Wednesday, 21 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৯)

জিৰ পইণ্টৰ দিশৰ পৰা ধেনুভিৰীয়াকৈ পাক লৈ ক্রমাৎ উঠি অহা অতিকায় দলংখন এইডোখৰৰ পৰা আগলৈ পোন দেখা গৈছে৷ মাটি আৰু পানীৰ সংযোগস্থল পালোঁহি আমি৷ ওপৰৰ পৰা তললৈ চালোঁ৷ খুঁটাবোৰত নম্বৰ লিখা আছে৷ P52 খুঁটাটো পানীত আছে৷ P51 বামত৷ দলংখনত মুঠ খুঁটা ১৮২টা আছে বুলি পঢ়িবলৈ পাইছোঁ৷ টেলিভিচনৰ পৰ্দাত কালি লিখা দেখিছিলোঁ ১৮৩টা বুলি৷ খোকোজা এটা তেতিয়াই ৰৈ গ'ল৷ সি যি কি নহওক, কেৱল দীৰ্ঘতাৰ অংকৰেই নহয়, খুঁটাৰ সংখ্যাৰেও অভিলেখ ৰচিছে হেনো ধলা আৰু শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৱে৷ প্ৰতিটো খুঁটাতে প্ৰয়োগ কৰা হৈছে ভূমিকম্প প্ৰতিৰোধী অত্যাধুনিক প্ৰযুক্তি কৌশল৷ দুটা খুঁটাৰ মাজৰ দূৰত্ব ৫০ মিটাৰ বুলি কোৱা হৈছে৷ তেনেকুৱা ফাঁকবোৰ এতিয়া আমাৰ চকুৰ সন্মুখত৷

একে উৎসাহেৰে দৌৰ মাৰি গৈ বিপৰীত পাৰেও চালোঁগৈ৷ ব্ৰহ্মপুত্ৰক ধিয়াই বৈ আছে ভাৰতৰ অন্তিম পূবৰ পৰা বাগৰি অহা লোহিতখন৷ পাৰত লগাই নাও এখন বন্ধা আছে খুঁটি এটাত৷ মানুহ-দুনুহ হলে নাই৷ ভিতৰভাগৰ আধালৈকে পানী৷ দেখিয়েই মোৰ ধাৰণা হল যে এই নাও এতিয়া এলাগী হল! অদূৰত আৰু দুখন দেখিলোঁ৷ পানীত নহয়, বামত৷ কুৰুৱা বতাহে নাৱৰীয়াৰ অস্থায়ী বহাটোৰ চালি দুখন কেতিয়াবাতে উৰুৱাই উৰুখা কৰিলে৷ গৰাকীৰ খবৰ আছেনে নাই নাজানো৷ দীৰ্ঘকাল পাৰ কৰা বিপদসংকুল জীৱন-যাত্ৰাৰ বিকল্প পাই গল নিশ্চয়, দলং হৈ উঠাৰ লগে লগে৷ কিছু নিলগত গৰু, মহ, ছাগলী এপালমান চৰি আছে আপোনমনে৷ সেউজকোমল ঘাঁহনিত সিহঁতৰ মুখবোৰ৷ তাতো যেন কিবা এক আনন্দৰ বহিঃপ্ৰকাশ!

