Tuesday, 20 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৮)

লোহিতৰ বগা পানী এইখিনিৰ পৰা ৰিণিকি ৰিণিকি দেখা পাই আছোঁ৷ আমাৰ বাঁওহাতে তললৈ কেঁচা ৰাস্তা এটা৷ ঘাটলৈকে গৈছে চাগৈ৷ ৰাস্তাৰ দাঁতিত এটা নামঘৰ৷ তাৰ সন্মুখতে টিউবৱেলত দুজন লোকে হাত-ভৰি পখালি আছে৷ অৰুণাচলৰ পাহাৰত প্ৰৱল বৃষ্টিপাত হলে হিল-দল ভাঙি নামি অহা বাঢ়নী পানীৰ ধলে বিস্তীৰ্ণ অঞ্চল নিমিষতে জলমগ্ন কৰি পেলায়৷ লোহিত, দিবাং, দিহাং আৰু আন আন উপনৈবোৰৰ সমন্বয়ত সিফালে ব্ৰহ্মপুত্ৰই কালৰূপ ধৰে৷ অদূৰত এটা মথাউৰি চকুত পৰিছে৷ তাকে আশ্ৰয় কৰি বাঁহগছ, কলগছৰ মাজে মাজে টিনপাত লগোৱা কেঁচামাটিৰ ঘৰ কিছুমান৷ বিদ্যুৎ সংযোগ আছে এইফালে৷ খুঁটা আৰু তাঁৰ দেখিছোঁ৷

দূৰৈত দলঙৰ কেঁকুৰিটো৷ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছ এখন আকৌ ওলালহি৷ এইবাৰ শদিয়াৰ দিশৰ পৰা৷ কত যুগৰ অপেক্ষাৰ অন্তত, কত বিপদ-বিঘিনিৰ দিন-ৰাতি পাৰ হোৱাৰ পাছত পোৱা গৈছে এনেকুৱা চিন্তাহীন আৰামদায়ক যাত্ৰা, এ.এছ.টি.চি. লাক্‌চাৰী কচ্চ৷ শদিয়া এতিয়া মূল ভূখণ্ডৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ পৰিল৷ তাৰ আগতে কিন্তু শদিয়াৰ মানুহখিনিৰ কি দুৰৱস্থা আছিল, তালৈ নোযোৱা মানুহে নুবুজিব৷ আগতে এবাৰ ভৰি দিয়েই সেয়া অনুধাৱন কৰি থৈছোঁ৷ পুৰণি শদিয়া, শদিয়া ঘাট আদিৰ যাত্ৰাপথৰ বিড়ম্বনা বুজি থৈছোঁ৷ এতিয়াহে সকাহ আৰু দীৰ্ঘনিশ্বাস৷

সেৰেঙাকৈ অন্য গাড়ী কিছুমানো আহ-যাহ কৰিব ধৰিছে৷ ওচৰ চাপি অহাত বাছখনলৈ চালোঁ৷ যাত্ৰাকালত টোপনিওৱাৰ অভ্যাস থকাসকলৰ বাবে ৯.১৫ কিলমিটাৰৰ নিশ্চিত সুখনিদ্ৰা এটা৷ আনহাতে, সাৰ পাই থকাসকলৰ বাবে ৯.১৫ কিলমিটাৰৰ এক অভূতপূৰ্ব আৰু উত্তেজনাপূৰ্ণ সুখযাত্ৰা৷ দেখিলোঁ, যাত্ৰীসৱৰ মুখবোৰত সন্তুষ্টি আৰু হাঁহিৰ ৰেশ, আগৰ বাছখনৰ দৰেই৷ চকুবোৰত দলঙেৰে পানী অতিক্রম কৰাৰ নতুন উৎকণ্ঠা৷ কেবিনত বহাজনৰ হাত মবাইলৰ বুটামত৷ তাৰ মানে ইয়াতো ভিডিঅ ৰেকৰ্ডিং চলি আছে ভূপেন হাজৰিকা সেতুৰ৷ কম সময়তে হৈ যাব আপল'ড৷

ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়া পোৱাৰ ১৭ কিলমিটাৰমান আগত অৱস্থিত এই মহাসেতু৷ জানিবলৈ পাইছোঁ যে বিশ্বভ্ৰাতৃত্ব আৰু বিশ্বশান্তিৰ প্ৰবক্তা, অমৰ সংগীত সাধকগৰাকীৰ জীৱনজোৰা সাধনাক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে এই সেতুখনৰ সমীপত অচিৰেই আঞ্চলিক সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ এখন চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি তোলা হব৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিক উক্ত ক্ষেত্ৰখনে একে ঠাই কৰাৰ উপৰি উত্তৰ-পূববাসীৰ সদ্ভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ নিশ্চয়কৈ এটা উত্তম প্ৰস্তাৱ৷

সুধাকণ্ঠৰ চিন্তা-চৰ্চাক আগুৱাই নি অসম তথা উত্তৰ-পূব প্ৰান্তৰ স্বকীয় কৃষ্টি-সংস্কৃতিক ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা তথা নৱপ্ৰজন্ম যাতে শিপাৰ পৰা বিচ্ছিন্ন হৈ নাযায় সেই উদ্দেশ্য সন্মুখত লৈয়ে সমন্বয় ক্ষেত্ৰখনি নিৰ্মাণ কৰা হ'ব বুলি অসম চৰকাৰে সদৰি কৰিছে৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণােৱাল ডাঙৰীয়াৰ ভাষাত, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নানা জাতি, উপজাতিৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ মাধ্যমেৰে প্ৰকাশ কৰি ডক্টৰ ভূপেন হাজৰিকাই সমন্বয়ৰ বান্ধোন সুদৃঢ় কৰিছিল৷ সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো সংগীতৰ মাধ্যমেৰে ডক্টৰ ভূপেন হাজৰিকাই দিয়া একতাৰ বাণীসমূহে কেৱল সাংস্কৃতিক জগতকে নহয়, মানৱীয় প্ৰমূল্যবোধ গঢ়াৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ ২৬ মেত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ আৰ্থ-সামাজিক জীৱনধাৰা তথা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা ধলা-শদিয়া সংযোগী দলং ৰাষ্ট্ৰ নামত উছৰ্গা কৰাৰ উপৰি ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়৷ ভূপেন হাজৰিকা দলং এখন প্ৰত্যাশাৰ সেতু৷ এই দলঙে অসম আৰু অৰুণাচলৰ মাজত যাতায়াত ব্যৱস্থা সুচল কৰি মনৰ মিলনৰ সেতু গঢ়িব৷ এই দলঙৰ সমীপতে ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ স্বকীয় মহিমাৰে মহিমামণ্ডিত কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ এখন সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই প্ৰস্তাৱিত সমন্বয় ক্ষেত্ৰই দেশ-বিদেশৰ পৰা অসমলৈ অহা পৰ্যটকসকলৰ সন্মুখত অসম তথা উত্তৰ-পূবৰ সাংস্কৃতিক জীৱন প্ৰবাহৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱাৰ উপৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰিব৷

এনে ঘোষণাই স্বাভাৱিকতে সকলোকে আনন্দিত কৰাৰে কথা৷ প্ৰকল্পৰ যথাযথ ৰূপায়ণৰ বাবে আনৰ লগতে আমিও অনাগত দিনলৈ আগ্ৰহেৰে বাট চাই থাকিম৷ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ মুকলি হোৱাৰ লগে লগে নিশ্চয়কৈ আকৌ এবাৰ লোহিতৰ পাৰলৈ আহিবলৈ ৰৈ নাথাকিম৷ ইয়াৰ নৈসৰ্গিক পৰিৱেশ, দেশৰ দীৰ্ঘতম দলং আৰু এতিয়া ৰিং এটাৰ বাট হৈ পৰা শদিয়াৰ সৈতে যোগ হবলগীয়া উক্ত সমন্বয় ক্ষেত্ৰখন যিকোনোজন ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণৰ হেতু হৈ পৰিব৷ কোনো ধৰণৰ ধৰ-পাকৰ নথকাত আপোনমনে খোজ কাঢ়ি গৈ থাকোঁতে চিন্তা কৰিছোঁ আৰু কি কি গঢ়ি তুলিব পৰা যায় এই দলং আৰু নৈক ভিত্তি কৰি৷






No comments:

Post a Comment