শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৭)
লোহিতৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে দীৰ্ঘতম দলংখন উদ্বোধন কৰাৰ লগে লগে আৰ্থ-সামাজিক, ৰাজনৈতিক-সামৰিক দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে বিবেচিত হৈছে৷ ভূপেন হাজৰিকা সেতুৱে সিপাৰৰ শদিয়াক ৰিং এটাৰ বাটত পৰিণত কৰিলে বুলি বিভিন্নজনে কৈছে৷ যুগ-যুগান্তৰ ধৰি একাষৰীয়া হৈ ৰোৱা শদিয়াৰ সৈতে যাতায়াত ব্যৱস্থা এতিয়া সুচল হৈ উঠিল৷ শদিয়ালৈ উভতি নাহো দুনাই বুলি কাণত ধৰি শপত খাই থোৱাসকলে সিদ্ধান্ত আৰু মনোভাব সলাবলৈ বাধ্য হ'ল৷ নৌকা যাত্ৰাৰে নিতৌ বিপদৰ সৈতে খেলা কৰি ইপাৰ-সিপাৰ হোৱা শদিয়াবাসী, অৰুণাচলবাসী লোকসকলে হাততে সৰগ ঢুকি পালে৷

ইতিপূৰ্বে প্ৰকাশিত এটা তথ্যত দলংখনৰ পৰা শদিয়াৰ দিশে প্ৰায় ১.২০ লাখ আৰু
অৰুণাচল প্ৰদেশৰ দিশে প্ৰায় ১ লাখ লোক উপকৃত হ’ব বুলি জানিবলৈ পাইছোঁ৷ সেই হিচাপে চাবলৈ গ’লে ২,২০,০০০ সংখ্যক মানুহক উপকাৰ কৰিব এই দলংখনে৷ প্ৰতিৰক্ষা, চিকিৎসা, শিক্ষা, পৰ্যটন, ব্যৱসায়, সীমান্ত বাণিজ্য, যোগান ব্যৱস্থা, উদ্যোগিক উন্নয়ন ইত্যাদি বিভিন্ন দিশত এতিয়া আগতকৈ সুচলতা আৰু খৰতকীয়া ব্যৱস্থাপনা উপলব্ধ হ’ব৷
আশা কৰা হৈছে যে নতুন দলংখনে অসম-অৰুণাচলৰ মাজৰ বাণিজ্যিক সম্পৰ্কক নতুন গতি দিব৷ দক্ষিণ-পূব এচিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ সম্ভৱ হৈ উঠিলে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক আদাই বিশ্বৰ বজাৰ সহজে পাবগৈ৷ দলংখনে এনেদৰে কেৱল অঞ্চলটোৰ জনসাধাৰণৰ বহুদিনীয়া সপোন বাস্তৱায়িত কৰাই নহয়, ভাৰতৰ সুৰক্ষাৰ পিনেও অতি গুৰুত্বপূৰ্ণ ভূমিকা আগ বঢ়াব, যিহেতু দলংখনৰে সংযোগী অৰুণাচল প্ৰদেশৰ চীন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংযুক্ত হৈ আছে৷ অসম আৰু অৰুণাচল প্ৰদেশবাসীৰ যাতায়াতৰ ক্ষেত্ৰত দলংখন যিমান দৰকাৰী সিমানেই দৰকাৰী আছিল দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো৷
এইটো সকলোৱে জানে যে চীনে বিভিন্ন সময়ত ভাৰতৰ প্ৰতি
শত্ৰুতাৰ মনোভাব পোষণ কৰি আহিছে৷ ভূপেন হাজৰিকা সেতু মুকলি হৈ যোৱাৰ আগে-পাছে ৰঙা চীনৰ নিৰন্তৰ সকীয়নি আহিছে ভাৰতলৈ৷ সতৰ্ক কৰি দিছে ভাৰতবৰ্ষক৷ অৰুণাচল প্ৰদেশত আন্তঃগাঁথনি নিৰ্মাণৰ
ক্ষেত্ৰত সাৱধানী আৰু সংযমী হ’বলৈ হুমকি দিছে৷ চুবুৰীয়া চীনে ভৱিষ্যতে ভাৰতৰ লগত পুনৰবাৰ যুদ্ধত লিপ্ত
হ’লে শত্ৰুক ভেটিবলৈ এই দলংখনে
বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ ৰণকৌশলগত কাৰণত দলংখন ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷
কিয়নো ইয়াৰ ভৰ বহন ক্ষমতা ৬০ টন পৰ্যন্ত৷ গতিকে ইয়াৰ ওপৰেদি যুদ্ধৰ গধুৰ গধুৰ সা-সৰঞ্জাম আনকি টেংকো অনায়াসে
