শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২১)
কিছু দূৰ আগ বাঢ়ি বৰগোহাঁয়ে ৰৈ দিলে৷ মহাসেতুৰ ফুটপাথতে বহি পৰিল৷ ভাগৰত নহয়, অপেক্ষাতহে৷ ভালেখিনি পাছ পৰি ৰোৱা আমাৰ এওঁলৈ চাই ৰিং মাৰিলে, ‘ঐ ভনী, পাৰিবিনে? টান পাইছ নেকি?’ দূৰৰ পৰাই মিচিকিয়াই সিগৰাকীৰ উত্তৰ, ‘নাই নাই, একো অসুবিধা নাই পোৱা দাদা৷ গৈ থাওকচোন আপোনালোক৷’ মই ভেদ ভাঙিবৰ প্ৰয়াস কৰিলোঁ, ‘ঘৰতে শপত খুৱাই অনা হৈছে৷ এতেকে... চিন্তা নাই, আহি থাকিব দিয়ক৷’ এইবাৰ মোৰ ফালে চাই বৰগোহাঁইৰ মিহিকৈ জেৰা, ‘গাড়ী এডোখৰকে লৈ আহিব লাগিছিল নহ’লে, মানুহজনীক কষ্টখন খুৱাইছে আপুনি৷’ মই বোলো, ‘মোৰ গাড়ীও নাই, চলাবও নাজানো৷’ চাফ চাফ তেনেকৈ কৈ দিলত তেওঁ প্ৰথমে পতিয়ন যাবলৈ টান পালে৷ সংযোগী বাক্য আৰু দুই-চাৰিটা কোৱাৰ পাছতহে মানিলে যে অমুকাৰ সঁচাকৈয়ে বাহন-চাহন নাই৷ ঈশ্বৰপ্ৰদত্ত ভৰি দুখনেই সৰ্বস্ব৷ মানুহজনৰ চকুকেইটা উজলি উঠাটো মন কৰিলোঁ৷
প্ৰশ্নোত্তৰ আৰু কিছু হ’ল৷ ক'লোঁ, ‘গাড়ী থকা বন্ধুবৰ্গৰ সৈতে কথা পতা হৈ আছিল যে উদ্বোধনৰ পাছদিনাই একেলগে আহিম দলং চাবলৈ৷ পিছে কি হ'ব, কাউন্সিল ইলেক্চনৰ বাবে মানুহবোৰ তেনেই জব্দ হৈ গ’ল৷ কোনো ওলাব নোৱাৰে৷ চাকৰি, ৰাজনীতি ইত্যাদি ইত্যাদি কথাত আটাইবোৰ একে সময়তে ব্যস্ত হৈ পৰাত সংগীহীন হ'লোঁ৷ কথাটো এওঁক ক'বলৈহে পালোঁ, ঠেং দাঙিলেই৷ ৰাতিয়েই ৰে'লত উঠি দুয়ো গুচি আহিলোঁ৷ আহি টেম্প'তে আপোনাক লগ পালোঁ৷ তাৰ পাছৰ কাহিনী জানিছেই নহয়৷ একেলগে এয়া, দীৰ্ঘতম দলঙত কদম মিলাই আছোঁ৷' এইখিনি কোৱাৰ পাছত অলপ সময়লৈ চমু বিৰতি৷ তেওঁ নিমাত৷ কাষেৰে গাড়ী দুখনমান পাৰ হৈ গ'ল৷ পৰিৱেশটোলৈ আহি পৰা নিস্তব্ধতাৰ সুযোগ লৈ পুনৰ মুখ খুলিলোঁ মই৷ 'গৈ থাকিলে লংকাও পায় হেনো৷ আমিও সিপাৰ পামেগৈয়ে অলপ পাছত৷ কিহৰ গাড়ীডাল লাগিছেহে? খোজ কাঢ়িয়েই মজা লাগিছে দেখোন৷ দেখাও পাইছোঁ বেছি ভালকৈ৷’
