শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৯)
পিঠিত ৰাক্চেক্ লৈ বহল ৰাস্তাৰে লং মাৰ্চ আৰম্ভ হ’ল৷ পিন্ধনত তেনেই সাধাৰণ সাজ আমাৰ৷ ভৰিতো দুয়োৰে পুৰণা চেণ্ডেল৷ কালি ঘৰৰ পৰাই তেনেকৈ প্ৰস্তুত হৈ আহিছোঁ৷ যাতে দীৰ্ঘ দূৰত্ব গৈ থাকিলেও আৰাম লাগি থাকে আৰু বৰষুণ দিলেও অকণো যাতে অসুবিধা নহয়৷ ৰাক্চেকৰ ভিতৰত স্প’ৰ্টছ শ্বুজ নথকা নহয় অৱশ্যে৷ প্ৰয়োজন হ’লেহে উলিয়াম বুলি ভাবিছোঁ৷ নতুবা এনেকৈয়ে পামগৈ শদিয়া৷ সাজোন-কাচোনৰ তেনেকুৱা একো বিশেষ কথা নাই৷ লক্ষ্য মাথো, দলঙৰ সিটো মূৰ৷
ইফালে-সিফালে চাই চাই গৈ আছোঁ৷ কেমেৰাটো সভয়ে ডিঙিত
আঁৰি ল'লোঁহে মাত্ৰ, বৰগোহাঁয়ে অনুচ্ছ স্বৰত কৈ উঠিল, ‘দলঙত ফটো তুলিবলৈ নিদিবও পাৰে৷ সাৱধানে ল’ব৷’ খোজ কাঢ়ি পাৰাপাৰ হ’বলৈ দিবনে নিদিব, অনুমতি ল’ব লাগিব নেকি, কেমেৰা নিব আৰু
ফটো তুলিব পাৰিমনে নোৱাৰিম, ইত্যাদি বিভিন্ন চিন্তাৰে মনটো পুনৰবাৰ ভাৰাক্রান্ত নোহোৱাকৈ
নাথাকিল৷ মানুহৰ বাৰু যেন-তেন, কেমেৰাটো যদি জব্দ কৰে, তেতিয়া কি হ'ব? অৱশ্যে এইখিনিৰ পৰা যিমান দূৰলৈকে চকু দুটাৰে মণিব পাৰিছোঁ, চে’ক্ গে’টজাতীয় তেনেকুৱা একো ৰে'ঞ্জত পৰা
নাই৷ খাকী পোছাকো দেখা পোৱা নাই৷ নথকাটোৱেই অন্তৰেৰে কামনা কৰিছোঁ৷ বিপৰীতে এইটোও সূক্ষ্মতাৰে মন
কৰিছোঁ যে দলঙৰ ওপৰত আমাৰ দৰে খোজ কঢ়া মানুহো দেখোন শূন্য!
যি হ’ব হ’ব বুলি আগুৱাই আছোঁ৷ অস্থায়ী হেলিপেড আৰু তাৰ সিফালে সজা মণ্ডপটো আৰম্ভণিতেই
মুখৰ আগলৈ আহিল৷ দলংখনৰ উত্তৰ পাৰত এটা স্থায়ী হেলিপেড নিৰ্মাণ কৰা হ’ব বুলি ইতিমধ্যে জানিবলৈ পাইছোঁ৷
তাৰ বাবে ৩০ বিঘা ভূমি আৱণ্টন দিয়া হৈছে৷ আমি এতিয়া দেখি থকা সভাগৃহটোলৈকে মোদীজীৰ ভাষণ
শুনিবৰ বাবে কালি পুৱতি নিশাৰে পৰাই ওচৰ-পাজৰ, দূৰ-দূৰণি, চৌদিশৰ ৰাইজ হিলদ’ল ভাঙি আহিছিল৷ লোকে-লোকাৰণ্য হৈ আছিল নাকৰ পোনে পোনে দেখি থকা সেউজ ক্ষেত্ৰবোৰ৷ এতিয়া সম্পূৰ্ণ নীৰৱ, নিস্তব্ধ৷ খোজ কাঢ়ি
কাঢ়ি ভাগৰুৱা হৈ পৰিছিল সভাসদসকল৷ সদ্যহতে কোনোৱেই নাই৷ জেগা মুকলি হোৱাৰ সুযোগকণ লৈ আমি আহি ওলাইছোঁ৷ আশা কৰিছোঁ, আগন্তুক
দিনত চামে চামে আহি থাকিব আমাৰ দৰে কৌতূহলী দৰ্শনাৰ্থীবোৰ৷ কোনোবাই খোজ কাঢ়িব, কোনোবা গাড়ীত যাব৷ আনহাতে এতিয়া নাই যদিও ঘড়ীৰ কাঁটা আগুৱাৰ লগে লগে যান-বাহনৰ গমনাগমন আজি বাঢ়িব বুলি অনুমান কৰিছোঁ৷ কাৰণ আজি হৈছে ২৭ তাৰিখ, মাহৰ চতুৰ্থ শনিবাৰ৷ অফিচ-কাছাৰী বন্ধ৷ কাইলৈ দেওবাৰ৷ কাইলৈও চাগৈ দলঙৰ ওপৰত প্ৰচুৰ
ভিৰ লাগিব৷ অনাকাংক্ষিত ভিৰৰ পৰা হাত সাৰিবলৈকে আমি আমাৰ যাত্ৰাৰ শুভাৰম্ভণি ঘটাইছোঁ আনুষ্ঠানিক উদ্ঘাটনৰ পৰৱৰ্তী দিনাই, পুৱাই পুৱাই৷
বহল নৈখনৰ দক্ষিণ পাৰে সজা প্ৰকাণ্ড মণ্ডপটো, তম্বুবিলাক
এতিয়াও খোলাই নাই৷ কালি দুপৰীয়া সেই সভামণ্ডপতে উপস্থিত বিশাল জনসমুদ্ৰক সম্বোধন কৰিছিল
দেশৰ প্ৰধান মন্ত্ৰীয়ে৷ ভাৰতবৰ্ষৰ ভিতৰত দীৰ্ঘতম এই দলং, এচিয়াৰ ভিতৰত দ্বিতীয় দীঘল এই
দলংখন অসমৰ সু-সন্তান, আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে অলংকৃত কৰাৰ সিদ্ধান্ত
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বুলি ভাষণত ঘোষণা কৰিছিল৷ ঘৰত টিভিৰ পৰ্দাত উদ্বোধনী
কাৰ্যসূচী চাই থাকোঁতে মোদীজীৰ মুখনিসৃত বাক্যটো কৰ্ণপটহত পৰা মাত্ৰকে অজানিতে মোৰ
দুচকুৱেদি লোতক নিগৰি আহিছিল৷ সেই বিশাল ক্ষেত্ৰত সমৱেত সমজুৱাৰ মাজত শুনা গৈছিল
প্ৰৱল হৰ্ষোল্লাস৷ বাজি উঠিছিল সমৰ্থন প্ৰকাশক সজোৰ কৰতালি৷ ম'বাইল ফোনৰ টৰ্চলাইট জ্বলাই একে সময়তে উপস্থিত ৰাইজে উদ্যাপন কৰিলে আনন্দোৎসৱ৷ সঁচাকৈয়ে এটা
আদৰণীয় সিদ্ধান্ত৷ ভূপেন হাজৰিকা এনেকুৱা এটা নাম যাৰ বাবে অসমবাসীয়ে গৌৰৱ কৰে৷
No comments:
Post a Comment