পাৰ হৈ যাব পাৰিব৷ তাকে লৈ মূৰৰ কামোৰণি চীনৰ৷ কাৰণ, জানিব পৰামতে ভাৰত-চীন সীমান্তৰ পৰা ১৬০ কিল’মিটাৰমান আকাশী দূৰত্বত অৱস্থান
এই দলঙৰ৷ ফলত দিবাং ভেলীৰ আনিনিলৈকে সেনা সঞ্চালনৰ সময় ৩৬ ঘণ্টা হ্ৰাস হ’ব৷ ১৯৬২ চনত আনিনিৰ পৰা
৯০ কিল’মিটাৰ উত্তৰ-পূবে থকা কিবিথো
ফ্ৰণ্টৰ ৱালং, চাংৱিনটি পৰ্যন্ত চীনা সৈন্য সোমাই আহিছিল৷ চীনৰ সীমান্তৱৰ্তী অৰুণাচলৰ কিবিথো আৰু ৱালং সংযোগী বিকল্প পথৰূপেও এই পথটো ব্যৱহৃত হ’ব৷ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত সৈন্যবাহিনীৰ জোৱানসকলৰ বাবে ৰচদ-পাতি, খাদ্য সামগ্ৰী পৰিৱহণ কৰাটোও মহাসেতুখনে এতিয়াৰ পৰা সুচল কৰি তুলিব৷
১৯৬২ৰ পূব থিয়েটাৰ বুলি অভিহিত যুদ্ধথলী ৱালং, হেলমেট টপ, নামতি ভেলী, চীনা সৈনিকৰ প্ৰৱেশদ্বাৰ কিবিথো, সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহোলৈ যাওঁতে লাইন অফ্ এক্চুৱেল কণ্ট্ৰলৰ সিপাৰে নিজ চকুৰে দেখি আহিছোঁ পিপুলচ লিবাৰেচন আৰ্মী (পি.এল.এ.)ৰ সষ্টমতা, বিল্ডিং আৰু ৰাস্তা৷ আনহাতে দেখা নাই যদিও পঢ়িবলৈ পোৱামতে চীন চৰকাৰে হেনো আনিনিৰ দিশে থকা তেওঁলোকৰ অন্তিম
চহৰ মেট’ক সংযোগ কৰি সুৰংগ পথ নিৰ্মাণ
কৰি উলিয়াইছে৷ এল.এ.চি.ৰ পৰা প্ৰায় ২৫ কিল’মিটাৰতে এয়াৰ ফিল্ড স্থাপন কৰি ৰাখিছে৷
ভাৰত-চীন সম্পৰ্কত তিক্ততা আহি পৰাৰ সময়তে চীন দেশে ভাৰতৰ সিপাৰত নিজৰ সীমামূৰীয়া
অঞ্চলসমূহত ৰে’লপথ আৰু স্থলপথৰ উন্নয়নৰ ক্ষেত্ৰত
যথেষ্ট গুৰুত্ব প্ৰদান কৰা বুলিও খবৰত প্ৰকাশ৷
অৰুণাচলক নিজৰ বুলি দাবী কৰা চীন দেশে চতুৰ্দশ দালাই লামাৰ শেহতীয়া টাৱাং ভ্ৰমণৰ পাছত উগ্ৰমূৰ্তি ধৰি ভাৰতক কঠোৰভাৱে সকীয়নি প্ৰদান কৰাটো ভাৰতবাসী মাত্ৰেই জানে৷ সীমান্ত প্ৰদেশখনৰ ৬খন ঠাই ক্ৰমে অগাইনলিং, কইডংগাৰবৰি, মেইনকুকা, মিলাৰী, বুমলা আৰু নামখা চুক নতুনকৈ তেওঁলোকৰ অন্তৰ্গত দক্ষিণ তিব্বতৰ অংগৰূপে চিহ্নিত কৰি মানচিত্ৰও প্ৰকাশ কৰিছে৷ তাকে লৈ স্বাভাৱিকতে জাঙুৰ খাই উঠিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (আপছু) প্ৰমুখ্যে চুবুৰীয়া ৰাজ্যখনৰ অনেক দল-সংগঠন৷ ৰঙা চীনৰ কমিউনিষ্ট চৰকাৰৰ সাম্ৰাজ্যবাদী আৰু পৰভূমিলোভী নিকৃষ্ট মানসিকতাক গৰিহণা দি বিশাল প্ৰতিবাদী সমদল উলিওৱা হৈছে৷ চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ প্ৰতিকৃতি দাহ কৰা হৈছে৷ শাসকগোষ্ঠীক সকীয়াই দিয়া হৈছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু ই কোনোকালেই চীনৰ অংশ নাছিল৷ অৰুণাচলী ছাত্ৰৰ চীনবিৰোধী স্থিতিক অসমৰ পৰাও সমৰ্থন দিয়া হৈছে পেট্ৰিয়টিক পিপল্ছ ফ্ৰণ্ট, অসম (পি.পি.এফ.এ.)