শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩)
ডুমডুমাৰ পৰা তালাপলৈ পথ-দূৰত্ব ১০ কিল’মিটাৰ৷ তালাপত চিট খালী হোৱাত
সোণোৱাল ভিতৰত বহিলগৈ৷ মোকো মাতিছিল যদিও মই আগৰ ঠাইতে ৰ’লোঁ৷ মুক্ত আকাশ আৰু চৌপাশৰ দৃশ্যৰাজি
বাধাহীনভাৱে উপভোগ কৰি গৈ থকাৰ মজাটো এৰিবৰ অকণো ইচ্ছা নগ’ল৷ অন্যান্য যাত্ৰীৰ লগতে উক্ত
স্থানতে টেম্প’খনত উঠিবলৈ অইন এজন লোক কাষ চাপি
আহিছিল৷ ভিতৰত চিট্ খালী নাই৷ ইতিমধ্যে ভৰি পৰিল৷ পিছফালৰ তক্তাছটাত বহিবলৈ বৰ এটা
ইচ্ছা নকৰা যেন লাগিল তেওঁক৷ ‘আহক আহক ডাঙৰীয়া, একেলগে যাওঁ’ বুলি ময়ে মাতি আনি কাষতে বহুৱাই ল’লোঁ৷ চকা ঘূৰাৰ লগে লগে আগন্তুকৰ
লগতো চিনা-পৰিচয় পৰ্ব আৰম্ভ হ’ল৷ ডিব্ৰু-ছৈখোৱাৰ বনৰক্ষী বিনোদ বৰগোহাঁই৷ শদিয়াৰ ন মাইলত ঘৰ৷ গতিকে
একে পথৰে পথিক৷ আমাৰ উদ্দেশ্য প্ৰকট কৰাত অৰ্থপূৰ্ণভাৱে হাঁহিলে৷ ব্যতিক্রমী চিন্তা
আৰু কামে মানুহক অনিৰ্বচনীয় আনন্দ আৰু অন্তহীন উৎসাহ দান কৰে৷ বুজি পালে চাগৈ কথাটো৷
ক্ষণিকৰ চিনাকিৰ সুবাদতে আগ-পাছ নুগুণি দলঙেৰে খোজ কাঢ়ি যোৱাৰ প্ৰস্তাৱ দি দিলোঁ তেওঁক৷
ক্ষীণকায় মানুহজনো তৎমুহূৰ্ততে ৰাজী হৈ গ’ল! ক’লে… ‘হ’ব, কোনো কথা নাই৷ আমাৰ চাকৰিয়েই
খোজ কঢ়া৷’ আমি স্বামী-স্ত্ৰীহালেও বৰ ভাল
পালোঁ, সেইফালৰ সংগী এজনক পাই৷ তাৰ পাছৰ ওৰে বাট পাতিলোঁ দলং, দলং, কেৱল দলঙৰ কথাই৷
ভাবিলোঁ, আমিনো কোন কূটা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে এইকেইদিন কেৱল এইটো প্ৰসংগইতো
তোলপাৰ লগাই আছে!
ডাঙৰী পালোঁহি৷ যোৰহাটত পঢ়োঁতে আমাৰ হোষ্টেলত ডাঙৰীৰ
জুনিয়ৰ ল’ৰা এটা আছিল৷ কোন আছিল সি? প্ৰায়
তিনি দশক পুৰণি স্মৃতিৰ ভাণ্ডাৰ খুঁচৰি নিৰ্দিষ্ট মুখখন পোহৰলৈ অনাৰ চেষ্টা চলাই থাকিলোঁ
মনে মনে৷ লগতে উপভোগ কৰি গ’লোঁ পথৰ দুয়ো দাঁতিৰ প্ৰাকৃতিক
সৌন্দৰ্যৰাজি৷ তেনেকৈয়ে পালোঁহি ধলা গাঁও তিনিআলি৷ নৱনিৰ্মিত ত্ৰায়েংগুলাৰ পাৰ্ক এখনৰ
গুৰিতে বৰগোহাঁই আৰু সোণোৱালৰ যৌথ নিৰ্দেশনাত টেম্প’ৰ পৰা নামি দিলোঁ৷ পথটোৰ ইফালৰ পৰা সিফাললৈ নতুনকৈ
স্থাপন কৰা সেউজীয়া ব’ৰ্ড এখনৰ পৰা জ্ঞাত হ’লোঁ যে ধলা-শদিয়াৰ এই বাইপাছ
পৰ্যন্ত তিনিচুকীয়াৰ পৰা ৪৩ কিল’মিটাৰ অহা হ’ল৷ ম’বাইল ফোনৰ স্ক্ৰীণখনলৈ চালোঁ৷
৮ বাজি গৈছে মাত্ৰ৷ সময়টো আৰু চৌপাশৰ পৃথিৱীখন চাই নিজকে সুখী সুখী যেন অনুভৱ হ’ল৷ বতৰটো খোজ কঢ়াৰ অনুকূল হৈ
আছে৷ সোনকালে পদচালনা আৰম্ভ কৰিব পাৰিলে ভাল৷ বেলি উঠিলে সমস্যা হ’ব পাৰে৷
No comments:
Post a Comment