শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৪)
ইটো মূৰৰ পৰা সিটো মূৰ দেখা নোপোৱা, আকাশমাৰ্গৰ পৰা তোলা ছবিত দেখা ইংৰাজী এছ আখৰৰ আকৃতিৰ এই সুদীৰ্ঘ দলং৷ এচিয়া মহাদেশৰ দ্বিতীয় দীৰ্ঘতম হিচাপে বিবেচিত হৈছে৷ কালিৰ তাৰিখত ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘল ৰূপে চিহ্নিত হৈছে৷ দৈৰ্ঘ ৯.১৫ কিল’মিটাৰ৷ সেয়ে মহাসেতু৷ ইয়াৰ পূৰ্বে দেশৰ দীঘলতম দলঙৰ তালিকাত শীৰ্ষস্থানত আছিল ১৯৮২ চনতেই বিহাৰত গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা ৫.৭৫ কিল’মিটাৰ দীঘল মহাত্মা গান্ধী সেতু৷ তাৰ পাছত আছিল মহাৰাষ্ট্ৰৰ মাহিম বে’ত নিৰ্মাণ কৰা ৫.৫৭৫ কিল’মিটাৰ দৈৰ্ঘৰ বান্দ্ৰা ৱৰ্লি ছী লিংক৷ কালি উন্মোচন আৰু নামাংকনৰ পাছত প্ৰথম স্থানৰ স্বীকৃতিৰে গৌৰৱান্বিত এইখন আমাৰ ভূপেন হাজৰিকা সেতু৷ ধলা-শদিয়া সংযোগী এই সেতুৰ ওপৰেদি খোজ দিবলৈ পাই নিজকে ধন্য মানিছোঁ৷ আমাৰ উদ্দেশ্য আন বহুজনৰ দৰে বাহনত বহি বহি নহয়, ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি পাৰ হোৱা৷ গাড়ীত থম্ থম্কৈ গৈ থকাৰ আচল মজা নাই৷ সুবিধা হৈছে যে আমাৰ দৰে পথচাৰীৰ বাবে দুয়োফালে ফুটপাথ সজা আছে৷ যান-বাহনৰ আহ-যাহৰ বাবে দুই লেনযুক্ত দলংখন৷ দুয়ো ফুটপাথৰ কাষেৰে দুটা চাইক্লিং লেন৷ এই সকলো সামৰি সোঁফালৰ পৰা বাঁওফাললৈ দলংখনৰ প্ৰস্থ ১২.৯০ মিটাৰ৷

জানিব পৰামতে দলংখনৰ দুয়ো পাৰৰ সংযোগী পথৰ দূৰত্ব
হৈছে ২৮.৫০ কিল’মিটাৰ৷ যিকোনো দলঙৰ সংযোগী পথৰ
দূৰত্বৰ ক্ষেত্ৰত এইটোও এটা অভিলেখেই৷ দলংখন আৰু সংযোগী পথৰ দূৰত্ব মিলাই ধলাৰ পৰা শদিয়াৰ
চপাখোৱালৈ বৰ্তমান পথ-দূৰত্ব ৩৭.৬৫ কিল’মিটাৰ বুলি গম পাইছোঁ৷ ধলা গাঁও তিনিআলিৰ সমীপত আমি
অথনি দেখি অহা সেউজীয়া ব’ৰ্ডখনত লিখামতে ধলালৈ ২.৫০ কিল’মিটাৰ, চপাখোৱালৈ ৩৩, ৰ’য়িঙলৈ ৬২৷ দলঙৰ পৰা ধলাৰ ছৈখোৱা ঘাটলৈ ১৪ কিল'মিটাৰ৷ হিচাপ কৰি পোৱামতে অসম আৰু অৰুণাচল প্ৰদেশ,
দুই ৰাজ্যৰ দুই ৰাজধানী চহৰ ক্রমে গুৱাহাটী আৰু ইটানগৰৰ পৰা মহাসেতুলৈ দূৰত্ব ক্রমে ৫৪০ কিল’মিটাৰ আৰু ৩০০ কিল’মিটাৰ৷
নতুন দলং চোৱাৰ আনন্দত, নতুন ঠাইলৈ যোৱাৰ আনন্দত