ৰ জৰিয়তে৷ আনহাতে এইটো মন কৰিবলগীয়া যে আমি এতিয়া থিয় হৈ থকা দলংখন চীনে দীৰ্ঘদিন ধৰি অন্যায়ভাৱে দাবী জনাই অহা অৰুণাচল প্ৰদেশৰ কোনো স্পৰ্শকাতৰ অঞ্চলবিশেষতো স্থাপন কৰা হোৱা নাই৷ অসমত হৈছে৷ তদুপৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰো কোনো অধিকাৰ নাই চীনৰ৷ তেনেস্থলত বিভিন্ন মহলত এইটো সৰৱ চৰ্চা হৈছে যে দেশৰ দীৰ্ঘতম সেতুখনক লৈ বিৰাট উদ্বিগ্ন হৈ পৰা চীনে এনে কাৰ্যৰ দ্বাৰা নিজৰ আগ্ৰাসী মনোবৃত্তিকে পুনঃ পুনঃ প্ৰমাণ কৰিব ধৰিছে৷

ইফালে পুৰণি দিনৰ পৰ্যালোচনাবোৰ পঢ়িলে জনা যায় যে ১৯৬২ চনৰ চীনা যুদ্ধত ভাৰত সহজে পদানত হোৱাৰ অন্যতম মুখ্য কাৰণ আছিল দেশৰ অন্যান্য প্ৰান্তৰ অৰুণাচলৰ সৈতে থকা পুতৌ লগা যোগাযোগ ব্যৱস্থা৷ ২২ অক্টোবৰত চীনা সৈন্যদলৰ হাতত বন্দী হৈছিল ইণ্ডিয়ান আৰ্মীৰ অফিচাৰ ব্ৰিগেডিয়াৰ জন পৰশুৰাম ডালভী৷ পি.এল.এ.ৰ বন্দীত্বৰ পৰা মুক্তি লাভ কৰি ঘূৰি অহাৰ পাছত ১৯৬৮ত তেওঁ প্ৰকাশ কৰিছিল ৫০৬ পৃষ্ঠাজোৰা ‘হিমালয়ান ব্লাণ্ডাৰ’ নামৰ বহুচৰ্চিত আৰু সমালোচিত গ্ৰন্থখন৷ কিতাপখনত ভাৰতৰ পৰাজয়ৰ কাৰণবোৰ ফঁহিয়াই দেখুৱাইছিল অ'পাৰেচন ওংকাৰৰ গুৰিধৰোঁতা, ভাৰতীয় সৈন্যবাহিনীৰ ৭ ইনফেনট্ৰী ব্ৰিগেডৰ কামাণ্ডাৰজনে৷ তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজলমঠালি আৰু ত্ৰুটিপূৰ্ণ ফ'ৰৱাৰ্ড পলিচী, নেহৰুৰ বন্ধু তথা সোঁহাতস্বৰূপ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. কৃষ্ণমেনন, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ্ দি আৰ্মী ষ্টাফ জেনেৰেল পি. এন. থাপাৰ, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ্ জেনেৰেল ষ্টাফ লেফটেনেণ্ট জেনেৰেল বি. এম. কৌল আৰু ইণ্টেলিজেন্স বুৰ'ৰ চীফ বি. এন. মল্লিকৰ অপুদঘাত চিন্তা আৰু সিদ্ধান্ত কিছুমানেই অৰুণাচল তথা অসমক চীনৰ মুখলৈ ঠেলি দিছিল৷ সেই সময়ৰ একাংশ নেতা-পালিনেতাৰ খামখেয়ালি, শৃংখলাহীনতা, সংঘবদ্ধতাহীনতা, পৰিকল্পনাহীনতা, পৰিস্থিতি অনুধাৱন কৰাত ব্যৰ্থতা, অস্ত্ৰ-শস্ত্ৰৰ অভাৱ, চীনৰ দুমুখীয়া নীতি তথা বিশ্বাসঘাতকতাৰ লগতে অতিশয় গুৰুত্বপূৰ্ণ কথাটো আছিল পথ-দলঙৰ শোচনীয় অৱস্থা৷ গতিকে ভৱিষ্যতে হ’ব পৰা যি কোনো পৰিস্থিতিত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে যোগাযোগ আৰু যাতায়াতৰ দিশৰ পৰা অতিকৈ প্ৰয়োজনীয় হৈ পৰিছিল এই সেতুখনৰ নিৰ্মাণ৷ বিশ্বশান্তি তথা বিশ্বায়নৰ যুগত যুদ্ধ-বিগ্ৰহ কোনো কাৰণতে সমৰ্থনযোগ্য নহয় যদিও এতিয়া এইখন হৈ উঠাত ভাৰতৰ সাহস, শৌৰ্য আৰু আত্মবিশ্বাস কিছু পৰিমাণে হ’লেও বাঢ়িল বুলিব লাগিব৷ লোহিতৰ ওপৰত কালি মুকলি হোৱা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ সামৰিক গুৰুত্ব কিমান সেয়া সময়ে আমাক নিশ্চয় জনাব৷
No comments:
Post a Comment