শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৩)
তিব্বতৰ চেমায়ুংদং হিমবাহৰ পৰা উৎপত্তি হৈছে চাংপো নৈৰ৷ কুবি চাংপো, চেমায়ুংদং আৰু মায়ুন চু নামৰ তিনিখন হিমনদীৰ জল একত্ৰিত হোৱাৰ পাছত সেই পানীভাগ পশ্চিমৰ পৰা পূবলৈ বৈ আহিছে৷ ব্ৰহ্মপুত্ৰক তিব্বতীসকলে চাংপো বোলে৷ চাংপোৰ অৰ্থ পৰিশোধক৷ চীনাসকলে কয় য়া লু টাং পু চিয়াং৷ অৰুণাচলত চিয়াং৷ সেয়াই উৎপত্তি স্থল চাংপো, চিয়াং, ব্ৰহ্মপুত্ৰৰ৷ যিটো বাটেৰে চাংপো, চিয়াং নামি আহিল সেই একেটা বাটেৰে লোহিত অহা নাই৷ যি ঠাইত চাংপো অৰ্থাৎ চিয়াঙৰ চিবিয়া নামৰ ধাৰাটো লোহিতত মিলি ব্ৰহ্মপুত্ৰ নাম ল’লে সেই ঠাই এইখিনিতো নহয়েই, তালৈ ইয়াৰ পৰা উজায়ো নহয়, বৰং ভটিয়াইহে, কমেও ২০-২২ কিল’মিটাৰমান যাব লাগিব৷ তেনেস্থলত এই স্থানত এই জলৰাশিক ব্ৰহ্মপুত্ৰ বুলিম কেনেকৈ? কাষত দণ্ডায়মান, গেন্ধাই ফুল ওলমি থকা ফলকখনৰ ব্ৰহ্মপুত্ৰ শব্দটোলৈ ঘোপাকৈ চাই পঠিয়ালোঁ৷ দেখদেখকৈ ভুল কথা এটা লিখি থোৱা নহ'লনে? দুবছৰৰ আগতে শদিয়া পাৰঘাটৰ পৰা ছৈখোৱা ঘাটলৈ ফেৰীৰে আহোঁতে নিৰ্মীয়মান দলংখনৰ মূৰতো লিখি থোৱা দেখা পাইছিলোঁ 'নৱযুগ, ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰীজ, ধলা-শদিয়া'৷ তাৰ মানে খুঁটা পোতাৰ পৰাই, দলঙৰ বাবে নিবিদা আহ্বান কৰাৰ পৰাই নদীখনৰ নামটো এই বুলিয়েই চলি আহিল, চলি থাকিল! সাংবাদিকেও লিখি থাকিল ব্ৰহ্মপুত্ৰ৷
লৌহিত্য মহাসংগমৰ দক্ষিণ পাৰেই বিনোদ বৰগোহাঁইৰ বৰ্তমানৰ কৰ্মস্থলী ডিব্ৰু ছৈখোৱাখন৷ উত্তৰে ব্ৰহ্মপুত্ৰ আৰু লোহিত, দক্ষিণে ডিব্ৰু নৈৰে ঘেৰা৷ গুগুলত চালে এজোপা প্ৰকাণ্ড গছৰ শিপাবিলাকৰ দৰে বিস্তৃত হৈ থকা যেন দেখি নদীবোৰ৷ একেবাৰে হিমালয় পৰ্বতমালাৰ বক্ষস্থলৰ পৰাই শিপাবিলাক সৃষ্টি হৈ আহিছে৷ সংগমথলীত সমূহ শিপা একমুঠ হৈ ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণাংগ বটবৃক্ষ আকাৰত গৰ্বেৰে থিয় দি আছে৷ অনুৰূপ, এই প্ৰশস্ত অৱবাহিকা অঞ্চলটোত যুগ যুগ ধৰি বসতি কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীবোৰ৷ এই নানা জাতি-উপজাতি মিলিয়েই এদিন সৃষ্টি হৈছিল অসমীয়া মহাজাতি, বৰ-অসম৷ যিদৰে বহুনদী-উপনদী একেলগ হৈ মহাবাহু ব্ৰহ্মপুত্ৰ৷ ভূপেন হাজৰিকাই গাইছিল চিয়াঙৰে গালং, লোহিতৰে খামতি৷ আৰু গাইছিল মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ৷ এই প্ৰত্যেকখন নৈৰে নিজস্ব গতিপথ আছে, স্বকীয়তা আছে৷ তেনেকৈ ইয়াৰ পাৰৰ প্ৰতিটো লোক-সমষ্টিৰে নিজস্বতা আছে, বাৰেবৰণীয়া সংস্কৃতি আছে, বিশেষত্ব আছে৷

ব্ৰহ্মপুত্ৰ মহানদৰ সৃষ্টিত মূল ভূমিকা লোৱা নৈবোৰ নেদেখিলে ব্ৰহ্মপুত্ৰৰ দৰ্শন সম্পূৰ্ণ নহয়৷ পাৰত ৰৈ মাথো ইপাৰ-সিপাৰলৈ চাই কোনেও কোনোপধ্যেই উপলব্ধি কৰিব নোৱাৰে ইয়াৰ প্ৰকৃত বিশালতা আৰু মৰ্মাৰ্থ৷ তেনেকৈ অসমীয়া জাতিৰ বিশালতাক বুজি পোৱাটোও মুখৰ কথা নহয়৷ নিষ্ঠুৰ সময়ে আজি কাৰ্যতঃ সংকুচিত কৰি পেলালেও অসমীয়া মহাজাতিৰ বিশালতাক প্ৰেক্টিকেলি জানিবলৈ-বুজিবলৈ হ’লে ব্ৰহ্মপুত্ৰৰ দৰ্শন, অধ্যয়ন আৰু বহল দৃষ্টিভংগীৰ প্ৰয়োজন আছে৷ লোহিতৰ ওপৰত নিৰ্মিত, দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কালি মুকলি কৰি থৈ যোৱা ভূপেন হাজৰিকা সেতুৱে আজি পুৱাতেই দৰ্শনাৰ্থী হিচাপে খোজ পেলোৱা আমাক যেন তাকেই কৈ থাকিল বাৰে বাৰে৷
এই স্থানতে মোদীজীয়ে নাৰিকল ভাঙি ৰঙা ফিটাডাল কাটিছিল৷ প্ৰৱেশ কৰিছিল দেশৰ দীৰ্ঘতম দলঙত৷ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ পাছত ধল বৈছিল জনতাৰ৷ এতিয়া কোনো নাই৷ কেৱল আমি আছোঁ৷ ভাৰত চৰকাৰৰ পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰধান মন্ত্ৰীৰ বাবে সজা স্বাগতম তোৰণখন এতিয়াও তেনেকৈয়ে আছে৷ ধূপৰ পেকেট, কলপাত, আমপাত, মৰহা ফুল সিঁচৰতি হৈ ৰাস্তাত পৰি আছে৷ দুজন ল'ৰাই কেবল্ এডাল এৰুৱাই গৈ থকা দেখিলোঁ৷ আগুৱাই থকা অৱস্থাতে আমিও অকণমান হাত ধৰি দিলোঁ৷
No comments:
Post a Comment