পোৱা দূৰত্বত মোদীজীয়ে কালি আঁৰ কাপোৰ টানি মুকলি কৰা ক’লা মাৰ্বলৰ ফলকখন৷ নাৰ্জী ফুলৰ মালা কেইডালমান এতিয়াও সদম্ভে ওলমি আছে৷ ফুলবোৰ শুকুৱাই নাই৷ কিনো লিখিছে পঢ়োঁ বুলি ইংৰাজী, অসমীয়া আৰু হিন্দী আখৰবোৰৰ ওপৰেৰে দৃষ্টি নিগৰাই নিলোঁ৷ ‘ব্ৰহ্মপুত্ৰৰ ওপৰত ধলা আৰু শদিয়া সংযোগী সেতু’ বুলি খোদিত শাৰীটো দেখিয়ে প্ৰশ্নবোধক এটা তৎমুহূৰ্ততে মনলৈ আহিল৷ দলঙৰ তলেৰে বৈ থকা বিশাল জলৰাশিৰ নামটো ব্ৰহ্মপুত্ৰনে?
আগশাৰীৰ অসমীয়া বাতৰি কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ, স্থানীয় প্ৰতিবেদকৰ লেখাতো বিগত অলপদিন ধৰি দেখিছোঁ ব্ৰহ্মপুত্ৰ, লোহিত একাকাৰ হৈ পৰিছে৷ আনকি সম্পাদকীয়তো মহাবাহু ব্ৰহ্মপুত্ৰ বুলি উল্লেখ কৰা দেখিছোঁ৷ টেলিভিচনৰ ধাৰাভাষ্যকাৰৰ মুখততো কি ব্ৰহ্মপুত্ৰ, কি লুইত-বৰলুইত, কি লোহিত, একো ঠিকেই নোহোৱা হৈছিল কালি উন্মোচনীৰ লাইভ টেলিকাষ্টৰ পৰত৷ প্ৰধান মন্ত্ৰীয়ে ক’লে ব্ৰহ্মপুত্ৰ, মুখ্য মন্ত্ৰীয়ে বুলিলে লোহিত৷ গুগুলত খুঁচৰিলেও কিছুমান ছবিত ব্ৰহ্মপুত্ৰ, কিছুমানত লোহিত, ক’ৰবাত আকৌ ব্ৰহ্মপুত্ৰ আৰু লোহিত দুয়োটাই! গোটেইখন খেলিমেলি, খিচিৰি৷
ধলা-শদিয়া দলং নিঃসন্দেহে এতিয়া কুইজৰ শেহতীয়া আৰু নতুন প্ৰশ্ন৷ ইফালে কালি দেশবাসীৰ হাতত গতাই দিয়াৰ পাছত ভাৰতৰ দীৰ্ঘতম দলংখন চাবলৈ দেশী-বিদেশী দৰ্শনাৰ্থী এতিয়াৰে পৰা নিশ্চয় ইয়ালৈ আহি থাকিব৷ ছাত্ৰ-ছাত্ৰী আহিব, শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে৷ দলংখনৰ ভূগোল-বুৰঞ্জী জানিবলৈ আগ্ৰহী হ’ব৷ অৱধাৰিতভাৱেই নজনাসকলৰ মনত এই প্ৰশ্ন উদয় হ’ব যে ইমান ডাঙৰ নদীখনৰ নামটোনো কি? অসমত বহল নদী মানে ব্ৰহ্মপুত্ৰহে৷ তেনেস্থলত এই ফলকখনে দুৱাৰডলিতে বিভ্ৰান্তিকৰ কথা এটাকে প্ৰচাৰ আৰু সমৰ্থন কৰি থকা নহ’বনে? আৰম্ভণিতে গাঁঠি লাগিব বহুতৰে৷ ঐতিহাসিক লং মাৰ্চটোৰ প্ৰাৰম্ভতে এনেকুৱা উপস্থাপন এটা দেখা পাই তথাস্থানতে আমিও অলপ সময়ৰ কাৰণে স্থানু হৈ ৰ’লোঁ৷ পুনৰবাৰ মনত পেলাবলৈ বাধ্য হ’লোঁ নৈখনৰ গতিপথটো৷
পূব দিগন্তলৈ চালোঁ এবাৰ৷ পূবৰ পৰা অহা এই নৈৰ ভাৰতীয় অংশটো মই দেখিছোঁ, যাৰ নাম লোহিত, যাৰ সৌন্দৰ্য অবৰ্ণনীয়৷ চীন-ভাৰত সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহোৱেদি নৈখন আমাৰ দেশলৈ সোমাই আহিছে৷ ইণ্টাৰনেশ্যনেল ৰিভাৰ হিচাপে প্ৰসিদ্ধ লোহিত নদীৰ দীঘ ভাৰতত প্ৰায় ১৯০ কিল’মিটাৰ৷ অৱবাহিকাৰ কালি ২৩,৪০০ বৰ্গ কিল’মিটাৰ৷ নৈখনে বছৰি ১৪,৭০০ হেক্টৰ গেদ কঢ়িয়াই আনে৷ বৰফাবৃত্ত পৰ্বতৰ পৰা ওলোৱা হেতুকে লোহিত আৰু ইয়াৰ কেতবোৰ উপনৈত গোটেই বছৰ ধৰি পানী থাকে৷ এই স্থানৰ পৰা উজাই গৈ থাকিলে আনুমানিক ৩৫ কিল’মিটাৰ আগত, সোঁপাৰে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত পৰশুৰাম কুণ্ড৷ ব্ৰহ্মকুণ্ড বুলিও কয়৷ তাৰ পৰা ১৫ কিল’মিটাৰ পথ-দূৰত্বত মিছিমি পৰ্বতৰ ওপৰত ৱাই পইণ্ট৷ তাৰ সোঁবাটে ৩ কিল’মিটাৰ আগলৈ লোহিত ভিউ পইণ্ট৷ উক্ত দৰ্শন থলীৰ পৰা বিশাল লোহিত উপত্যকাটোকে ধৰি স্বাভিমানী নৈখনৰ ভৈয়াম খণ্ডৰ ৰেহ-ৰূপ হেঁপাহ পলুৱাই প্ৰত্যক্ষ কৰিছিলোঁ কিবিথো যাত্ৰাত৷ নৈখনৰ অগ্ৰাংশৰ দৃষ্টিনন্দন আৰু চিত্তাকৰ্ষক সেউজ-নীল আস্তৰণ অসম সমভূমিত নামমাত্ৰও দেখা নাযায়৷ নৈখন সেইফালৰ পৰা আহি এইখিনি পাইছে৷
গতিপথ অধ্যয়ন কৰিলে পোৱা যায় যে লোহিতৰ আগলিভাগ চীনা ভূখণ্ডৰ অন্তৱৰ্তী ৬,৬১৪ মিটাৰ উচ্চতাৰ য়কো শৃংগৰ পৰা ওলাইছে জায়ুল চু নাম লৈ৷ তাৰ পৰা দক্ষিণ-পূব দিশত ১০০ কিল’মিটাৰ বৈ আহি পশ্চিমমুৱা হয়৷ এইদৰে ৫৫ কিল’মিটাৰ আহি অৰুণাচল প্ৰদেশৰ উত্তৰ সীমাৰ কাষেদি বৈ থকা ৰংটো চু নৈক ৰিমা নামৰ ঠাইত লগত লৈছে৷ তাৰ পাছত দক্ষিণ দিশত ১৫ কিল’মিটাৰ ভটিয়াই দু গিৰিপথৰ ওচৰৰ কাহোত ভাৰতত প্ৰৱেশ কৰে৷ সেইখিনিৰ পৰা নৈখনে বাটত বাঁওপাৰে চাই নৈক লৈ তেল্লু নামেৰে ৪০ কিল’মিটাৰ আহি মিনজিং পায়৷ ইয়াত ঘালুম নৈক বাঁওপাৰে লৈ পশ্চিমমুৱা হয়৷ বাটত লা টি নামৰ এখন ডাঙৰ নৈক বাঁওপাৰে লৈ উত্তৰ-পশ্চিমমুৱাকৈ ৩৬ কিল’মিটাৰ বৈ আহে৷ ইয়াৰ পাছত নৈখন দক্ষিণ-পশ্চিমমুৱা হয়৷ ১৪ কিল’মিটাৰ আহি অন্যতম প্ৰধান উপনৈ টিডিঙক সোঁপাৰে লয়৷ তাৰ পৰা আগুৱাই বাঁওপাৰে লাং নৈক লৈ ১৪ কিল'মিটাৰ ভটিয়াই মিছিমি পৰ্বতৰ পাদদেশত পৰশুৰাম কুণ্ডত প্ৰৱেশ কৰে৷ কুণ্ড এৰি আহি অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম দলংখন পাৰ হোৱাৰ পাছতে নৈখন হঠাতে বহল হৈ পৰে৷ অৰুণাচলৰ মাজেৰে অহা ডিমাই, জে, ভেৰাই, তেজু, খেৰেম, বেৰেং সুঁতি, ডিগাৰু, পায়া, হাতীডুবা, বালিজানক সামৰি তেজু, চূণপোৰা হৈ আগলৈ বৈ অহা নৈখনে ধনেখনাত ন-দিহিঙক বাঁওপাৰে লোৱাৰ পৰাই পূৰ্ণৰূপত অসমত প্ৰৱেশ কৰিছে৷ তাৰ পাছত লোহিতে কুণ্ডিল, দিচৈ, ঘূৰামূৰা নৈক লগত লয়৷ ধলাৰ বিপৰীত দিশত দিবাং বা ছিকাং নৈক সোঁপাৰে লয়৷ আগলৈ ৰঙাজান, গংগো বা দটং, ছৈখোৱা, বেচানি ইয়াৰ লগ লাগে৷ গংগো নৈক লোৱাৰ পৰা ২ কিল’মিটাৰ ভটিয়াই লোহিতৰ সৈতে মিলিত হয় চিয়াং নৈৰ পূব শাখা অৰ্থাৎ চাংপোৰ পানীৰে সমৃদ্ধ প্ৰথমটো ধাৰা চিবিয়া, ডিব্ৰু-ছৈখোৱাৰ চুৰকে চাপৰিৰ ওচৰত৷ সেইডোখৰৰ পৰাই বিশাল জলৰাশি ব্ৰহ্মপুত্ৰ নদ নামে পৰিচিত৷ আনহাতে চিবিয়া যোগ হোৱাৰ ২২ কিল’মিটাৰ আগলৈ চিয়াঙৰ মূল ধাৰা অৰ্থাৎ দিহাং একত্ৰিত হৈছে৷

No comments:
Post a Comment