লক্ষ্য কৰিলোঁ, কথাকেইষাৰ শুনাৰ পাছত তেওঁ যেন আগতকৈ আৰু অলপমান অন্তৰংগ হ'ল, মানসিকভাৱে আৰু অকণমান নিকটলৈ চাপিল আমাৰ৷ তেনেকৈয়ে তিনিও গৈ থাকিলোঁ জিৰাই-শঁতাই, ইটো-সিটো আলোচনা কৰি কৰি৷ কোনো খৰ-খেদা নাই৷ মাজে মাজে জিভাৰ তলত সুমুৱালোঁ আমূল ডেইৰী মিল্কৰ টুকুৰা৷ বৰগোহাঁইকো দিলোঁ, নিজেও ল’লোঁ, পৰিবাৰকো দিলোঁ৷ ভোক লাগিলে খাম বুলি তিনিচুকীয়াত বাছত উঠাৰ আগতে কিবাকিবি খোৱাবস্তু অলপ কিনা হৈছিল৷ খোৱাৰচোন নামেই নুলিয়াই কোনেও৷ গৈ থকাৰহে মতলব৷ ক'ৰ পৰানো শৰীৰলৈ শক্তি আহিছে নাজানো৷ খাদ্যসামগ্ৰী ৰাক্চেকতে যেনে আছিল তেনেই পৰি থাকিল৷
আমি মাজপানী পালোঁহি৷ সময়নো কিমান হৈছে বুলি চাওঁতে স্পষ্ট হ'ল যে অথনি জিৰ' পইণ্টত আল্ট্ৰাখনৰ পৰা নমাৰ পাছত এতিয়ালৈকে ১ ঘণ্টা ১০ মিনিট আহিলোঁ৷ ম'বাইল হেণ্ডছেটৰ পেড'মিটাৰটোও সেই তেতিয়াই সক্ৰিয় কৰি লোৱা হৈছিল৷ উত্তেজনা আৰু আনন্দত ৰিডিংটো নোট কৰিবলৈ পাহৰিয়েই থাকিলোঁ৷ দলঙৰ বাঁওকাষৰ ৰেলিঙত ভেজা দি একেথৰে চাই থাকিলোঁ ধলা, ছৈখোৱা ঘাটৰ ফালে দূৰ দিগন্তলৈ৷ নদীৰ নাম, বৈশিষ্ট্য, গতিপথ, পৰিচ্ছেদিকা, চৰ-চাপৰি, জলপ্ৰৱাহ, বানপানী, জলপৃষ্ঠ, বেদিকা, গেদ পৰিৱহণ, গৰা-খহনীয়া, সুঁতিৰ পৰিৱৰ্তন, নৈপৰীয়া জীৱন আদি নদীকেন্দ্ৰিক অনেক শব্দই একে সময়তে মগজুত খুন্দিয়ালেহি৷ কিছুপৰ থাকিলোঁ তেনেকৈয়ে৷ John Dyerৰ কবিতাৰ পংক্তিও আওৰালোঁ নীৰৱে৷

পিছফালৰ পৰা বাইক লৈ ডেকাল’ৰা এটা হাজিৰ৷ বৰগোহাঁইৰ নিচেই কাষতে ৰ’লহি৷ তেওঁ তালৈ চালে৷ ‘তই গৈ থাক, মই পামগৈ৷ কাৰবি আংলঙৰ আলহীৰ লগে-ভাগে খোজ কাঢ়িয়ে আহি আছোঁ৷ ঘৰত ক'বিগৈ৷’ কথা শুনি ডেকায়ো পালচাৰৰ গিয়েৰ সলালে আৰু কোবেৰে ঢাপলি মেলিলে মসৃণ দলংপথেৰে৷ ল’ৰাটো গুচি যোৱাৰ পাছত বৰগোহাঁয়ে জানিবলৈ দিলে, ‘সেইটো মোৰেই ডাঙৰ ল’ৰা৷ ধলাৰ পৰা আহি আছে৷’ ‘দেউতাকে খোজ কাঢ়ি কাঢ়ি গৈ থকা দেখি তুলি লৈ যাওঁ বুলি ৰৈছিল৷ নুঠিলে কেলেই তাৰ লগত? গুচি যাব পাৰিলেহেঁতেন৷’ মই অলপমান টানি ধৰিলোঁ৷ ‘নাই, আজি এনেকৈ গৈহে ভাল লাগিছে৷ আপোনালোকৰ লগত আহি মোৰো এটা বিৰল অভিজ্ঞতা হৈছে৷ নহ’লেনো ক’ত আৰু ইমান দূৰ খোজেৰে অহা হয়? ভাগ্যে লগালগি হ'লোঁ দেই আমি৷ ঈশ্বৰে মিলালে বুইছে৷ আজিৰ দিনটো কিন্তু মনত থাকিব৷ আপোনাৰ ফোন নম্বৰটো দিবচোন পাছত৷’