আমাৰ এওঁৰ মন-মগজু অতিকৈ আলোড়িত৷ মোদীজীক কালি সম্ভাষণ জনোৱা গে’টখনৰ কাষতে ৰৈ আমূল ডেইৰী মিল্ক
চকলেট্ এটুকুৰা ভাঙি মুখত ল’বলৈ দিছিলোঁ৷ বৰগোহাঁইলৈকো আগ বঢ়াইছিলোঁ এডোখৰ৷ ৰখীয়া-পৰীয়া বুলিবলৈ
কাৰো ছাঁটোও চকুত পৰা নাই বাৰু এতিয়ালৈকে৷ জিলা প্ৰশাসনে বিশাল নিৰাপত্তা বাহিনী মোতায়েন
কৰি বহুতৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখা পাইছিলোঁ কালি টিভিৰ পৰ্দাত৷ ডিউটি
কৰি কৰি ভাগৰ লাগিল চাগৈ, আজি এজনো আৰক্ষীৰ লোক নাই৷ অন্য নিৰাপত্তাৰক্ষীৰো টিকনিকে
দেখিবলৈ নাই৷ ভালেই পাইছোঁ৷ মুক্তমনে আগুৱাই গৈ থাকিব পাৰিছোঁ আমি৷ ভৰিবোৰ ক্রমাৎ সন্মুখলৈ
চলিব ধৰিছে, নিৰ্বিবাদে৷ উদ্যত কেমেৰাই ইটোৰ পাছত সিটোকৈ কৰি গ’ল, ক্লিক্ ক্লিক্ ক্লিক্৷
কালৈকো সমীহ নাই৷ ঠিক যেন মুক্ত আকাশৰ মুক্ত বিহংগ আমি৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ডাঙৰীয়াই কালি ভাষণততো উনুকিয়াইছিলেই, ‘এই দলং এতিয়া আপোনালোকৰ’ বুলি৷ যাযাবৰী হৈ তাৰে ভৰপূৰ মজা লুটি আছোঁ
এয়া৷
একোবত পিন্ধি থকা কাৰ্গ’টোৰ পকেটত হাত দিলোঁ৷ ম’বাইল ফোনটো টানি বাহিৰ কৰিলোঁ৷ ঠাইৰ
নাম আৰু গুণগানক লৈ সৃষ্টি হোৱা গীত আমাৰ একেবাৰে নোহোৱা নহয় যদিও বৰ বেছিও নাই৷ মোৰ মিউজিক ফ’ল্ডাৰত থকা নিৰ্বাচিত ছং লিষ্ট খুঁচৰি উলিয়াই
ফুল ভলিউমত বজাই দিলোঁ শদিয়া শীৰ্ষক মহন্ত আৰু বন্দিতাৰ নতুন গীতটো৷ ‘শদিয়ালৈ যাম, দীঘল দলং চাম...’৷ মনবোৰ বাৰুকৈয়ে উৎফুল্লিত হৈ
পৰিল৷ দলঙৰ ওপৰেদি খোজ কাঢ়ি যাম বুলিছিলোঁ৷ এই আহি গ’লো৷ পাই গ'লোঁ দলং৷ এতিয়া খোজ কাঢ়ি আছোঁ৷ ইয়াতকৈ আনন্দদায়ক কথা এই মুহূৰ্তত আন একোৱেই হ'ব নোৱাৰে নিশ্চয়৷
ইফালে-সিফালে চাই চাই, ফটো তুলি তুলি, কথা পাতি
পাতি, দেহা নচুৱাই গৈ আছোঁ৷ এবাৰ ইপাৰলৈ, এবাৰ সিপাৰলৈ, একোবাৰ আকৌ সোঁমাজত ৰৈ; আপোনমনে,
আনন্দমনে দলঙৰ ওপৰত বিচৰণ কৰিব পাৰিছোঁ আমি৷ মানুহ-দুনুহ, গাড়ী-মটৰ কম৷ কোনোবাটো সময়ত
ভূপেন হাজৰিকা দলং তেনেই উন্মুক্ত, একেবাৰে খালী৷ গতিকে ভাল লাগিছে৷ উপভোগ্য হৈছে আমাৰ
পদযাত্ৰা৷
No comments:
Post a Comment