Thursday, 15 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১২)

শদিয়া ঘাটৰ পৰা প্ৰায় ৮-৯ কিলমিটাৰ ভটিয়াই লৌহিত্য মহাসংগমথলীৰ অৱস্থান যত একে লেথাৰিয়ে লগ লাগিছে নখনকৈ সৰু-বৰ নৈ৷ নৈকেইখন হ'ল ডিব্ৰু, ডাঙৰী, ডিয়ুন বা ন-দিহিং বা নোৱাদিহিং, লোহিত, কুণ্ডিল, দিবাং বা ছিকাং, গংগো বা দটং, চিবিয়া আৰু চিয়াং বা দিহাং৷ এই মহাসংগম সৃষ্টিত চাৰিখন ডাঙৰ নৈয়ে মুখ্য ভূমিকা পালন কৰিছে বুলি ধৰা হয়৷ সেইকেইখন হৈছে লোহিত, দিবাং, চিবিয়া আৰু চিয়াং৷ ইয়াৰে লোহিত আৰু চিয়াং আন্তঃৰাষ্ট্ৰীয় নদী৷ ডিব্ৰু আৰু ডাঙৰীৰ বাদে বাকীকেওখন নৈয়েই অৰুণাচলৰ পৰা অহা৷ সংগমস্থলীৰ পৰাই আগলৈ ধাৱমান বিশাল জলভাগক ব্ৰহ্মপুত্ৰ বা বৰলোহিত, বৰলুইত বুলি অভিহিত কৰা হয়৷

উজনি অসমৰ উত্তৰ দিশত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাক কেন্দ্ৰ কৰি অসম উপত্যকাত সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ মহাসংগম৷ মহানদ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ইতিহাসৰ বিভিন্ন ক্ষণক সাক্ষী কৰি গঢ় লৈ উঠিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা৷ এই উপত্যকাৰে পাৰ্বত্য জিলা কাৰবি আংলঙৰ পৰা আমি পতি-পত্নী দুয়ো আহিছোঁ লোহিতৰ ওপৰত সাজি উলিওৱা ডক্টৰ ভূপেন হাজৰিকা সেতু চাবলৈ৷ আমাৰ সৈতে আছে ডিব্ৰু-ছৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত কৰ্মৰত আৰু আজি মাত্ৰ এঘণ্টামানৰ আগতে আকস্মিকভাৱে লগ পোৱা বিনোদ বৰগোহাঁই নামৰ মানুহজন৷ তেওঁৰ সৈতে ভালেমান কথা পাতিছোঁ৷ ডিব্ৰু-ছৈখোৱা চাবলৈ আন্তৰিকতাৰে মাতিছে৷ লগতে কৈছে, এতিয়া আহিব নালাগে, ঠাণ্ডা দিনত আহিব৷ এতিয়া জোকেই জোক৷ সুখ অকণো নাপাব৷ জোকে খোৱা হাত-ভৰিবোৰ দ্বিধাহীনভাৱে উদঙাই দেখুৱাইছেও তেওঁ৷ কৈছে, কি কৰিব, চাকৰিয়েই এনেকুৱা৷ কুইজৰ প্ৰশ্ন সোধাদি তেওঁকো সুধিছোঁ, এইখন ভূপেন হাজৰিকা দলং৷ পিছে নৈখনৰ নামটো কি? উত্তৰ দিবলৈ গৈ দোধোৰ-মোধোৰত পৰিছে তেওঁ৷ আমি ব্ৰহ্মপুত্ৰ বুলিয়ে কওঁ৷ তেওঁৰ মুখৰ পৰা উত্তৰটো শুনি জঁটটো আকৌ লাগিছে মোৰ৷ মনটো গধুৰ গধুৰ লাগিছে৷ সহজ কথাত কবলৈ হলে মুখ্যতঃ লোহিত, দিবাং, চিবিয়া, চিয়াঙৰ একত্ৰিত নামহে ব্ৰহ্মপুত্ৰ৷ কিন্তু লোহিতখনকে ব্ৰহ্মপুত্ৰ বুলি কিয় বাৰে বাৰে কৈ অহা হৈছে? তাকো এইডোখৰত? এইখিনিত এইখন ব্ৰহ্মপুত্ৰ কেনেকৈ হল? কেৱল লোহিতখনক ব্ৰহ্মপুত্ৰ বুলিব পাৰিজানো? আচলতে ব্ৰহ্মপুত্ৰ নদৰ আৰম্ভণি কোনখিনিৰ পৰা? অনেক প্ৰশ্ন, যাৰ উত্তৰ ইতিমধ্যে কোন কাহানিবাই স্পষ্ট হৈ গৈছে৷ অথচ...! শক্তি, বিশালতা আৰু প্ৰচণ্ড প্ৰতাপী চিৰ প্ৰৱাহমান জলধাৰা ব্ৰহ্মপুত্ৰ নদক লৈ চকুৰ আগত দেখা এই বিভ্ৰান্তিকৰ উপস্থাপনটো মোৰ হজম নহল৷ অতীতৰ ধাৰণা কিছুমান বিজ্ঞানৰ যুগতো এতিয়াও বদ্ধমূল হৈ আছে তাৰমানে?