আমি মাজপানী পালোঁহি৷ সময়নো কিমান হৈছে বুলি চাওঁতে স্পষ্ট হ'ল যে অথনি জিৰ' পইণ্টত আল্ট্ৰাখনৰ পৰা নমাৰ পাছত এতিয়ালৈকে ১ ঘণ্টা ১০ মিনিট আহিলোঁ৷ ম'বাইল হেণ্ডছেটৰ পেড'মিটাৰটোও সেই তেতিয়াই সক্ৰিয় কৰি লোৱা হৈছিল৷ উত্তেজনা আৰু আনন্দত ৰিডিংটো নোট কৰিবলৈ পাহৰিয়েই থাকিলোঁ৷ দলঙৰ বাঁওকাষৰ ৰেলিঙত ভেজা দি একেথৰে চাই থাকিলোঁ ধলা, ছৈখোৱা ঘাটৰ ফালে দূৰ দিগন্তলৈ৷ নদীৰ নাম, বৈশিষ্ট্য, গতিপথ, পৰিচ্ছেদিকা, চৰ-চাপৰি, জলপ্ৰৱাহ, বানপানী, জলপৃষ্ঠ, বেদিকা, গেদ পৰিৱহণ, গৰা-খহনীয়া, সুঁতিৰ পৰিৱৰ্তন, নৈপৰীয়া জীৱন আদি নদীকেন্দ্ৰিক অনেক শব্দই একে সময়তে মগজুত খুন্দিয়ালেহি৷ কিছুপৰ থাকিলোঁ তেনেকৈয়ে৷ John Dyerৰ কবিতাৰ পংক্তিও আওৰালোঁ নীৰৱে৷
And see the rivers how they
run
Through
woods and meadows, in shade and sun
Sometimes
swift, sometimes slow,
Wave
succeeding wave, they go
A
various journey to the deep,
Like
human life to endless sleep!
ধলাৰ ছৈখোৱা ঘাট৷ শদিয়াৰ কুণ্ডিল ঘাট৷ সেই পাৰঘাটবোৰ এতিয়া ইতিহাস হোৱাৰ পথত৷ যুগ যুগ ধৰি ফেৰীসেৱাই আছিল সৰ্বসাধাৰণৰ বাবে যাতায়াতৰ একমাত্ৰ সম্বল৷ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ, দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ লোহিতৰ বহল বক্ষইদি বছৰ বছৰ জুৰি পুৱাৰে পৰা গধূলিলৈকে ৰুটিনমাফিক চলাচল কৰি থকা চৰকাৰী-বেচৰকাৰী ফেৰী, মাৰনাও, টুলুঙা পানচৈবোৰৰ কেনিও এখনোৱেই চকুত নপৰিল৷ বিষাদৰ সুৰ বুকুত লৈ কালি বৃহস্পতিবাৰে ধলাৰ পৰা শদিয়ালৈ বুলি অন্তিম যাত্ৰা কৰিছিল অগ্নিগড় ফেৰীয়ে৷ খবৰটো পাইছিলোঁ মই৷

No comments:
Post a Comment