Saturday, 10 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৭)


বাছৰ খিৰিকীৰে আকাশখনলৈ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ ঘৰত ২৭ মে তাৰিখৰ আগতীয়া একু-ৱেদাৰ ৰিপৰ্ট চাইছিলোঁ৷ আগলি বতৰা অনুসৰি আকাশ মেঘাচ্ছন্ন আৰু বতৰ ডাৱৰীয়া হৈ থাকিব৷ বৰষুণ দিব পাৰে৷ আমি বেগত গাইপতি ছাতি একোখন আৰু পলিথিন লৈ আহিছোঁ৷ গতিকে চিন্তা কৰিবলগীয়া সিমান নাই৷ বিগত বৰ্ষৰ জুলাই মাহত নাগালেণ্ড-মণিপুৰ সীমান্তৰ ঝুক ভেলীলৈ এড্‌ভেন্সাৰ ট্ৰেকিং-কেম্পিঙত যাওঁতে বৃষ্টিপাত জয় কৰাৰ বেচ অভিজ্ঞতা হৈছিল৷ গতিকে আজিও বৰষুণ আহিলেও কেৰেপ নাই৷ মুঠতে দলঙেৰে যামেই যাম বুলি দৃঢ়প্ৰতিজ্ঞ হৈ আহিছোঁ৷ চিন্তা আছে অইন এটা কথাকলৈহে৷

দেশৰ প্ৰধান মন্ত্ৰীৰ আগমনৰ প্ৰাক্‌মুহূৰ্তত, দলং উদ্‌ঘাটনৰ ক্ষণত সংঘটিত হব পৰা কূটাঘাতৰ আশংকাত কটকটীয়া নিৰাপত্তা বেষ্টনীক কালি আৰু অধিক শক্তিশালী কৰি তোলা হৈছিল সমগ্ৰ তিনিচুকীয়া জিলাখনতে৷ সেনা-আৰক্ষীৰ উপৰি অন্যান্য নিৰাপত্তা এজেন্সীসমূহেও ব্যাপক সক্রিয়তা আৰু চোকা সতৰ্কতা অৱলম্বন কৰিছিল৷ তাৰেই অচিলাত আৰক্ষী-নিৰাপত্তাৰক্ষী ৰখীয়া-পৰীয়াই দলঙত উঠাত, খোজ কঢ়াত, ফটো তোলাত আমাক বাধা আৰোপ নকৰিলেই হল৷ নেদেখাক দেখাৰ আগ্ৰহ আৰু উৎসাহৰ সমানেই এই কথাটোক লৈয়ে মনে মনে কিছু সন্দিহান হৈ আছোঁ৷

দলংখনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্যসমূহ আনৰ দৰে আমিও বাতৰি কাকতৰ পৃষ্ঠাত পঢ়িছোঁ৷ টেলিভিচনৰ পৰ্দাতো কিছু কিছু দেখিছোঁ-শুনিছোঁ৷ সত্যাসত্য নিজ চকুৰে চোৱাৰ মন৷ তাৰ বাবেই দহো বন কাটি কৰি সত্যসন্ধানীৰ ৰূপত এইখিনি আহি ওলাইছোঁ৷ ঘূৰি গৈ ভ্ৰমণ কাহিনী এটাও যুগুতামগৈ কি দেখিলোঁ তাকে লৈ৷ মতলবটো মনতে ৰাখি থৈছোঁ গোপনে৷ মোৰ সোঁফালে অইন এখন খিৰিকীৰ কাষত বহি থকা বৰগোহাঁইক তাৰ একো উৱাদিহ দিয়া নাই৷ অথনি টেম্পখনতে তেওঁ এবাৰ মোক চাব মাৰি সুধিছিল, সাংবাদিক নেকি বুলি৷ নাই নাই, তেনেকুৱা একো বিশেষ ব্যক্তি নহওঁ দেউ৷ সাধাৰণ মানুহ, আপোনালোকৰ দলংখন চাবলৈ আহিছোঁ, সুদূৰ ডিফুৰ পৰা বাটকুৰি বাই৷ এইবুলি মুখনি মাৰি থ'লোঁ৷

ধলা-শদিয়া দলঙৰ নিৰাপত্তাত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি.আই.এছ.এফ.) নিয়োজিত হব বুলি গম পাওঁ৷ দেশৰ নিৰাপত্তাৰ দিশত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে এই দলং৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰতে খৰখেদাকৈ সাজি উলিওৱা হৈছে৷ ইয়াৰ ৰক্ষাৰ ভাৰ চি.আই.এছ.এফ.ক প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ অসম আৰক্ষী, চি.আই.এছ.এফ., গড়কাপ্টানী বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ) আৰু নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ প্ৰকল্প প্ৰৱন্ধকে যৌথভাৱে জৰীপ কাৰ্যও সম্পন্ন কৰিছে৷ সুদীৰ্ঘ দলংখনক নিৰাপত্তা প্ৰদানৰ অৰ্থে এবাৰতে হেনো প্ৰয়োজন হব ২০০ৰো অধিক সশস্ত্ৰ জোৱানৰ৷ গতিকে দলঙৰ উত্তৰ পাৰে প্ৰায় ৬০ বিঘা ভূমিত চি.আই.এছ.এফ.ৰ সম্পূৰ্ণ বেটেলিয়ান এটা বহুওৱাৰ বাবে আঁচনি যুগুতোৱা হৈছে৷ তদনুসৰি প্ৰতি ২০০ মিটাৰ দূৰত্বত এটাকৈ ভ্ৰাম্যমান তালাচী চকী থাকিব৷ দলঙৰ দুয়োপাৰে স্থায়ী তালাচী চকীও স্থাপন কৰাৰ কথা৷ ইয়াৰ বাবে ৩৯.৮৮ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈ গৈছে৷ দলংখনত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ সজোৰ দাবীও ইতিমধ্যে উত্থাপিত নোহোৱাকৈ থকা নাই৷ এতিয়া যদি ৰখীয়া-পৰীয়াৰে মহাসেতুৰ মুখখন গিজ্‌গিজাই থকা দেখা পাওঁ তেনেহলে আমাৰ কল্পনা-পৰিকল্পনা, আশা-উদ্যম, ইমান দূৰৰ পৰা অহাৰ কষ্ট সকলো দেখোন তেনেই চেঁচাপানী হব! Stop, Police Check; Security Check Point; Caution, Pedestrians Not Allowed Beyond This Limit; Pedestrians Not Permitted to Enter; Pedestrians Prohibited; No Pedestrian; No Pedestrian Crossing; No Parking on the Bridge; Trespassers will be Prosecuted; Photography Strictly Prohibited, No Photography ইত্যাদি ইত্যাদি জীৱনৰ বিভিন্ন সময়ত বিভিন্ন দিশত কৰা ভ্ৰমণসমূহত দৃষ্টিগোচৰ হোৱা ফলক যদি যেনি-তেনি বিৰাজমান হৈ থকা দেখোঁ তেন্তে শেষেই আৰু! এইবোৰকে ভাবিহে চিন্তিত হৈ পৰিছোঁ৷ বতৰলৈ ভয় অকণো নাই৷







No comments:

Post a Comment