লোহিত, লৌহিত্য, ব্ৰহ্মপুত্ৰ আদি শব্দক লৈ কেতবোৰ পুৰণি আৰু আধুনিক সূত্ৰ কিতাপত পঢ়িবলৈ পোৱা যায়৷ অনেক নাম আছে ব্ৰহ্মপুত্ৰৰ৷ আগতে পৌৰাণিক কাহিনীতে ভেজা দি থকা হৈছিল৷ কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সত্যসন্ধানী লোকে দীঘলীয়া অনুসন্ধান কাৰ্যৰে এইবোৰৰ আঁতি-গুৰি ৰহস্য উলিয়াবলৈ সক্ষম হ'ল৷ ভাৰতীয় জৰীপ বিভাগৰ প্ৰশিক্ষণ অনুসৰি চিকিমী যুৱক কিনটাপে চাংপোৱেই ব্ৰহ্মপুত্ৰ বুলি পৰীক্ষা কৰিবলৈ আজিৰ পৰা ১৩৩ বছৰ আগতে দুঃসাহসিক অভিযান চলাই তিব্বতৰ পেমকোচুং পাইছিলগৈ৷ চাংপোৰ উৎস আৰু চিয়াঙক একে বুলি প্ৰমাণ কৰিবলৈ বুল ডগ ব্ৰিটিছ বাহিনীয়েও কম প্ৰচেষ্টা চলোৱা নাছিল৷ চাংপোৱেই ব্ৰহ্মপুত্ৰ বুলি ঘোষিত হোৱাৰ পাছতো বহুতৰে মনত অপাৰ অনুসন্ধিৎসা ৰৈ গৈছিল দিহাং, দিবাং, লোহিতৰ কোনখন দৰাচলতে চাংপোৰ লগ লাগিছে তাক জানিবলৈ৷ ব্ৰহ্মপুত্ৰ তিনিওটা মূল সুঁতিৰে উজনিমুৱাকৈ অভিযান চলোৱাৰ দুৰ্বাৰ স্বপ্ন দেখিছিল স্বভাৱতে দুঃসাহসিক আৰু কৌতূহলী জাতৰ ইংৰাজে৷ ১৮৮৬ চনত নীদ্‌হামে দিহাঙেদি উজাই গৈ চাংপোৱেইযে দিহাং সেই সন্দেহ বহুলাংশে দূৰ কৰে৷ অৰুণাচল প্ৰদেশত দিহাঙৰ নাম চিয়াং৷ দীঘলীয়া অন্বেষণৰ অন্তত উদ্ভিদবিদ কিংডন ৱাৰ্ড আৰু নৃতত্ত্ববিদ লৰ্ড কাউডৰে সাহসেৰে অভিযান চলাই ১৯২৪ চনত সকলো ভৌগোলিক সাঁথৰ ভাঙি এই সত্য পোহৰলৈ আনিলে যে তিব্বতৰ চেমায়ুংদং হিমবাহৰ পৰা উৎপত্তি হোৱা চাংপোৱেই ব্ৰহ্মপুত্ৰ নদৰ মূল৷ গতিপথ নিৰূপণৰ এনে বিজ্ঞানসন্মত ব্যাখ্যা আৰু বৈজ্ঞানিক দৃষ্টিভংগী এৰাই চলি এতিয়া কোৱা হৈছে, লিখা হৈছে বেলেগ৷ এতিয়া দেখোন নিজকে নিজেই আমি সুধিব লাগিব, আমি কোন যুগত বাস কৰিছোঁ, কোনখন পৃথিৱীত আছোঁ?

লোহিতেই ব্ৰহ্মপুত্ৰৰ আগলি নৈখন বুলি এসময়ত ভবা হৈছিল৷ কিন্তু সেই ধাৰণা ভুল বুলি পিছত নিশ্চিত হল৷ অৰ্বাচীন কালৰে পৰাই মানুহৰ মাজত ব্ৰহ্মকুণ্ড আৰু ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্পৰ্কে কেতবোৰ দৃঢ় লোক-বিশ্বাসো আছিল৷ পিছে কুণ্ডৰ লগত ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ কোনো সম্পৰ্ক নাই বুলি পৰৱৰ্তী কালত স্থিৰ প্ৰমাণিত হল৷ সেই ব্ৰহ্মকুণ্ড পৰশুৰাম কুণ্ড নহয় বুলিও প্ৰতিপন্ন হ'ল৷ গতিকে লোহিতখনক ব্ৰহ্মপুত্ৰ, দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত সজা বুলি প্ৰচাৰ কৰাটো শুদ্ধ কাম হোৱা নাই৷ এনে কৰাৰ ফলত পৰ্বতীয়া জীয়ৰী লোহিতে যেন স্বকীয়তা হেৰুৱাই পেলালে, লোহিতক কিবা যেন অৱমাননা কৰা হ'ল, এনে লাগিল মোৰ৷ ভূপেন হাজৰিকা সেতুৰ তলেৰে বহ্নিমান নৈখনৰ আগলিভাগৰ লাস্যময়ী, অপৰূপ ৰূপটো আকৌ এবাৰ মোৰ মানস পটত ভাহি উঠিল৷ এতিয়ালৈকে অৰুণাচলৰ যিমানবোৰ নৈ দেখিলোঁ লোহিতকেই মই সকলোতকৈ ধুনীয়া বুলি কম৷







No comments:

Post a Comment