বতৰটো মুকলি বুলিব নোৱাৰি৷ বৰষুণ এতিয়ালৈকে পৰা নাই যেনিবা৷ কিন্তু শংকা নথকা নহয়৷ আমাৰ ছাতিকেইটা পিঠিত ওলমি থকা ৰাক্‌চেকৰ তলত অকামিলা হৈ পৰি আছে৷ থাকক তেনেকৈয়ে৷ বৰষুণ অহাটো কামনা কৰা নাই৷ এতিয়াও যাবলৈ আছে বহুদূৰ৷ ৰদ নথকাটো খোজ কঢ়াৰ বাবে কিন্তু ভাল হৈছে৷ মূৰৰ ওপৰৰ বিশাল আকাশখনলৈ চালোঁ৷ অৰুণাচলৰ পাহাৰৰ সমীপৱৰ্তী হেতুকে এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ বেছি৷ তাৰ বাবে দলংখন সম্পূৰ্ণ কৰাত বিলম্ব হোৱা বুলি এন.ই.চি.এল.ৰ তৰফৰ পৰা কোৱা হৈছিল৷ আনহাতে মোদীজীয়ে কালি ভাষণত কৈছিল যে অটল বিহাৰী বাজপেয়ীজী ২০০৪ চনত ক্ষমতালৈ অহা হলে ধলা-শদিয়াবাসীয়ে এক দশকৰ আগতে দলংখন পালেহেঁতেন৷ ভাবিলোঁ, তেনেকুৱা হোৱা হ'লে ১০ বছৰত কিমান কিযে পৰিৱৰ্তন আহিলহেঁতেন ক'লীয়াপানী, ঘোঁকট, অজান্তি-মুলুক আদি বদনামৰ উপৰি বদনাম থকা এইফালৰ ঠাইবোৰলৈ! 'শদিয়ালৈ নাযাবা, সটফুল নাখাবা'ৰ ঠাইত মানুহৰ মুখত তেতিয়াই উচ্চাৰিত হ'লহেঁতেন 'মা আমি শদিয়ালৈ যামেই', পলমকৈ হ'লেও যিটো এতিয়া ঘটিছে৷ অন্ততঃ অপেক্ষাৰ মিঠা ফলটো খাবলৈ পোৱা গ'ল যেনিবা৷ ২,০৫৬ কোটিৰ বিনিময়ত বাজপেয়ীৰ স্বপ্ন সাকাৰ হ'ল৷

যান-বাহনৰ সংখ্যাটো এক-দুইকৈ বৃদ্ধি পাবলৈ ধৰিছে৷ অ'ত-ত'ত কাৰ-বাইক, বলেৰ'-বুলেট ৰখাই দলং চাইছে, লোহিত চাইছে মানুহবোৰে৷ গ্ৰুপ ফটো তুলিছে, ছেল্‌ফী লৈছে, ৰং-তামাচা কৰিছে৷ এটা পৰিয়ালৰ সৈতে অহা বড়ো পৰম্পৰাগত সাজ পৰিহিতা বয়সস্থ মাতৃ এগৰাকীক সম্ভাষণ জনালোঁ৷ অৰুণাচলৰ চৌখামৰ পৰা আহিছে, সপোনৰ দলংখন চাবলৈ৷ লোহিত জিলাৰ চৌখাম এচিয়াৰ ভিতৰতে সবাতোকৈ ধনী গাঁও হিচাপে গৰিমামণ্ডিত৷ অৰুণাচল চৰকাৰৰ চাইনব'ৰ্ড নেদেখিলে ম্যানমাৰ কিম্বা থাইলেণ্ডৰ ভিতৰুৱা জেগা যেনেই লাগে৷ থাইলেণ্ড ভ্ৰমণ কৰোঁতে যেনি-তেনি দেখা পোৱা সোণালী দৃশ্যপটবোৰৰ সৈতে চৌখামৰ আংশিক সাদৃশ্য ময়ো তালৈ যাওঁতে লক্ষ্য কৰিছিলোঁ৷ এতিয়া মানুহগৰাকীৰ মুখখনলৈ চাই ভাবিলোঁ, কিমানযে হেঁপাহ! বয়সেও হাৰ মনাব পৰা নাই বুঢ়ীক৷ একেই হেঁপাহেৰে আমিও আহিছোঁ ৩৫০ কিল'মিটাৰমান আঁতৰৰ পৰা৷

শ্ৰীমতী বেগমে খোজ বঢ়াই আছে৷ কি ভাবি ভাবি গৈ আছে নাজানো৷ যান-বাহন নথকাৰ সুযোগত দলঙৰ সোঁমাজত ৰৈ আকাশলৈ দুহাত প্ৰসাৰিত কৰি আনন্দ প্ৰকাশক মুদ্ৰা দেখুৱালে, বোধ হয় ফটোৰ বাবে৷ দূৰৰ পৰাই মই কেমেৰাটো টোঁৱালোঁ যদিও শ্বাটাৰ হলে এবাৰো টিপা নাই৷ ফটো তুলিছোঁ কেৱল দলং আৰু চৌপাশৰহে৷ মই কিম্বা তেওঁ যত এজনো নাই৷ ডক্টৰ ভূপেন হাজৰিকা দলং, লোহিত নদীৰ বিশালতাৰ সন্মুখত আমিবোৰ তেনেই নগণ্য প্ৰাণী৷







No comments:

Post a Comment